ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু প্ৰাক্-প্ৰাথমিক শিক্ষা

ড° পংকজা বৰুৱা অধ্যক্ষ ডায়েট কামৰূপ তথা সভাপতি, জিলা শৈক্ষিক অন্তঃকৰণ গোট
PankajaBarua

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ৰ তৃতীয়খন শিক্ষানীতি , যি শিক্ষানীতিয়ে শিক্ষা জগতত আমূল পৰিবৰ্তন সাধনৰ কথা উল্লেখ কৰিছে ।ইয়াত কোৱা হৈছে যে সকলো শিশুক পাঠশালাৰ শিক্ষাই সামৰি ল'ব লাগিব আৰু তেনেকৈ শিক্ষাৰ মানদণ্ডও উন্নত কৰি গঢ়ি তোলা হ'ব । সেই কথা সাৰোগত কৰি ১২+২ স্কুলীয়া পাঠ্যক্ৰমৰ সালসলনি ঘটায় নতুন ৰূপত ৫+৩+৩+৪ বছৰীয়া পাঠ্যক্ৰমৰ সংযোজন কৰি শিক্ষা ব্যৱস্থাৰ নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে। ইয়াত অকল পাঠ্যক্ৰমৰ সাল-সলনিৰ কথাই কোৱা নাই । বয়সৰ মাপ-কাঠীৰ ও সালসলনি ঘটাই ৩-৮,৮-১১,১১-১৪ আৰু ১৪-১৮ বছৰ নিৰ্ধাৰণ কৰিছে য'ত এই স্কুলীয়া শিক্ষাৰ লগত ৩ বছৰীয়া বাধ্যতা মূলক প্ৰাক্ প্ৰাথমিক শিক্ষাৰ কথা বিশেষ ভাবে উল্লেখ কৰা হৈছে । বিভিন্ন প্ৰেক্ষাপটত প্ৰাক্- প্ৰাথমিক শিক্ষাক বিভিন্ন নামেৰে নামাকৰণ কৰা হয় যদিও বিশেষকৈ প্ৰাক্-প্ৰাথমিক বা অংগনবাদী নামৰেই জনাজাত । প্ৰাক প্ৰাথমিক শিক্ষা বুলি কলে সাধাৰণতে শিশুৰ যতন আৰু প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুতকৰণ প্ৰক্ৰিয়াকে বুজা যায় । এই শিক্ষা হ'ল ঘৰ আৰু বিদ্যালয়ৰ যোগসূত্ৰ ,যাক এখন দলঙেৰে সংযোগ বুলি ক'ব পাৰি ।

১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও প্ৰাক্-প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ সহায়ক কাৰ্য্যসূচী হিচাপে খেলা ধূলা আৰু ক্ৰিয়াকলাপকে গুৰুত্ব দিয়াৰ কথা ব্যাখ্যা কৰিছিল। লগতে ইয়াকো কৈছিল যে day care centreসমূহে কৰ্মৰত মহিলাসকলক কাম কৰাৰ সুবিধা দিয়াৰ লগতে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাতো গুৰুত্ব আৰোপ কৰিব। কিন্তু ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাক-প্ৰাথমিক শিক্ষাক অধিক সৱল ৰণনীতিৰ জৰিয়তে ৰূপায়ণ কৰাৰ পোষকতা কৰিছে । ইফালে বিভিন্ন মনোবৈজ্ঞানিক আৰু নিউৰ'ল'জিকেল গবেষণায়ো ইয়াকে প্ৰমাণ কৰিছে যে শিশুৰ ৮৫% মগজুৰ বিকাশ ৬ বছৰ বয়সৰ আগতে সম্পূৰ্ণ হয়। লগতে উল্লেখ কৰা প্ৰয়োজন যে শিশুৰ বিকাশত পৰিয়ালৰ দায়িত্বৰ দিশবোৰো বিশেষভাবে সম্পৰ্কিত। যিহেতু শিশুৰ প্ৰাৰম্ভিক শিক্ষা ঘৰৰ পৰাই আৰম্ভ হয় গতিকে পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্য সকলে শিশুৰ বিকাশৰ সকলো প্ৰক্ৰিয়া জনাতো অতিকৈ প্ৰয়োজন ।পিতৃ-মাতৃ বা অভিভাৱক সকলৰ ওপৰতেই শিশুৰ মানসিক স্বাস্থ্য,বৃদ্ধি আৰু বিকাশ নিৰ্ভৰ কৰে ।

বিশেষকৈ শিশুৰ জন্মৰ পৰা আঠ বছৰ বয়সলৈ এই সময়ছোৱাত দুটা ভাগত ভাগ কৰিব পৰা যায় সেয়া হ'ল ০-৩ আৰু ৩-৮ বছৰ। এই বয়স প্ৰাথমিক শিক্ষাৰ বাবে প্ৰস্তুতকৰণৰ সময় বুলি ধৰা যায় । সেইবাবে এই সময়ছোৱাত শিক্ষা ব্যৱস্থা হ'ব লাগে শিথিল প্ৰকৃতিৰ অথচ উদগনিমূলক। শিশুৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি কোনোধৰণৰ অহেতুক ভয় নোসোমোৱাকৈ এই পৰ্যায়ৰ শিক্ষা সংগঠিত কৰিব লাগে য'ত খেল-ধেমালী আৰু বহুমুখী শিকণ,প্ৰাক-সাংখ্যিক ধাৰণাৰ জ্ঞান বিশেষকৈ শাৰিৰীক আৰু পেশীৰ বিকাশ, মানসিক বিকাশ, সামাজিক আৰু আবেগিক বিকাশ ,সাংস্কৃতিক বিকাশ ,যোগাযোগ আৰু ভাষাৰ বিকাশ আদি সামৰি ল'ব পৰা যায়।

এতিয়া কথা হ'ল, কেনেকুৱা ক্ৰিয়াকলাপৰ জৰিয়তে শিশুৰ বিকাশ সমূহ কৰিব পৰা যাব । উদাহৰণ স্বৰূপে ক'ব পাৰি শাৰিৰীক বা পেশীৰ বিকাশৰ বাবে দৌৰা ,জঁপিওৱা ,খোজ কঢ়া , ভাৰসাম্য ৰক্ষা কৰা । মানসিক বিকাশ বা বোধ শক্তিৰ বিকাশৰ বাবে ক্ৰিয়াকলাপ হ'ল এক শুদ্ধ ধাৰণা য'ত থাকিব পাৰে চুটি-দীঘল,আগ-পাছ, ওপৰ-তল, ওখ- চাপৰ ,কম-বেছি, শকত- খীণ ,ৰঙৰ ধাৰণা আদি । কথোপকথন বা ভাষাৰ বিকাশ বুলি ক'লে গীত মাত, পদ্য, আবৃত্তি ,সাধু কথা আদি । সামাজিক বিকাশৰ ক্ষেত্ৰত সামাজিক সংগৰ সৈতে শিশুৰ অভিযোজন, ভাগ বতৰা বা মতামত বিনিময় ত্বৰান্বিত কৰাটোত গুৰুত্ব দিয়া হয়। আনহাতে আৱেগিক বিকাশৰ ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণৰ দক্ষতা গঢ়া, সাংস্কৃতিক কাৰ্যৰ সংযোগেৰে সম্পৰ্ক স্থাপন কৰা ,আনৰ ভাৱধাৰাক বুজি পোৱা আৰু সহায়কৰণ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিব পাৰি । বিশেষকৈ সুখ দুখ,বিষাদ ,খং ঈৰ্ষা আদিৰ প্ৰকাশ কৰাৰ দিশবোৰ শিশুসকলৰ ক্ষেত্ৰত বিশেষভাবে মন কৰিবলগীয়া । এটা বিকাশৰ কথা কোৱাৰ লগে লগে আন এটা বিকাশ জড়িত হৈ থাকে । এটাক বাদ দি আনটোৰ কথা কেতিয়াও সম্পূৰ্ণ নহয় । তাত মাত্ৰ গুৰুত্ব দিব লাগে যাতে শিকণ প্ৰক্ৰিয়াটো মাতৃভাষাৰ মাধ্যমেৰে হয় । তাত মাথো প্ৰয়োজন হয় উপযুক্ত শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা আৰু পৰিকল্পনা । লগতে উপযুক্ত শিক্ষক নিয়মানুৱৰ্তিতা আৰু নিৰাপত্তাৰ ব্যৱস্থা থকাতো অত্যন্ত গুৰুত্বপূৰ্ণ । ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ য়ে এইটোও কৈছে যে ২০৩০ চনৰ ভিতৰত শিক্ষাৰ বিকাশৰ আৰু আৰ্থ সামাজিক ভাৱে পিছ পৰা লোক সকলৰ শিক্ষা সুনিশ্চিত কৰিব লাগিব যাতে সমতাৰ সুচাংক সমতুল ৰূপত প্ৰতিষ্ঠা কৰি গুণগত মানদণ্ডৰে বহনক্ষম বিকাশৰ লক্ষ্যত(GOAL4 ) উপনীত হ'ব পৰা যায় । তাৰ বাবে প্ৰয়োজন হ'ব গুণগত মানদণ্ডৰ পাঠ্যক্ৰম আৰু উপযুক্ত শিক্ষকৰ । এইক্ষেত্ৰত UNESCO ৰ পৰা প্ৰকাশিত এক উক্তি প্ৰণিধানযোগ্য ---

'In the process of imparting formal education, curriculum plays a very important role. It is a plan of instruction that deals what students are to know, how they are to learn it, what the teachers' role is, and the content in other learning and teaching will take place.'

অসমৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা ব্যৱস্থাটো কিছু সুকীয়া । চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত একেধৰণৰ ৫ বছৰ বয়সৰ শিশুৰ বাবে 'ক' শ্ৰেণী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । আনহাতে সমাজকল্যাণ বিভাগৰ অধীনত ৩ বছৰীয়া অংগনবাদী পাঠ্যক্ৰমৰ ব্যৱস্থা আছে । কিন্তু কথাটো হ'ল প্ৰাক্-প্ৰাথমিক শিক্ষা ব্যৱস্থা 'ক' শ্ৰেণীয়ে হওক বা অংগনবাদীয়েই হওক, এখন বেনাৰৰ তললৈ আহি একে পাঠ্যক্ৰমৰে শিক্ষা গ্ৰহণ কৰিব পৰা হ'ব লাগিব । মাত্ৰ প্ৰয়োজন হ'ব প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক, শিকণ সামগ্ৰী,পুষ্টিকৰ খাদ্যৰ লগতে সঘনে স্বাস্থ্য পৰীক্ষা ইত্যাদি ।

ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) নতুন নীতিৰ আধাৰত শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । লগতে পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ভিতৰত আখৰ জ্ঞান ,সংখ্যা জ্ঞান(Foundational Literacy and Numeracy) আৰু প্ৰয়োজনীয় দিশসমূহ বিবেচনা কৰিছে । লগতে বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই প্ৰয়োজনীয় অৰ্হতা আহৰণ কৰিব পৰাকৈ স্মাৰ্ট ফোনৰ জৰিয়তে ডিজিটেল পাঠ্যক্ৰম আৰু 'DTH' চেনেলসমূহত শিক্ষামূলক কাৰ্যসূচী বৃদ্ধি কৰি কেতবোৰ আগতীয়া প্ৰস্তুতি ত্বৰান্বিত কৰিছে । প্ৰথম অৱস্থাত এই পদ্ধতি সমূহ ক্লাচটোৰ ৰিচ্চ কেন্দ্ৰৰ দ্বাৰা পৰ্য্যৱেক্ষণ কৰা হ'ব আৰু নিয়মীয়া পৰীক্ষণৰ বাবে মাহত এবাৰ কৈ হ'লেও সংযোগী পাঠদান অনুষ্ঠিত হ'ব । পৰৱৰ্তী পৰ্যায়ত উন্নত ধৰণৰ সু-ব্যৱস্থাৰ কথা কোৱা হৈছে ।

প্ৰাক্- প্ৰাথমিক শিক্ষাৰ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সমদৰ্শী বিভাগসমূহৰ লগত এক সমভাৱাপন্ন পৰিৱেশ গঢ়ি তুলিব লাগিব। প্ৰাক্-প্ৰাথমিক শিক্ষাৰ অধীনত থকা পাঠ্যক্ৰম আৰু পদ্ধতিসমূহ পোনপটীয়া ভাৱে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ লগত সম্বন্ধ থকাৰ লগতে পৰিকল্পনা আৰু প্ৰয়োগ কাৰ্য্যৰে সম্পৰ্কিত বিভাগ ,মহিলা আৰু শিশু বিকাশ বিভাগ ,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ ,জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত বিশেষভাবে সংযোগিত হ'ব। লগতে জনগোষ্ঠী অধ্যূষিত এলেকা সমূহৰ ক্ষেত্ৰত শিশুৰ যতন আৰু শিক্ষা বিষয়ক আশ্ৰম স্থাপন কৰি সকলো শিক্ষা পদ্ধতি সংযোগ কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ উপৰিও বিদ্যালয় শিক্ষাৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ এটা যুটীয়া 'টাস্ক ফৰ্চ' গঠনৰ কথাও ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ এ দোহাৰিছে। গতিকে নতুন শিক্ষানীতিৰ উপযুক্ত ৰূপায়ণে আমাৰ শিক্ষা ব্যৱস্থা তথা প্ৰজন্মৰ বিকাশক এক নতুন ৰূপত তুলি ধৰিব বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰো। ইয়াৰ বাবে শিক্ষাৰে জড়িত প্ৰতিগৰাকী ব্যক্তিসত্তাৰ মাজত এক নতুন উদ্যমো পৰিলক্ষিত হৈছে। আশা কৰোঁ এক বাস্তৱমুখী ৰূপায়ণে আমাৰ ৰাজ্যখনতো সাকাৰ ৰূপ পৰিগ্ৰহণ কৰিব।