Y-KIRAN - সমগ্ৰশিক্ষা, কামৰূপৰ বৈদ্যুতিক মাধ্যমত শিক্ষাপ্ৰদানৰ এক অভিনৱ প্ৰচেষ্টা

জেপুলিন দাস সহ: শিক্ষয়িত্ৰী, সাতপখলী মজলীয়া বিদ্যালয়, ৰামপুৰ শিক্ষাখণ্ড
Jepulin Das

Y-KIRAN হ'ল কোভিড সৃষ্ট পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক সমৰ্থনৰ উদ্দেশ্যৰে সমগ্ৰশিক্ষা কামৰূপৰ এক অভিনৱ আৰু মহান শৈক্ষিক প্ৰচেষ্টা। কোভিড-19 মহামাৰীৰ এই গুৰুত্বপূৰ্ণ সময়ত শিশুসকলক শৈক্ষিক সমৰ্থন প্ৰদান কৰাৰ লক্ষ্যৰে Y-KIRAN নামৰ এই ইউটিউব চেনেলটো সমগ্ৰ শিক্ষা, কামৰূপৰ দ্বাৰা মাননীয় জিলা শিক্ষা বিষয়া ও জিলা মিছন সমন্বয়ক শ্ৰী অপূৰ্ব ঠাকুৰীয়াদেৱৰ তত্বাৱধানত যোৱা ইং ২৬/৬/২০২১ তাৰিখে কামৰূপ জিলা প্ৰশাসনৰ DISHA ৰ সভাত মুকলি কৰা হয়। এই মহান প্ৰচেষ্টাক আদৰণি জনাই শৈক্ষিক চেনেলটো উন্মোচন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয়া সাংসদ শ্ৰীযুতা কুইন ওজা বাইদেউৱে।

Y_Kiran Y_Kiran

মহামাৰীৰ বাবে শিক্ষাৰ্থীসকলে শাৰীৰিকভাবে শ্ৰেণীত উপস্থিত থাকিব নোৱাৰাৰ বাবে, তেওঁলোকৰ শৈক্ষিক উত্তৰণত ব্যাঘাত হোৱা আমি প্ৰত্যেকেই অনুভৱ কৰিছোঁ । সেয়েহে শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া এই শূন্যতা পূৰণ কৰিবলৈ, এছ.এছ.এ. কামৰূপৰ অধীনত অভিজ্ঞ শিক্ষক সদস্যৰ এটা দলক মানদণ্ডসম্পন্ন শৈক্ষিক ভিডিঅ' প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়। চেনেলটোৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী লৈ S.C.E.R.T. অসমৰ পাঠ্যক্ৰমৰ অন্তৰ্গত পাঠ্যপুথিসমূহৰ সকলো বিষয়ৰে পাঠসমূহৰ ওপৰত ভিডিঅ' প্রস্তুত কৰাৰ আঁচনি হাতত লোৱা হয়। পৰ্যাপ্ত প্ৰশিক্ষণ আৰু উপযুক্ত নিৰ্দেশনা প্ৰাপ্ত বিশেষজ্ঞ শিক্ষকৰ এটা গোটে চেনেলটোৰ বাবে ভিডিঅ'বোৰ প্ৰস্তুত কৰি উলিয়াইছে। KIRAN কাৰ্যসূচীৰ যোগেৰে যেনেকৈ জিলাখনৰ বৈদ্যুতিক মাধ্যমে ঢুকি নোপোৱা অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীখিনিক সামৰি লোৱা হৈছিল, তেনেদৰেই Y- KIRAN চেনেলটোৰ জৰিয়তে জিলাখনৰ বৈদ্যুতিক মাধ্যমৰ শিক্ষাৰ দিশত উন্নতি সাধন কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। চেনেলটোত প্ৰকাশৰ পূৰ্বে প্ৰস্তুত কৰা ভিডিঅ'বোৰ D.I.E.T. মিৰ্জাৰ বিষয়-বিশেষজ্ঞসকলৰ দ্বাৰা, আৰু সমগ্ৰশিক্ষা, কামৰূপৰ জিলা বিষয়াসকল আৰু অন্যান্য বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰা হয়। মহামাৰীৰ পৰিস্থিতি নিৰ্বিশেষে সকলো সময়তে যাতে ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক দিশত উপকৃত হব পাৰে সেই উদ্দেশ্যে, সমগ্ৰ শিক্ষা কামৰূপে এই চেনেলটো পৰৱৰ্তী সময়চোৱাটো সক্ৰিয় ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।

Y_Kiran Y_Kiran

এই চেনেলটো শিক্ষাৰ্থীসকলক মানদণ্ডসম্পন্ন শৈক্ষিক তথ্য প্ৰদান কৰাত সংকল্পবদ্ধ আৰু তাৰবাবে অহোপুৰুষাৰ্থ চেষ্টা চলাই থকা হৈছে যাতে ক্ৰমান্বয়ে সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰূপত চেনেলটো শিক্ষাৰ্থী সমাজৰ আগত দাঙি ধৰিব পৰা যায় । এই চেনেলটোৱে কেৱল ছাত্ৰ-ছাত্ৰীক পাঠ্যপুঠিৰ শিক্ষাদান কৰাতে সীমাবদ্ধ নাথাকি শিক্ষাৰ লগত জড়িত বিদ্যালয়সমূহত হৈ থকা উৎকৃষ্ট অনুশীলনসমূহ , বিশেষভাৱেসক্ষম শিশুৰ বাবে লোৱা পদক্ষেপসমূহ , Fit India Movement আদি বিষয়সমূহতো আলোকপাত কৰাৰ প্ৰচেষ্টা হাতত লৈছে যাতে শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশ সাধিত হয়। এই চেনেলত সংযোজিত ভিডিঅ'সমূহ শিক্ষাৰ্থীসকলৰ মনোগ্ৰাহী হোৱাকৈ প্ৰস্তুত কৰাৰ লগতে ভিডিঅ'সমূহ চাই ছাত্র-ছাত্ৰীসকলে পাঠ্যক্ৰমত থকা শিকণ ফলাফল সমূহ সহজে আয়ত্ব কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। অভিভাৱকসকলেও এই চেনেলটোৰ সহায় লৈ তেওঁলোকৰ সন্তানৰ পাঠগ্ৰহন প্ৰক্ৰিয়াত দিহা-পৰামৰ্শ আগবঢ়াব সক্ষম হ'ব বুলি আশা কৰা হৈছে ।

Y_Kiran Y_Kiran

শেষত, Y-KIRAN গোটৰ সমূহ সদস্যৰ তৰফৰ পৰা আমি আমাৰ সকলো সহকৰ্মী, বন্ধু আৰু শুভাকাংক্ষীক এই চেনেলটো শিক্ষাৰ্থীসকলৰ মাজত সফলতা প্ৰদান কৰাৰ বাবে নিৰন্তৰ নিৰ্দেশনা আৰু মূল্যৱান মতামতেৰে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ আৰু চেলেলটোৰ আহৰ্নিশে উন্নতি কামনা কৰিলোঁ। আহক, আমি Y-KIRAN নামৰ এই YouTube চনেলটো সকলো শিক্ষাগুৰু, অভিভাৱক আৰু ছাত্র-ছাত্ৰীৰ মাজলৈ লৈ যাওঁ আৰু অনলাইন যোগে পাঠ গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ ইস্পিত লক্ষ্য প্রাপ্তিত সহায়ৰ হাত আগ বঢ়াও।

Y_Kiran