তত্ত্বাবধায়কৰ একাষাৰ

সংগীতা গোস্বামী জিলা আঁচনি বিষয়া ( শিক্ষক প্ৰশিক্ষণ), সমগ্ৰ শিক্ষা, কামৰূপ
sangita goswami

গুৰুবাৰ্তাৰ মাধ্যমেৰে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা সকলোকে স্বাগতম জনাইছো। সমগ্ৰ শিক্ষা কামৰূপ, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তথা জিলা অন্তঃকৰণ গোট, কামৰূপৰ সৌজন্যত 'গুৰুবাৰ্তা' বৈদ্যুতিন আলোচনীৰ তৃতীয় সংখ্যাটি আপোনাসৱৰ হাতত তুলি দিয়া হৈছে। আশা ৰাখিছোঁ, ইয়াৰ যোগেদি আমাৰ পঢ়ুৱৈ সমাজ উপকৃত হ'ব। আমাৰ বিভিন্ন শিতান, 'অকণিৰ আকাশ', 'শিক্ষকৰ প্ৰশ্ন বিশেষজ্ঞৰ সমাধান', 'ৰং তুলিকা' আদিৰ যোগেদি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকাৰ শৈক্ষিক সহায়ৰ এক প্ৰচেষ্টা হাতত লোৱা হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা নিত্যান্তই বাঞ্চনীয়।

সাম্প্ৰতিক সময়ত, ক'ভিড সৃষ্ট পৰিৱেশত, ছাত্ৰ-ছাত্ৰীসকল গৃহবন্দী হৈ পৰিছে। তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে আমাৰ সকলোৰে অবিৰত প্ৰচেষ্টা অত্যন্ত প্ৰয়োজনীয়।

ছাত্ৰ-ছাত্ৰীসকলৰ শিকন ঘাটি পূৰণৰ উদ্দেশ্যে জিলাখনত "কিৰণ" আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক সামৰি বিভিন্ন মাধ্যম, বিষয় ভিত্তিক, শ্ৰেণী অনুযায়ী কাৰ্যপত্ৰৰ যোগান ধৰা হৈছে। এই কাৰ্যপত্ৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে সঠিকভাৱে কৰিছে নে নাই আৰু প্ৰয়োজনীয় শিকনৰ অৰ্হতা সমূহ আহৰণ কৰিছে নে নাই, মূল্যায়ন কৰাটো শিক্ষক-শিক্ষয়িত্ৰী সকলক চৰকাৰীভাৱে দায়িত্ব ন্যস্ত কৰিছে। গতিকে, বৃহত্তৰ ছাত্ৰ-ছাত্ৰীৰ খাতিৰত এই দায়িত্ব পালন কৰাটো আমাৰ কাম্য।

ইয়াৰ উপৰিও বিদ্যালয়ৰ পুথিভঁৰালৰ পুথি ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ বাবে অভিভাৱকৰ যোগেদি প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ পুথি অধ্যয়নৰ অভ্যাস গঠন কৰিব পৰা যায়। বৈদ্যুতিন মাধ্যমেত "বন্ধু বিদ্যালয়"ৰ কাৰ্যসূচী অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ কবিতা আবৃত্তি, গীত-নৃত্য পৰিৱেশন, গল্প-কবিতা লিখা, কুইজ প্ৰতিযোগিতা, গছপুলি ৰোপণ ইত্যাদি ক্ৰিয়াকলাপৰ যোগেদি ছাত্ৰ-ছাত্ৰীক ঘৰতে ব্যস্ত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব পৰা যায়।

শৃংখলাবদ্ধতা বজাই ৰাখিবৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দৈনিক কাৰ্যসূচীৰ এখন ৰুটিন প্ৰস্তুত কৰি অনুকৰণ কৰা ব্যৱস্থা হাতত ল'ব পৰা যায়।

এই আপাহতে, আপোনালোকক জনাব বিচাৰো যে আগন্তুক ১২ নৱেম্বৰ ২০২১ তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিকনৰ ফলাফল আয়ত্ত্বৰ নিৰূপণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় কৃতিত্ব সমীক্ষা (National Achivement Survey, NAS-2021) অনুষ্ঠিত হ'ব। এই মূল্যায়ন তৃতীয়, পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ-ছাত্ৰীৰ উন্নত ফলাফলে জিলা তথা ৰাজ্যিক পৰ্যায়ত অসমৰ স্থান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বল কৰিব পাৰিব।

সেয়ে আহক আমি সকলোৱে ছাত্ৰ-ছাত্ৰীৰ উন্নত ফলাফলৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলো।