শিক্ষা জগতৰ মহীৰূহ- ভূগোল বিজ্ঞানী ড. মহম্মদ তাহেৰ

পৰেশ বৈশ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, ফোন নম্বৰ:98592-63973
paresh_baishya

ড. মহম্মদ তাহেৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বৰেণ্য ভূগোল বিজ্ঞানী আছিল।মহান শিক্ষক তথা অসমীয়া সমাজ আৰু সংস্কৃতিৰ অন্যতম সাধক ড. তাহেৰে উত্তৰ পূৰ্বাঞ্চলত ভূগোল শিক্ষাক জনপ্ৰিয় কৰাত প্ৰভূত বৰঙণি আগবঢ়াই গৈছে। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ সমাজ-ভূগোলৰ উত্তৰণৰ ড.তাহেৰ আছিল অন্যতম সাধক।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ-ভূগোলৰ লগতে ঐতিহাসিক ভূগোল, আঞ্চলিক ভূগোল আৰু জিঅ'মৰ্ফোলজীৰ অগাধ জ্ঞানৰ ভাণ্ডাৰ আছিল অধ্যাপক ড. তাহেৰ। অসমৰ জনসাংখ্যিক ভূগোল আৰু উত্তৰ পূৰ্বাঞ্চলৰ জাতি- জনগোষ্ঠীৰ সমাজ- সাংস্কৃতিক পৰিৱৰ্তন আৰু বিতৰণ, জনগোষ্ঠীৰ আগমণ, জাতি-জনগোষ্ঠীৰ স্থিতি, ঐতিহাসিক পটভূমি, ভৌগোলিক বিতৰণ আদি বিষয়ত ড. তাহেৰৰ আছিল গভীৰ অধ্যয়ন। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ড. মহম্মদ তাহেৰ আছিল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল-সমাজৰ আৰু অসমৰ শিক্ষা জগতৰ মহীৰূহ স্বৰূপ।

ভূগোল বিষয়টো প্ৰাণভৰি ভালপোৱা ড. মহম্মদ তাহেৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক অৱয়বৰ ৰূপৰেখা অংকনৰো অগ্ৰণী ব্যক্তি আছিল।আনকি অসমৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ কেৰিকুলাম , পাঠ্যপুথি প্ৰণয়নতো তেখেতৰ অৱদান অদ্বিতীয়। মাধ্যমিক স্তৰত ভূগোল শিক্ষাক জনপ্ৰিয় কৰণৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। তেখেত আছিল অসমীয়া ভাষাত ভূচিত্ৰাৱলীৰ অন্যতম স্ৰষ্টা।

ভূগোল বিষয়ৰ পাঠ্যপুথি প্ৰণেতা হিচাপে ড. মহম্মদ তাহেৰৰ উত্তৰ পূৰ্বাঞ্চলত সুনাম আছে। তেখেতে বিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে ভূগোল বিষয়ক ভালেমান উন্নত মানৰ পাঠ্যপুথি ৰচনা কৰি থৈ গৈছে। আনকি গুৱাহাটী বিশ্ববিদ্যালযয়ে 1972 চনত অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়নৰ পদক্ষেপ লোৱাত প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীৰ ভূগোল বিজ্ঞানৰ প্ৰথমখন পুথি ' ভূগোল বিজ্ঞান(প্ৰথম খণ্ড)' তেখেতেই লিখিছিল। বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ- ছাত্ৰীৰ বাবে লিখা 'ভূগোল সোপান'(1972) , ড. ফণী ডেকা আৰু সদা মৰলৰ সৈতে লিখা 'ভূগোল ভাৰতী', ' আধুনিক ভূগোল' আদি উল্লেখযোগ্য পাঠ্যপুথি।1998 চনত তেখেতে অধ্যাপক পছিমউদ্দিন আহমেদৰ লগত 'Geography of North East' নামৰ এখনি অতি মূল্যৱান ভূগোল বিষয়ক পুথি প্ৰণয়ন কৰে।এই গ্ৰন্থখন উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীৰ বাবে আজিও অন্যতম হাতপুথি হিচাপে বিবেচিত হৈ আছে। 1958 চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত ভূগোলৰ প্ৰবক্তা হিচাপে যোগদান কৰাৰ সময়ত অসমীয়া ভাষাত উন্নত মানৰ কোনো ভূচিত্ৰাৱলী নাছিল।এই অভাৱৰ প্ৰতি লক্ষ্য কৰি তেখেতে অতি কষ্ট কৰি 1975 চনত 'নতুন অসমীয়া ভূচিত্ৰাৱলী' খন যুগুত কৰি উলিয়ায়।ইয়াৰ পূৰ্বে হৰিনাৰায়ণ দত্তবৰুৱা আৰু নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰচেষ্টাত 'অসমীয়া ভূচিত্ৰাৱলী ' প্ৰকাশ পায় যদিও তাত নতুন নতুন জিলা, মহকুমা আদিৰ সংযোজন হোৱা নাছিল।

উত্তৰ পূৰ্বাঞ্চলত ভূগোল বিজ্ঞানক অধিক জনপ্ৰিয় কৰিবলৈ 1968 চনত জন্ম হোৱা' উত্তৰ পূব ভাৰত ভূগোল সংস্থা' গঠনৰো ড.তাহেৰ অগ্ৰণী ব্যক্তি আছিল। তেওঁ এই সংস্থাৰ আজীৱন সভ্য আছিল।ড. তাহেৰে এই সংস্থাৰ সম্পাদক, সভাপতিৰ আসনো অলংকৃত কৰিছিল। উত্তৰ পূব ভাৰত ভূগোল সংস্থাই 1986 চনৰ পৰা প্ৰকাশ কৰি অহা ভূগোল বিষয়ক অসমীয়া আলোচনী 'ভৌগোলিকা'ৰো তেখেত কিছুদিন সম্পাদক আছিল। 'ভৌগোলিকা'ত তেখেতে ঐতিহাসিক ভূগোল বিষয়ক ভালেমান গৱেষণা ধৰ্মী নিবন্ধ লিখি ' ভৌগোলিক'খন সমৃদ্ধ কৰিছিল। তেখেতে 'North- Eastern Geographer ' ত প্ৰাকৃতিক আৰু মানৱ ভূগোলৰ কেবাখনো গৱেষণা ধৰ্মী ৰচনা লিখি থৈ গৈছে। উত্তৰ পূব ভাৰত ভূগোল সংস্থাই তেখেতৰ 'An Introduction to Social Geography ' নামৰ এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰিছে।

Md_Taher

ড. মহম্মদ তাহেৰ

ড. তাহেৰ ভূগোল বিজ্ঞানৰ এগৰাকী যশস্বী গৱেষক পণ্ডিত।জন প্ৰব্ৰজন সম্বন্ধে নিউজিলেণ্ডৰ অকলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ড. তাহেৰে অধ্যাপনাৰ লগতে বহুতো গৱেষকৰ গাইড হিচাপে নিজকে জড়িত কৰিছিল। তেখেতৰ তত্বাৱধানত 12 গৰাকী গৱেষকে ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ তত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল মহেশ চন্দ্ৰ ভূঞা। ড. তাহেৰৰ তত্বাৱধানত কেবাগৰাকী গৱেষকে ভূগোল বিষয়ত এম. ফিল ডিগ্ৰী লাভ কৰিছে। তেখেতৰ তিনি কুৰিৰো অধিক গৱেষণা পত্ৰ দেশৰ আগশাৰীৰ গৱেষণাধৰ্মী জাৰ্ণেলত প্ৰকাশ পাইছে।

ড. মহম্মদ তাহেৰ শিক্ষক হিচাপে আদৰ্শ শিক্ষক আছিল। তেখেত ছাত্ৰ- ছাত্ৰীসকলৰ প্ৰিয় শিক্ষক আছিল। তেখেত আছিল এগৰাকী সৎ, অমায়িক আৰু কৰ্তব্যনিষ্ঠ শিক্ষক। শিক্ষকতা বৃত্তিক তেখেতে অন্তৰৰ পৰা ভাল পাইছিল। সদায় শ্ৰেণী কোঠাত সময়মতে উপস্থিত হৈ পাঠদান কৰিছিল। চাকৰিত তেওঁ যথাসম্ভৱ ছুটি ল'ব বিচৰা নাছিল। তেওঁ ছাত্ৰ -ছাত্ৰীৰ বাবে শ্ৰেণী কোঠাত যথেষ্ট পৰিশ্ৰম কৰিছিল। তেখেত এগৰাকী অধ্যাৱসায়ী লোক আছিল।

ড. তাহেৰ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেখেত যে কেৱল এজন সফল শিক্ষক আৰু গৱেষকেই আছিল তেনে নহয়, তেখেত এগৰাকী সু- বক্তাও আছিল। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈও তেখেতে বহুতো বৰঙণি দি থৈ গৈছে। তেখেতে পাঠ্যপুথিকে ধৰি ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰায় ডেৰকুৰি গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁ ভালেমান গ্ৰন্থ ও সম্পাদনা কৰিছে । তেওঁ কাকত -আলোচনীতো বহুতো মূল্যৱান নিবন্ধ লিখিছে। সৰুৰে পৰা তেখেতৰ সাহিত্যৰ প্ৰতি ৰাপ আছিল।স্কুলত পঢ়ি থাকোঁতেই তেখেতে হাতেলিখা আলোচনী উলিয়াইছিল। তেখেতৰ 1953 চনত ' ৰামধেনু' ত 'পেৰা ডক্স' আৰু 1954 চনত' ৰামধেনু'ত 'বিকল্প' নামৰ গল্প প্ৰকাশ পাইছিল।কটন কলেজত পঢ়ি থাকোতে 'কটনিয়ান' তো তেখেতৰ গল্প প্ৰকাশ পাইছিল।চৈয়দ আব্দুল মালিকৰ সম্পাদনাত প্ৰকাশ পোৱা 'পয়গাম' নামৰ আলোচনীখনতো তেখেতৰ লেখা প্ৰকাশ পাইছিল। 1953 চনত তেখেতে 'কটনিয়ান'ৰ সম্পাদক হৈছিল। তেখেত ' বিজ্ঞান জেউতি'ৰো সম্পাদক আছিল।অসম প্ৰকাশন পৰিষদে 1960 চনত তেখেতে লিখা ' যাতায়াত আৰু পৰিবহন' নামৰ এখনি শিশু সাহিত্যৰ পুথি প্ৰকাশ কৰে।ড. ভবেন্দ্ৰ নাথ শইকীয়াৰ সম্পাদনাত ওলোৱা শিশু আলোচনী 'সঁফুৰা' তো তেখেতে ব্ৰহ্মপুত্ৰ বিষয়ক এখনি অতি মূল্যৱান ৰচনা শিশুসকলৰ বাবে লিখি থৈ গৈছে। অসম সাহিত্য সভাৰ উদ্যেগত ড. মহম্মদ তাহেৰৰ মুখ্য সম্পাদনাত 'বিশ্বকোষ' ৰ অষ্টম আৰু নৱম খণ্ড দুটা প্ৰকাশ পায়। আনন্দৰাম বৰুৱাৰ বিখ্যাত গ্ৰন্থ 'Ancient Geography of India' আৰু আবুল কালাম আজাদৰ 'Basic Concept of Koran' নামৰ গ্ৰন্থ দুখন অসমীয়া লৈ অনুবাদ কৰাটো ড. মহম্মদ তাহেৰৰ উল্লেখযোগ্য সাহিত্য- কৰ্ম।

উত্তৰ লখিমপুৰ চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰমান দক্ষিণে থকা খুটাকঠীয়া নামৰ এখন সৰু নৈপৰীয়া গাঁৱত 1931 চনৰ 21 এপ্ৰিলত ড. মহম্মদ তাহেৰৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল তৈয়ব আলি হাজৰিকা আৰু মাতৃ হামেৰুণ নেছা। সৰুতেই তেখেতৰ পিতৃৰ বিয়োগ হয়। গতিকে মাকৰ যত্নত তেখেতে ডাঙৰ -দীঘল হয়। তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল 47 নং তেলাহী স্কুলত। 1948 চনত তেখেতে উত্তৰ লখিমপুৰ চৰকাৰী হাইস্কুলৰ পৰা অসমীয়া আৰু ভূগোল বিষয়ত লেটাৰসহ প্ৰথম বিভাগত প্ৰৱেশিকা পাছ কৰে। সৰুৰে পৰা কটন কলেজত পঢ়াৰ ইচ্ছা পুহি ৰখা ড. তাহেৰে 1949 চনত কটন কলেজত নামভৰ্তি কৰে। 1951 চনত তেখেতে কটন কলেজৰ পৰা আই.এছ. চি পাছ কৰে।1954 চনত তেওঁ একেখন কলেজৰ পৰাই ভূগোলত অনাৰ্চ সহ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ বি.এছ.চি ডিগ্ৰী লাভ কৰে।তাৰ পিছত তেওঁ এম.এছ.চি পঢ়িবলৈ কলকাতা লৈ যায়। 1957 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় হৈ ভূগোল বিষয়ত এম.এছ.চি ডিগ্ৰী লাভ কৰে।

1957 চনতেই তেখেতে কলিকতাৰ নেচনেল এটলাছ অৰ্গেনাইজেছনত কনিষ্ঠ গৱেষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।1958 চনত তেওঁ জ্যেষ্ঠ গৱেষক হিচাপে পদোন্নতি লাভ কৰে।তাত চাকৰি কৰি থাকোঁতে তেখেতে মানচিত্ৰ প্ৰস্তুত বিষয়ক কলা -কৌশল সমূহ ভালদৰে আয়ত্ব কৰে। পাছত তেওঁ কলকাতাৰ চাকৰি এৰি 1958 চনৰ 10 আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ গৱেষণাৰ বাবে মন মেলে । তেখেতে 1963 চনত ভাৰতৰ পৰা কমনৱেলথ ফেল' হিচাপে নিৰ্বাচিত হৈ গৱেষণাৰ বাবে নিউজিলেণ্ড লৈ যায়। তেখেতে অকলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ভূগোলবিদ অধ্যাপক কে. বি কাম্বাৰলেণ্ডৰ তত্বাৱধানত" Asians in New Zealand: A Geographical Review and Interpretation" শীৰ্ষক বিষয়ত গৱেষণা কৰে।1965 চনৰ মে মাহত গৱেষণা সম্পূৰ্ণ কৰি তেওঁ পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগত যোগদান কৰে। 1966 চনৰ 26 জুনত তেখেতে চেতেৰা তাহেৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক জীৱন আৰম্ভ কৰে। তেখেতৰ দুই পুত্ৰ ক্ৰমে ৰেজা আৰু আগাৰ আৰু একমাত্ৰ জীয়াৰী নীতা। তেখেতে 1991 চনৰ 31 মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত অধ্যাপনা কৰি থাকোতে তেখেতৰ 1970 চনৰ 10 আগষ্ট তাৰিখে ৰিডাৰ, 1981 চনত অধ্যাপক লৈ পদোন্নতি হয়।1984-87 আৰু 1990-91 সময়চোৱাত তেওঁ বিভাগটোৰ দুবাৰকৈ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে। অৱসৰৰ পূৰ্বে 1990-91 ত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ' বিজ্ঞান গুৰু' ৰ আসন অলংকৃত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থাকোতেই তেখেতে 1978 চনত গুৱাহাটী বিশ্ববিদ্যালয় পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব হিচাপেও কিছুদিন সেৱা আগবঢ়াইছিল।

চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ ঠিক পাছতেই অসম চৰকাৰে তেখেতক অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। প্ৰায় এবছৰৰো অধিক কাল তেখেতে এই পদত থাকে।ড. মহম্মদ তাহেৰে জীৱন কালত বিদ্যায়তনিক ক্ষেত্ৰৰ আন ভালেমান অনুষ্ঠান -প্ৰতিষ্ঠানৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়, অৰুণাচল বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য আছিল।অসম প্ৰকাশন পৰিষদ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয় আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰো সদস্য আছিল। পাণ্ডু মহাবিদ্যালয় পৰিচালনা সমিতিৰ তেখেত সভাপতি আছিল। তেখেতে উত্তৰ পূব ভাৰত ভূগোল সংস্থাৰ দুটা কাৰ্যকালৰ বাবে সভাপতিৰ আসন অলংকৃত কৰিছিল। তেখেতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভূগোল বিজ্ঞান পৰিষদ আৰু ভাৰতীয় জাতীয় বিজ্ঞান একাডেমীৰ ভূগোল বিভাগৰ সদস্য পদ লাভ কৰিছিল। ড. তাহেৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সম্পাদক আৰু বহু বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ.চি.চি বয়জ হোষ্টেলৰ অধীক্ষক আছিল।

ড. মহম্মদ তাহেৰে নিজৰ অনবদ্য সেৱাৰ বাবে ভালেমান স্বীকৃতি লাভ কৰিছে। তেখেতে 2003 চনত ৰাধাগোবিন্দ বৰুৱা স্মাৰক বঁটা, অসম চৰকাৰৰ সাহিত্য বঁটা, 2012 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অনাৰেৰী ডি.এছ. চি সন্মান, 2009 চনত স্বাধীনতা দিৱসৰ দিনা অসম চৰকাৰৰ সন্মান, 2014 চনত কে.চি. দাস স্মাৰক বঁটা, 2010 চনত ভাৰত শিক্ষা মণ্ডল, অসম আৰু মানৱ বিকাশ সমাজ, গুৱাহাটীৰ পৰা অভিনন্দন লাভ কৰে।অসম সাহিত্য সভা আৰু শিশু আলোচনী 'সঁফুৰা' ৰ তৰফৰ পৰাও তেখেতে সম্বৰ্ধনা লাভ কৰে।

2015 চনৰ 24 ফেব্ৰুৱাৰীত এই গৰাকী মহান শিক্ষক তথা বৰেণ্য ভূগোল বিজ্ঞানীৰ গুৱাহাটীত মৃত্যু হয়।