তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষা ব্যৱস্থা

ড০ দিব্যজ্যোতি মহন্ত ডীন, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
DiabyaJyotiMahanta

আজিকালি শিক্ষা বিষয়ক আলোচনাত অথবা অন্যান্য ক্ষেত্ৰৰ উন্নয়ন আৰু পৰিকল্পনা সম্পৰ্কীয় আলোচনাত ICT ( Information and Communication Technology.) ৰ প্রসংগ সদৰ্থকভাৱেই উল্লেখ কৰা হয় | এতিয়া কম্পিউটাৰ এটা চিঠিপত্র,প্রবন্ধ, কাৰ্য্যালয়ৰ নথি পত্ৰ টাইপ কৰাৰ বাবে আগৰ টাইপ ৰাইটাৰৰ পৰিবৰ্ত্তিত যন্ত্ৰ বা গণনা কাৰ্যৰ সহায়কাৰী ব্যবস্থা এটা হৈ থকা নাই | ঠিক সেইদৰে মোবাইল ফোন এটাও কথা কোৱা, শুনা, মেছেজ পঠোৱা আদিতেই সীমাবদ্ধ হৈ থকা নাই | কাৰণ ICT ৰ যি বৃহৎ পৰিসৰ সেই ক্ষেত্ৰত এই সামগ্ৰী (Equipment ) বোৰ একো একোটা বৃহৎ চিষ্টেম হৈ পৰিছে | এই চিষ্টেমৰ আওটাত তথ্য আৰু যোগাযোগৰ এটা আশ্চৰ্যকৰ নেটৱাৰ্ক আমি দেখিবলৈ পাইছো যি কাৰণত আমাৰ পুৰণি ব্যৱস্থাবিলাকৰ পৰিবৰ্তন চকুত পৰিছে আৰু উপভোক্তাসকল উপকৃত হৈছে |এইকাৰণে ICT বুলিলে ইন্টাৰনেট, টেলিযোগাযোগৰ কাৰিকৰী সামগ্ৰী আৰু সেৱা, ছপা আৰু বৈদ্যুতিক মাধ্যম , ৰেডিঅ' আৰুটেলিভিছনৰ যোগাযোগ ব্যৱস্থা, সুন্দৰ লাইব্ৰেৰীকে লৈ বিভিন্ন সংৰক্ষণ ব্যবস্থা আদিকে ধৰি তথ্যৰ' সংগ্ৰহ, সংৰক্ষণ, বিশ্লেষণ, সংবৰ্ধনৰ লগতে যোগাযোগৰ সামগ্ৰিক জগতখন বুলি বুজিব লগা হয় |

শিক্ষাৰ ডিজিটেল টেকন'লজিৰ ব্যৱহাৰে সমাজক ডিজিটেল সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিছে | ইয়াৰ ফলত ক্ৰমাগতভাৱে সমাজত ডিজিটেল টেকন'লজিৰ ব্যৱহাৰ জনা মানুহৰ সংখ্যা বৃদ্ধি হৈ অৰ্থনৈতিক কাম কাজতো টেকন'লজিৰ প্রয়োগ সহজ হৈছে |তাৰ লগতে শৈক্ষিক ক্ষেত্রতো অৰ্থনৈতিক সকাহ অনুভুত হৈছে | ইয়াক আমি knowledge economy বুলি অভিহিত কৰিব পাৰো | এটা উদাহৰণৰে ইয়াক বুজাব পৰা যাব | আমেৰিকা বা ইংলেণ্ডৰ এখন অতি আগশাৰীৰ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক অসমৰ এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি এটা বক্তৃতাৰ আয়োজন কৰিব হলে যথেষ্ট সময় আৰু অৰ্থৰ প্ৰয়োজন হয় | কিন্তু এতিয়া আমি কম খৰচত ব্যক্তিগৰাকীয়ে দীৰ্ঘ দুৰত্ব ভ্রমন নকৰাকৈ ভাৰ্চুৱেল মাধ্যমত ICT ৰ সহায়ত তেওঁ বক্তৃতা দিব পাৰে | তদুপৰি বক্তৃতাটোৰ ৰেকৰ্ডিং থাকিলে পিচত ইয়াক বাৰে বাৰে শুনিবলৈ পোৱা যায় | এয়া এটা সাধাৰণ উদাহৰণহে, সুন্দৰ তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা এতিয়া পাঠদান, পাঠগ্রহণ, মুল্যায়ন, শিক্ষক প্রশিক্ষণ আৰু ইয়াৰ আনুসাংগিক কাম কাজবোৰ খৰতকীয়াকৈ আৰু নিখুতভাবে কৰাৰ সহায় হৈছে | যদিও নেটৱাৰ্কৰ সমস্যা, সমস্যা, বিদ্যুত প্রবাহৰ সমস্যা, ভাল মোবাইল ফোন থকা নথকা আদি বিভিন্ন বাধাবিলাকৰ চৰ্চাও প্ৰাসংগিকভাৱে কৰিব লগা হয় তথাপি দেখা যায় অনুকূল ব্যবস্থাত ICT ৰ প্রয়োগে বহু সুযোগ প্ৰদান কৰে |

ক'ভিড অতিমাৰীৰ সময়ত সমাজৰ প্রায় সকলোৱে, বিষেশকৈ শৈক্ষিক ক্ষেত্ৰত জড়িয়সকলে ICT ৰ চমৎকাৰিত্ব প্রয়োগ দেখা পালে আৰু ব্যৱহাৰ কৰিবলগীয়াও হ'ল |ক'ৰোণা অতিমাৰীয়ে বিশ্বৰ সৰ্বত্ৰ যি দুৰ্বিসহ অৱস্থাৰ সৃষ্টি কৰিলে তাৰ ফলত জনজীৱনৰ সকলোতে ইয়াৰ কুপ্রভাৱ পৰিল | ইয়াত সেই সকলোবিলাক আলচ নকৰি সামান্যভাৱে শিক্ষাখণ্ডৰ ওপৰতহে, তাকো মাত্র দুই এটা বিশেষ বিষয়তহে, চমুকৈ দৃষ্টিপাত কৰিম | সকলো বিষয়ৰ ভাল আৰু বেয়া দুটা দিশ থাকে | সেয়াও আকৌ নৰ্ভৰ কৰে তথ্য সহকাৰে বিশ্লেষকে উপস্থাপন কৰাৰ ওপৰত | তেনেদৰে ব্যক্তি বিশেষৰো নিজস্ব দৃষ্টি ভংগীয়ে ইয়াত প্রভাৱ পেলায় |

ক'ৰোণা অতিমাৰিৰ কাৰণে প্রথাগত পদ্ধতিৰে ( যিটোক আমি পৰম্পৰাগত বা এইদিন অবধি চলি থকা পদ্ধতিও বুলি কব পাৰো) শ্ৰেণীকোঠাত শিক্ষকৰ বৰ্তমানত শিক্ষাৰ্থীৰ উপস্থিতিত নিৰ্ধাৰিত সময়সুচীত ক্রিয়াশীল হৈ থকা ব্যবস্থাটো যথেষ্ট বাধা সন্মুখীন হ'ল , দীৰ্ঘ সময়ৰ বাবে লকডাউন বা জন সমাগম বন্ধ হোৱাৰ কাৰণে আমাৰ দেশত কেইমাহমান শিক্ষা ব্যবস্থাত বাৰুকৈয়ে স্থবিৰতা আহিল। ইয়াৰ কাৰণ হ'ল কৰ'ণাৰ প্ৰবাহ অহাৰ আগলৈকে আমাৰ দেশত তথ্য আৰু যোগাযোগ প্ৰযুক্তি শিক্ষা ব্যৱস্থাত বহুলভাৱে প্রয়োগ কৰা হোৱা নাছিল | প্রত্যাহ্বান আহিল,উদ্জীৱিত ৰূপত শিক্ষা ব্যৱস্থাটোক গতিশীল কৰি ৰখাৰ বাবে | মাত্র গতিশীলেই নহয়, সুন্দৰ গুণগত আৰু মানবিশিষ্ট শিক্ষাও হব লাগিব | কিন্ত সমস্যা হ'ল এইবাবেই যে বুজন শিক্ষক আৰু শিক্ষাৰ্থী তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰত একেবাৰে অপৈণত | কিন্তু বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কোৱাৰ দৰে " In the midst of every crisis, lies the great opportunity " লাহে লাহে নগৰতেই হওঁক বা গাঁৱতেই হওঁক শিক্ষক শিক্ষাৰ্থীয়ে সময়ৰ লগে লগে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ জগতখনতৰ লগত নিজকে জড়িত কৰিবলৈ অভ্যাস কৰিলে | এইটো কথা মন কৰিবলগীয়া যে ক'ৰোণাৰ চেপাত পৰিহে যে মানুহে ICT ৰ ব্যৱহাৰ আৰম্ভ কৰিলে তেনে নহয়, তাৰ আগতেও এটা পৰ্যায়ত ICT ৰ ব্যৱহাৰ আছিল আৰু কমসংখ্যক শিক্ষাব্রতী এইবিলাকত অভ্যস্ত আছিল | যিকি নহওক, এতিয়া ডিজিটেল প্লেটফৰ্মত নানা কাম হবলৈ ধৰিছে আৰু online শব্দটোৰ প্রয়োগ শিক্ষা ব্যৱস্থাত প্রায় সৰ্বত্ৰ প্রয়োগ কৰিবলৈ ব্যবস্থা লোৱা দেখা যায় | উদাহৰণস্বৰূপে --

1) Online pre admission counselling
2) Online application /online admission
3) Online induction programme
4) Online Classes /discussion / counselling / online monitoring and mentoring
5) Online attendence
6) Online seminars (webinar) and workshops
7) Online examination and interviews (Viva -voice)
8) Online assessment and evaluation
9) Online feedback

আৰু তাৰ লগতে

a) online or E-library (or e-resources)
b) E-journals

অৰ্থাৎ সকলোতে এতিয়া Online আৰু সকলোৰে মুখে মুখে চলিত শব্দ ' অন্ লাইন '।

কিন্তু প্ৰশ্ন হ'ল অন্ লাইন ব্যৱস্থাৰে অৰ্থাৎ ডিজিটেল পদ্ধতিৰে শিক্ষা ব্যৱস্থাটো চলাই থাকি কিমান সুফল পোৱা গৈছে এইটোও বিশ্লেষণ কৰিব লগা বিষয় | Admission, Attendance, Monitoring, Feedback আদিৰ দৰে কিছুমান দিশত ICT ৰ প্রয়োগে নিশ্চিয় ভালেমান সুফল দিব পাৰিছে | কিন্তু প্রথাগত আৰু পৰম্পৰাগত ব্যবস্থাত শিক্ষক- শিক্ষাৰ্থীৰ দৈহিক উপস্থিতিত চলা পাঠদান -পাঠগ্রহণ ব্যবস্থাটো যিমান উদ্দীপনময়, ডিজিটেল পদ্ধতিত ভাৰ্চুৱেল শ্ৰেণীকোঠা এটা সিমান ফলপ্রসু হয় নে নহয় ইয়াৰ লগতে ICT ৰ কৌশলী প্রয়োগত শিক্ষক -শিক্ষাৰ্থীৰ কিমান পাৰ্গত সেইটোও এটা বিচাৰ্য বিষয় | ক'ৰোণা অতিমাৰীয়ে আমাৰ সন্মুখলৈ ICT প্রয়োগৰ সুযোগ আনিছে আৰু এই সংকটকালত ইয়েই একমাত্ৰ সাধন হৈছে যি শিক্ষা ব্যৱস্থাৰ চকৰি ঘূৰাই ৰাখিছে | তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ যোগেদি পাঠদান আৰু পাঠগ্রগণ ব্যবস্থাটোৰ সুফলসমুহ উন্মোচিত হৈছে আৰু দুৰ্যোগ আদি নাথাকিলেও ইয়াৰ প্রয়োগ ভবিষ্যতৰ দিনবিলাকতো নোহোৱাকে নেথাকে | গতিকে শিক্ষক সমাজৰ প্রত্যেকই তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ ভালকৈ শিকি লব লাগিব | সামান্য যত্ন কৰিলেই সকলো বয়সৰ লোকৰ বাবেই শৈক্ষিক ক্ষেত্রত প্রয়োজন হোৱা আহিলাবিলাক বুজিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ অসুবিধা নহয় যেন বুলি ভাবিছো |

শিক্ষাৰ্থীয়েও ডিজিটেল পদ্ধতিত নিজকে অভ্যস্ত কৰিব পাৰিছে যে কম বয়সৰ শিক্ষাৰ্থী ( শিশুসকল) সকলৰ বাবে ই এটা জটিল পদ্ধতি যদিও এটা নিৰ্দিষ্ট বয়সৰ পিছত তেওঁলোকৰ বাবেও ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সম্ভৱ হব পাৰে | এই ক্ষেত্ৰত অভিভাৱকৰ যত্ন বা সহযোগিতা মন কৰিবলগীয়া। কাৰণ শিক্ষা ব্যবস্থাটোত অভিভাৱক আৰু সমাজৰ ভূমিকা গুৰুত্বপূৰ্ণ।

উঠি অহা প্ৰজন্মক আগুৱাই নিয়াত শিক্ষাদান আৰু প্ৰশিক্ষণৰ জৰিয়তে শিক্ষানুষ্ঠান একোখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। শ্ৰেণীকোঠাৰ শিক্ষাদান ব্যবস্থা টোৰ বিশেষ পৰিকাঠামো ( ভূমিকাৰূপ ব্যবস্থা বা ভৌতিক intrastructure) আৰু মানুহৰ প্ৰয়োজন হয়।

এইসময়ত গতানুগতিক শ্ৰেণীকোঠাৰ শিক্ষাতকৈ ডিজিটেল পদ্ধতিত বা তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যবহাৰ কৰি মিশ্ৰিত পদ্ধতিত (blending) বা সম্পূর্ণ অন্ লাইন পদ্ধতিৰে শিক্ষণ পদ্ধতিত বেছি সুফল পোৱা যাব। ইয়াৰ বাবে আধুনিক বুনিয়াদী সা-সুবিধাৰ দৰকাৰ হ'ব। স্মার্ট ফোন, লেপটপ বা ডেক্সটপ, বিজুলী যোগান ইন্টাৰনেট সেৱা আৰু তাৰ লগত ডাটা। গতিকে তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱস্থাটোৰ সফলতাৰ বাবে

----আধুনিক বুনিয়াদী সা-সুবিধা
----আধুনিক ব্যৱস্থাত শিক্ষক শিক্ষার্থী সকলৰ লগতে অভিভাৱক সকলৰ ভূমিকা
----শিক্ষকক অবিৰত প্ৰশিক্ষণ অনলাইন আৰু সংমিশ্রিত (blended)
----Google Classroom Moodle ৰ ব্যবহাৰ
আদিৰ দিশত সুপৰিকল্পনা, সজাগতা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা লাগিব।

এইখিনিতে এটা কথা মনলৈ আহিছে অন্ লাইন বা ডিজিটেল প্ল্যাটফর্মত শিক্ষার্থীক একমাত্র শৈক্ষিক কৰ্মত ধৰি ৰাখিব পাৰিব লাগিব। ইন্টাৰনেটৰ সুবিধাৰে ব্যবহাৰকাৰীয়ে বিভিন্ন ধৰণৰ সমল সহজতে পাব পাৰে। সেয়ে শিক্ষার্থীয়ে যাতে মনোৰঞ্জনমূলক কামত সময় ব্যয় নকৰে তাৰ প্ৰতি সতৰ্ক হ'ব লাগিব। কিন্তু শিক্ষার্থীয়ে কি কৰি আছে সেই বিষয়ে সকলো সময়তে নজৰ দি থাকিবলৈ সময় আছে কাৰ বা ই জানো সম্ভৱ? Google Classroom বা smart classroom আদিত শিক্ষকে কিমান পাৰদৰ্শিতাৰে শিক্ষাৰ্থীক আকৃষ্ট কৰি ৰাখিব পাৰে সেয়া এক মূল বিষয়।

বহু অভিভাৱকৰ সময়ৰ অভাৱ আৰু কিছুসংখ্যক অভিভাৱকৰ শিক্ষাগত অৰ্হতাৰ প্ৰতিকূলতাত সন্তানে কি কৰি আছে সেয়া চাবলৈ অসুবিধা। গতিকে শিক্ষক সমাজে সু পৰিকল্পনাৰে শিক্ষার্থীৰ বাবে এনেধৰণৰ বিষয় বিলাকৰ উপস্থাপন কৰিব লাগে যে তেনে বিষয়ৰ মাজত সোমাই তেওঁলোক তাৰ লগত সম্পর্কীয় আন বিষয়ৰ গভীৰতা যাবলৈ আগ্রহী হয়। শিক্ষাৰ্থী যদি active learner হয় আৰু Group activity ৰ জৰিয়তে বা একক প্ৰচেষ্টাৰে নিজেও যাতে প্ৰযুক্তি আয়ত্বত বা বিকাশত মনোনিবেশ কৰিবলৈ পাৰে সেয়াও আমাৰ বাবে আশাৰ বাতৰি হ'ব পাৰে।

'Digital India' অভিযান আৰু NEP-2002 ৰ বাবে সৰ্বত্ৰ এতিয়া Digital Education ক লৈ চৰ্চা। শিক্ষার্থীৰ যদি কিতাপ পঢ়াৰ অভ্যাস গঢ় লয় তেন্তে ইন্টাৰনেটত উপলব্ধ e-book বিলাকৰ পৰা উপকৃত হ'ব। National Digital library ৰ মাধ্যমত বিভিন্ন format ত পঢ়িব লগা বহু সমল উপলব্ধ হ'ব। যদিও অপ্ৰত্যাশিত অস্বাভাৱিকতাত পৰিহে ইয়াৰ আমাৰ শিক্ষা ব্যবস্থাটোক গতানুগতিক শ্ৰেণীকোঠাৰ শিক্ষক- শিক্ষার্থীৰ সমন্বয় স্থলীৰ পৰা Digital form লৈ অনা হ'ল য'ত সকলো অনলাইন মাধ্যমত চলোৱাৰ প্ৰয়াস কৰা হ'লহ'ল, কিন্তু ইতিমধ্যে ঘোষণা হোৱা NEP 2020 ৰ পৰামৰ্শ সমূহত শিক্ষা ব্যবস্থাটো গতিশীল আৰু সময়োপযোগী কৰাৰ বাবে বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে। স্কুল পর্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে আৰু বৃত্তিমূলক( vocational) শিক্ষাৰ পৰা প্ৰযুক্তিগত (Technical) শিক্ষা ব্যৱস্থালৈ সকলোতে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰক গুৰুত্ব দিয়া হৈছে।

কেন্দ্রীয় চৰকাৰৰ (Digital India )ঘোষণা এটা প্ৰমুখ কাৰ্য্যসূচী। ইয়াৰ দ্বাৰা সমাজ ব্যৱস্থাক ডিজিটেল সক্ষমতা দিয়াৰ ( Digital empower ment) প্ৰয়াস কৰা হৈছে আৰু যাতে সমাজৰ প্ৰতিজনেই যাতে ইয়াৰ অংশীদাৰ হৈ Knowledge economy ৰ স্বৰূপ বুজি পায় তাৰ পদক্ষেপ হাতত লবলৈ আগবাঢ়িছে। সেয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ বিভিন্ন স্থানত কিছুমান বিশেষ ঘোষণা দেখা গৈছে। বিভিন্ন ঘোষণা ৰ লগতে আমাৰ বাস্তৱ অভিজ্ঞতাই বহুতো দিশত আলোকপাত কৰাত সহায় কৰিছে।

১. শিক্ষক আৰু শিক্ষার্থীয়ে অহৰহ ব্যৱহাৰ কৰিব পৰাকৈ National Digital Library স্থাপন কৰাৰ কথা উল্লেখ কৰা হৈছে য'ত বিভিন্ন মাধ্যমত অসংখ্য বিষয়বস্তু Virtual responsibility of Learning Resources হিচাপে থাকিব। ইয়াৰ ফলত শিক্ষক শিক্ষার্থী সমানে উপকৃত হ'ব।

২. স্কুল পৰ্যায়ৰ পৰা প্ৰযুক্তিৰ যথোপযুক্ত প্ৰয়োগৰে smart classroom স্থাপন কৰাৰ ব্যৱস্থাৰ কথাও আলোচিত হৈছে। ইয়াৰ ফলত শ্ৰেণীকোঠাৰ পাঠদান- পাঠ গ্ৰহণ আগতকৈ বেছি মনোগ্রাহী হ'ব।

৩. শিক্ষকমন্ডলীয়ে ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ এনে সুষম ধৰণেৰে কৰাৰ প্ৰয়োজন যাতে শিক্ষা গ্রহণ আনন্দ দায়ক হয় আৰু শিক্ষাৰ্থী য়ে সদায় অধিক জানিবলৈ মনত আগ্ৰহ আৰু অনুপ্ৰেৰণা পায়। তেওঁলোকে মানসিক চাপমুক্ত হৈ পাঠ গ্ৰহণ কৰিব পৰাকৈ কৌশল শিক্ষকে আয়ত্ব কৰিব পাৰিব লাগিব। অন্যথা শিক্ষাৰ্থীৰ ধ্যান আৰু মনোযোগ নাথাকিব যাৰ বাবে তেওঁলোক অন্য মনোৰঞ্জনধৰ্মী বিষয়ৰ প্ৰতিহে আকৃষ্ট হ'ব।

৪. যদিও শিক্ষাখন্ডত বহুলভাৱে প্ৰযুক্তিৰ ব্যবহাৰৰ কথা কোৱা হৈছে তথাপি এইটোও আলোচিত হৈছে যে সমাজৰ এক বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ প্ৰযুক্তি ব্যৱহাৰৰ সুবিধা নাই। সেয়ে এই Digital Divide ৰ ক্ষেত্ৰত যাতে শিক্ষা ব্যৱস্থাত অসুবিধা নহয় তাৰ বাবে চৰকাৰী ভাৱে ব্যৱস্থা লোৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

৫. শিক্ষা প্রতিষ্ঠানত ICT মাধ্যমত শিক্ষা প্ৰদানত যাতে অসুবিধা নহয় তাৰ বাবে পৰিকাঠামো উন্নয়নৰো প্ৰয়োজন হৈছে। এই দিশতো পৰিকল্পনা আৰু সেইমতে পদক্ষেপ লোৱাটো সময়ৰ আহ্বান।

এনেধৰণৰ বিভিন্ন দিশ সামৰি যদি কোনো পক্ষই কাম কৰিবলৈ আগবাঢ়ে তেন্তে শিক্ষা ব্যৱস্থাই আশা কৰা ধৰনেৰে সুফল প্ৰদান কৰিব। শিক্ষা প্ৰযুক্তিবিদ্যাৰ জ্ঞান আৰু কৌশল সমূহৰ সহায় লৈ পাঠদান পাঠ গ্ৰহণ প্ৰক্ৰিয়া ক্রিয়াশীল কৰিলে ইয়াৰ দ্বাৰা শিক্ষার্থীৰ প্ৰজ্ঞানাত্ম ক্ষেত্র ( cognitive domain) , ভাৱনাত্মক ক্ষেত্র( Aflective domain), আৰু মনোসঞ্চালনৰ ক্ষেত্র (Psychomotor domain) ৰ সামগ্রিক বিকাশ সাধন সম্ভৱ হ'ব পাৰে। এইকথা দেখা গৈছে যে অঞ্চলভেদে বহুতো সা- সুবিধাৰ অভাৱ। বহু সময়ত দেখা যায় বিশেষজ্ঞৰ বা দক্ষতা সম্পন্ন ব্যক্তিৰ অভাৱ। গতিকে সুপৰিকল্পিতভাৱে দক্ষতাসম্পন্ন ব্যক্তি গঢ়াৰ বাবে কৰ্মশালা বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। শিক্ষার্থীক আদৰ্শবান ব্যক্তি হিচাপে গঢ়াৰ বাবে সমাজৰো দায়িত্ব আছে। আধ্যাত্মিক চিন্তা চৰ্চা, যোগ, খেলাধুলা আদিৰ পৰিৱেশ লাগিব। সমাজত অপৰাধ ৰোধৰ বাবে পদক্ষেপ লাগিব। শিক্ষিত যুৱচামক কৰ্ম সংস্থাপনৰ সুবিধা দিব লাগিব। এইবিলাকো শিক্ষা ব্যবস্থা এটা সুন্দৰকৈ চলাৰ বাবে প্ৰয়োজনীয়।