"'সত্য' আজি শ্বাসৰুদ্ধ"

আবু চুফিয়ান উপ আৰক্ষী মহাপৰিদৰ্শক(ৰেলৱে) অসম, উলুবাৰী, গুৱাহাটী
AbuSufian

আজিকালি মিছা কথাৰ প্ৰচলন ইমান বেছি হৈছে যে প্ৰকৃত সঁচা কথাটো বিশ্বাস কৰিবলৈ আপুনি,মই কেতিয়াবা বিপাঙত পৰোঁ । স্মৰ্তব্য যে যিবোৰ মানুহে পৰচৰ্চা নকৰোঁ বুলি কৈ কেৱল আপোনাকহে কৈছোঁ বুলি আৰম্ভ কৰে সেইসকল আটাইতকৈ ভয়ানক ৷ সামাজিক মাধ্যমত বিষয় এটাৰ গুৰিলৈকে যোৱাৰ ধৈৰ্য্য নৰখা একাংশ ব্যক্তিৰ মন্তব্য দেখিলে ক'ত পলাও,ক'ত লুকাও লাগে ৷ পিছে উপায় নাই,পলাব খুজিলেও ক'ত পলাব;সকলোতে বনগুটিৰ ভয়ত পটলুং দাঙি ৰক্ষা নোপোৱাৰ দৰে অৱস্থা হয় ৷ গতিকে বনগুটি গুছাই গুছাই ইচাটবিচাট কৰি হ'লেও চলি থাকিবলগীয়া হয় । চাৰিওপিনে অপতৃণৰ পয়োভৰ ৷ এটা সময় আছিল যেতিয়া অতি সহজেই মানুহক বা মানুহৰ কথাবোৰ বিশ্বাস কৰিলেও বিপদৰ সম্ভাৱনা কম আছিল।অপ্ৰিয় হ'লেও সত্য যে আজিকালি সকলো যেন অভিমন্যুৰ চক্ৰবেহুত বন্দী । সততা,সাহস,বীৰত্বৰ যেন কাম নাই,মূল্যহীন ৷ ব্যতিক্ৰম আছে,কিন্তু নগণ্য ৷ এপাচি শাকত এটা জালুকৰ লেখিয়া ৷ সংশয় ইমান বৃদ্ধি হৈছে যে ব্যতিক্ৰমক বিশ্বাস নহয়, এনে লাগে যেন সেইবোৰ নাটকহে ৷ কৃত্ৰিম বা বুৰ্বকৰ কামহে ৷ ব্যতিক্ৰমীক হঁহা মানুহৰ সংখ্যা অধিক ৷

উল্লেখযোগ্য যে ইণ্টাৰনেট সহজলভ্য হোৱাৰ ঠিক আগে আগে একাংশ চতুৰ,চাটুকাৰৰ কথাক নিজৰ প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে শতাংশ উলিয়াই সত্যতাৰ অংশ অনুমান কৰিব পৰা গৈছিল ৷ কিন্তু ইণ্টাৰনেটৰ প্ৰাৱল্য বৃদ্ধি আৰু সহজ লভ্যতাৰ ফলত একাংশ নপতাফুকনৰ স্বঘোষিত পাণ্ডিত্যৰ দম্ভালিয়ে অন্য এক সংকটৰ সৃষ্টি কৰিছে ! ঘটনা এটা বা পোষ্ট এটাৰ সাৰমৰ্ম বিচাৰ নকৰি বা অপৰাধ সংঘটিত হোৱাৰ পাঁচমিনিটত তদন্ত সমাপ্ত কৰি কাক ধৰাশায়ী কৰে ঠিক নাই ৷ এনে স্বয়ম্ভু পণ্ডিতৰ হাতত চাৰি নম্বৰ খুটাৰ ক্ষমতা অৰ্পণ হোৱাৰ পিচত আৰু ৰক্ষা নাইকিয়া হয় । কাক ফাঁচী দিব লাগে,কাক উলংগ কৰিব লাগে তাৰ সিদ্ধান্ত দিয়াৰ দায়িত্ব তেওঁলোকৰ মুখত আখৈফুটাদি ফুটে,কলমত অগ্নি বৰষে ৷ বাৰু,এইবোৰ বাদ দিয়ক ৷

ইয়াতকৈ ভয়লগা আৰু এটা বৌদ্ধিক শ্ৰেণীৰ জন্মহোৱাটো মন কৰিবলগীয়া ৷ ইণ্টাৰনেটৰ সৎ ব্যৱহাৰ কৰি গুগল খুচৰি অনুবাদত দক্ষ সাহিত্যিক এই শ্ৰেণীয়ে  বিজ্ঞানৰ জয়গান গায় অথচ অন্ধবিশ্বাস-গোড়ামিৰ দিনেনিশাই পোষ্টম'ৰ্টেম কৰে ৷ তাৰ মাজতে এনে কামৰো অহৰ্নিশে সামাজিক মাধ্যমত প্ৰচাৰ কৰি নিজৰ হাজাৰ হাজাৰ অনুগামীৰ সৃষ্টি কৰে ৷ এই অনুগামীৰ একাংশই আকৌ মহাশয়ে যি কয় তাতেই হয়ভৰ দিয়ে ৷ মুঠতে মহাশয় বিজ্ঞান মনস্ক,নাস্তিক,অন্ধবিশ্বাস বিৰোধী কলি যুগৰ সমাজ সংস্কাৰক ৷ তেওঁ ভুল কথা ক'বই নোৱাৰে ৷ কিন্তু চাৰি নম্বৰ খুটাই মুখৰোচক কথাৰ পৰাই যেতিয়া ঘটনাৰ দোষী বিচাৰি পাই নিৰ্দোষী কাৰোবাক কাঠগড়াত থিয় কৰায়,কেতিয়াবা চুপাৰী লৈয়ো নিৰ্দোষী এজনক জনমানসত উলংগ কৰে সেই কথা বা ৰায়ত নতমস্তক হৈ এনে ইণ্টাৰনেট পণ্ডিত সমাজসংস্কাৰক সাহিত্যেকে যেতিয়া হয়ভৰ দি নিজৰ পৃষ্ঠা গৰম কৰে তেতিয়া সেইসকলৰো যে লাহে লাহে গাৰ কাপোৰ এটা এটাকৈ সুলকি পৰে। সেয়া নিজেই গম নাপায় বা পালেও আত্মঅহংকাৰৰ ছাঁৰে শৰীৰ ঢকাৰ বৃথা চেষ্টা কৰে ৷ এইশ্ৰেণীৰ সামাজিক মাধ্যম পণ্ডিত আন মাধ্যম শিয়াল পণ্ডিততকৈ কম ভয়ানক বা ক্ষতিকাৰক নহয় ৷ কাৰণ হাজাৰ হাজাৰ অনুগামীয়ে এনে পণ্ডিতৰ মিথ্যা প্ৰচাৰক বহুগুণে চৰায় বৌদ্ধিক সমাজৰ মাজত ৷তাৰ মাজৰে কেতবোৰ বৌদ্ধিক লোকেই এনে মিথ্যাচাৰক শতগুণে বঢ়াই দিয়ে আত্মপ্ৰত্যয়েৰে ৷ সেয়ে আজিৰ দিনত প্ৰচাৰ মাধ্যম,সি লাগে সামাজিক মাধ্যম,বৈদ্যুতিন মাধ্যম বা ছপা মাধ্যমেই হওক সকলো ধুৱলীকুৱলী । বিশ্বাসযোগ্যতাৰ তুলাচনীত বন্দী ৷ জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহ যেনেকৈ বিশ্বাসৰ যোগ্য হৈ থকা নাই তেনেকৈ সমাজত মতাদৰ্শৰ প্ৰচাৰ  আৰু প্ৰতিষ্ঠাৰ স্বঘোষিত চতুৰ্থ স্তম্ভও আজি থৰকবৰক যেনেকৈ মানুহো আজি সততা আৰু বিশ্বাস-অবিশ্বাসৰ তুলাচনীত উঠানমা কৰি আছে ৷ সেয়ে হয়তো সামগ্ৰিক ব্যৱস্থাটো আজি পণ্য বিজ্ঞাপনৰ দৰে অৰ্ধ সত্যতাৰ কাঠগড়াত দুলি আছে ৷ সত্যও প্ৰচাৰ নোহোৱা নহয়,কিন্তু মিথ্যাচাৰৰ ধুৱলীকুৱলীত "সত্য" আজি শ্বাসৰুদ্ধ ।