পৰিপুষ্টি শিক্ষা আমাক কিয় লাগে ?

পল্লৱী ভট্টাচাৰ্য প্ৰৱক্তা, ডায়েট, কামৰূপ

পৃথিৱীৰ সকলো জীৱিত প্ৰাণীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে স্বাস্থ্য। সেয়েহে সততে কোৱা হয় স্বাস্থ্যই পৰম ধন। যাৰ স্বাস্থ্য আছে তাৰ সকলো আছে। এটা সুস্থ সৱল স্বাস্থ্যৰ গৰাকী হ'বলৈ হ'লে অতি আৱশ্যকীয় বস্তুটো হ'ল খাদ্য। এই খাদ্য খাই জীৱকুলে জীয়াই থকাৰ লগতে সুস্বাস্থ্য অটুট ৰাখিবলৈ যত্ন কৰে। এতিয়া আহি পৰে কেনেধৰণৰ খাদ্য আমি খাব লাগে বা কেনেকুৱা খাদ্য আমাৰ স্বাস্থ্যৰ বাবে ভাল।

বৰ্তমান মহামাৰী ক'ৰণা কালত বিশেষ চৰ্চা লাভ কৰা দুটা বিষয় হৈছে -

সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আমাক যেনেকৈ শাৰীৰিক পৰিশ্ৰম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, যোগ, ব্যায়াম, আদিৰ দৰকাৰ, তেনেকৈ পৰিপুষ্টি সম্পৰ্কে থকা জ্ঞানে আমাক স্বাস্থ্যবান হোৱাত সহায় কৰে। সহজ - সৰল ভাষাত ক'বলৈ গ'লে যি বিজ্ঞানে বিভিন্ন খাদ্যৰ উপাদানবোৰৰ লগত প্ৰাণীৰ বৃদ্ধি আৰু বিকাশৰ বাবে ব্যৱহাৰ হোৱা প্ৰক্ৰিয়া সমূহ অধ্যয়ন কৰে তাকে পৰিপুষ্টি বিজ্ঞান (Nutrition Science) বুলিব পাৰি। পুষ্টি বিজ্ঞানে খাদ্যৰ গুণাগুণ, পুষ্টিগত মূল্য (Nutritive Value), খাদ্য ৰন্ধন, প্ৰস্তুতকৰণ, সংৰক্ষণ, মজুতকৰণ আৰু শৰীৰৰ বিভিন্ন ক্ৰিয়া সমূহৰ বিষয়ে আলোচনা কৰে। পৰিপুষ্টি শিক্ষাই খাদ্য আৰু আহাৰৰ (Meal) সম্পৰ্কে আমাক জানিবলৈ দিয়ে। এই আহাৰ সকলোৰে বাবে ভিন্ন হয়। যেনে - বয়স, লিংগ, পৰিশ্ৰম, শাৰীৰিক অৱস্থা ইত্যাদি ভেদে বেলেগ হয়।

উপযুক্ত খাদ্য নিৰ্বাচনৰ ক্ষেত্ৰত একোটা পৰিয়ালত মাতৃ গৰাকীৰ ভূমিকা উল্লেখনীয়। ঘৰখনত কেনেধৰণৰ আহাৰ তৈয়াৰ কৰিব, সন্তানৰ সু-স্বাস্থ্যৰ বাবে কেনেধৰণৰ খাদ্য খুৱাব, ৰন্ধনৰ পদ্ধতি ইত্যাদি মাতৃগৰাকীৰ ওপৰতেই নিৰ্ভৰ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে আমাৰ বিদ্যালয়ৰ মাতৃগোটৰ সভাসমূহত শিক্ষক সকলে পৰিপুষ্টি সম্পৰ্কে আলোচনা কৰি তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে সমাজখনত সু-স্বাস্থ্য গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব পাৰে। ইয়াৰ উপৰিও শিক্ষকসকলে পাঠ্যপুথিত থকা আহাৰ আৰু স্বাস্থ্য সম্বন্ধীয় বিভিন্ন পাঠ পঢ়াওঁতে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক ৰূপত সজাগ আৰু সচেতন কৰি তোলাটো আন এটা অতি গুৰুত্বপূৰ্ণ কথা। ছাত্ৰ-ছাত্ৰীকো সহজ-সৰল ভাষাত বুজাই দিয়া উচিত যে শৰীৰে দৈনিক খাদ্যৰ যোগেদি নিৰ্ধাৰিত পৰিমাণত পৰিপোষক নাপালে স্বাস্থ্যৰ অৱনতি ঘটে আৰু অতি সহজে অভাৱজনিত ৰোগত আক্ৰান্ত হয় আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে। ইয়াৰ লগতে কিছুমান অখাদ্য যেনে- ৰাগীয়াল বস্তুৰ সেৱনে কেনেকৈ এখন সমাজৰ এটা প্ৰজন্ম ধ্বংসৰ মুখলৈ ঠেলি দিছে এই বিষয়েও অৱগত কৰাটো অতীৱ প্ৰয়োজন। বৰ্তমান সময়ত চৰকাৰ খনেও অখাদ্য সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ দায়িত্ব কেৱল চৰকাৰৰ ওপৰতেই ন্যস্ত নহয়। অভিভাৱক, শিক্ষক আৰু সমাজৰো কৰণীয় বহুত আছে। সু-স্বাস্থ্যৰ গৰাকী হোৱা জনসাধাৰণৰ দেশ এখনেহে উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰে। অপুষ্টিত ভোগা মানুহৰ শৰীৰ ৰুগীয়া, কৰ্মবিমুখতা, মানসিক বিকাৰগ্ৰস্ত হয়। শৰীৰৰ ওজন হ্ৰাস বা বৃদ্ধি পাই কাম কৰা শক্তিও হ্ৰাস পায়। মানসিক আৰু শাৰীৰিক অৱসাদে দেখা দিয়ে, যিহেতু শাৰীৰিক স্বাস্থ্যৰ লগত মানসিক স্বাস্থ্য জড়িত হৈ থাকে। সেয়েহে প্ৰকৃত স্বাস্থ্য গঢ়িবলৈ হ'লে পৰিপুষ্টি শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো একান্ত প্ৰয়োজন।