অতিমাৰীৰ কালত কৰ্মস্পৃহা আৰু অৰ্থনীতি

জ্যোতিস্মিতা শৰ্মা অধিবক্তা, গুৱাহাটী, (৮৪৮৬০৪১৪৭৬)
JyotishmitaSarma

"বিদ্যা দদাতি বিনয়ং, বিনয়াৎ যাতি পাত্ৰত্বাম্৷
পাত্ৰত্বাৎ ধনমাপ্নোতি, ধনাৎ ধৰ্ম্ম ততঃ সুখম্৷৷"

বিদ্যাই বিনয়ী কৰে , বিনয়ে উপযুক্ততা দিয়ে, উপযুক্ত হ'লে ধন আহৰণ হয়, ধনৰ পৰা ধৰ্ম, তাৰ পিছত সুখী হয়৷ গতিকে সুখৰ দিনৰ বাবে প্ৰথম প্ৰয়োজনীয়তাই হ'ল বিদ্যা। আওপকীয়াকৈ হ'লেও সুখ আহৰণৰ বাবে বিদ্যা, ধন আদি সকলোৰে আৱশ্যকতা আছে। হয়তো সেইবাবেই ক'ৰনাৰ পৰৱৰ্তী কালছোৱাৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি সচেতন হৈ এই ভাইৰাছে বিধ্বস্ত কৰি তোলা মানৱজাতি আজি সংকিত হৈ পৰিছে। চাক্ষুষ অভিজ্ঞতা গোটালোঁ, মহামাৰীয়ে কিদৰে বিপদাপন্ন কৰি তুলিছে মানুহৰ জীৱন। ক'ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বৰ মানৱ জাতিকেই আতংকিত কৰি তুলিছে। প্ৰতিটো খণ্ডতে ইয়াৰ প্ৰভাৱ পৰিছে। অৱশ্যেই প্ৰকৃতিয়ে উশাহ লৈছে। সকলো শ্ৰেণীৰ মানুহেই পোনপটীয়া অথবা আওপকীয়া ভাৱে মোকাবিলা কৰিব লগীয়া হৈছে এই মহামাৰীৰ সৈতে। দৈনিক উপাৰ্জনেৰে গুৱাহাটীৰ দৰে এখন ব্যয়বহুল চহৰত মাহেকৰ মূৰত ঘৰ ভাড়া দি ঠিক ঠাককৈ চলি যোৱা বহু পৰিয়ালৰ জীৱনলৈ আন্ধাৰ নামি আহিছে। এষাৰ কথা আছে নহয় যে বহি বহি খালে কুবেৰৰ ধনো টুটি আহে। গতিকে এনে পৰিস্থিতি দীঘলীয়া হ'লে অধিকজনৰ বাবে ই ভয়াবহ হৈ পৰিব। এনে বহু লোক আছে যিয়ে সীমিত এক আয় উপাৰ্জনৰ দ্বাৰা সীমিত এক জীৱনধাৰা অতিবাহিত কৰি আছিল, যাৰ আকালো নাছিল, অভাৱো নাছিল। কিন্তু তলাবন্ধৰ কালছোৱাই এইচামলৈ বৰ বিপদ মাতি আনিছে।

মাটিয়েই খাটি বুলি এষাৰ কথা আছে। এই তলাবন্ধৰ সময়ছোৱাত অসম ভূমিৰ এখন বৰ দুখজনক ছবি স্পষ্ট হৈ পৰিছে। গৃহভূমিৰ সোণ হেন মাটিক আওকাণ কৰি আমাৰ ৰাজ্যৰ এক বুজন সংখ্যক যুবক-যুবতী পৰৰ ৰাজ্যত ৮/১০ হাজাৰ টকাৰ বিনিময়ত শ্ৰম দান দি আছিল গৈ। দিল্লী, মুম্বাই আৰু দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা ক'ৰনা অতিমাৰীয়ে সমগ্ৰ মানৱ জাতিকে জুৰুলা কৰাৰ পৰত এই অসম মূলুকৰ বহু সন্তান গৃহৰাজ্য অভিমুখে উভতি আহিবলৈ বাধ্য হ'ল। অন্ততঃ সেইসকলে বুজক যে বিপদৰ সময়ত জনমভুমিতহে ভাত মুঠি মিলিছে। সকলো সময়তে চৰকাৰক ধিয়াই হাত সাৱটি বহি থাকিলে নহ'ব। সেইবুলি মই চৰকাৰৰ কৰণীয় নাই বুলিও ক'ব বিচৰা নাই। নিশ্চিত ভাৱে চৰকাৰৰ দায়িত্ব আছে। কিন্তু তাতকৈ বেছি দায়িত্ব আমাৰ নিজৰ। যাৰ নিজৰ বুলিবলৈ এডৰা মাটি আছে, যিয়ে নিজৰ মাটি ডৰাক সাৰুৱা কৰি তুলিব পাৰিছে, উৰ্বৰা কৰি তুলিব পাৰিছে, আৰু এইডৰা মাটিৰে উপাৰ্জনৰ বাট মুকলি কৰিব পাৰিছে, তেঁৱেই হ'ল দেশৰ সম্পদ। যিসকল যুৱক যুৱতীয়ে থলুৱা সামগ্ৰীৰে দেশৰ নতুন চামক আকৰ্ষণ কৰিব পৰাকৈ এখন বজাৰ সৃষ্টি কৰিব পাৰিছে, তেওঁ হ'ল দেশৰ সম্পদ। ইয়াৰ বাবে অলপ অধ্যয়ন লাগিব । বিজ্ঞান সন্মত ভাৱে আধুনিক পদ্ধতিৰে কেৱল খেতি কৰিলেই নহ'ব, তাৰ বাবে বজাৰ খনৰ কথাও চিন্তা কৰিব লাগিব। অকনমান বুদ্ধিমত্তাৰে কাম কৰিলে কালিলৈ ৮/১০ হাজাৰৰ বিনিময়ত শ্ৰম দান দিয়া ল'ৰাজনে দুদিন পাছত ৮/১০ জনক দৰমহা দি সংস্থাপন দিব পাৰিব।

উঠি অহা প্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ বাট অগ্ৰজ সকলে দেখুৱাব লাগিব, বুজাব লাগিব। প্ৰজন্মৰ পিছত প্ৰজন্মই কৰ্মৰ সুফল ভোগ কৰিব পাৰিব। কেৱল ধান, মৰাপাট, সৰিয়হ বা শাক পাচলিৰ খেতিয়েই কৰিবনে? আমি চাহিদা অনুযায়ী কাম কৰিব লাগিব। ফুলৰ খেতি, মাছৰ খেতি সকলো ফালে লক্ষ্য কৰক। যিকোনো ক্ষেত্ৰত হাত দিয়াৰ আগতে চাহিদা কিমান, উৎপাদন কিমান ইত্যাদি অধ্যয়ন কৰিব লাগিব। ধৰক ফুলৰ ক্ষেত্ৰখনৰ কথাই কৈছোঁ। আজিকালি পূজা আদিৰ পৰা আৰম্ভ কৰি বিয়া বা বিভিন্ন পাৰ্টি আদিৰ সাজ সজ্জালৈকে ফুলৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাই আহিছে। তাৰোপৰি ফুলৰ ৰসৰো যথেষ্ট উপকাৰিতা আছে। আজিকালি টিজান(Tisane) অৰ্থাৎ ফুল , ফল বা ফল-ফুলৰ গছৰ পাত সিজাই প্ৰস্তুত কৰা চাহ বৰ জনপ্ৰিয় হ'বলৈ ধৰিছে। সমাগত সময়ত এই বিষয়টোৱেও বজাৰ দখল কৰিব। বহিঃ ৰাজ্যৰ পৰা দৈনিক কিমান ফুল আমদানি কৰি আনি থকা হৈছে , তালৈ লক্ষ্য কৰক। ফুলৰ চাহিদা বৃদ্ধিৰ সম্ভাৱনীয়তা আছে নেকি, ইও এক গুৰুত্বপূৰ্ণ কথা। ফাঁচি বজাৰৰ ফুলৰ ব্যৱসায়ী সকলৰ মতে হাজো ,ৰঙীয়া, মৰিগাঁও, নগাঁৱৰ পৰা যথেষ্ট পৰিমাণৰ ফুল গুৱাহাটীৰ বজাৰলৈ আহে যদিও, কলকাতা বা বাঙ্গালুৰুৰ পৰা অহা ফুলৰ চাহিদাহে মহানগৰীত বেছি। যদি পদ্ধতিগত ভাৱে এইক্ষেত্ৰত কোনো থলুৱা যুৱক বা যুৱতীয়ে কাম কৰিবলৈ আগবাঢ়ি আহে, নিজৰ লগতে মোৰ বিশ্বাস যে আন দহজনকো সবলিকৰণ কৰিব পাৰিব।

গৰম ধোৱা ওলাই থকা আবেলিৰ এপিয়লা চাহ কাৰনো প্ৰিয় নহয়? ১৮৩৭ চনত অসমৰ চাবুৱাত প্ৰথম খন চাহ বাগিচা গঢ় লৈ উঠে আৰু ১৮৪০ চনৰ পৰাই ব্যৱসায়িক ভাৱে চাহপাত উৎপাদনৰ প্ৰস্তুতি চলোৱা হয়। চাহপাতৰ বাবে যে আমাৰ অসমৰ স্থান সুকীয়া, সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজনীয়তা নাই। সমগ্ৰ বিশ্বৰ ভিতৰত ১১% চাহপাত উৎপাদন হয় অসমত। আনহাতে ভাৰতবৰ্ষত উৎপাদন হোৱা সৰ্বমুঠ চাহপাতৰ 51% চাহপাতেই অসমত উৎপাদিত হয়। কিন্তু ব্যৱসায়িক ভিত্তিত কেমেলিয়া ছাইনেন্ছিছ (Camelia Sinensis) নামৰ গছৰ সৈতে ,যাক আমি স্থানীয় ভাষাত চাহগছ বুলি জানোঁ, বা এই চাহপাতৰ সৈতে কাম কৰা থলুৱা ব্যক্তি অসমত কিমানজন ওলাব? সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা উন্নত মানৰ অসমৰ চাহপাতৰ সৈতে ব্যৱসায়িক ভাৱে জড়িত হোৱা থলুৱা যুৱক যুৱতীৰ সংখ্যা কিন্তু অতি শোচনীয়।

আন এটা দিশলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ, অসমত উৎপাদিত ৩৪ বিধ ভিন ভিন প্ৰজাতিৰ বাঁহৰ ৩ ভাগৰ ২ অংশ বাঁহেই বহিঃ ৰাজ্যলৈ ৰপ্তানি কৰা হয়। বাঁহৰ পৰা কেৱল কাগজেই প্ৰস্তুত কৰা হয়নে? বাঁহেৰে কেৱল আঁচ-বাব , সা-সঁজুলি বা গৃহ আদিয়েই নিৰ্মাণ কৰা হয়নে? বাঁহৰ বনৌষধি গুণো আছে। বাঁহৰ সাকোঁ খনৰ পৰা আমি পৰিধান কৰা কাপোৰলৈকে বাঁহ ব্যৱহৃত হৈ আহিছে। বাঁহৰ ধুনীয়া ধুনীয়া অলংকাৰবোৰৰ কথা নক'লোৱেই যেনিবা। ভাৰতবৰ্ষত উৎপাদিত সৰ্বমুঠ বাঁহৰ ১৬% বাঁহেই আমাৰ ৰাজ্যত উৎপাদিত হয়। অথচ থলুৱা কিমান জনে ব্যৱসায় ভিত্তিত বাঁহৰ সৈতে কাম কৰিছে?

এতিয়া থুলমূলকৈ এইটোৱেই ক'ম যে থলুৱা সামগ্ৰীকে মূলধন হিচাপে লৈ অসমৰ ল'ৰাই অসমতে ব্যৱসায় কৰি সফল হোৱাৰ উদাহৰণ এইখন অসমতে আছে। অসমত খোপনি পোটাৰ পাছত আমাৰ থলুৱা সামগ্ৰী বাহিৰলৈও প্ৰসাৰিত কৰিব পাৰিছে। গতিকে প্ৰয়োজনত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই হ'লেও থলুৱা সম্পদৰ প্ৰতি উঠি প্ৰজন্মক আগ্ৰহী আৰু আকৰ্ষিত কৰি তুলিব পাৰিলে ৰূপে ৰসে ভৰা আমাৰ অসমখন বিশ্বৰ দৰবাৰত জিলিকি থাকিব। যিহেতু মাটিতকৈ খাটি একো নাই, আহক আমি প্ৰতিজন অসমীয়াই আজি জাতিটোৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈ বিশ্বৰ এই মহাসংকট কালত স্থানীয় সম্পদৰ সদ্ব্যৱহাৰেৰে ৰাজ্যখনক চহকী কৰি গৌৰৱ অৰ্জন কৰোঁ।