মুখাৰ আঁৰৰ মুখা

কমলেশ্বৰ ডেকা বি আৰ পি, হাজো।
kamaleswar deka

গৰ্বিত আইৰ শেতেলিত
বিপ্লৱ আৰু কোলাহলৰ স্ফুৰণ
জাতীয়তাৰ বান্ধোন ছিঙি
সপোন ভঙাৰ নিষ্পেষণৰ আষ্ফালন
চৌপাশে সাহসৰ দোকোল-টকা বান
ভেটি কঁপিছে গৰীয়সীৰ
অসমীয়াৰ ঝংকাৰ আৰু হুংকাৰত
তাহানিতে গঢ়া
বাৰে বৰণীয়া সৃষ্টিৰ কৃষ্টিক
ৰক্ষা কৰিবলৈ
আৱেগৰ জোৱাৰত
যুক্তি আৰু শক্তিৰ প্ৰচ্ছায়াত
জাগি উঠিছে সংগ্ৰামী চেতনা।
প্ৰতিবাদৰ উত্তাল তৰংগই ভেদিছে গগন
বুজি পাইছে মন মগজুৱে
আই বুলি ভৱা প্ৰতিজন অসমীয়াই।
বুজা নাই মাথো কৃতঘ্নবোৰে
অমৰ প্ৰেমৰ গাথাত প্ৰতাৰণাৰ অনল
অসমীৰ বুকুত কেৱল নিষ্ঠুৰ পদাঘাত।
মুখাৰ আঁৰত মুখা পিন্ধা স্বাৰ্থন্বেষীৰ আঘাতত
ভীতিগ্ৰস্ত জননী,
ভ্ৰূক্ষেপ কৰা নাই সিহঁতে
আইৰ শীৰ্ণ-জীৰ্ণ উদাসীনতালৈ
দেশ গলেও যাক ৰসাতলে।
তোমাৰ ৰুগ্মমুখত
বিচাৰিলে জোনাক বিচাৰি পাওঁ
আশাহতঃ নহয় অসমীয়া
জিলিকি উঠিব নিশ্চয় এদিন
তোমাৰে অপৰূপৰ ৰূপৰেখা।