মানসিক স্বাস্থ্য আৰু সমাজৰ পৰা ইয়াৰ দূৰত্ব

ডা° অনুপম তামুলী
Anupam_Tamuli

: অ' হেৰি। আমাৰ ইয়াৰনো এইকেইদিন কি হৈছে? ৰুমটোত অকলে অকলে সোমাই কিখন যে বলকি থাকিব লৈছে। কোনোবাই কিবা কাণত কোৱাও শুনা পাইছে হেনো।

: তাকেই, ময়ো কথাটো মন নকৰা নহয়। নিশ্চয় কোনোবাই ক'লা যাদু কৰিছে অথবা ভূত প্ৰেত লাগিছে। মই আজিয়েই কালিৰাম বেজৰ ওচৰলৈ লৈ যাম। হয়, এয়া এক একবিংশ শতিকাৰ কাহিনী, আচলতে কাহিনী নহয় এয়া এক জীয়া সত্য। আপোনাৰ বা মোৰ কাষতে সচৰাচৰ ঘটি থকা কিছুমান ঘটনা।যিটো যুগত বিজ্ঞানে দুৰন্ত গতিত ধাৱমান হৈছে, সেইচোৱা সময়তে অধিকাংশ মানুহে মানসিক স্বাস্থ্যটোক এক নিষিদ্ধ বস্তু বুলি গণ্য কৰে। কথাবোৰ আমি ক'বলৈ লাজ কৰো, ভয় কৰো অথবা কিছুমান অতীতৰে পৰা প্ৰচলিত অন্ধবিশ্বাস বুকুত গুজি সত্যটো উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰো। আমি জানিবলৈ চেষ্টা নকৰো যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন মতে ভাৰতত ৭ জনৰ ভিতৰত ১জন মানুহ মানসিক ৰোগত আক্ৰান্ত। আমাৰ জানি কি লাভ যে মানসিক স্বাস্থ্যৰ অৱনতিৰ ফলত ১০০০ জনৰ ভিতৰত ২১ জন মানুহে আত্মহত্যাৰ দৰে পথ বাছি উলিয়াইছে। বিশ্বগুৰু হ'বলৈ সপোন দেখা ভাৰতবৰ্ষই ২০১২-২০৩০ ৰ ভিতৰত মানসিক স্বাস্থ্যৰ অৱনতিৰ ফলত ১.০৩ ট্ৰিলিয়ন ইউ এচ ডলাৰ (USD 1.03 trillion) হেৰুৱাই আছে।

এই পৰিসংখ্যাটো বৃদ্ধি পাবলৈ বেছি সময় নালাগে যদিহে আমি কিছুমান পৌৰাণিক কথা, কাল্পনিক কথা আৰু অতীজৰে পৰা চলি অহা অন্ধবিশ্বাসবোৰক আমাৰ সন্তানৰ দৰে লালিত-পালিত কৰি ডাঙৰ কৰিব বিচাৰো। কোনো বৈজ্ঞানিক ভিত্তি নথকা কিছুমান কথাক মূলত কৰি আমি মানসিক বেমাৰবোৰক ইয়াৰ কাৰণ বুলি ভাবো। যেনে-

- যোৱা জনমৰ পাপৰ ফল,
- ক'লা যাদু,
- কোনোবা ভূত প্ৰেতৰ প্ৰভাৱ,
- বিভিন্ন ধৰণৰ পূজা-পাতল,
- কোনো চিকিৎসা বিজ্ঞানৰ দৰৱে এনেবোৰ বেমাৰ প্ৰতিকাৰ কৰিব নোৱাৰে ইত্যাদি ইত্যাদি।

তাৰ পাছত আমাৰ একান্ত বিশ্বাসী বাবাজী, তান্ত্ৰিকসকলক আমি নিচেই কাষৰতে লগ পাও আৰু আমি তেওঁলোকৰ ওপৰত অগাধ বিশ্বাস উজাৰি সকলো সমৰ্পণ কৰি দিওঁ। প্ৰকৃততে তেওঁলোকৰ ওচৰত কিছুমান গুণ নথকা নহয়, যিবোৰে এজন ব্যক্তিক সহজভাৱে আকৰ্ষিত কৰিব পাৰে। বেশ-ভূষাৰ পৰা আৰম্ভ কৰি ব্যক্তিত্বলৈ, তেওঁলোকে অতি আলাসতে এজন মানুহক পতিয়ন নিয়াব পাৰে। তেওঁলোক এজন এজন সু-বক্তাৰ লগতে এজন ভাল শ্ৰোতা, আপোনাৰ-মোৰ সমস্যাটো ভালদৰে শুনিব, আবেগিকভাৱে সমস্যাটোৰ লগত জড়িত হ'ব। তাৰ পাছত কিছুমান হাতৰ খেলা, কিছু পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ কৌশল যথেষ্ট আপুনি আৰু মই মন্ত্ৰমুগ্ধ হ'বলৈ। কিন্তু এই সকলোবোৰ জানো যথেষ্ট আপুনি বা মই ভূগি থকা ৰোগটোৰ পৰা পৰিত্ৰাণ পাবলৈ? কাহানিও নহয়। বৰঞ্চ ৰোগটোক আৰু অলপ সময়হে দিছো ডাঙৰ-দীঘল হ'বলৈ। কিবা এটা কথা বা বস্তুৰ ওপৰত মানুহৰ বিশ্বাস থকাটো ভাল কথা কিন্তু যেতিয়া সেই বিশ্বাসে অন্ধবিশ্বাসৰ ৰূপ লৈ আমাৰ অপকাৰ সাধিব আৰম্ভ কৰে, সেয়া কাহানিও গ্ৰহণযোগ্য নহয়।

মই ভাবো এতিয়াও আমাৰ হাতৰ সময়খিনি হেৰাই যোৱা নাই । এতিয়াও এই বিষয়টোক ন-দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে আমাৰ যথেষ্ট উপকাৰ হ'ব। আপুনি মই জ্বৰ হ'লে, হাড়ডাল ভাগিলে চিকিৎসকৰ ওচৰলৈ যাওঁ, ঠিক তেনেদৰে আমাৰ মানসিক স্বাস্থ্যৰো অৱনতি ঘটিব পাৰে, বিভিন্ন মানসিক ৰোগ আছে যিবোৰৰ উপযুক্ত চিকিৎসাৰ বাবে এই বিভাগৰ চিকিৎসক আছে। এনেবোৰ সমস্যাত সঠিক সময়ত চিকিৎসা লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

এইক্ষেত্ৰত চিকিৎসা বৃত্তিৰ লগত জড়িত থকা লোকসকলৰো যথেষ্ট কৰণীয় আছে। চেম্বাৰৰ পৰা আমি জনসাধাৰণৰ মাজলৈ ওলাই গৈ তেওঁলোকৰ বিশ্বাসবোৰক শ্ৰদ্ধা কৰি অন্ধবিশ্বাসবোৰক বৈজ্ঞানিকভাৱে অসত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগিব। সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত গাঁৱে-ভূঞে গৈ বিষয়টোক জনমূখী কৰিব লাগিব আৰু সমাজৰ প্ৰতিজন মানুহৰে দায়িত্ব এনেবোৰ সমস্যাক নিষিদ্ধ বুলি অভিহিত নকৰি সঠিক সময়ত সঠিক চিকিৎসা প্ৰদান কৰোৱাত অনুপ্ৰেৰণা জনোৱা।

: সেই দিনা অৰূপে নোকোৱা হ'লে আমি গমেই নাপালো হয় এনেবোৰ সমস্যাৰো চিকিৎসা থাকে বুলি। চোৱা, কেনেদৰে সি আজি মন খুলি হাঁহিছে, কথা পাতিছে লগৰ কেইটাৰ লগত।

: ঠিকেই কৈছা, সি আজি নতুনকৈ জীৱন এটা উপহাৰ পালে। জীৱন জীৱন বৰ অনুপম।