আত্ম বিকাশ

ড° শৈলেন দাস ফোন- ৯৮৬৪৭ ৬৫৫৫২

মানুহ জনে হাতত লাখুটি ডাললৈ বাৰাণ্ডাত বহি আছিল। জেঠ মাহৰ কোনোবাটো দুপৰীয়া নে আবেলি ঠিক পাহৰিলোঁ। আমি তেতিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ । মানুহ জনৰ বিষয়ে বহু কথাই শুনিছোঁ। নীৰৱে কাম কৰি যোৱা প্ৰকাৰৰ মানুহ। মইও গৈ তেওঁৰ ওচৰতে বহিলোঁ। স্নায়ুৰ বেমাৰৰ বাবে মানুহজনে কিছু কষ্টত দিন পাৰ কৰিছে সেয়া দেখিলে বুজিব পাৰি কিন্তু, মানুহ জনৰ লগত কথা পাতিলে বুজিব পাৰি তেওঁ ভিতৰি ভিতৰি কিমান সুখী, দৰাচলতে সুখী বুলি কোৱাতকৈ ক'ব লাগিব যে ভিতৰি ভিতৰি তেওঁ কিমান শান্তিত আছে। বহু ঘন্টা কথা পতাৰ অন্তত তেওঁৰ পৰা বিদায় লোৱাৰ আগতে তেওঁ ক'লে- 'যোৱা ভালকৈ থাকিবা, জীৱনটো ৰঙীন গোলাপৰ দৰে। শান্তি বিচাৰিবলৈ নাপাহৰিবা, সুখ বোৰ ক্ষন্তেকীয়া শান্তি কিন্তু যুগমীয়া। জীয়াই থাকিবলৈ কি কি লাগে ? নিজৰ বিকাশৰ বাবে কি কি লাগে তাকো বিচাৰ কৰিবা। সেয়াও এক গৱেষণা...'

লোক সংস্কৃতিৰ সাধক বৰুৱাৰ কথা খিনি শুনি মনতে কিবা কিবি ভাবি চাইকেল খন চলাই ঘৰমুৱা হ'লো। বৰুৱা এতিয়া এই পৃথিৱীত নাই। কিন্তু, আহিবৰ সময় কোৱা কথা কেইটাৰ প্ৰতিধ্বনি মোৰ মন মগজুত আজিও বাজি আছে। সেই কথাৰ মাজৰ এটা কথা আপোনাৰ লগত ভগাই ল'ব  পাৰিনে?

এই যে দৌৰা-ধাপুৰা কৰি আছে কিয়? এই যে জীৱনটোক মধুৰতাৰে ভৰাই তুলিব পৰা নাই কিয়? কেতিয়াবা নিজানত নিজকে সুধিছে নে- জীৱনে বিচাৰে কি? কেতিয়াবা নিজকে সোধা হৈছে নে ব্যক্তিগত বিকাশৰ বাবে আমাক লাগে কি? ব্যক্তিগত বিকাশ বুলি ক'লেই আমাৰ জীবনৰ আশা, উদ্যম, ইচ্ছাশক্তিৰ বিকাশ হোৱাটোকে বুজোঁ। কিন্তু বহু জনে আকৌ এইখিনি কথা বুজি উঠে জীৱন নাট সামৰাৰ  কিছুদিন আগত হে, আৰু আমাৰ ল'ৰা ছোৱালীক এই বিষয়ৰ ওপৰত যে একোৱেই শিক্ষা দিয়া নাই সেয়া ধুৰূপ। দৈনন্দিন জীৱনটো আগুৱাই নিওতে নিজৰ মাজত সজাগতা বৃদ্ধি কৰা মানুহৰ সংখ্যা কম। নিজৰ মাজত সজাগতা বৃদ্ধি কৰা মানে নিজক লৈ সজাগ হোৱা। নিজৰ চেতন আৰু অৱচেতন মনক নিজৰ পছন্দ, লক্ষ্য আদিবোৰক লৈ সজাগ কৰোৱা। ব্যক্তিগত বিকাশৰ বাবে সদায় মানুহ এজনক আত্মবিশ্বাস লাগে। জীৱনৰ ঘাট-প্ৰতিঘাত বোৰ পাৰ হ'বলৈ আত্মবিশ্বাসে সদায় ঔষধৰ নিচিনা কাম কৰে। কিন্তু সেই আত্মবিশ্বাস যোগাবলৈ আপুনি-মই নিজকে সময় দিছোঁ কিমান? আপোনাৰ প্ৰতিটো খং, ভালপোৱা আৰু আবেগৰ অন্তৰালত আত্মবিশ্বাস জড়িতহৈ আছে মাথোঁ তাক বুজিলৈ নিজৰ কামত লগোৱাহে ডাঙৰ কথা। এই আত্মবিশ্বাস আনিবলৈ জীৱনৰ কাম কাজত নিয়ন্ত্ৰণ আৰু ফ'কাছ আনিব লাগিব। জীৱন যাত্ৰা আগবাঢ়ে এটা কৰ্মৰ দ্বাৰা, এটা সপোনৰ দ্বাৰা আৰু সপোনৰ গাত লাগি থকা আশাৰ দ্বাৰা। কেৱল টকাৰ বাবে কৰ্ম কৰিলে জীৱনটো একঘিয়ামী হয় ব'ৰ লাগে। কিন্তু, টকাও জৰুৰী। নিজৰ কামৰ লগত টকা কেনেকৈ জড়িত সেই টকা কেনেকৈ কামৰ লগত সম্পৰ্কিত সেয়া নিজে ভালদৰে জানি লোৱাটো বুদ্ধিয়কৰ কাম। এখন সমাজত সামাজিক ৰীতি নীতি বিলাকৰ মাজেৰে গতি কৰি যাওঁতে টকাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। টকাই সাহস দিয়ে, টকাই স্বাধীনতাও দিয়ে(কিছু ক্ষেত্ৰত) কিন্তু, টকাক খেদি গ'লে জীৱনৰ ভতিয়নী নদীত কিবা এটা বিশেষ বিপদ ঘটে। কোৱা হয়-  Money is the most important means of payment in our society  কিন্তু টকাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে দিগদাৰ হয়। ব্যক্তিগত বিকাশ নষ্ট হয়।

এটা কথা আপুনি বিশ্বাস কৰে নে নকৰে নাজানো কিন্তু মই কৰো- Quality of life is dependent on quality of communication. জীৱনত যোগাযোগৰ ভূমিকা বহুত। মানুহৰ লগত মানুহৰ যোগাযোগ, জীৱ জন্তুৰ লগত মানুহৰ যোগাযোগ আৰু নিজৰ লগত নিজৰ যোগাযোগ। আজিৰ পৃথিৱী যোগাযোগৰ পৃথিৱী। যদিহে সময় আৰু মানুহৰ লগত আমাৰ যোগাযোগ নাই তেন্তে আমাৰ ব্যক্তিগত বিকাশ মন্থৰ হোৱাটো স্বাভাৱিক। এই যোগাযোগ নিৰ্ভৰ কৰিব আপোনাৰ মনৰ বিস্তীৰ্ণতা আৰু সংকীৰ্ণতাৰ ওপৰত। মনটোক মুকলিকৈ ৰাখিব পৰাটো এটা কলা। দুখ কাৰ নাই? ভাগৰ কাৰনো নালাগে? কিন্তু মনটোক ভাল ভাল অনুভৱেৰে নিচুকাই  ৰাখিব জনাটো নিজৰ বাবেই ভাল কাম। বেজাৰ বোৰ একাষত থৈ মনটোক ফৰকাল কৰি ৰাখিব পৰাটো গুণী জনৰ কাম। যাৰ বাবে মনত অফুৰন্ত প্ৰেম থকাটো দৰকাৰ। সেই প্ৰেম দ আৰু গভীৰ হোৱাটো নিজৰ বাবে ভাল। কিন্তু এইখিনিতে আগৰ  কথা এটাকে ক'ব লাগিব- নিজক চিনি নাপালে প্ৰেম জগাটো কঠিন। বুজি পালো নতুবা ধৰি ললোঁ এই সকলো বোৰ আমাৰ জীৱনত আহিল কিন্তু, আত্ম বিকাশৰ বাবে নিজে নিজক অনুপ্ৰেৰণা যোগোৱাটো বহুত দৰকাৰী। অনুপ্ৰেৰণাই আমাক কাম কৰিবৰ বাবে উৎসাহ দিয়ে। আনে আহি আমাক অনুপ্ৰেৰণা দিব সেই অনুপ্ৰেৰণাৰ দ্বাৰা আমি আগুৱাই যাম সেয়া যদি ভাবিছে ভুল ভাবিছে। পৰাপক্ষত নিজে নিজক অনুপ্ৰাণিত কৰক! কথা আকৌ একেটাই তাৰ বাবে নিজক সময় দিয়ক, নিজৰ লগত প্ৰচুৰ পৰিমাণে কথা পাতিলে এই অনুপ্ৰেৰণা আহে। আপুনি জানে নে? জানে যদি মানে নে-জীৱনটো যে এটা যাত্ৰা মাথোঁ! খং-ৰাগ, লোভ-মোহ এইবোৰ জীৱনৰ পৰা নোহোৱা কৰিব নোৱাৰি, কিন্তু এইবোৰ কমাই থব পাৰি এইবোৰক নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়ন্ত্ৰণ কিহেৰে  কৰিব? নিয়ন্ত্ৰণ কৰিব লাগিব পৰিবেশেৰে। এই পৰিবেশৰ বাবেই লাগে ভাল বন্ধু কিছুমান সম্পৰ্ক। ভাল বন্ধু আৰু মৰমলগা সম্পৰ্ক বোৰ এদিনতে নহয়। তাৰ বাবে সময় লাগিব। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আত্ম বিকাশৰ বাবে সময় লাগে। সময় ঔষধ। "The purpose of our lives is to be happy." — Dalai Lama.

এটা ভাল মনৰ বাবে আমাক কি লাগে সেই কথা ভবাৰ সময় আমাৰ হাতত আছে নে? আপুনি মই যে এটা ভাল স্বাস্থ্য বাবে ভাল ভাল কথা বোৰ চিন্তা কৰিব পাৰিছোঁ, ভাল মনৰ মানুহ বোৰৰ লগত সময় কটাব পাৰিছোঁ সেই কথা জানো এবাৰ ভাবি চাবলৈ সময় আছে? জীৱনে এটা ভাল স্বাস্থ্যও বিচাৰে, যি স্বাস্থ্যৰ সুবাদতে ভাল ভাল কামবোৰ কৰিব পাৰি। তাৰ বাবে আমি কিমান সময় খৰছ কৰিছোঁ! জীৱনটোৰ স্বাস্থ্য গঢ়াৰ বাবে কিমান সময় পুহি ৰাখিছোঁ সেয়া ভাবিবৰ সময় হৈছে নে? আত্মা বিকাশৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল-'কাম' অৰ্থাৎ 'কৰ্ম'। কামেহে আমাক জীয়াই ৰাখে। কামে গতিশীলতা আনি দিয়ে, কামে উৎসাহ দিয়ে, কামে সপোন দেখুৱাই। কামত বিলীনহৈ জীৱনটো আগুৱাই নিয়াটো আমাৰ সকলোৰে লক্ষ্য হোৱা উচিত। কামটো এনে হোৱা উচিত যাতে সেই কামটোৱে আমাক শান্তি দিয়ে ক'ৰবাত আনন্দ দিয়ে। কাম নিৰ্বাচন কৰা কামত একান্ত মনে লাগি থকাটো জীৱন। পকা বগৰীৰ লেখীয়া জীৱনটো মাধুৰৰ পৰা মধুৰ কৰাৰ দায়িত্ব আপোনাৰ। জীৱনত আপুনি বৈ যাব নে ৰৈ যাব সেয়াও আপোনাৰ সিদ্ধান্ত। life is neither black nor White it's colorful.