বিশেষ প্ৰয়োজন সম্পন্ন শিশু(CWSN) আৰু সৰ্বাত্মক শিক্ষাৰ ধাৰণা

কৃষ্ণ কলিতা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰঙিয়া শিক্ষাখণ্ড

শাৰীৰিক বা মানসিকভাৱে প্ৰত্যাহ্বান মূলক শিশু তথা যিবোৰ শিশুৰ শিকণ অক্ষমতা থাকে তেনে শিশু সকলক বিশেষ প্ৰয়োজন সম্পন্ন শিশু ( CWSN) বুলি কোৱা হয়। যিবোৰ শিশু শিকণ ধীৰ, যাক আমি Slow Learner বুলি ক‌ও তেনে শিশু ও বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ শ্ৰেণীতে ধৰা হয়। বাধাগ্ৰস্ত ব্যক্তি বুলিলে আমি সেই সকল ব্যক্তিক বুজিম যিসকলৰ দীৰ্ঘকালীন শাৰীৰিক , মানসিক, বৌদ্ধিক অসুবিধা থকাৰ ফলস্বৰূপে তেওঁলোকে সমাজৰ বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ যাওতে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ‌য় আৰু সমাজত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে। বৰ্তমান ২১ প্ৰকাৰৰ তেনেকুৱা বাধাগ্ৰস্ততা চিহ্নিত কৰা হৈছে। এনে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ কিছুমান কথা বা শিক্ষাৰ বিশেষ ধাৰণাৰ প্ৰয়োজন।

সৰ্বাত্মক শিক্ষা হল এনে এক শিক্ষা পদ্ধতি বা ধাৰণা যত একেটা শ্ৰেণী কোঠাতে বা একেখন বিদ্যালয়তে জাতি, ধৰ্ম, লিংগ নিৰ্বিশেষে বিশেষ প্ৰয়োজন সম্পন্ন সকলো শিশুকে তেওঁ লোকৰ সাধাৰণ আৰু বিশেষ প্ৰয়োজন পূৰণ কৰি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ জৰিয়তে ৬ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুকে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি বিশেষ প্ৰয়োজন সম্পন্ন শিশু সকলক ৬ ৰ পৰা ১৮ বছৰ পৰ্য্যন্ত সামৰি লোৱা হৈছে। সৰ্বাত্মক শিক্ষাৰ লক্ষ্য / উদ্দেশ্য :- সৰ্বাত্মক শিক্ষাৰ মূল লক্ষ্য উদ্দেশ্য সমূহ তলত দিয়া ধৰণে দাঙি ধৰিব পাৰো।

  1. সমাজ আৰু বাধাগ্ৰস্ত শিশুৰ মাজৰ ব্যৱধান আতৰোৱা।
  2. প্ৰত্যেক শিশুকে শিক্ষাৰ অধিকাৰ প্ৰদান কৰা।
  3. বাধাগ্ৰস্ত শিশু সকলৰ প্ৰতি সমাজৰ ইতিবাচক মনোভাৱ গঢ়ি তোলা।
  4. বাধাগ্ৰস্ত শিশু সকলৰ মাজত আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় গঢ়ি তোলা।
  5. বাধাগ্ৰস্ত শিশু সকলৰ ব্যক্তিত্বৰ বিকাশত সহায় কৰা যাতে তেওঁলোকে ভবিষ্যত সমাজৰ আৰ্থ- সামাজিক উন্নয়নত স্বাক্ষৰ কৰিব পাৰে।
  6. বাধাগ্ৰস্ত সকলৰ প্ৰতি সমাজখনক সজাগ কৰি তোলাও ইয়াৰ অন্যতম উদ্দেশ্য।

বাধাগ্ৰস্ত শিশু সকলৰ বাবে শিক্ষাৰ অধিকাৰ আইন ২০০৯

শিক্ষাৰ অধিকাৰ আইনৰ অনুচ্ছেদ ২ নং ত সন্নিবিষ্ট কৰা অন্যান্য পিছপৰা শিশু সকলৰ লগতে বাধাগ্ৰস্ত বা বিশেষ প্ৰয়োজন সম্পন্ন শিশু সকলৰো অধিকাৰ সাব্যস্ত কৰা হৈছে। আইনত উল্লেখ কৰা ধৰণে বিশেষ প্ৰয়োজন সম্পন্ন শিশু সকল যাতে প্ৰাথমিক শিক্ষাৰ কিছুমান নিৰ্দিষ্ট দক্ষতা / কৌশল আয়ত্ব ( যেনে- চলন - ফুৰণৰ প্ৰশিক্ষণ, ব্ৰেইল প্ৰশিক্ষণ, সাংকেতিক ভাষা স্পৰ্শ কৰণ ইত্যাদি) কৰিব পাৰে তাৰ বাবে বিশেষ ফলপ্ৰসূ প্ৰশিক্ষণৰ জৰিয়তে বিদ্যালয় খনকো প্ৰস্তুত কৰিব লাগিব।যিসকল বিশেষ প্ৰয়োজন সম্পন্ন শিশু এতিয়াও বিদ্যালয়ত নামভৰ্তি কৰা নাই বা আধাতে বিদ্যালয় ত্যাগ কৰিছে সেই শিশু সকলক বয়স অনুসৰি ওচৰৰ বিদ্যালয়ত উপযুক্ত শ্ৰেণীত নামভৰ্তি কৰণ কৰিব লাগে, লগতে শিশু সকলৰ বাবে নিয়মীয়া শ্ৰেণী শিক্ষক বা বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ জৰিয়তে শিশু সকলক বিশেষ প্ৰশিক্ষণ দিব লাগে।

তাৰোপৰি বিশেষ প্ৰয়োজন সম্পন্ন শিশু সকলক বিদ্যালয়ৰ নিয়মীয়া পাঠগ্ৰহণ তথা বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কিছুমান বিশেষ সা সুবিধাৰ কথাও আইনখনত সন্নিবিষ্ট কৰা হৈছে।

শিশু সকলৰ বাবে প্ৰয়োজনীয় বিভিন্ন থেৰাপী , বৃত্তি মূলক থেৰাপী আদিৰ ব্যবস্থাও কৰিব লাগে । খেলৰ সামগ্ৰীৰ জৰিয়তে শাৰীৰিক থেৰাপী তথা চিত্ৰাংকণ আৰু হস্ত শিল্পৰ জৰিয়তে এই শিশু সকলক বৃত্তি মূলক থেৰাপী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

সেয়েহে বিশেষ প্ৰয়োজন সম্পন্ন শিশু সকলক , তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰাতো বাধ্যতামূলক । এই ক্ষেত্ৰত বিশেষ প্ৰয়োজন সম্পন্ন শিশু কেতিয়াও সমস্যা হ'ব নোৱাৰে। তাৰ পৰিৱৰ্তে সকলো শৈক্ষিক উপকৰণ ছাত্ৰ- ছাত্ৰীৰ সমাযোজন কৰি লোৱাতোহে প্ৰয়োজন। এইক্ষেত্ৰত মূলতঃ তিনিটা দিশৰ সমাযোজন কৰিব লাগে----

  1. আন্তঃগাথঁনিৰ সমাযোজন
  2. পাঠ্যক্ৰমৰ সমাযোজন আৰু
  3. সামাজিক আৰু আচৰণৰ সমাযোজন

* আন্তঃগাথঁনিৰ সমাযোজন:- আন্তঃগাথঁনিৰ সমাযোজন বুলি কওতে বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ ( CWSN) বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, পুথিভঁৰাল, কম্পিউটাৰ কোঠা, ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক শৌচাগাৰ আদি নিৰ্মাণ কৰোতে বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ বাবে বৈজ্ঞানিক ভিত্তিত নিৰ্মিত হ'ব লাগে। ইয়াৰোপৰি এনে শিশুৰ বাবে বিদ্যালয়ত নহলেও মন্ডল সমল কেন্দ্ৰ বা খন্ড কাৰ্যালয়ত বিশেষ সমল কোঠা ( Resource Room) থকাতো বাঞ্চনীয়। বিদ্যালয়ত থকা প্ৰতিটো কোঠাত CWSN ৰ বাবে Ramp আৰু Railing থকাটো বাধ্যতামূলক।CWSN ছাত্ৰ বা ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয় ৰ শ্ৰেণীকোঠাত বিশেষ কিছুমান সুবিধা থাকিব লাগে।

* পাঠ্যক্ৰমৰ সমযোজনা :- সাধাৰণতে CWSN ছাত্ৰ ছাত্ৰী সকল শিক্ষকৰ কাৰণে মূৰৰ কামোৰণি আৰু বেছিভাগ শিক্ষকে তেওঁলোকক অবজ্ঞাৰ দৃষ্টিৰে চাই। আমি আমাৰ এই মনোভাৱৰ পৰিবৰ্তন কৰিব লাগিব আৰু তেওঁলোকো যে আমাৰ মাজৰে এজন, সমাজৰ এক অখণ্ড অংগ তাক অনুভৱ কৰাব লাগিব। যেনেদৰে কম মেধাসম্পন্ন শিশু এটিক আগবঢ়ায় নিবলৈ তেওঁক আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত সহজ বা উজু কাৰ্য দিয়া হয় তেনেদৰে CWSN ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো তেনে কাৰ্যপন্থা হাতত ল'ব লাগিব। বৰ্তমান আমাৰ পাঠ্যপুথিবোৰত CWSN ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ কিছুমান কাৰ্যশৈলী বা নিৰ্দেশনা দিয়া থাকে যিবোৰ আমি শিক্ষকসকলে অণুকৰণ কৰাটো উচিত। সাধাৰণতে এনে শিশু অসহায় অবস্থাৰ বাবে অধিক পৰিমাণে যৌন আতিশায্যৰো সন্মুখীন হয়। সেয়েহে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এনে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যক্ৰমত যৌন শিক্ষাৰ পোষকতাও বহু শিক্ষা বিশেষজ্ঞই পোষণ কৰিছে। এই ক্ষেত্ৰত CWSN ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষক সকলো বিশেষ অভিজ্ঞতাপুষ্ট হোৱা উচিত।

* সামাজিক আৰু আচৰণৰ সমাযোজনা:- বিশেষ ভাবে সক্ষম শিশু সকলো আমাৰ সমাজৰ এক অবিচ্ছেদ্য অংগ। বাধাগ্ৰস্ততাৰ বিভিন্ন বৈজ্ঞানিক কাৰণ আছে যদিও কিছুমান বাধাগ্ৰস্ততা সমাজৰ পৰাও সৃষ্টি হয়।সমাজ খনৰ অবহেলা বা এনে ব্যক্তি শিশু ৰ প্ৰতি কৰা আএকণীয়া মনোভাৱে এই বাধাগ্ৰস্ততা বৃদ্ধি কৰে। গতিকে সমাজে তেওঁলোকক উপযুক্ত গুৰুত্ব দিয়া , তেওঁলোকৰ দুৰ্বলতাখিনিক সন্মান দিয়া আৰু সমাজত মৰ্যদাসকাৰে জীয়াই থকাৰ বাবে তেওঁলোকক প্ৰয়োজনীয় সা- সুবিধা প্ৰদান কৰাতো উচিত। সমাজত তেওঁলোকৰ উপস্থিতিৰ গ্ৰহণযোগ্যতা প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত সমাজ খন আগ্ৰহাম্বিত হ'ব লাগিব।সমাজৰ বা বিদ্যালয়ৰ বিভিন্ন কামত তেওঁলোকক অইন ছাত্ৰ ছাত্ৰীৰ দৰেই অংশীদাৰ কৰাব লাগিব। বিদ্যালয় সমাজ বা সমাজৰ পৰা উপযুক্ত মৰ্যাদা লাভে তেওঁলোকক হীনমন্যতা ভাৱৰ পৰা আতৰাই ৰাখিব আৰু সমাজ খনৰ লগত তেওঁলোককো একেলগে আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিব লাগিব

(বি দ্ৰ:-পৰবৰ্তী সংখ্যাত বাধাগ্ৰস্থতা, ইয়াৰ প্ৰকাৰ, ইয়াৰ কাৰণ আদি ফহিয়াই আলোচনা কৰা হ'ব।)