চীন ভ্ৰমণৰ ডুখৰীয়া স্মৃতি

ড° হৰি শংকৰ কাকতি অৱসৰ প্ৰাপ্ত অধ্যাপক, দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা
HarisankarKakati

ভ্ৰমণে মানুহক দিয়ে প্ৰচুৰ আনন্দ, বিভিন্ন অভিজ্ঞতা, মনৰ দৃঢ়তা আৰু লগতে চহকী কৰে জ্ঞানৰ ভঁৰাল। সেই ভ্ৰমণ দেশতেই হওঁক বা বিদেশতে হওঁক। সৰুৰে পৰাই ভ্ৰমণ পিপাসু মন এটাই বৰকৈ শিপাইছিল। কিন্তু বিভিন্ন আনুষংগিক কাৰণত সেইটো সম্ভৱ হৈ উঠা নাছিল। ইতিমধ্যে মহাবিদ্যালয়ৰ দেওনা পাৰ হোৱাৰ পিছত শদিয়াৰ পৰা মুম্বাইলৈ আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ বিভিন্ন কাৰণত বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল। কিন্তু বিদেশ ভ্ৰমণৰ বহুদিনীয়া হেপাহঁ এটা সৰুৰে পৰাই মনত পুহি ৰাখিছিলোঁ।

শেষত বহু প্ৰত্যাশিত সেই সুযোগটো আহিছিল ২০১৭ চনৰ এপ্ৰিল মাহত। নতুন দিল্লীৰ ইণ্ডিয়া-চাইনা এলায়েন্স ফৰ্ কো-অপাৰেচন, চমুকৈ (ICAC) নামৰ সংস্থাটোয়ে অসমৰ পৰা যাবলগীয়া এটি ৩২ জনীয়া শৈক্ষিক দলত মোকো অন্তৰ্ভুক্ত কৰিলে। হাতত পোৱা সুযোগটো এৰি দিব নুখুজিলো। এই সংস্থাটোৱে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা শৈক্ষিক দল লৈ পৃথিৱীৰ বিভিন্ন স্থান সমূহত থকা বিশ্ববিদ্যালয়, সংস্কৃতিক ক্ষেত্ৰ, বেপাৰ বাণিজ্য সংস্থা সমূহৰ লগতে বিখ্যাত স্থান সমূহো দৰ্শন কৰায়। এই দলত অৱসৰপ্ৰাপ্ত তথা কৰ্মৰত শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ বিভিন্ন স্তৰৰ লোক (শিক্ষাৰ লগত জড়িত) অন্তৰ্ভুক্ত হ'ব পাৰে। পৃথিৱীৰ ভিতৰতে উন্নত প্ৰযুক্তিবিদ্যা আৰু সকলো দিশতে শক্তিশালী অন্যতম দেশ চীন ভ্ৰমণৰ সুবিধাটো পাই সচাকৈয়ে মন-প্ৰাণ পুলকিত হৈ উঠিছিল।

China

আমাৰ চীন ভ্ৰমণৰ সময়সূচী আছিল ২০১৭ চনৰ ১২ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ। এই ভ্ৰমণত চীনৰ দুখন মহানগৰ অন্তৰ্ভুক্ত কৰা হৈছিল - কুনমিং আৰু বেইজিং। যাত্ৰাৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত আমি আটায়ে কলিকতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰত সমবেত হওঁ ১২ এপ্ৰিলৰ আবেলি। আমাৰ দলটোত মহিলা আছিল ১৫ গৰাকী। তাৰে দুগৰাকী ছাত্ৰী। এজন ছাত্ৰও আছিল। বেছিভাগেই বিশ্ববিদ্যালয়ৰ, কলেজৰ অধ্যাপক-অধ্যাপিকা বা অধ্যক্ষ। অৱশ্যে দুজন অধিবক্তা ও আছিল দলটোত। বিভিন্ন ব্যক্তিৰ সমাহাৰেৰে গঠিত দলটিত সকলোৰে মাজত সৌহাদ্যপূৰ্ণ সম্বন্ধ গঢ়ি উঠিছিল ভ্ৰমণৰ আৰম্ভণিৰ পৰা শেষলৈ।

China

আমাৰ দলৰ সৈতে যাবলগীয়া নতুন দিল্লীৰ ICAC ৰ Director Mrs. Taru Bahl আৰু Chander P. Sharmah ই আমাক সকলোকে আদৰণি জনাই কিছু দিহা পৰামৰ্শ আগবঢ়ায়। বিশেষকৈ যিসকলে প্ৰথম বাৰৰ বাবে বিদেশ ভ্ৰমণ কৰিব ওলাইছে। আমাৰ নিজৰ পাছপৰ্ট খন সুৰক্ষিত কৰি ৰাখিবলৈ বাৰে বাৰে সকিয়াই দিয়ে। কাৰণ বিদেশত সেইখনেই মূল সম্পদ, আমাৰ প্ৰাণৰ সমানেই গুৰুত্বপূৰ্ণ। সেইখন কিবা কাৰণত হেৰালে কি অৱস্থা হ'ব সেইয়া সপোনৰো অগোচৰ। চকুৰ পানীৰে বাট নেদেখা হ'ব লাগিব।

China

বিমান বন্দৰৰ পৰা ৰাতি ১২:৩০ বজাত (১৩ এপ্ৰিল) চাইনা ইষ্টাৰ্ণ এয়াৰ লাইনছৰ বিমানযোগে প্ৰায় আঢ়ৈ ঘণ্টা যাত্ৰাৰ অন্তত পুৱা প্ৰায় ৫:৪৫ বজাত কুনমিং চানচুই আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হওঁ। উল্লেখযোগ্য যে চীনৰ স্থানীয় সময় ভাৰতৰ স্থানীয় সময়তকৈ আঢ়ৈ ঘণ্টা আগবঢ়া। কুনমিং আন্তৰ্জাতিক বিমান বন্দৰটো বৰ আটকধুনীয়া। চীনৰ ইউনান প্ৰদেশৰ ৰাজধানী কুনমিংৰ এই বিমান বন্দৰটোৰ পুৰণি নাম আছিল ওজিয়োবা (Wujiaba) আন্তৰ্জাতিক বিমান বন্দৰ। ২০১২ চনত নতুনকৈ পুনঃনিৰ্মাণ কৰি নতুন নামাকৰণ কৰা হয়। দক্ষিণ-পূব এছিয়াৰ মূখ্য দ্বাৰ হিচাপে পৰিচিত কুনমিং বিমান বন্দৰটো পৃথিৱীৰ পঞ্চাশটা ব্যস্ত বিমান বন্দৰৰ অন্যতম। ইয়াৰ স্থাপত্যৰ আৰ্হিও বৰ চকুত লগা। ২০১৯ চনত এই বিমান বন্দৰৰ মাজেৰে প্ৰায় ৪৮ নিযুত যাত্ৰীয়ে অহা-যোৱা কৰাৰ তথ্য আছে। ডিব্ৰুগড়ৰ পৰা কুনমিংলৈ আকাশী পথৰ দূৰত্ব প্ৰায় ৮২০ কি. মি. । ১ঘণ্টা ২৭ মিনিটৰ যাত্ৰা। অৱশ্যে কোনো বিমান চলাচল আৰম্ভ হোৱা নাই এই দুখন ঠাইৰ মাজত। প্ৰথমবাৰৰ বিদেশৰ বিমান বন্দৰ এটাত খোজ দিবলৈ পাই সচাকৈ মনত বৰ আনন্দ অনুভৱ কৰিছিলোঁ। কুনমিংৰ বতৰ সিদিনা বেছ ফৰকাল আছিল।

China

বিমান বন্দৰৰ ভিতৰৰ আনুষ্ঠানিকতা খিনি সম্পূৰ্ণ কৰাৰ পিছত আটাইকেইজন বাহিৰলৈ ওলাই আহিলো। আমাক আদৰিবলৈ তাৰ স্থানীয় গাইড Mrs. Lisa ই বাহিৰত ডাঙৰ বাছ এখনেৰে সৈতে ৰৈ আছিল। হাঁহিমুখীয়া লিজাই আমাক সকলোকে সাদৰ সম্ভাষন জনাই এপেকেট ভজা বাদাম আৰু ব্লুবেৰী এপেকেট খাবলৈ দিছিল। প্ৰায় আধা ঘন্টা যাত্ৰাৰ অন্তত আমি উপস্থিত হৈছিলো ইউনান মিঞ্জু বিশ্ববিদ্যালয়ৰ হোটেলত। কেবা মহলীয়া তিনি তাৰকাযুক্ত এই হোটেলখন বিশ্ববিদ্যালয়ৰ নিজা হোটেল। আমাৰ দেশত বিশ্ববিদ্যালয়ৰ এনেকুৱা নিজা হোটেল থকাটো মনত নপৰে। অৱশ্যে উন্নত মানৰ গেষ্টহাউচ প্ৰায়বোৰ বিশ্ববিদ্যালয়ৰে আছে।

China

গা-পা দুই আমি আটায়ে ৰাতিপুৱাৰ আহাৰ খাবলৈ তলৰ মহলাত থকা ডাইনিং হললৈ নামি আহিলো। ডাইনিং হলটো বেছ আহল-বহল। ডেৰশ/দুশ মানুহে একেলগে বহি খোৱা-লোৱা কৰিব পাৰে। প্ৰায় ৩০/৩৫ বিধমান খাদ্য সামগ্ৰী দীঘলীয়াকৈ সজাই থোৱা আছে। শীতল পানীয়, চাহ, কফি, গাখীৰ, ভিন্ন প্ৰকাৰৰ চালাড আৰু কত যে কি? চাইনিজ ভাষাত লিখা থকা বাবে খাদ্যৰ নামবোৰ বুজি নেপালো। নিজে নিজে লৈ খাব লাগে। আমি আমাৰ সুবিধামতে চিনাকি বস্তুবোৰৰ লগতে দুই এপদ চাইনিজ খাদ্যৰো খোৱাদ ল'লো। খোৱা-বোৱা সমাপ্ত কৰি ৰুমলৈ আহি কিছু সময় জিৰণি ল'লো। আমি কুনমিং আৰু বেইজিংত থকা দিন কেইটাত বিভিন্ন ঠাইলৈ গৈছিলো যদিও মই ইয়াত মাত্ৰ দুখন মান ঠাইৰ বিষয়েহে বৰ্ণনা কৰিম।

China

প্ৰথম দিনাৰ গন্তব্য স্থানসমূহ গাইড লিজাৰ লগত সুকলমে দৰ্শন কৰাৰ পিছত দ্বিতীয় দিনা ৰাতিপুৱা আমি গাইডৰ লগত ওলালো বিখ্যাত ডউনান (Daunan) ফুলৰ বজাৰলৈ। বাছেৰে যাওঁতে লক্ষ্য কৰিছিলোঁ সুউচ্চ অট্টালিকাৰ শাৰীবোৰ। ইমান ওখ যে ওপৰলৈ চালে মুৰটো বেকা হৈ যোৱা যেন লাগে। গাইডৰ মুখত শুনিলো এই সুউচ্চ অট্টালিকাবোৰ আধুনিক আৰু উন্নত প্ৰযুক্তিবিদ্যাৰে নিৰ্মাণ কৰা হয়। সময়ো লাগে কম। কুনমিংৰ ৬৭ মহলীয়া অট্টালিকা দুটা (টুইন টাৱাৰ) ৩১৭.৮ মি. (১০৪৩ ফুট) ওখ। যাক ৱান্দা প্লাজা (Wanda Plaza) হিচাপেও জনা যায়। এতিয়ালৈকে থকা অট্টালিকাবোৰৰ ভিতৰত আটাইতকৈ ওখ। ইয়াত ৪০৭মি. (১৩৩৫ফুট) ওখ এশ মহলাৰ অট্টালিকা এটাৰ নিৰ্মাণ কাৰ্য চলি আছে, যিটো ২০২২ চনলৈ সম্পূৰ্ণ হোৱাৰ কথা। গোটেই চহৰখনৰ ৰাস্তা- ঘাটবোৰ বেছ আহল-বহল। মসৃণ, ক'তো এ টুকুৰা কাগজৰ টুকুৰাও পৰি থকা দেখা নাপালো। প্ৰায় আধা কিলোমিটাৰ দূৰে দূৰে ইউনিফৰ্ম পৰিহিত একোজন চাফাই কৰ্মী অনবৰতে সষ্টম হৈ থাকে। ৰাস্তাৰ মাজত থকা ডিভাইডাৰবোৰত ধুনীয়া ধুনীয়া বতৰৰ ফুল ৰোৱা আছে, মাটি বুলিবলৈ নায়েই। এই চহৰখন যে নতুনকৈ নিৰ্মাণ কৰা হৈছে, বেছিদিনৰ পুৰণি নহয় দেখিলেই বুজিব পাৰি। ইউনান প্ৰদেশৰ যোগাযোগ, শিক্ষা, বাণিজ্য, সংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰ এই কুনমিং।

China

ডউনান্ (Daunan)।কুনমিং চহৰৰ পৰা ১৮ মাইল দূৰত অৱস্থিত ডউনান নামৰ ঠাইখনতেই এই ফুলৰ বজাৰখন। ঠাইখনৰ জলবায়ু আৰু ভৌগোলিক পৰিৱেশ ফুলৰ খেতিৰ বাবে অনুকূল হোৱাৰ বাবে ই এছিয়া মহাদেশৰ ভিতৰতে ফুলৰ সৰ্ববৃহৎ খুচুৰা আৰু পাইকাৰী বজাৰ হিচাপে পৰিগণিত হৈছে। প্ৰায় ৮ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি থকা এই বজাৰ খন ভ্ৰমণৰ উপযুক্ত সময় মাৰ্চৰ পৰা অক্টোবৰ মাহ। ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খুচুৰা আৰু ৰাতি ৮ বজাৰ পৰা ৰাতি ২বজালৈ পাইকাৰী বিক্ৰী চলি থাকে। বজাৰখনত প্ৰায় ৩০০ বিধমান বিভিন্ন প্ৰজাতিৰ ফুল দেখিবলৈ পোৱা যায়। ৰং- বিৰঙৰ ফুলেৰে ভৰি থকা এই বজাৰখনৰ মোহনীয় ৰূপ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। প্ৰায় ৫০০ খন মান ফুলৰ দোকান থকা প্ৰকাণ্ড ৫ মহলীয়া এই বজাৰ খনত ফুলৰ উপৰিও স্থানীয় খাদ্যৰ ৰেষ্টোৰেণ্ট, মেহগনি কাঠৰ ফাৰ্ণিচাৰ, আৰ্ট মিউজিয়াম, একুৱেটিক শ্ব' আদি বিভিন্ন মহলা বোৰত দেখিবলৈ পোৱা যায়। অৰ্থাৎ ফুলৰ উপৰিও বিনোদনৰ অন্যান্য সুবিধাও ইয়াত উপলব্ধ। চীনৰ বিভিন্ন ফুলৰ বজাৰৰ তুলনাত ডউনানৰ বজাৰখনত ফুলৰ দাম তুলনামূলকভাৱে কম। চীনৰ ১০ খন ঘৰুৱা চহৰৰ উপৰিও জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড আদি বিভিন্ন দেশলৈ ইয়াৰ পৰা বিভিন্ন প্ৰজাতিৰ ফুল ৰপ্তানি হয়। শুকান ফুল, সতেজ ফুল, ডাঙৰ ডাঙৰ ৰং-বিৰঙৰ ফুলৰ টোৰা, ফুলৰ পুলি, অৰ্কিড, ফুলৰ গুটিৰে পূৰ্ণ এই বজাৰখন। Yunan Airlines কে আদি কৰি ২০টা ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানেও ইয়াৰ পৰা কেবা নিযুত ফুল বিমানেৰে দেশৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই নিয়ে। ইয়াৰ উপৰিও জীৱন্ত কাছৰ পোৱালি, ৰং-বিৰঙৰ মাছৰ পোৱালি, বিভিন্ন প্ৰকাৰৰ শিল আদিও তাত দেখিলোঁ। দিনে প্ৰায় ১০ হাজাৰ পৰ্যটকে এই ফুলৰ বজাৰখনত প্ৰৱেশ কৰে। প্ৰৱেশ মাছুল বিনামূলীয়া। পৰিবহনৰ অসুবিধা হ'ব বুলি ভাবি ইচ্ছা থকা স্বত্তেও কিনিব নোৱাৰিলো। তাতে আকৌ আমাৰ জলবায়ুৰ লগত খাপ খাই নে নেখায় সেই কথাও নিশ্চিত হ'ব নোৱাৰিলো। আমাৰ লগত দুই এজনে অৱশ্যে ফুলৰ গুটি, কাছৰ পোৱালি আদি সংগ্ৰহ কৰিলে।

China

প্ৰায় দুঘণ্টামান তাত কটাই আমি আমাৰ অন্যান্য গন্তব্য স্থান সমূহলৈ যাত্ৰা কৰিলো। ওলাই অহাৰ সময়ত প্ৰখ্যাত আমেৰিকান সাহিত্যিক Helen Keller ৰ ফুলৰ বিষয়ে বৰ্ণোৱা এটা উক্তিলৈ মনত পৰিল:-

"Love is like a beautiful flower which I may not touch, but whose fragrance makes the garden a place of delight just the same"

China

পিছদিনা আগবেলা বিখ্যাত শিলৰ হাবি দৰ্শনৰ পিছত বিমানযোগে কুনমিং বিমান বন্দৰৰ পৰা আবেলি চাৰে তিনিঘণ্টা যাত্ৰাৰ অন্তত সন্ধিয়া চাৰে সাত বজাত বেইজিং আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হওঁ। তাত আমাৰ স্থানীয় গাইড Mr. Peter এ সকলোকে আদৰণি জনায়। Mr. Peter ৰ চাইনিজ নাম হৈছে Wang। অনবৰতে হাঁহি থকা স্ফুৰ্তিবাজ ল'ৰা। অৱশ্যে অন্য দেশৰ পৰ্যটকৰ বাবে Peter নামেৰে পৰিচিত। Peter এ আমাক বাছেৰে Hotel Lon Ding Hua লৈ লৈ গ'ল। যোৱাৰ পথত বাটত এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ খালো। হোটেলত উপস্থিত হৈ ৰাতিটো তাতে জিৰণি লওঁ। ২৩ মহলীয়া হোটেল খনত আমি দুজন ১৫ মহলাৰ কোঠা এটাত আছিলো।

China

পিছদিনা ৰাতিপুৱাৰ আহাৰ হোটেলতে গ্ৰহণ কৰি আমি প্ৰথমেই ৰাওনা হ'লো পৃথিৱীৰ ৭টা আচৰিত বস্তুৰ অন্যতম 'চীনৰ প্ৰাচীৰলৈ' ।(ইয়াৰ বিষয়ে মই যোৱা জুলাই সংখ্যা "আইনা জীৱনৰ" মাহেকীয়া আলোচনী খনত লিখিছিলোঁ)। কিছু সময় তাত কটোৱাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি ৰাওনা হলো বেইজিংৰ ৰাষ্ট্ৰীয় (অলিম্পিক) ষ্টেডিয়ামলৈ।

China

আমাৰ গাড়ীখন গৈ অলিম্পিক পাৰ্কৰ কাষতে উপস্থিত হ'ল। তাৰ পৰা আমি আটায়ে খোজকাঢ়ি ষ্টেডিয়ামলৈ ৰাওনা হ'লো। বাহিৰৰ পৰা দেখিলে ষ্টেডিয়াম খনত বিয়াগোম চৰাইৰ বাঁহ এটাৰ দৰে লাগে। সেই কাৰণে ইয়াৰ আন এটা নাম "বাৰ্ডছ'নেষ্ট" (Bird's Nest)। ইয়াতেই ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিক অতি সফলতাৰে অনুষ্ঠিত হৈ যায়। প্ৰায় ৪২০ নিযুত আমেৰিকান ডলাৰ খৰচেৰে নিৰ্মিত ২০০৩ চনৰ মাৰ্চ মাহত আৰম্ভ কৰা এই ষ্টেডিয়াম খনৰ কাম সম্পূৰ্ণ হৈছিল ২০০৮ চনৰ প্ৰথম ভাগত। ষ্টিলেৰে নিৰ্মিত ইয়াৰ নিৰ্মাণ শৈলী দেখিলে আধুনিক অভিযান্ত্ৰিক বিস্ময় যেনেই লাগে। আৰম্ভণিতে দৰ্শকৰ বাবে এক লাখ আসন নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও পিছলৈ ষ্টেডিয়ামৰ আন্তঃগাঠনি সৰলীকৰণৰ কাৰণে ৯ হাজাৰ কমাই ৯১ হাজাৰলৈ সীমিত কৰা হয়। অলিম্পিক অনুষ্ঠিত হোৱাৰ পিছত ইয়াৰে অস্থায়ী ১১ হাজাৰ আসন কমোৱাৰ পিছত বৰ্তমান আসনৰ সংখ্যা ৮০ হাজাৰতে সীমাবদ্ধ কৰি ৰখা হৈছে। উল্লেখযোগ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত হ'বলগীয়া শীতকালীন অলিম্পিকো ইয়াতেই অনুষ্ঠিত হ'ব।

China

ষ্টেডিয়ামৰ কাষত এক বিশাল মুকলি ঠাই। বিমান বন্দৰৰ ৰানৱেৰ নিচিনা, ইমুৰৰ পৰা সিমুৰ নেদেখি। বিভিন্ন দেশৰ পৰা অহা শত সহস্ৰ পৰ্য্যটকে ঘূৰি-ফুৰি ষ্টেডিয়ামৰ সৌন্দৰ্য্য উপভোগ কৰাত ব্যস্ত। ঠাইবোৰত চাফ-চিকুনতাই মুকলি ঠাইখিনিৰ সৌন্দৰ্য্য দুগুণে বৃদ্ধি কৰিছে। চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। চাফাই কৰ্মী বোৰ অনবৰতে সষ্টম হৈ থাকে। এঠাইত দেখিলো কোনোবা পৰ্যটকে পেলোৱা কাগজৰ টুকুৰা এটা বুটলিবলৈ চকুৰ পচাৰতে ক'ৰ পৰা জানো এখন সৰু ইলেক্ট্ৰিক কাৰ আহি ওলাল, আৰু লগে লগে চলন্ত অৱস্থাতে এজন কৰ্মীয়ে হাতত থকা ষ্টিক এডালেৰে কাগজৰ টুকুৰাটো উঠাই লৈ গ'ল। তেওঁলোকৰ চাফ-চিকুনৰ সজাগতা দেখি আচৰিত নহৈ নোৱাৰিলো। ওচৰতে থকা অলিম্পিক শিখা লৈ খেলুৱৈ সকল দৌৰাৰ বিশেষ ধুনীয়া ৰংচঙীয়া প্ৰতিকীটো দেখুৱাবলৈ আমাক গাইডে লৈ গ'ল।

চৌহদত থকা সৰু সৰু বিপনীৰ পৰা আমি আটায়ে কিছুমান সৰু সৰু বস্তু স্মৃতিচিহ্ন হিচাপে কিনিলো। অৱশ্যে আমাৰ ইয়াৰ নিচিনা একেবোৰ বস্তু বিভিন্ন পৰ্যটন স্থলী সমূহতো পোৱা যায়। দামৰ কিন্তু তাৰতম্য দেখিলোঁ। প্ৰায় ২ঘণ্টামান তাত কটাই আমি আমাৰ পিছৰ গন্তব্য স্থান সমূহ টিয়ানানমেন্ স্কোৱেৰ, নিষিদ্ধ নগৰী আৰু জাতীয় মিউজিয়ামলৈ ৰাওনা হ'লো।

বেইজিং মহানগৰীত দুদিন কটাই ১৭ এপ্ৰিলৰ আবেলি আমি বেইজিং বিমান বন্দৰলৈ যাত্ৰা কৰিলো, আমাৰ ওভটনি যাত্ৰাৰ কাৰণে। এই দুদিনত আমাক সংগ দিয়া গাইড Mr. Peter ৰেও আমাক বিদায় জনাবলৈ আমাৰ লগতে ৰাওনা হ'ল। হাঁহিমুখীয়া Peter ৰ লগত বেইজিং বিমান বন্দৰত কেইখনমান ফটোও উঠিলো। ভ্ৰমণৰ আৰম্ভণিতে দুই এটা চাইনিজ শব্দ শিকিছিলো যদিও পিছলৈ পাহৰিলোঁ। আমি কুনমিংত থাকোঁতে এদিন Yunan Minzu University ত চাইনিজ ভাষাৰ সাধাৰণ ক্লাছ এটাও লৈছিল। যি নহওঁক পিটাৰক জি-জি-নি (Xie-Xie-Ni) অৰ্থাৎ Thank You ক'বলৈ নাপাহৰিলো। এই দুদিনত আমাৰ লগত সম্পূৰ্ণ সহযোগ আগবঢ়াই আমাক আকৌ চীনলৈ আমন্ত্ৰণ জনালে। পিছে সেই অনুৰোধ ৰক্ষা কৰিব পাৰো নে নোৱাৰো সেয়া সময়েহে ক'ব। বেইজিংৰ পৰা কুনমিং বিমান বন্দৰলৈ যাত্ৰা কৰি সেই দিনাই ৰাতি আমি কলিকতা বিমান বন্দৰত উপস্থিত হওঁ। বিমান বন্দৰত ICAC ৰ ফালৰ পৰা আমাৰ সকলো সদস্যকে চীন ভ্ৰমণৰ প্ৰমাণ পত্ৰ একোখনকৈ দিয়ে। কলিকতাৰ পৰা ৰাতিপুৱাৰ বিমানযোগে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ নিজ গৃহ অভিমুখে ৰাওনা হওঁ।

মাও জে ডঙৰ দেশ চীনলৈ যোৱাৰ আগতে চীনৰ বিষয়ে যি ধাৰণা এটা মনত লৈ গৈছিলো, তাত উপস্থিত হোৱাৰ পিছত সকলো সলনি হৈ গ'ল। আমাতকৈও তিনিবছৰ পিছত স্বাধীনতা পোৱা দেশখনে ইমান কম সময়ৰ ভিতৰত কেনেকৈ ইমান উন্নতিৰ শিখৰলৈ উঠি গ'ল ভাৱিলে আচৰিত লাগে। শুনিছোঁ ইউৰোপতকৈও বহুত ওপৰলৈ গুছি গ'ল চীন। এইবোৰ সম্ভৱ হৈছে তেওঁলোকৰ চৰকাৰৰ কিছুমান সুদৃঢ় নীতি আৰু জনসাধাৰণৰ কৰ্মস্পৃহা ইত্যাদিৰ বাবে। সিহঁতৰ পৰা শিকিবলগীয়া বহুত আছে। Thank You China.