শিশুৰ আচৰণজনিত সমস্যা আৰু তাৰ প্ৰতিকাৰৰ ঘৰুৱা দিহা

বেদান্ত ফুকন পৰামৰ্শদাতা মনোবৈজ্ঞানিক, জি.এন.আৰ.চি হস্পিতাল, ছয়মাইল চৌহদ, গুৱাহাটী

ইমন এজন বাৰ বছৰীয়া ল'ৰা, পেছাত দেউতাক এজন শিক্ষক আৰু মাক এখন কলেজৰ কৰ্মচাৰী। বিবাহৰ আঠ বছৰৰ পাছত ইমনৰ জন্ম। গতিকে সৰুৰে পৰাই সি পাইছে অফুৰন্ত মৰম, আদৰ আৰু যত্ন। সি যি বিচাৰিছে মাক দেউতাকে তাকেই দিছে, কেতিয়াও কৃপনালী কৰা নাই। তেওঁলোকৰ সপোন ডাঙৰ হৈ সি তেওঁলোকৰ নাম উজ্বলাব।

কিন্তু যোৱা ৬ মাহ মানৰ পৰা তেওঁলোকে মন কৰিছে তাৰ আচৰণত পৰিবৰ্তন আহিছে। যেনে- পঢ়াৰ প্ৰতি আগ্ৰহ কমি গৈছে, ডাঙৰক নমনা হৈছে, জেদটোও ইমান বাঢ়ি গৈছে যে সি বিচৰা বস্তুটো নাপালে খঙতে মুৰটো দেৱালত মাৰি দিয়েগৈ, নহ'লে মাটিতে বাগৰি চিঞৰি থাকে। প্ৰথমতে তেওঁলোকে ইমান ভবা নাছিল কিন্তু যেতিয়া প্ৰায়েই সি স্কুলত কৰা কাণ্ডবোৰৰ অভিযোগ আহিবলৈ ধৰিলে তেতিয়া দুয়োজনেই চিন্তাগ্ৰস্ত হৈ পৰিল।

এনে ধৰণৰ সমস্যা লৈ বহু অভিভাৱক আমাৰ ওচৰলৈ আহে আৰু কয়হি, "আমিতো তাৰ যত্নত একো কৃপনালী কৰা নাই, সি যি বিচাৰিছে তাকেই দিছো, ভালৰো ভাল খুৱাইছো, পিন্ধাইছো.............

এই লেখনিৰ জৰিয়তে আলোচনা কৰিম শিশুৰ এনে কিছুমান আচৰণজনিত সমস্যা যিবোৰ আমি প্ৰথমে কম গুৰুত্ব দিওঁ, কিন্তু প্ৰকৃততে যিবোৰ গুৰুত্বহীন নহয়। কাৰণ শিশু অৱস্থাই হৈছে আচৰণ গঠনৰ মূল ভেঁটি। প্ৰতিজন পিতৃ-মাতৃয়ে শিশুক জানিবলৈ চেষ্টা কৰি তাক উচিত দিশত গতি দিয়াত এনেবোৰ সৰু সৰু কথাৰ যথেষ্ট গুৰুত্ব আছে।

শিশু আৰু অতিমাত্ৰা খং :- শিশুৰ খং, জেদ, অভিমান এইয়া অতি সাধাৰণ কথা যেতিয়ালৈকে সেয়া মাত্ৰাধিক নহয়। কেতিয়াবা দেখা যায় কিছুমান শিশুৱে কোনো কথাই নমনা হয়, তাৰ নিজৰ মতেই সকলো কৰিব বিচাৰে, খঙৰ ভমকত যাক তাক আচুৰে, মাৰে বা নিজকে আঘাত কৰাও দেখা যায়। স্কুললৈ গৈ লগৰ লগৰীয়াৰ লগত কাজি‌য়া কৰা, মাৰপিট কৰা, শিক্ষকৰ কথা নমনা আদি এনে ধৰণৰ অভিযোগৰ সন্মুখীন বহু পিতৃ-মাতৃয়ে প্ৰায়েই হ'বলগীয়া হয়। এয়া যদিও সাধাৰণ দৃষ্টিত শিশুৰ স্বভাৱজনিত আচৰণ যেন লাগে কিন্তু প্ৰকৃততে ই এক চিন্তনীয় বিষয় আৰু ইয়াৰ বাবে বিশেষজ্ঞৰ সহায় লোৱাতো অতি জৰুৰী।

নিজকে নিলগাই ৰখাৰ প্ৰৱনতা :- আপুনি হয়তো মন কৰিছে যে কিছুদিনৰ পৰা আপোনাৰ শিশুটি অকলে অকলে থাকি ভাল পোৱা হৈছে। লগৰীয়াৰ লগত খেলিব নোখোজে, দিনটো অকলে অকলে খেলি থাকে, অনবৰত এক লাজ, ভয়, শংকা কঢ়িয়াই ফুৰে। কোনোবাই কিবা সুধিলে মাত্ৰ এটা শব্দত উত্তৰটো সামৰিব বিচাৰে বা মাতিবলৈকো মন নকৰে। ঘৰলৈ আলহী আহিলে সন্মুখলৈ নোলায় বা সকলোৱে হাঁহি আনন্দ কৰা ঠাইৰ পৰা নিশব্দে বাহিৰ ওলাই যায়। বহুতে এনে আচৰণৰ শিশুক শান্ত, অমায়িক আৰু ভদ্ৰ বুলি আখ্যা দিব বিচাৰে, কিন্তু তাৰ এয়া সহজাত লক্ষণ নহয়, নহয় তাৰ সঠিক বিকাশৰ আৰম্ভণি।

শিশুৰ ভয় আৰু উৎকণ্ঠা :- বৰষাৰ বয়স ১৫ বছৰ, তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী। যোৱা সাত মাহৰ পৰা দিনে ১২/১৩ ঘণ্টাকৈ পঢ়ি নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰি তোলা বৰষাই কিন্তু প্ৰথম পৰীক্ষাৰ দিনাই প্ৰশ্নকাকত দিয়াৰ দহমিনিট পূৰ্বে তাই অচেতন হৈ বাগৰি পৰিল আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'ল। চিকিৎসকে জনালে তাইৰ কোনো দৈহিক সমস্যা নাই, কেৱল পৰামৰ্শ দিলে তাইৰ ভয় আৰু উৎকণ্ঠা দূৰ কৰিবৰ বাবে মনোবৈজ্ঞানিকৰ পৰামৰ্শ ল'বলৈ।

শিশুমনৰ ভয় আৰু উৎকণ্ঠা যদিও এক গৌণ বিষয় কিন্তু ওপৰৰ উদাহৰণটোৱে স্পষ্ট কৰে ইয়াৰ ভয়াবহতা। শিশুৱে জন্মতে যদিও নিৰ্ভীকভাৱে ওপজে কিন্তু আমি ডাঙৰ সকলে সিহঁতক বিভিন্ন উপসৰ্গ দেখুৱাই ভয়ৰ জন্ম দিওঁ।শিশু অৱস্থাত গজালি মেলা এই 'ভয়' নামৰ গছজোপাই পোখা মেলি পিছলৈ মানসিক জগতত গভীৰ প্ৰভাৱ পেলায়।

মিছা কথা কোৱা :- কমাই কমাই মিছা কোৱা বা কিছুমান কথা লুকুৱা বহু শিশুৰ এক অভ্যাসত পৰিণত হয়। নিজৰ দূৰ্বলতা সমূহ যেনে - পৰীক্ষাত কম নম্বৰ পোৱা আদি কথাবোৰ পিতৃ-মাতৃৰ পৰা লুকুৱাই ৰাখিব বিচাৰি পিছলৈ অভ্যাসত পৰিণত হৈ সমস্যাৰ সৃষ্টি কৰে।

অতিমাত্ৰা নিৰ্ভৰশীলতা :- ইয়াত মই এজন উনত্ৰিছ বছৰীয়া চফল ডেকাৰ কথা কৈছো। সদ্যবিবাহিত এই ল'ৰাজনে দেউতাকৰ লগত থাকি দেউতাকৰ দোকানৰ ব্যৱসায়ত সহায় কৰে। কিন্তু বিয়াৰ এসপ্তাহ নৌহওঁতেই নকইনাই মাকৰ ঘৰলৈ ঘূৰি গ'ল, তাইৰ অভিযোগ, বিয়াৰ পাছতো সি মাকৰ লগতে শুৱে আৰু মাকৰ মতেই সকলো কৰে। সি এতিয়াওঁ শিশুৱে হৈ আছে।

শিশু অৱস্থাৰ পৰাই এনে আচৰণৰ জন্ম হয় আৰু ই পিছত এক সমস্যাৰ সৃষ্টি কৰে। নিজৰ প্ৰতিটো কাম ঘৰৰ সকলোৱে কৰি দি তাক সম্পূৰ্ণ নিৰ্ভৰশীল কৰি তোলে আনকি ডাঙৰ হৈ সি নিজাকৈ সিদ্ধান্ত ল'বলৈও অপাৰগ হয়।

শিশুৰ কেইটিমান মানসিক বিকাৰ :- ADHD (Attention Deficit Hyperactivity Disorder) সাধাৰণতে এই বিকাৰত আক্ৰান্ত শিশুৰ মনোযোগ তথা কোনো কামত দীৰ্ঘসময়লৈ সিহঁতে আগ্ৰহ হেৰুৱাই পেলায়। পঢ়া টেবুলেই হওঁক বা শ্ৰেণীকোঠাতেই হওঁক, সিহঁতে ক'তো শান্তিৰে বহি থাকিব নোৱাৰে, অনবৰতে অস্থিৰতাত ভোগে, খঙাল আৰু উৎপতীয়া হয়।

এনেধৰণৰ বিকাৰত ভোগা শিশুৰ পিতৃ-মাতৃ বা পৰিয়ালবৰ্গ বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সকলোৰে পৰা বহু অভিযোগ শুনিবলগীয়া হয়। এনে শিশুক সকলোৱে সহজ অৰ্থত "দুষ্ট ল'ৰা বা ছোৱালী" আখ্যা দিয়ে। এনে বিকাৰৰ পৰা মুক্ত কৰি শিশুটিৰ সৰল দুষ্টামিলৈ ৰূপান্তৰিত কৰাৰ বাবে অতি সোনকালে মানসিক বিশেষজ্ঞক দেখুৱালে সুফল পোৱা যায়।

School Phobia (স্কুললৈ ভয়) :- ৰিমলী ১২ বছৰীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী। পঢ়া-শুনাত মধ্যমীয়া ৰিমলীয়ে যোৱা তিনিমাহৰ পৰা এক সমস্যাত ভূগিছে। প্ৰতি দেওবাৰৰ বাদে সপ্তাহৰ প্ৰায় প্ৰতিটো দিনতেই স্কুললৈ যোৱাৰ পূৰ্বে ৰাতিপুৱা তাইৰ পেট চলে। বহু চিকিৎসকৰ পৰামৰ্শই ও তাইৰ বেমাৰৰ অন্ত পেলাব নোৱাৰিলে। বহুতেই এইয়া তাইৰ অভিনয় বুলি ভাবিলে যদিও পিছলৈ নহয় বুলি নিশ্চিত হ'ল।

এনে ধৰণৰ সমস্যাত ভোগা অৱস্থা আমাৰ মাজত বহুতৰে হয়। ইয়াকে কোৱা হয় মানসিক কাৰণত দৈহিক পৰিবৰ্তন (Psycho Somatic Cause)

ইয়াৰ প্ৰকৃত কাৰণটো হ'ল ৰিমলীৰ 'ভয়'। অংক শিক্ষকৰ শাস্তি আৰু মানসিক ককৰ্থনাৰ বলি ৰিমলীয়ে অংকৰ প্ৰতি প্ৰথমে আৰু পিছলৈ গোটেই স্কুলখনৰ প্ৰতি এক বিৰাগৰ জন্ম দিয়ে। স্কুলৰ কথা মনত পৰিলেই তাইৰ বুকুখন এক অস্বাভাৱিক গতিত ধৰফৰাই, উশাহ বন্ধ হোৱাৰ উপক্ৰম হয়। এয়া হ'ল এক অহেতুক ভয় যাক ইংৰাজীত Phobia বোলা হয়।

Bullying :- শাৰিৰীক দূৰ্বলতাৰ বাবে বা বৌদ্ধিক দূৰ্বলতাৰ আলম লৈ শিশুৰ লগতে ডাঙৰেও বহু ক্ষেত্ৰত ধমকি খোৱাৰ লগতে উপলুঙা সূচক কিছুমান নামেৰে (কলী, বেঙী, গান, ফেচি) আদি নামাংকিত কৰে। এই কামে শিশুসকলৰ মনঃস্তত্ত্বত গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ ফলত শিশুৰ আত্মবিশ্বাস কমি আহে যাৰ ফলত ভালেমান আচৰণজনিত সমস্যাই দেখা দিয়ে। আনৰ পৰা পোৱা ইতিকিংবোৰে শিশুক সংকুচিত কৰি তোলে আৰু আনৰ আগত মুকলিকৈ কথা কোৱা বা জনসমাগমপূৰ্ণ ঠাইত নিজক উপস্থাপন কৰাৰ পৰা বিৰত থাকে।

পৰামৰ্শ নহয় এক অনুগ্ৰহ :-

মাক-দেউতাক তথা পৰিয়ালৰ লোকৰ মাজত এক সু-সম্পৰ্ক থকাটো অতিকৈ প্ৰয়োজনীয়।

বন্ধুত্ব গঢ়িবলৈ শিশুক উৎসাহিত কৰা।

শিশুৰ আৱেগ-অনুভূতি তথা আগ্ৰহক জানিবলৈ চেষ্টা কৰক আৰু পাৰ্য্যমানে তেওঁলোকৰ লগত কথা পাতক।

কেতিয়াও এনে সাধু বা গল্প নকব যিয়ে সিহঁতৰ মনত ভয়ৰ সৃষ্টি কৰে।

আচৰণজনিত সমস্যা থকা শিশুক বিশেষভাৱে চিনাক্ত কৰক আৰু সিহঁতক বিশেষভাৱে গুৰুত্ব দিয়ক।

প্ৰসংশা বা পুৰস্কাৰে প্ৰতেককেই উৎসাহিত কৰে। আপোনাৰ শিশুটিক ভালকামৰ বাবে পুৰস্কৃত কৰক আৰু বেয়া কামৰ বাবে ধনাত্মক সমালোচনাৰে আগবঢ়াই নিয়ক।

শিশুৰ আচৰণজনিত সমস্যাৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক উভয়ে পৰস্পৰে পৰস্পৰৰ লগত আলোচনা কৰক আৰু প্ৰয়োজনত তাৰ লগৰীয়াৰ লগতো আলোচনা কৰক।

শাৰিৰীক আৰু মানসিক অত্যাচাৰে এটি শিশুক ভৱিষ্যতৰ বাবে শাৰিৰীক, মানসিক, আৱেগিক আৰু সামাজিক ভাৱে পংগু কৰি তুলিব পাৰে। আপোনাৰ সহানুভূতি, মৰম আৰু নিৰাপত্তাই শিশুক এক সুস্থ সৱল জীৱনলৈ প্ৰস্তুত কৰি তুলিব।

প্ৰতিজন শিশুৱে একক আৰু অনন্য, আপুনি তেওঁৰ প্ৰতিভাখিনি চিনিবলৈ চেষ্টা কৰক আৰু ব্যক্তিত্বক সন্মান কৰক।

বৰ্তমানৰ প্ৰতিযোগিতা পূৰ্ণ জীৱনত শিশুৱে অত্যাধিক বোজাৰ সন্মুখীন হ'বলগীয়া হৈছে। এখন ৰুটিন তৈয়াৰ কৰি তাৰ অভ্যাসক সঠিক দিশত লৈ যোৱাত আপুনি উপযুক্ত পথ প্ৰদৰ্শক ৰূপে তাৰ ওচৰত থিয় দিব পাৰে।

চিন্তনীয় :- প্ৰতিজন শিশুকেই দেৱশিশু ৰূপে গণ্য কৰা হয়। শিশু জন্ম নৌপাওতেই পিতৃ-মাতৃ আৰু পৰিয়ালৰ আশা আৰু সপোনে গজালি মেলে। শিশু হৈছে বংশগতি আৰু পৰিৱেশৰ উৎপাদন, গতিকে তাৰ প্ৰকৃত বিকাশত পিতৃ-মাতৃ, ঘৰখন, বিদ্যালয় তথা শিক্ষক সকলোৰে অৰিহণা উল্লেখযোগ্য।

বৰ্তমান সমাজৰ প্ৰচুৰ প্ৰতিযোগিতামূলক পৰিৱেশত নিজকে প্ৰস্তুত কৰি তুলিবৰ বাবে শিশু অৱস্থাৰ পৰাই তাৰ প্ৰকৃত যতনৰ প্ৰয়োজন।

শেষত অস্কাৰ গুৱাইল্ডৰ এই বিখ্যাত উক্তিৰে লেখাটোৰ মোখনি মাৰিব খুজিছো।

"ল'ৰা-ছোৱালীক ভাল আৰু শুদ্ধ কৰাৰ আটাইতকৈ উত্তম উপায় হৈছে সিহঁতক সুখী ৰাখক "।