প্ৰাথমিক বিদ্যালয়ত অনলাইন শিক্ষা ব্যৱস্থা আৰু কিছু অন্য দিশ

ড° নিৰ্মল ৰঞ্জন মজুমদাৰ গ্ৰন্থাগাৰিক, পূৱ কামৰূপ মহাবিদ্যালয়, ফোন : ৯৮৫৪২৯১৭৯৫

ক'ৰোনাই কেৱল আমাৰ ৰাজ্য অথবা দেশৰেই নহয়, সমগ্ৰ বিশ্বৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, যাক 'নিউ নৰ্মেল' বুলি মানি লৈ সকলোৱে ইয়াৰ লগত সহৱস্থান কৰিবলৈ যত্ন কৰিছে । শিক্ষা ব্যৱস্থালৈ অহা বহু পৰিবৰ্তনৰ মাজৰেই এটা হৈছে অনলাইন ব্যৱস্থাৰ দ্বাৰা পাঠদান। কেৱল উচ্চ শিক্ষাৰ এক অংশ হিচাপে পৰিচিত এই অনলাইন শিক্ষা ব্যৱস্থাৰ সৈতে পূৰ্বতে আমাৰ অধিকাংশৰে পৰিচয় সীমিত আছিল যদিও সাম্প্ৰতিক পৰিস্থিতিয়ে ইয়াক সমগ্ৰ শিক্ষাৰেই এক অবিচ্ছেদ্য মাধ্যমত পৰিগণিত কৰিছে। বহু দিশত উন্নত বুলি ভবা পশ্চিমীয়া দেশৰ কথা বাদেই, আমাৰ দেশ তথা ৰাজ্যতো সম্প্ৰতি এই শিক্ষা পদ্ধতিকে প্ৰাক্-প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ স্তৰলৈ আদৰি ল'ব লগাত পৰিছে। ইয়াৰ ফলত শিক্ষক, শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো প্ৰযুক্তিগত আহিলাৰে প্ৰদান কৰা শিক্ষাৰ সৈতে ক্ৰমাৎ অভ্যস্থ হ'বলৈ বাধ্য হৈছে। কিছুমাহ আগলৈকে স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰীৰ নৈতিক অবক্ষয়ৰ মূল কাৰক বুলি অভিযোগ তোলা স্মাৰ্ট ফোনটো এতিয়া শৈক্ষিক ক্ষেত্ৰত এক এৰাব নোৱৰা অংগত পৰিণত হৈছে। ক'ৰোনাৰ জটিলতা ইমানেই বৃদ্ধি পাইছে যে অন্যান্য বহু ৰাজ্যৰ লগতে অসমৰো বিশ্ববিদ্যালয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ পৰীক্ষা অনলাইনৰ মাধ্যমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। কিন্তু এইটোও সঁচা যে অনলাইন ক্লাছ তথা অনলাইন পৰীক্ষাৰ ক্ষেত্ৰত পৰিস্থিতিৰ বাবে প্ৰাধান্য দিবলগীয়া হৈছে যদিও কিছুমান সমস্যাও ইয়াৰ লগত জড়িত হৈ আছে । এইক্ষেত্ৰত প্ৰধান সমস্যা বুলিলে আন্তঃগাঁথনিৰ সমস্যা, প্ৰযুক্তিগত দিশৰ অনভিজ্ঞতা, অনুপযুক্ত ইণ্টাৰনেট সেৱা‌, আঞ্চলিক ভাষাত অনলাইন শৈক্ষিক সমলৰ অভাৱ আদিৰ কথাকেই প্ৰথমে ক'ব লাগিব। ইয়াৰোপৰি কম্পিউটাৰ, মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ পৰা হ'ব পৰা মানসিক অৱসাদ আৰু শাৰীৰিক স্বাস্থ্যৰ ক্ষতিৰ কথাও সংপিক্ত হৈ আছে। ই সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে কিছু ক্ষেত্ৰত যান্ত্ৰিক কৰি তোলা বুলিও অভিযোগ উঠিছে। এই শিক্ষা ব্যৱস্থাটোক আদৰি লোৱাৰ ক্ষেত্ৰত থকা অন্তৰায়ৰ ভিতৰত আমাৰ সমাজত থকা 'digital divide' - ৰ প্ৰসংগও অন্যতম। সমাজৰ এচামৰ প্ৰযুক্তিগত আহিলা ব্যৱহাৰৰ সুবিধা আৰু দক্ষতা থকাৰ বিপৰীতে আন এচাম ইয়াৰ পৰা বঞ্চিত হৈ আছে। এই দুয়োটা শ্ৰেণীৰ পাৰ্থক্যই হৈছে 'digital divide' । তৎস্বত্বেও বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন শ্ৰেণী তথা অনলাইন পৰীক্ষা পদ্ধতিকেই আকোঁৱালি ল'বলগীয়া হৈছে। চৰকাৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো অনলাইন শিক্ষা পদ্ধতিৰ কথাই উল্লেখ কৰিছে। আনকি ইয়াৰ সফল প্ৰয়োগৰ বাবে শিক্ষকক প্ৰশিক্ষণ দিয়া, অনলাইন শৈক্ষিক সমল প্ৰস্তুতকৰণৰ দৰে দৰকাৰী পদক্ষেপো গ্ৰহণ কৰিছে। তৎস্বত্ত্বেও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অনলাইন শিক্ষা পদ্ধতিৰ প্ৰয়োগ এক প্ৰত্যাহ্বানমূলক কাম বুলিয়েই ক'ব লাগিব। কাৰণ কণ কণ শিশুসকলক মোবাইল বা কম্পিউটাৰৰ মনিটৰৰ মাধ্যমেদি কোনো এটা নতুন কথা শিকোৱাটো কিমান জটিল সেয়া সহজেই অনুমেয়। ন-শিকাৰু শিশুসকলৰ হাতত ধৰি ধৰি বিদ্যালয়ৰ শিক্ষকে মৰমৰ চলেৰে, কৌশলেৰে শিকোৱাৰ বিপৰীতে অনলাইনৰ মাধ্যমত কোনো নতুন কথা শিকোৱাত কিমান সফল হ'ব পৰা যায়, সেইয়া প্ৰশ্নবোধক। একেদৰে স্বাভাৱিকতেই চঞ্চল মনৰ শিশুক কম্পিউটাৰৰ সন্মুখত দীৰ্ঘ সময়ৰ বাবে বহুৱাই ৰাখিব পৰাটোও এক প্ৰত্যাহ্বানেই। আকৌ বহু সময় এনে প্ৰযুক্তিগত আহিলাৰ ব্যৱহাৰৰ কাৰণে হ'ব পৰা শিশুৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ ক্ষতিৰ কথা নক'লোৱে জানিবা! প্ৰাথমিক বিদ্যালয়খনেই হৈছে শৈশৱ কালৰ প্ৰথমখন আনুষ্ঠানিক বাহ্যিক জগত। ইয়াৰ পৰাই শিশুৱে বন্ধুত্ব গঢ়া, সমূহীয়াকৈ খেল-ধেমালি কৰা, অনুশাসন মনা, সমূহীয়া প্ৰাৰ্থনা কৰা আদিৰ দৰে দিশসমূহৰ লগতো পৰিচিত হয় আৰু এইবোৰৰ পৰাও শিশুৱে ভৱিষ্যতৰ বাবে আদিপাঠ গ্ৰহণ কৰে। বৰ্তমানৰ অনলাইন শিক্ষাই শিশুসকলক এনেবোৰ দিশৰ পৰা বঞ্চিত কৰিছে। ইয়ো এক অপূৰণীয় ক্ষতি। এনে সমস্যাসমূহৰ মাজতো আজিৰ সামগ্ৰিক সামাজিক প্ৰেক্ষাপটত, অনলাইন ক্লাছ তথা অনলাইন পৰীক্ষাৰ‌ প্ৰয়োজনীয়তাক আমি একাষাৰে নুই কৰিব নোৱাৰোঁ। কাৰণ ক'ভিড-১৯ অতিমাৰীয়ে আনি দিয়া জটিলতাৰ বাবে শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া হোৱা বিভিন্ন পৰিৱৰ্তনক মানি লোৱাৰ ক্ষেত্ৰত কাৰো দ্বিমত নথকাটোৱে স্বাভাৱিক। দেশৰ মানৱ সম্পদ গঢ় দিয়াৰ মূল আধাৰ শিক্ষা ব্যৱস্থালৈ স্থবিৰতা অহা মানে এক কথাত ক'বলৈ গ'লে জাতি‌ এটাৰ সমগ্ৰ উন্নয়নেই স্তব্ধ হৈ পৰা। সেয়েহে অনলাইন ‌শিক্ষা ব্যৱস্থাকেই 'কণাৰ লাখুটি'স্বৰূপ বুলি গ্ৰহণ কৰিব লাগিব। কিন্তু অনলাইনৰ‌ মাধ্যমেৰে শিক্ষা প্ৰদানত প্ৰাধান্য দিয়াৰ সমান্তৰালকৈ উন্নত ইন্টাৰনেট সেৱা, স্মাৰ্ট ফোনৰ সুলভ ব্যৱস্থাৰ লগতে শিক্ষকে সন্মুখীন হোৱা সমস্যাখিনিৰ সমাধানৰ প্ৰতিও সমানে গুৰুত্ব দিয়া দৰকাৰ। তেতিয়াহে তুলনামূলকভাৱে এই নতুন শিক্ষা পদ্ধতিৰ দ্বাৰা শিক্ষাৰ্থীসকল প্ৰকৃত অৰ্থত উপকৃত হ'ব পাৰিব।