অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ প্ৰয়োজনীয়তা

ডেইজী গগৈ জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট , কামৰূপ (মিৰ্জা)

মূল্যায়ন হৈছে পাঠ্যক্ৰমৰ এক অপৰিহাৰ্য অংগ। যাৰ অবিহনে পাঠদান আৰু পাঠগ্ৰহণ কাৰ্য সম্পূৰ্ণ নহয়। মূল্যায়ন ব্যৱস্থাৰ দ্বাৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক দিশত কিমান অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে এই সম্পৰ্কে অৱগত হ'ব পাৰি। মূল্যায়নে পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰ মানদণ্ড, শিক্ষকৰ পাঠদান প্ৰক্ৰিয়া সঠিক ৰূপত হৈছে নে নাই, বিদ্যালয়ৰ উপযুক্ত সা-সুবিধা আছে নে নাই আদি সকলো দিশেই প্ৰতিফলিত কৰে। অবিৰত আৰু সামগ্ৰিক মূল্যায়নে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অৰ্থাৎ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, বৌদ্ধিক, শাৰীৰিক, সামাজিক, আবেগিক, সৃষ্টিমূলক বিকাশৰ ওপৰত প্ৰাধান্য দি নিশ্চিত উন্নতি সাধনত সহায় কৰে।

অবিৰত মূল্যায়ন মানে ছাত্ৰ-ছাত্ৰীক কোনো এক পাঠৰ অন্তৰ্গত শিকনীয় দিশসমূহ আয়ত্ত কৰাওঁতে পাঠদান কাৰ্যৰ মাজে মাজে কৰি যোৱা অবিৰত মান নিৰূপন। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে পাঠৰ ধাৰণাসমূহ (Concept) কিমানখিনি আয়ত্ত কৰিব পাৰিছে আৰু কিমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পাৰিছে, কিমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰা নাই, কোনবোৰ ধাৰণা বুজি পোৱাত অসুবিধা হৈছে এই সকলো কথাৰ খতিয়ান ল'বলৈ শিক্ষকে পাঠদান কাৰ্যৰ মাজে মাজে কৰি যোৱা নিৰূপন ব্যৱস্থা। এই নিৰূপন ব্যৱস্থা মৌখিক প্ৰশ্ন, লিখিত প্ৰশ্ন, ব্যক্তিগত ক্ৰিয়াকলাপ, দলগত ক্ৰিয়াকলাপ, প্ৰকল্প আদি বিভিন্ন কৌশল হ'ব পাৰে।

সামগ্ৰিক মূল্যায়নে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত আৰু সামাজিক গুণৰাজিৰ (Personal and Social Qualities) বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ তেতিয়াহে সম্ভৱ হ'ব, যেতিয়া ছাত্ৰ বা ছাত্ৰী গৰাকীৰ শৈক্ষিক, বৌদ্ধিক, মানসিক, শাৰীৰিক, সামাজিক, আবেগিক, মনস্তাত্ত্বিক আদি সকলো দিশৰ সঠিকভাৱে বিকাশ হ'ব। সামগ্ৰিক মূল্যায়নে এই সকলো দিশ সামৰি লয়। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক পৰ্যবেক্ষণ, নিৰীক্ষণ কৰি তথ্য সমূহ লিপিবদ্ধ কৰি সামগ্ৰিক মূল্যায়ন কৰিব পাৰি।

অবিৰত আৰু সামগ্ৰিক মূল্যায়নৰ সুবিধাসমূহ :

এই মূল্যায়ন ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিৰ বোজা হ্ৰাস কৰিব পাৰি। অবিৰতভাৱে কৰা মূল্যায়নৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ লাঘৱ কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীৰ দূৰ্বল দিশসমূহ চিনাক্ত কৰণত সুবিধা হয়। ইয়াৰ ফলত শিক্ষকৰ নিদানমূলক ব্যৱস্থাসমূহ প্ৰয়োগ কৰাত সুবিধা হয়। অবিৰত মূল্যায়ন ব্যৱস্থাত ব্যক্তিগত আৰু দলগত ক্ৰিয়াকলাপৰ জৰিয়তে পাঠদান কাৰ্য আগুৱাই নিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্ব-শিকন আৰু দলগত শিকনৰ সুবিধা লাভ কৰিব পাৰে।

এই মূল্যায়ন ব্যৱস্থাত শিক্ষকেও স্ব-মূল্যায়ন কৰিবলৈ সুবিধা পায়। প্ৰয়োজন অনুসৰি শিক্ষকে শিক্ষণ পদ্ধতিৰ পৰিবৰ্তন বা উন্নত কৰিবলৈ ব্যৱস্থা ল'ব পাৰে।

এই মূল্যায়ন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত আৰু সামাজিক গুণৰাজিৰ বিকাশত অৰিহণা যোগাই উন্নতি নিশ্চিত কৰিব পাৰে। সঠিক ব্যৱস্থাৰে অবিৰত মূল্যায়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি চিনাক্ত কৰি উপযুক্ত প্ৰক্ৰিয়াৰে শিক্ষা প্ৰদান কৰি পৰবৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাব পাৰে।

ছাত্ৰ-ছাত্ৰীৰ সকলো দিশৰ পাৰদৰ্শিতাৰ খতিয়ান শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰা শেষলৈকে লিপিবদ্ধ কৰি ৰাখিব পাৰে।

উপৰোক্ত সকলো দিশ পৰ্যালোচনা কৰি এই সিদ্ধান্তত উপনীত হ'ব পৰা যায় যে অবিৰত আৰু সামগ্ৰিক মূল্যায়ন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশত নিশ্চিতভাৱে সহায় কৰিব পাৰে।