শিশু মনস্তত্ত্ব আৰু কিছু সাময়িক অনুভৱ

মৌচুমী ৰায়চৌধুৰী সহ শিক্ষয়িত্ৰী,শনিয়াদি কাছুমাৰা প্ৰা.বি., হাজো শিক্ষাখণ্ড

সময়ৰ লগে লগে আমিবোৰো সলনি হওঁ বা হ'বলৈ চেষ্টা কৰি আহিছোঁ। আমি প্ৰত্যেকেই নতুনক আদৰি বিভিন্ন সময়ত নিজকে খাপ খুৱাবলৈ যত্ন কৰো।এই মে জীৱন ধাৰণৰ একো একোটা নতুন চিৰি বগাবলৈ গৈ আমি কিছুমান যন্ত্ৰবৎ হৈ উঠিছো, আন কিছুমানে এলেহুৱা আৰু কিছুমানে উদাসীন ভাৱে সময় কটাইছো; সৰু-ডাঙৰ সকলোৱে ডিজিটেল মাধ্যমত খুব গৈছো। প্ৰযুক্তি বিদ্যাৰ এই উত্থানত ইয়াৰ ধনাত্মক দিশেৰে অগ্ৰসৰ হ'লেহে আমিবোৰ সফল হ'ব পাৰিম।

শিশুসকলৰো একোখনকৈ নিজৰ পৃথিৱী থাকে...একোখন ৰঙীন পৃথিৱী। য'ত সিহঁতৰ সৰু সৰু মনবোৰ উৰি ফুৰে থিক চঞ্চল পখিলাবোৰৰ দৰে। আমি গম নোপোৱাকৈয়ে মৰম সাগৰত উমলি- যামলি সিহঁতে অনানুষ্ঠানিক শিক্ষা লয় অনুকৰণৰ মাধ্যমেৰে। সঁচাকৈয়ে শিশুবোৰে মাক দেউতাক তথা ঘৰৰ আন সদস্যসকলক অনুকৰণ কৰি তেওঁলোকে কৰা কাম বা আচৰণৰ হুবহু নকল কৰা দেখা যায়। সেয়েহে এনে সময়ত ঘৰখনৰ সকলো সদস্যই কথা কোৱা বা আচৰণৰ ক্ষেত্ৰত সচেতন হোৱাতো অত্যন্ত প্ৰয়োজনীয়। আকৌ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ সময়ত শিশুহঁতক এখন তালিকাত অভ্যস্ত কৰিব লাগে য'ত নেকি সিহঁতৰ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে মনোগ্ৰাহী হোৱাকৈ বিভিন্ন আকৰ্ষণীয় ক্ৰিয়া- কলাপ থাকে।

প্ৰতিটো শিশুৰে মনস্তত্ত্ব একেধৰণৰ ন'হবও পাৰে। অভিভাৱক তথা শিক্ষাগুৰু সকলে প্ৰাৰম্ভিক পৰ্য্যায়ত সিহঁতৰ ভাললগা বেয়ালগা বিষয়বস্তু বোৰ পৰ্যবেক্ষণ কৰি লৈ আগবাঢ়িলে উপকৃত হোৱা দেখা যায়। সিহঁতৰ পৰা হোৱা ভুলবোৰ আঙুলিয়াই দিওঁতেও যাতে আমি ধনাত্মক দিশেৰে নিব পৰা যায় সেই দিশত গুৰুত্ব আৰোপ কৰিব লাগে।

ক'ৰ'ণা অতিমাৰীৰ এই দুঃসময়ত আমি প্ৰায়ভাগেই ল'ৰা-ছোৱালীৰ হাতত এনডৰয়ড মোবাইল ফোন এটা তুলি দিবলৈ বাধ্য হৈছো। এতিয়া কথা হ'ল আমি ল'ৰা-ছোৱালীক ডিজিটেল মাধ্যমৰ পৰা আতঁৰাই ৰাখিম নে সিহঁতক সম্পূৰ্ণ স্বাধীনতা দি এৰি দিম ইন্টাৰনেটৰ পৃথিৱীত..... আমি সিহঁতক আতঁৰাই ৰখাটো অনুচিত কাৰণ সময়ৰ খোজে খোজে সিহঁত আগবাঢ়িব লাগিব। কিন্তু সকলো বস্তুৰে যেনেদৰে ভাল আৰু বেয়া দুটা দিশ থকা দেখা যায়; তেনেদৰে ডিজিটেল মাধ্যমৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত আসক্ত হ'ব পৰাকৈ সিহঁতক এৰি নিদি অভিভাৱকৰ পৰ্যবেক্ষণ তথা তত্বাৱধানতহে দিয়া উচিত। আৰু তাৰ বাবে অভিভাৱক সকলে অলপ যত্ন কৰি হ'লেও ডিজিটেল পৃথিৱীত অভ্যস্ত হ'ব লাগিব।

নতুন প্ৰজন্মৰ শিশুবোৰ আগৰ সময়ৰ তুলনাত বেছি স্মাৰ্ট হোৱা পৰিলক্ষিত হয়। প্ৰতিটো শিশুৱেই বেলেগ বেলেগ ধৰণে স্মাৰ্ট হয়। সেয়েহে সিহঁতৰ এটাক আনটোৰ লগত কেতিয়াও তুলনা কৰা উচিত নহয়। বৰং বুদ্ধিদীপ্তভাৱে বন্ধুসুলভ ব্যৱহাৰৰ দ্বাৰা শিশুটিক monitor আৰু guide কৰি শিকাৰ অভাৱ সমূহ দূৰ কৰিব পৰা যায়।শিশুটিৰ আপোনাৰ প্ৰতি সন্মান থকা উচিত। কিন্তু সন্মান কৰিবলৈ গৈ মনৰ কথাবোৰ খুলি ক'ব নোৱাৰিলে শিশুটি দিকভ্ৰস্ত হ'ব পাৰে,মনত অপৰাধপ্ৰবণতা জাগিব পাৰে বা ভুল শুধৰণিৰ পৰা বঞ্চিত হ'ব পাৰে।বয়ঃসন্ধি কালচোৱাত এইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিলে প্ৰতি গৰাকী শিশুকে আমি একোটা অমূল্য সম্পদ গঢ়ি তোলাত সফল হ'ম।।।।