টেলিপেথি

ড° গায়ত্ৰী চুতীয়া বৰদলৈ সহযোগী অধ্যাপিকা, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়
Gayatri_Chutia_Bordoloi

বৰ্ণময় মানুহৰ জীৱন আৰু বৰ্ণময় মানুহৰ মন।বৰ্ণময় জীৱনটো পৰিচালিত হয় মনৰ দ্বাৰা।জীৱন ৰহস্যময়।তাতোতকৈ ৰহস্যময় মানুহৰ মন।এক বিশেষ অনুভূতি,অনুভৱে আচ্ছন্ন কৰি ৰাখে মন।" You cannot stop the feelings you have for someone.you can't lie to your self either.Your heart knows the truth all to well.এই কথা সমালোচকেও কৈ গৈছে।কি যে বিচিত্ৰ জীৱন!ৰহস্যময় জীৱন,ৰহস্যময় মন।মনতকৈ তীব্ৰবেগী পৃথিৱীত আৰু কি আছে?ৰূপ- আকাৰ নাই,নাই কোনে স্থিৰতা।তৃষ্ণাৰ্তত হৃদয়ৰ ব্যকুলতা,বেদনা-যন্ত্ৰণাত মানুহৰ কন্দা-কটা,খং-ক্ষুধাত মানুহৰ লম্ফ-জম্ফ আছিল বহি:প্ৰকাশেই হ'ল মনৰ স্বৰূপ।মন-ইমান সাৱলীলভাৱে অন্তৰাত্মাত লিপিট খাই থাকে যে কোনেও উলাই কৰিব নোৱাৰে।নেপোলিয়ন হিলে কৈছে-হয় তুমি মনক শাসন কৰা নহ'লে মনে তোমাৰ শাসন কৰিব

এনে বৰ্ণময় মনৰ কিমান যে প্ৰবৃত্তি আছে।এই ভিন্নমুখী অনুভূতি,অনুভৱবোৰ উৎস কিন্তু মন।মনৰ এনে প্ৰবৃত্তিৰ সম্পৰ্কত " Tyron Edwards-এ কৈছে "There is nothing so elastic as the human mind.'মনৰ কোন সময়ত কি পৰিস্থিতিত ৰূপ সলায়,তাৰ কোনো উৱাদিহ নাই।মনৰ এনে এক প্ৰবৃত্তি হ'ল 'টেলিপেথি'।এটা ইংৰাজী শব্দ।'টেলিপেথি' হ'ল গভীৰ অনুৰাগ,উপলব্ধি,অনুভৱ,অভিপ্ৰায় আদিৰে এজন ব্যক্তিলৈ মনৰ বাৰ্তা প্ৰেৰণ কৰা এক মাধ্যম।কিন্তু এই মাধ্যমত থাকে কেৱল মনৰ সংযোগ।দুখন হৃদয় বা দুটা মনৰ মানসিক সংযোগ হয় মুখ্য আৰু শব্দ হয় গৌণ।'টেলিপেথি'ৰ সম্পৰ্কত সমালোচকে কৈছে- The capability to communicate directly by psychic means the sympathetic affection of one of mind by the thoughts, feelings or emotions of another at a distance without communication through the ordinary channels of sensation.'

'টেলিপেথি'ৰ দৰে নাটকীয় ঘটনাত মোৰ মন প্ৰায় অনুসন্ধিৎসু হয়।মোৰ ব্যক্তিগত জীৱনত এই পৰিস্থিতিৰ প্ৰায়ে সন্মুখীন হওঁ।বন্ধুমহল বা আত্মীয়স্বজনৰ লগত এই প্ৰসংগত আলোচনা কৰোঁতে ইতিবাচক সহাঁৰি পাঁও।তেওঁলোকৰ জীৱনটো 'টেলিপেথি' হয়।বিশেষ কাৰণ নোহোৱাকৈ ব্যক্তি বিশেষৰ কথা বা প্ৰতিচ্ছবি মনলৈ আহে।কেতিয়াবা কোনো ব্যক্তিয়ে প্ৰতি উৎকণ্ঠা জাগ্ৰত হয়।অলপ সময়ৰ পিছত বা সেই মুহুৰ্ততে ব্যক্তিবিশেষক হয় দৰ্শন হয় বা টেলিফ'নিক কথা-বাৰ্তা হয়,নহ'লে তেওঁৰ প্ৰসংগই নাটকীয়ভাৱে হ'লেও সংযোগ-সাধন হয়।তেনেস্থলত এনে নাটকীয় ঘটনাক 'টেলিপেথি' বুলি কোৱাৰ বাহিৰে আন কি বুলি কব।

'টেলিপেথি'ত এজন ব্যক্তিৰ আন এজন ব্যক্তিৰ লগত একে সময়তে হয় আত্মিক সম্পৰ্ক।যন্ত্ৰহীনভাৱে কেৱল ইন্দ্ৰিয়জ অনুভূতিৰে গভীৰ অনুৰাগেৰে পৰস্পৰে সম্পূৰ্ণ অনুভৱী প্ৰক্ৰিয়াৰে মনৰ সম্পৰ্ক হয়।এই শক্তি মাধ্যাকৰ্ষণ শক্তিৰ দৰে।এনে নাটকীয় ঘটনা আপোনাৰ জীৱনত নিৰীক্ষণ কৰিলে বহুতো উদাহৰণ দেখিবলৈ পাব।মোৰ জীৱনত এনে নাটকীয় মুহুৰ্ত অহাৰ সময়ত মই প্ৰায়ে উপলব্ধি কৰো কি এই ৰহস্য?বিচিত্ৰ এই সংযোগ।এই প্ৰশ্ন কেৱল মোৰে হয়নে?হয়তো সকলোৰে।

১৮৮২ চনত ফেডৰিক উইলিয়াম হেনৰি ম্যচ্ছে প্ৰথম এই বিষয়টো উপস্থাপন কৰায়।আমাৰ ষষ্ঠ ইন্দ্ৰিয়ৰ লগত এই 'টেলিপেথি'ৰ ওতপ্ৰোত সম্বন্ধ।ই এক বৈজ্ঞানিক বিষয় আৰু হৃদয়ানুভূতিৰ বিষয়ত।এই সম্পৰ্কত অৰিত্ৰ দাস শৰ্মাই কৈছে-"টেলিপেথি কেৱল দুটা একে মনৰ মাজৰ সংযোগেই নহয়,ই দুখন হৃদয়ক,আত্মাক সংস্পৃক্ত কৰি ৰাখে।"গতিকে 'টেলিপেথি' এক চেতনাও,ই ভৌতিক চেতনাও।ইয়াৰ বৈজ্ঞানিক বিশ্লেষণো যথেষ্ট আছে।

বাস্তৱ অভিজ্ঞতাৰ আধাৰতে কৈছো -টেলিপেথিৰ কাৰণে লাগে হৃদয়ানুভূতি,অন্তৰাত্মাৰ সৈতে মনৰ নিবিড় সম্পৰ্ক।আপুনি সঁচা আৰু গভীৰ অনুভূতিৰে যদি কাৰোবাৰ অন্তৰাত্মাত টুকুৰিয়াব পাৰিছে,সেয়াও টেলিপেথি।কাৰোবাৰ কথা সঘনাই মনলৈ আহিছে,কাৰোবাক অকস্মাতে মনত পেলাইছে,ভাবি থাকোতেই সেইজনৰ পৰা ফ'ন-ক'ল আহিছে,ভাবি থাকোতেই সেইজন ব্যক্তিক দৰ্শন কৰিছে বা দিনটোৰ ভিতৰতে কিবা প্ৰকাৰে লগ পোৱাৰ সৌভাগ্য ঘটিছে- এই সকলোবোৰ মই ভাবো,টেলিপেথিৰ পৰাই হৈছে।

মানুহৰ বাবে ইয়াতকৈ আৰু আশ্চৰ্যজনক কথা কি আছে?জীৱনত যি পৰিস্থিতিতে নাথাকক,মানুহৰ জীৱনত বিশেষ অনুভূতি,অনুৰাগ,চেতনাই জীৱন্ত কৰি ৰাখে মন।মন কি যে দুৰ্জেয়,ৰহস্যময় আৰু টেলিপেথি?হ'ব পাৰে সকলোসময়তে,সকলোৰে মানসিকতাত বা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়,কিন্তু বাস্তৱত কম-বেছি পৰিমাণে এনে মুহুৰ্ত অপৰিচিতও নহয়।টেলিপেথিৰ প্ৰক্ৰিয়াত কৃতকাৰ্য হ'বলৈ হ'লে কিন্তু সাধনাৰো প্ৰয়োজন আছে।এই প্ৰক্ৰিয়াত বিভিন্ন পৰ্যায় আছে।নিয়মীয়া পৰিশীলনৰো প্ৰয়োজন আছে।মুঠতে মনে সকলো।এই পৃথিৱীত নহয় কি?নঘটে কি?কি যে বিচিত্ৰ মানুহৰ মন।অনেক গৰল বা মৌ-পালন কৰিও সজায় জীৱন।এনেদৰেই সজায় মন।বৰ্ণময় মনেৰে,আত্মিক অনুভূতিৰে কোনো ব্যক্তিবিশেষক টেলিপেথিৰে যোগসূত্ৰ হোৱাটো অসম্ভৱ নহয়,কাৰণ বৰ্ণময় মনেৰেতো জীৱনটো পৰিচালিত হয়।