সীমিত সম্পদ, অসীমিত সম্ভাৱনা

হিৰণ্য কুমাৰ নাথ অধ্যাপক,অৰ্থনীতি বিভাগ, ছেম হিউষ্টন ষ্টেইট্ ইউনিভাৰ্ছিটী, আমেৰিকা যুক্তৰাষ্ট্ৰ
HK_Nath

শিক্ষন আৰু শিকন প্ৰক্ৰিয়াত চৌপাশৰ ভৌতিক পৰিবেশে বাৰুকৈয়ে প্ৰভাৱ পেলায়! এটা শান্ত, সুন্দৰ, মনোগ্ৰাহী পৰিবেশে মন আৰু মননক উজ্জীৱিত কৰি শিক্ষন আৰু শিকন দুয়োটাকে অধিক ফলপ্ৰসু কৰি তোলা দেখা যায়। পঢ়াশলীয়া শিক্ষাৰ বাবে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। শিশু আৰু কিশোৰক পঢ়া বিষয়ৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চৌপাশৰ পৰিবেশটো প্ৰাণৱন্ত হোৱাটো নিতান্তই প্ৰয়োজনীয়।অপৰিস্কাৰ, পোহৰ নপৰা অনুজ্জ্বল এটা শ্ৰেণী কোঠাতকৈ পৰিস্কাৰ, উজ্জ্বল পোহৰেৰে আলোকিত এটা কোঠাত কণ-কণ শিশু আৰু কোমলমতীয়া কিশোৰ কিশোৰীয়ে শিকোৱা কথাবোৰ যে মনোযোগেৰে শুনি ভালকৈ আয়ত্ব কৰিব পাৰে সেই কথা সাধাৰণ পৰ্যবেক্ষণৰপৰা ক'ব পাৰি।ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত জনসংখ্যা অনুপাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত পঢ়াশালিবোৰত এটা সুন্দৰ ভৌতিক পৰিবেশৰ বাবে দৰকাৰী আন্তগাঁথনি গঢ়ি তোলা সম্ভৱ নহয়।এই অভাৱ গ্ৰামাঞ্চলৰ পঢ়াশালিসমূহত বাৰুকৈয়ে অনুভৱ কৰা যায়। সীমিত সম্পদৰ কাৰণে উদ্ভৱ হোৱা কিছুমান সমস্যা আমি একে ৰাতিতে সমাধান কৰিব নোৱাৰোঁ। প্ৰশ্ন হ'ল - আমাৰ সীমাবদ্ধতাৰ মাজতো পঢ়াশালিসমূহৰ ভৌতিক পৰিবেশৰ দৈন্যৰ কুপ্ৰভাৱসমূহ লাঘৱ কৰিব পাৰোঁনেকি? বিশেষকৈ আমি শিক্ষকসকলে কি কৰিব পাৰোঁ?

পঢ়াশালিৰ চৌহদ আৰু শ্ৰেণীকোঠা পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখা আৰু প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীৰ চাফ-চিকুণতাৰ ওপৰত চকু ৰখাটো শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এটা প্ৰধান দায়িত্ব বুলি মই বিশ্বাস কৰোঁ। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত স্বাস্থ্যবিধিৰ প্ৰতি চকু ৰখাটো, অভিভাবকসকলৰ স্বাস্থ্য তথা জনস্বাস্থ্য সম্বন্ধে সাধাৰণ সজাগতা নথকাৰ পৰিপ্ৰেক্ষিতত বিশেষভাবে গুৰুত্বপূৰ্ণ। এই দায়িত্ব পালন কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে জনস্বাস্থ্যৰ উৎকৰ্ষত অৰিহণা যোগোৱাই নহয়, পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ছাত্ৰ-ছাত্ৰীৰ সুস্বাস্থ্য সুনিশ্চিত কৰি শিক্ষন আৰু শিকনৰ সামগ্ৰিক পৰিবেশ উন্নয়নৰ পথো প্ৰশস্ত কৰে। কিছুমান সাধাৰণ পদক্ষেপে শিক্ষাৰ্থীসকলৰ কাৰণে ভৌতিক পৰিবেশটো শিক্ষন আৰু শিকনৰ অধিক অনুকুল কৰি তুলিব পাৰে। পঢ়াশালি চৌহদত প্ৰণালীবদ্ধভাবে গছ-গছনি, ফল-ফুলৰ গছ ৰুই পঢ়াশালিখনৰ সৌন্দৰ্যবৰ্দ্ধন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ মন-মননক উজলাই তুলি শিকাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰি। স্থানীয় প্ৰজাতিৰ বিভিন্ন ফল-ফুলৰ গছ ৰোপন কৰা আৰু শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক সেইবোৰৰ প্ৰতিপালন কৰা প্ৰক্ৰিয়াত জড়িত কৰাৰ কিছুমান উদ্ভাৱনী আঁচনিৰ কথা ভাবিব পাৰি। সুচিন্তিত তেনে আঁচনিৰ জৰিয়তে পৰিবেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ব্যৱস্থাপনাৰ বাস্তৱসন্মত প্ৰাৰম্ভিক জ্ঞানো শিক্ষাৰ্থীসকলক দিব পৰা যায়।

শ্ৰেণী কোঠাৰ ভিতৰত সীমাবদ্ধতাৰ মাজতো ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিব পৰা পৰিবেশ এটা কিদৰে গঢ়িব পাৰোঁ সেই কথা আমি নতুন ধৰণে চিন্তা কৰা প্ৰয়োজন। শিক্ষক হিচাবে আমি জানো যে শ্ৰেণীত পঢ়োৱা বিষয় অথবা পাঠটোৰ প্ৰতি শিক্ষাৰ্থীসকলক আগ্ৰহী কৰি তুলিব নোৱাৰিলে শিক্ষাদানৰ কাৰণে আমি কৰা সকলো প্ৰচেষ্টা আৰু কষ্টই বৃথা। পাঠদান কৰা পৰিবেশৰ সামান্য সাল-সলনিয়ে এই ক্ষেত্ৰত সহায় কৰিব পাৰেনে? উদাহৰণস্বৰূপে পৰম্পৰাগতভাৱে আমাৰ শ্ৰেণীকোঠাবোৰত ডেস্ক বেঞ্চবোৰ দুটা শাৰীত সমান্তৰালভাৱে সজোৱা হয়। ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলে ইজনে সিজনক মুখামুখিকৈ দেখা নেপায়। কিন্তু কিছুমান বিষয়ৰ শিক্ষন আৰু শিকনত শিক্ষাৰ্থীসকলে ইজনে সিজনক সমূখৰ পৰা দেখিলে অথবা কথোপকথনত লিপ্ত হ'লেহে বিষয়বস্তু আয়ত্ব কৰাৰ প্ৰক্ৰিয়াটো অধিক ফলপ্ৰসু হয়। সেয়ে শ্রেণীকোঠাত আমি ছাত্ৰ-ছাত্ৰীসকল আনধৰণে বহাৰ ব্যৱস্থা কৰিব নোৱাৰোনে? অৱশ্যে শ্ৰেণীকোঠাৰ আকাৰ, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, শিক্ষন আৰু শিকন সঁজুলি আৰু আচবাব পত্ৰৰ লভ্যতা ইত্যাদিয়েও আমি এই ক্ষেত্ৰত কি কৰিব পাৰোঁ বা নোৱাৰোঁ সেই কথা নিৰূপন কৰিব। কিছুমান বিষয়ৰ পাঠদানৰ কাৰণে মাজে সময়ে আমি শ্ৰেণীকোঠাৰ বাহিৰৰ মুকলি ঠাই এডোখৰ বাছি ল'ব নোৱাৰোনে? সেই মুকলি ঠাইডোখৰত শিক্ষন আৰু শিকনৰ অনুকুল প্ৰাকৃতিক পৰিবেশ এটা গঢ়ি তুলিব নোৱাৰো। আমেৰিকাত আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদতো প্ৰাকৃতিক পৰিবেশত পাঠদানৰ বাবে একাধিক স্থান বাছনি কৰা আছে যত শিক্ষাৰ্থীয়ে মাজে সময়ে কিছুমান বিষয়ৰ পাঠ গ্ৰহণ কৰে।

আমাৰ ব্যক্তিগত চাল-চলন, পিন্ধন-উৰণ, ব্যৱহাৰ পাতিয়েও শিক্ষাৰ্থীসকলক পঢ়াৰ প্ৰতি আগ্ৰহী অথবা নিৰুৎসাহিত কৰিব পাৰে। বৰ্তমান শোণিতপুৰ জিলাৰ ঠেলামৰাত তাহানি প্ৰাথমিক পৰ্যায়ৰ শিক্ষা আৰম্ভ কৰোঁতেই পৰিস্কাৰ ধুতি-পঞ্জাবী পৰিহিত সুদৰ্শন চেহেৰাৰ মিষ্টভাষী প্ৰধান শিক্ষক প্ৰয়াত লীলা কান্ত মহন্তৰ ব্যক্তিত্বই আমাৰ মনত মচিব নোৱাৰা সাজ বহুৱাইছিল। তেখেতৰ বিজ্ঞানৰ পাঠদান এতিয়াও জানিবা মোৰ কাণত স্পষ্টকৈ বাজি আছে। তেখেতৰ পিন্ধন-উৰণ, কথন ভঙ্গী যে আমাক তেখেতে পঢ়োৱা পাঠৰ প্ৰতি আমাৰ আগ্ৰহৰ এটা কাৰক আছিল সেই কথা আমি নিসন্দেহে ক'ব পাৰোঁ। আমাৰ দীঘলীয়া শিক্ষা জীৱনৰ বিভিন্ন পৰ্যায়ত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন শিক্ষানুষ্ঠানত এনে বহু শিক্ষকৰপৰা শিক্ষাগ্ৰহণৰ সুবিধা পাইছোঁ যিসকলৰ ব্যক্তিত্বৰ কিছুমান বিশেষ বৈশিষ্ট্যই আমাৰ শিকন প্ৰক্ৰিয়াক ফলপ্ৰসু আৰু সমৃদ্ধ কৰিছে।

আমাৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন আৰ্থসামাজিক পটভূমিৰ পৰা আহে। কিছুমানৰ আৰ্থিক অনাটন - হয়তো দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নেপায়। আন বহুতৰ মাক-দেউতাক অশিক্ষিত অথবা আধুনিক জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে তেওঁলোকৰ সজাগতাৰ অভাৱ। সেয়ে শিক্ষকসকলে তেওঁলোকৰ জীৱনত আনুষ্ঠানিকভাৱে সংজ্ঞায়িত দায়িত্বৰ বাহিৰত এটা ডাঙৰ ভূমিকা পালন কৰিবলগীয়া হয়। বিশেষকৈ শিক্ষাৰ্থীসকলৰ মানসিক উৎকৰ্ষৰ বাবে ই অতি গুৰুত্বপূৰ্ণ হৈ পৰে। আমি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কেনে ব্যৱহাৰ কৰোঁ সেইটোৱে তেওঁলোকৰ শিকাৰ আগ্ৰহ আৰু দক্ষতা নিৰূপণ কৰে। কেতিয়াবা শিক্ষকৰ এটা মিচিকিয়া হাঁহিয়েই এগৰাকী শিক্ষাৰ্থীৰ মনটোক অভাৱ-অনাটন অথবা আন সমস্যাৰপৰা আঁতৰাই আনি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে। নব্বৈৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঢ়িবলৈ আহোঁতে বন্ধু-বান্ধৱ, পৰিয়াল-পৰিজনৰপৰা হেজাৰ মাইল দূৰৈত প্ৰতি পুৱা আমাৰ অৰ্থনীতি বিভাগত কাৰ্যালয় সহায়িকা হিচাপে কাম কৰা মেল'ডী ৰাইচ নামৰ ভদ্ৰ মহিলা গৰাকীৰ মিচিকিয়া হাঁহি আৰু মাতৃত্বসুলভ কথা-বাৰ্তাই আমাৰ দৰে দেশ বিদেশৰ অনেক গৱেষণাৰ ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰাণ সঞ্চাৰি পঢ়া-শুনা-গৱেষণাত মনোনিবেশ কৰাত সহায় কৰিছিল।

ওপৰত আলোচনা কৰা কথাখিনিৰ পটভূমি এয়ে যে আমাৰ পঢ়াশালিবোৰত শিক্ষন আৰু শিকনৰ বাবে প্ৰয়োজনীয় পৰিবেশ আৰু সম্পদৰ অভাৱ। ফলস্বৰূপে শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি মানুহ হোৱাৰ প্ৰক্ৰিয়া ব্যাহত হোৱাৰ সম্ভাৱনা থাকে। সীমাবদ্ধতাৰ মাজতো শিক্ষকসকলে কৰিব অথবা ল'ব পৰা অনেক সৰু-বৰ উপায় থাকে যিবোৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণত ইতিবাচক প্ৰভাৱ পেলায়। তাৰ বাবে আমাক মাথো লাগে এটা সংবেদনশীল মন আৰু কিছু উদ্ভাৱনী চিন্তা। পৰিস্থিতি, পৰিবেশ, স্থান ভেদে এই উপায়বোৰ ভিন্ন হ'ব পাৰে।