যুক্তাক্ষৰ শিক্ষণৰ জঁট আৰু সমাধান ( খণ্ড -৩ )

প্ৰাণেশ্বৰ গোস্বামী জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট কামৰূপ, মিৰ্জা
paneswar_goswamai

যোৱা সংখ্যাৰ পাচৰ পৰা -

ট-বৰ্গৰ বৰ্ণৰ লগত 'ম্' যুক্ত হ'লে, ম্ টো 'ণ' লৈ ৰূপান্তৰিত হয়। কাৰণ ট-বৰ্গৰ শেষৰ নাসিকা বৰ্ণ 'ণ'। উদাহৰণবোৰ চালেই বুজিব পাৰিব। আমি গাণিতিক পদ্ধতিৰে উপস্থাপন কৰিছোঁ।

ট-বৰ্গক লৈ


ক+ম্+ট+ক
ক+ণ্+ট+ক
ক+ণ্ট+ক
কণ্টক

ক+ম্+ঠ
ক+ণ্+ঠ
ক+ণ্ঠ
কণ্ঠ

খ+ম্+ড
খ+ণ্+ড
খ+ণ্ড
খণ্ড

স+ম্+ঢা+ল+নি
স+ণ্+ঢা+ল+নি
স+ণ্ঢা+ল+নি
স+ণ্ঢালনি
সণ্ঢালনি

ক্ষু+ম্+ণ
ক্ষু+ণ্+ণ
ক্ষু+ণ্ণ
ক্ষুণ্ণ
(আন প্ৰকাৰেও শব্দটো গঠন হয় ; ক্ষ+ৎ+ণ > ক্ষুণ্ণ। এইটো ইয়াৰ আলোচ্য বিষয় নহয়।)

 

একাধিক উদাহৰণ চাওক :-

ট-বৰ্ণক লৈ ------- ভণ্টি, ঘণ্টা ।
ঠ-বৰ্ণক লৈ ------- অণ্ঠ-কণ্ঠ, বৈকুণ্ঠ, কুণ্ঠাবোধ ।
ড-বৰ্ণক লৈ ------- অণ্ড, দণ্ড, পিণ্ড, কাণ্ড, লণ্ডন, মুণ্ডন, পাণ্ডৱ, তাণ্ডৱ, পণ্ডিত, প্ৰকাণ্ড, প্ৰচণ্ড, ব্ৰহ্মাণ্ড ।
ঢ- বৰ্ণক লৈ -------- অন্য শব্দ নাই ।
ণ-বৰ্ণক লৈ --------- অন্য শব্দ নাই ।

পাঠকসকলে নিজাববীয়াকৈ এনে শব্দৰ অনুসন্ধান কৰি ছাত্ৰ-ছাত্ৰীসকলক শিকালে শব্দ সম্ভাৰ বঢ়াৰ উপৰি গঠন সম্পৰ্কেও অৱগত হ'ব।

ক্ৰমশঃ অহা সংখ্যালৈ-----