প্ৰযুক্তিবিদ্যাৰ সফল ৰূপায়ণত অভিভাৱকৰ সহযোগিতা আৰু অপপ্ৰয়োগৰ পৰা সন্তানক বিৰত ৰখাৰ প্ৰক্ৰিয়া

শ্ৰীমতী বন্দনা বৰুৱা শৰ্মা প্ৰবক্তা, ডায়েট, কামৰূপ, মিৰ্জা

শিক্ষাৰ বিভিন্ন দিশ বা ক্ষেত্ৰত প্ৰযুক্তি বিজ্ঞানৰ সফল ৰূপায়ণ অতি প্ৰয়োজনীয় হৈ পৰিছে।শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা সমাধান কৰিবৰ বাবে বিজ্ঞানৰ যিবোৰ তত্ত্ব প্ৰয়োগ কৰা হয়,সিয়েই হ'ল শিক্ষা প্ৰযুক্তি বিজ্ঞান।

শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ গুণগত আৰু পৰিমাণগত উৎকৰ্ষ সাধন ,সফল আৰু সাৰ্থক কৰাই শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ মুখ্য উদ্দেশ্য। আধুনিক শিক্ষা জগতৰ নতুন নতুন চাহিদা সমূহৰ পৰিপ্ৰেক্ষিতত শিক্ষা দান আৰু গ্ৰহণৰ কৌশল সমুহ সু-শৃ্ঙখলিত, বিজ্ঞানসন্মত আৰু আধুনিকীকৰণ কৰি ইয়াক মিতব্যয়ী, সহজলভ্য আৰু কাৰ্যকৰী কৰি তোলা এই বিজ্ঞানৰ প্ৰধান উদ্দেশ্য।শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ এক দায়িত্বপূৰ্ণ বিষয়ৰ অধ্যয়নৰ উপাদানবোৰত মানবীয় আৰু মানৱ বিহীন দিশ দুটাৰ সমন্বয় সাধন কৰি তুলিব লাগে। ইয়াৰ বিজ্ঞান ভিত্তিক চিন্তা-চৰ্চা শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ অন্তৰ্ভুক্ত।

সাম্প্ৰতিক কালৰ বিদ্যায়তনিক শিক্ষা ব্যৱস্থাত প্ৰযুক্তি বিজ্ঞানৰ নিম্নলিখিত দিশ কেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যৱহাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰা হৈছে এনেদৰে-

  1. পাঠ্যক্ৰমক বিজ্ঞান ভিত্তিক কৰি তোলা।
  2. শিক্ষা বৃত্তিমুখীকৰণ
  3. শিক্ষাৰ গুণগত মান উন্নীতকৰণ
  4. জীৱনব্যাপী শিক্ষা ব্যৱস্থা।
  5. মানৱসম্পদৰ বিকাশ সাধন।
  6. জন নিৰক্ষৰতা আৰু অজ্ঞতাৰ বিলোপ সাধন।
  7. শিক্ষা সুযোগৰ সমতা স্থাপন
  8. কৃষিক্ষেত্ৰৰ বিকাশ সাধন।
  9. শিক্ষাৰ বিশ্বায়ণকৰণ,, ইত্যাদি ইত্যাদি।

এতিয়া আমাৰ অতি লক্ষণীয় আৰু তাৎপৰ্যপূৰ্ণ দিশটোৰ সম্পৰ্কে এনেদৰে চিন্তা কৰাৰ স্থল দেখা যায় যে কেৱল শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয়, সেয়ে নহয় অভিভাৱক সকলৰো এই ক্ষেত্ৰত জ্ঞান দক্ষতা থকা বাঞ্চনীয়। কিয়নো সন্তান আৰু পিতৃ-মাতৃৰ সম্পূৰ্ণ সহযোগীতাৰ অবিহনে ইয়াৰ প্ৰয়োগৰ ফল বিষময় হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ঘৰ খনত বিভিন্ন ক্ষেত্ৰত শৃংখলা ৰক্ষা কৰা,সন্তান আৰু পিতৃ -মাতৃৰ পৰস্পৰ বুজা-পৰা, এখন শান্তি পূৰ্ণ সুন্দৰ ঘৰুৱা পৰিৱেশৰ বাবে আমি লবলগীয়া ভূমিকা যথেষ্ট আছে। এই সমূহ এনে ধৰণৰ বূলি ক'ব পাৰোঁ-

  1. বিদ্যায়তনিক শিক্ষাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশ, স্কুলৰ বৈষয়িক পৰিৱেশ,গৃহকাৰ্য- পৰীক্ষা, শ্ৰেণীকাৰ্য্য-পৰীক্ষা, শ্ৰেণীকাৰ্য, নিদিষ্ট কৈ কৰিবলৈ দিয়া কাম আদিৰ ক্ষেত্ৰত অভিভাৱকে কিছুমান পৰোক্ষভাৱে জড়িত হ'বলৈ এনেদৰে পদক্ষেপ হাতত ল'ব পাৰে। উদাহৰণ স্বৰূপে ঘৰত desk-top ব্যৱহাৰ কৰি বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ মাজত প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰি সন্তানৰ বিভিন্ন দিশৰ সম্পৰ্কে জ্ঞাত হ'ব পাৰে।
  2. অভিভাৱকে internet সেৱা উপলব্ধ কৰি বিভিন্ন আধ্যাত্মিক , নৈতিকতাপূৰ্ণ চিন্তা-ঢৰ্ঢা, দৈহিক-মানসিক,সমাজ-সেৱামূলক কাৰ্যসূচী সমূহৰ সম্পৰ্কেও জানিব পাৰে। আনহাতে অভিভাৱকে প্ৰযুক্তি বিজ্ঞানৰ জ্ঞানৰ সহায়ত নিজ সন্তানৰ এই বিভিন্ন দিশ সমূহৰ, বন্ধু-বান্ধবী সকলৰ সম্পৰ্কে সুন্দৰকৈ অৱগত হ'ব পাৰে। তেওঁৰ সন্তানৰ সামাজিক কাৰ্য, আচৰণ আদি কেনে হ'ব পাৰে সেইবোৰ জানিব পাৰিব।
  3. নিজ সন্তান সকলে smart phone, Laptopআদি অতি প্ৰয়োজনীয় সঠিকভাৱে প্ৰয়োগ কৰিছেনে বা অপপ্ৰয়োগ কৰিছে সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব।
  4. পিতৃ-মাতৃয়ে প্ৰযুক্তি বিজ্ঞানৰ জ্ঞানৰ জৰিয়তে সন্তান সকলক ভবিষ্যতৰ সপোনৰ সম্ভেদ দিব পাৰে। আনহাতে এজন অভিভাৱকে সন্তানৰ চিন্তা, শাৰীৰিক, মানসিক দিশৰ এখন প্ৰতিঢ্ছবি পাবলৈ সক্ষম হয়। আৰু পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ ব্যৱধান বহু পৰিমাণে কমি যাব বুলি আশা কৰিব পাৰি।

সেইদৰে অবিদ্যায়তনিক দিশৰ আনুষঙ্গিক বিষয় সমূহৰ ক্ষেত্ৰত অভিভাৱক, জনসাধাৰণৰ পূৰ্ণ সহযোগীতা নহ'লে কিছুমান সৰু হ'লেও কেতিয়াবা ভয়াবহ ৰূপ ধাৰণ কৰিব পৰা সমস্যা যেনে, প্ৰযুক্তি বিজ্ঞানৰ অতিমাত্ৰা মনোৰঞ্জক অৱদান video game , অশ্লীলতাৰ চিত্ৰণ আদিৰ গ্ৰাসত পৰা দেখা যায় । ফলত ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক চাপ বৃদ্ধি হৈ তেওঁলোকৰ অসাধাৰণ বিকৃত আচৰণ , অস্থিৰ মন, আদি পৰিস্ফুট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অভিভাৱক সক্ষম হ'ব বুলি আশা কৰা যায়।

শেহতীয়াকৈ covid 19 অতিমাৰীৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ বাবে on line শিক্ষা-ব্যৱস্থা প্ৰচলন কৰিবলৈ স্থিৰ কৰা হ'ল । এনে শিক্ষা-ব্যৱস্থাই সন্তানৰ লগতে অভিভাৱক সকলকো প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগৰ দিশত দুখোজ আগুৱাই যোৱাৰ উপক্ৰম কৰালে। গতিকে ইয়াক সুপ্ৰয়োগৰ সোণালী সুযোগ বুলি ভাবিব পাৰি যদিও -on line শিক্ষা-ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সৃজনীশীলতা,মননশীলতা, স্মৰণ শক্তি, মুখস্থৰ চেষ্টা আদিৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখিব লাগে।

শেষত ক'ব পাৰি যে অভিজ্ঞ পিতৃ-মাতৃ বা অভিভাৱক সকলে নিজস্ব দক্ষতাৰ জৰিয়তে প্ৰযূক্তি বিজ্ঞানৰ জ্ঞানক তেওঁৰ বাৰ্ষিক পৰিকল্পনা, আয়-ব্যয়ৰ খচৰা প্ৰস্তুত কৰি ব্যৱহাৰিক জীৱনত বহুত উপকৃত হ'ব পাৰিব বুলি নিশ্চয় আশা কৰিব পাৰি।