চোৰাংচোৱা ৰাজকন্যা নূৰ- নাজী হিটলাৰক বিপাঙত পেলোৱা ভাৰতীয় মূলৰ মহিলাগৰাকী

ডেইজী গগৈ

চোৰাংচোৱা ৰাজকন্যা---- কিবা যেন আচহুৱা লগা কথা । কিয়নো পৌৰাণিক আখ্যান সমূহতেই হওক অথবা ৰজা- মহাৰজাৰ কাহিনীতেই হওক সৰহসংখ্যক ৰাজকন্যাৰ ভাৱমূৰ্তি মৰমত আটোলটোলকৈ ডাঙৰ হোৱা ৰজাৰ থুনুকা আকলুৱা দুহিতা ৰূপেই অংকণ কৰা হয় যি অপেক্ষাৰত হৈ থাকে শুকুলা ঘোঁৰাত অহা কোনো সুদৰ্শন ৰাজকুমাৰলৈ । কিন্তু বাস্তৱত বহু এনে সাহসী ৰাজকন্যা ও আছে যি নিজৰ সাহ- দক্ষতাৰ বাবে যুগে যুগে চৰ্চিত আৰু বন্দিত । যি সীমাৰ গণ্ডী ভাঙি নিজ গুণ আৰু শক্তিৰে যুগজয়ী হৈ পৰিছে ‌অথবা নিজেই সৃষ্টি কৰিছে একোটা যুগৰ ।

এনে এগৰাকী সাহসী ‌ৰাজকন্যাই হ'ল এই লেখাৰ বিষয় । এগৰাকী চোৰাংচোৱা ৰাজকন্যা । নাম নূৰ ইনায়ত খান । ৰাছিয়াত জন্ম লাভ কৰা নূৰ আছিল এজন ভাৰতীয় চুফী সংগীতকাৰ আৰু আমেৰিকান মাতৃৰ সন্তান । British Special Operation Executive (SOE) ৰ এগৰাকী আগশাৰীৰ চোৰাংচোৱা হিচাপে কৰ্মৰত আছিল নূৰ । বুকুত আছিল অসীম সাহস আৰু তেজত আছিল ৰাজকীয় ভাবভংগী । কিয়নো নূৰ আছিল মহীশূৰৰ সম্ৰাট চুলতান ফাটেহ আলী খান চাহাব অৰ্থাৎ টিপু চাহেব টিপু চুলতানৰ পৰি- নাতিনী । ৰাজকীয় পৰি‌য়ালত জন্ম আৰু পেছাগত দিশৰ দক্ষতাৰ সংমিশ্ৰণেৰে নূৰ পৰিগণিত হৈছিল Spy Princess অৰ্থাৎ চোৰাংচোৱা ৰাজকন্যা হিচাপে । পিতৃপ্ৰদত্ত নাম নূৰ- উল - নিচাতকৈ তেওঁ জনাজাত হৈ পৰিছিল নূৰ‌- উন‌- নিছা- ইনায়ত খান আৰু পিছলৈ নূৰ ইনায়ত খান ৰূপে । ১৯১৪ চনত জন্ম লাভ কৰিছিল নূৰে । পিতৃ হজৰত ইনায়ত খান ।হজৰত ইনায়ত খানৰ চাৰিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল নূৰ । ৰাছিয়াত জন্ম গ্ৰহণ কৰিলেও ইংলেণ্ড আৰু ফ্ৰান্সতেই জীৱনৰ বেছিভাগ সময় পাৰ কৰিছিল নূৰে । ইউৰোপীয় ভাষা ৰ লগতে উৰ্দু তো আছিল নূৰৰ অগাধ দখল । প্ৰাচ্য আৰু পাশ্চাত্য দুয়োটাৰে সংস্পৰ্শলৈ আহি নূৰ হৈ পৰিছিল সেই সময়ৰে গ্ল'বেল চিটিজেন ।নূৰ যেন এক সংযোগ সূত্ৰ ভাৰত আৰু ব্ৰিটেইনৰ ইতিহাসৰ , কিয়নো ভাৰতীয় মূলৰ এইগৰাকী নাৰীয়ে ব্ৰিটেইনৰ বাবে কৰিছিল চৰম ত্যাগ ।

দ্বিতীয় বিশ্বযুদ্ধৰ ‌আৰম্ভণিৰ সময়ছোৱাতে জাৰ্মানে ফ্ৰান্স অধিগ্ৰহণ কৰাত নূৰৰ পৰিয়াল লণ্ডনলৈ ৰাওনা হয় । সেই সময়ত নূৰ "পেচিফিক" ধাৰণাৰে ভীষণভাবে প্ৰভাৱিত হৈছিল । সেয়েহে ভাতৃ বিলায়ত ইনায়ত খানৰ সৈতে নূৰো বদ্ধপৰিকৰ হৈছিল যে " নাজী ৰ বিৰুদ্ধে ঘোষণা কৰা হ'ব জেহাদ" । সেয়েহে ১৯৪০ চনৰ ১৯ নবেম্বৰত নূৰে Women's Auxiliary Air Force চমুকৈ WAAF ত এগৰাকী দ্বিতীয় শ্ৰেণীৰ Aircraft Woman হিচাপে যোগদান কৰে । এই সময়ছোৱাতে তেওঁ Wireless Operation ৰো প্ৰশিক্ষণ লয় । ইয়াৰ পিছতেই নূৰে ফ্ৰান্স শাখাৰ Special Operation Executive ( ‌‌SOE) ত যোগদান কৰে আৰু ১৯৪৩ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত Directorate of Air Intelligence ৰ Air Ministry ত কৰ্মৰত হয় । প্ৰশিক্ষণৰ সময়ছোৱাত নূৰ ইনায়ত খান হৈ পৰে ন'ৰা বেকাৰ । ফৰাচী ভাষাত থকা সুন্দৰ দখল, wireless operation ত পাৰদৰ্শিতা আৰু অভিজ্ঞতাই নুৰক জাৰ্মানীৰ SOE ত কৰ্মৰত হ'বৰ বাবে সবাতোকৈ যোগ্য প্ৰতিনিধি হিচাপে পৰিগণিত কৰিলে । সেই মৰ্মেই ১৯৪৩ চনৰ জুন ৰ ১৬ কিম্বা ১৭ তাৰিখৰ নিশা নূৰে প্ৰৱেশ কৰে শত্ৰু অধ্যুষিত ফ্ৰান্সত । দুগৰাকী অনা SOE মহিলা সতীৰ্থৰ সৈতে নূৰে ফ্ৰান্সচ চুটটিলে নামৰ বিষয়া এগৰাকীয়ে প্ৰতিনিধিত্ব কৰা Prosper নামৰ এটি অভিযানতো যোগ দিয়ে । পিছে ইয়াৰ এক- ডেৰমাহৰ পিছতেই Prosper অভিযানত কৰ্তব্যৰত আন কৰ্মীসকল শত্ৰুৰ হাতত ধৰা পৰে । এনে সন্ধিক্ষণতে নূৰে ব্ৰিটেইনলৈ পুণৰ ঘূৰি যোৱাৰ সুযোগ পাইছিল যদিও সেয়া গ্ৰহণ নকৰি নিজ কৰ্তব্যত নিয়োজিত হৈ থাকিল । নূৰে অকলশৰেই ৱায়াৰলেছ ট্ৰেন্সমিছনৰ যোগেদি শত্ৰুপক্ষৰ লণ্ডনক দিয়াত সক্ষম হৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ নাজী সকলৰ হৈ কাম কৰা ফ্ৰান্স এয়াৰ ফৰ্চৰ পাইলট এজনৰ বাবেই নূৰ ধৰা পৰে শত্ৰুৰ হাতত । ১৯৪৩ চনৰ সম্ভৱতঃ ১৩ অক্টোবৰ তাৰিখে নূৰ ইনায়ত খানক গ্ৰেপ্তাৰ কৰা হয় আৰু পেৰিছত অৱস্থিত Sicherheits Dienst ( SD) ৰ মুখ্য কাৰ্যালয়ত জেৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । চলোৱা হয় অকথ্য মানসিক নিৰ্যাতন আৰু প্ৰয়োগ কৰা হয় প্ৰচণ্ড হেঁচা - মুখ খুলিব লাগিব নূৰে আৰু দিব লাগিব বিতং তথ্য । পিছে হেঁচা, নিৰ্যাতন একোৱেই টলাব নোৱাৰিলে নূৰক। নিজ সিদ্ধান্ততেই নূৰ অটল হৈ থাকিল সাংঘাতিক মনোবলেৰে । নূৰৰ এই সাংঘাতিক মনোবলে কপাঁই তুলিছিল নাজী সকলক । নূৰৰ জেৰাৰ দায়িত্বত থকা বিষয়া হেনচ্ কিফাৰে যুদ্ধৰ পিছত স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে অবিৰত জেৰা আৰু প্ৰচণ্ড হেঁচাৰ পিছতো তেওঁ নূৰৰ মুখৰ পৰা এটা টু শব্দ ও বাহিৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।

লক্ষণীয় ভাৱে ১৯৪৩ চনৰ ২৫ নবেম্বৰত দুই SOE সতীৰ্থৰ সৈতে SD ৰ মুখ্য কাৰ্যালয়ৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল নূৰ । নূৰক কৰায়ত্ত কৰিবলৈ আকাশমাৰ্গেৰে এক অভিযান চলোৱা হৈছিল । শত্ৰুৰ হাতত পুনৰাই ধৰা পৰাৰ‌ পিছত নূৰ ইনায়ত খানক ১৯৪৩ চনৰ ২৭ নবেম্বৰত জাৰ্মানীলৈ লৈ যোৱা হয় । বাহিৰৰ পৃথিৱীৰ পৰা সম্পূৰ্ণভাৱে বিচ্ছিন্ন কৰি কাৰাবন্দী নূৰৰ ওপৰত এইবাৰো অবিৰত জেৰা আৰু হেঁচা প্ৰ‌য়োগ কৰা হয় । কিন্তু নূৰ নাচোৰবান্দা । জেৰা, হেঁচা একোৱে টলাব নোৱাৰাত ১৯৪৪ চনৰ ১১ ছেপ্তেম্বৰত নূৰ সহিতে আন তিনিগৰাকী SOE চোৰাংচোৱাক Dachau Concentration Camp লৈ স্থানান্তৰ কৰা হ'ল । লাহে লাহে নূৰ হৈ পৰিল নাজী সকলৰ বাবে এক অসহ্যকৰ প্ৰত্যাহ্বান । শীৰ্ষতকৈও শীৰ্ষ পৰ্যায়ৰ বিষয়ায়ো নূৰৰ মুখেদি কোনো তথ্য উলিয়াবলৈ সক্ষম হোৱা নাছিল । নূৰৰ অটল মনোভাৱে যেন তাচ্ছিল্য কৰিছিল নাজী সকলক, সেয়ে সিদ্ধান্ত লোৱা হৈছিল নূৰ ইনায়ত খানৰ অস্তিত্বকে পৃথিৱীৰ পৰা নি:শেষ কৰি পেলোৱাৰ ।

১৯৪৪ চনৰ ১৩ ছেপ্তেম্বৰৰ পুৱাৰ সময় । নূৰৰ সৈতে আন তিনিগৰাকী সতীৰ্থ ক শুনোৱা হ'ল শাস্তি --- মৃত্যুদণ্ড । SS Trooper ৰ ভাৰপ্ৰাপ্ত বিষয়া ফ্ৰেডৰিক্ উইলহেম্ ৰূপাৰ্টে চাৰিগৰাকী চোৰাংচোৱাৰ ওপৰতই গুলী বৰ্ষণৰ নিৰ্দেশ দিয়ে । নিৰ্দেশ মৰ্মে সেনাই ক্ৰমে মেডেলেইন ডামেৰমেন্ট , এলিয়েন প্লিউমেন্ট আৰু য়'লাণ্ডে বিকমেনলৈ গুলীবৰ্ষণ কৰে । ইয়াৰ পিছতে পাল পৰে চতুৰ্থ গৰাকী বন্দীৰ । যি গৰাকী বন্দীয়ে টোপনি হৰিছিল নাজীসকলৰ , যি হৈ পৰিছিল তেওঁলোকৰ বাবে এক টলাব নোৱাৰা অসহ্যকৰ প্ৰত্যাহ্বান । উইলহেমে সেনাক এই চতুৰ্থ গৰাকী বন্দীৰ ওপৰত গুলী বৰ্ষণৰ নিৰ্দেশ বন্ধ কৰে , বৰঞ্চ নিজে আগবাঢ়ি আহে তেওঁৰ চিৰ আকংক্ষিত বন্দী গৰাকীক চৰম শাস্তি দিবলৈ আৰু সেই মৰ্মেই নিজৰ ৰাইফলেৰে প্ৰহাৰ কৰে সেই গৰাকী বন্দী‌ক ।‌প্ৰহাৰত বন্দী গৰাকী অৰ্থাৎ নূৰ মাটিত বাগৰি পৰাৰ‌ আগতেই উইলহেমে বন্দুকৰ গুলীৰে ঠকাসৰকা কৰে তেওঁৰ দেহ । কিন্তু ইয়াৰ পিছতো হাৰ নামানি তেওঁ ঠিয় হ'বলৈ প্ৰাণেপ্ৰণে চেষ্টা কৰোঁতেই উইলহেমে পুণৰ মূৰৰ পিছফালে গুলীয়াই আৰু অৱশেষত এনেদৰেই অন্ত পৰে ভাৰতীয় মূলৰ এইগৰাকী দু:সাহসী মহিলাৰ জীৱনৰ যাক প্ৰকৃতাৰ্থত অভিহিত কৰিব পাৰি এগৰাকী দুৰ্দান্ত দেশপ্ৰেমী হিচাপে । নিয়তিৰো কি পৰিহাস! দক্ষিণ ভাৰতৰ শেষৰ জন মোগল সম্ৰাট টিপু চুলতানৰ পৰি-নাতিনী নূৰ - ইনায়ত- খান , এফালে আজোককাকে ভাৰতৰ বাবে বৃটিছ ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে যুঁজ কৰি প্ৰাণ আহুতি দিলে , আনফালে পৰি- নাতিনী নূৰে জীৱন উৎসৰ্গা কৰিলে নাজী ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে যুঁজ কৰি ব্ৰিটেইনৰ বাবে । স্বাধীনতাৰ হেপাঁহ যেন ককা- নাতিনী দুয়োৰে তেজে - তেজে , শিৰে- শিৰে প্ৰবাহিত হৈছিল । মৃত্যুৰ সময়ত নূৰৰ মুখত শেষ শব্দটি আছিল "Liberate" অৰ্থাৎ স্বাধীনতা ।

নূৰৰ ত্যাগ আৰু দেশভক্তিৰ বাবে বৃটিছ চৰকাৰে তেওঁক মৰণোত্তৰভাবে বিভিন্ন সন্মানেৰে বিভূষিত কৰে । ১৯৪৯ চনত ব্ৰিটেইনৰ সৰ্বোচ্চ অসামৰিক সন্মান George Cross সন্মানেৰে প্ৰথম বাৰৰ বাবে এগৰাকী এছিয়ান মূলৰ মহিলা নূৰ- ইনায়ত- খানক সন্মানীত কৰা হয় । উল্লেখনীয় যে ব্ৰিটেইনৰ কেৱল চাৰিগৰাকী মহিলাকহে এই সন্মান প্ৰদান কৰা হৈছে । তাৰে তিনিগৰাকী মহিলাকে দ্বিতীয় মহাযুদ্ধৰ সময়ত তেওঁলোকে প্ৰদৰ্শন কৰা বীৰত্ব, সাহসিকতা তথা ত্যাগৰ বাবে এই সন্মানেৰে বিভূষিতা কৰা হৈছে ।

ভাৰতীয় মূলৰ এইগৰাকী চোৰাংচোৱা ৰাজকন্যা নূৰ- ইনায়ত- খানৰ জীৱনৰ প্ৰথমছোৱা আছিল আন দহগৰাকী যুৱতীৰ দৰেই সাধাৰণ ।নূৰৰ পৰিয়ালে ফ্ৰান্সলৈ আহি থিতাপি লোৱাৰ পিছত নূৰ সংগীত আৰু লিখা-মেলাৰ প্ৰতি আকৃষ্ট হয় । যিহেতু পিতৃ হজৰত ইনায়ত খান আছিল চুফী গায়ক, গতিকে সংগীত আছিল তেওঁৰ তেজত । সংগীতৰ লগে লগে নূৰে গল্প, শিশু উপন্যাস আদি লিখাটো মনোনিবেশ কৰে । নূৰে লিখা গল্প সমূহ সেই সময়ৰ ফ্ৰান্সৰ সবাতোকৈ শীৰ্ষ পৰ্যায়ৰ বাতৰি কাকত Le Figaro ৰ শিশুৰ বাবে নিৰ্ধাৰিত পৃষ্ঠাত প্ৰকাশ পাইছিল ।নূৰে গৌতম বুদ্ধৰ বিভিন্ন আখ্যান সন্নিবিষ্ট কৰি Twenty Jataka Tales নামৰ এখনি সাধুপুথিও প্ৰকাশ ‌কৰি উলিয়াইছিল । এই পুথি খন ফ্ৰান্সৰ ‌লগতে আমেৰিকা আৰু ব্ৰিটেইনটো প্ৰকাশ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ ঠিক আগে আগে নূৰে হাতত লৈছিল শিশুসকলৰ বাবে এখন বাতৰি কাকত প্ৰকাশ কৰি উলিওৱাৰ কাম । কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ ‌আৰম্ভণিয়ে নূৰৰ জীৱনৰ গতিপথ সলাই পেলালে । সংগীত- কলমৰ সৈতে সম্পৰ্ক থকা নূৰে মূৰ পাতি ললে দেশৰ বাবে কাম কৰাৰ দায়িত্ব আৰু সেই দায়িত্ব পালন‌ কৰিয়েই কৰ্তব্যত কোনো হেৰফেৰ নকৰাকৈ নিজ সিদ্ধান্তত অটল হৈ থাকি নূৰ নিঃশব্দে গুচি গ'ল অজান্তিমুলুকলৈ । পিছে ৰচি গ'ল এক সোণোৱালী, গৌৰৱময়, সাহসী ইতিহাস । যি ইতিহাসত চিকাৰৰ বাবে ভোটাতৰা হৈ জিলিকি ৰ'ল নূৰ । দেহত ৰাজকীয় তেজ, শৌৰ্য - বীৰ্য, বুকুত অফুৰন্ত দেশপ্ৰেম আৰু সাহসিকতাৰ বাবে যুগে যুগে প্ৰাসংগিক হৈ‌ ৰব নূৰ - উন- নিচা - ইনায়ত খানৰ নাম,‌যাক আজি সমগ্ৰ বিশ্বই জানে নূৰ ইনায়ত খান ৰূপে ।যেতিয়াই দেশভক্তি , সাহসিকতা, বিশ্বাস আৰু শক্তিৰ কথা উত্থাপিত হ'ব, তেতিয়াই সমান্তৰালকৈ উচ্চাৰিত হ'ব ‌এইগৰাকী চিৰনমস্য সাহসী বীৰাংগনা ভাৰতীয় মূলৰ চোৰাংচোৱা ৰাজকন্যাৰ‌ নাম ।