কামৰূপ জিলাৰ এক অন্যতম শৈক্ষিক প্ৰয়াস "Y-কিৰণ"

অপুৰ্ব ঠাকুৰীয়া কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া
ApurbaThakuria

আমি সকলোৱে অৱগত যে ক'ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰভাৱ শিক্ষাখণ্ডত বাৰুকৈ পৰিছে । দীৰ্ঘ দিনীয়াকৈ বিদ্যালয়সমূহ বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ ঘাটি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে । তাৰোপৰি, বিদ্যালয়ৰ যোগেদি লাভ কৰা অইন -অইন বুৎপত্তি সমূহ আয়ত্বতো ছাত্ৰ-ছাত্ৰী সকল বাধাপ্ৰাপ্ত হৈছে। শিক্ষাৰ্থীসকলৰ শিকাৰ ধাৰাবাহিতা অক্ষুন্ন ৰাখিবলৈ সেয়ে বিভিন্ন মাধ্যমৰ প্ৰয়োজনীয়তা অৱশ্যম্ভাৱী হৈ পৰিছে। কোৱা নিস্প্ৰয়োজন যে এনে পৰিস্থিতিত বৈদ্যুতিন মাধ্যমে ব্যাপক সমাদৰ লাভ কৰিছে ।

শিকন - শিক্ষণ প্ৰক্ৰিয়াত বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ এক নতুন বিষয় নহয় যদিও আমাৰ ৰাজ্যখনত বৈদ্যুতিন মাধ্যমৰ প্ৰয়োগ সৌ-সিদিনালৈ চেগা- চোৰোগাকৈ কিছু ব্যক্তিগত বিদ্যালয় পৰ্যায়ত বা উচ্চ শিক্ষাৰ প্ৰতিস্থানত দেখা গৈছিল । বিশেষকৈ দুৰৱৰ্তী শিক্ষা ব্যৱস্থাত এনে মাধ্যমৰ প্ৰয়োগ দেখা গৈছিল । কিন্তু ক'ভিড সৃষ্ট পৰিস্থিতিয়ে এই মাধ্যমক প্ৰায় সকলো পৰ্যায়ৰ শিক্ষক -শিক্ষাৰ্থীৰ কাষ চপাই আনিলে । কোৱা যুগুত যে বৰ্তমান শিকন - শিক্ষণ প্ৰক্ৰিয়াত বৈদ্যুতিন মাধ্যম প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈ চৰকাৰী-বেচৰকাৰী সকলো স্তৰতে এক বিকল্প আৰু ফলপ্ৰসু মাধ্যম হিচাপে পৰিগণিত হৈছে ।

Serahali-2

অৱশ্যে বৈদ্যুতিন মাধ্যমৰ আসোৱাহ বা সীমাবদ্ধতা অনেক । বিশেষকৈ ইন্টাৰনেটৰ সুবিধা নথকা, যোগাযোগৰ অসুবিধা থকা অঞ্চলত এনে মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে । এইবোৰৰ ভিতৰত আৰ্থিকভাৱে দূৰ্বল পৰিয়ালত আহিলাৰ অভাৱ, অভিভাৱকৰ তদাৰকীৰ অভাৱ, আহিলাত উপলব্ধ সুবিধাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ সীমিত জ্ঞান আদি । তৎসত্বেও এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী এই বৈদ্যুতিন (online ) মাধ্যমৰ সুবিধা লৈ শিক্ষা লাভৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । এক সমীক্ষামতে আমাৰ ৰাজ্যত প্ৰায় ৫০% ৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে কম-বেছি পৰিমাণে শিক্ষা লাভৰ সুবিধা লাভ কৰিছে ।

অনলাইন মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষকসকলে ভালেমান অসুবিধাৰ সন্মুখীন হৈছে । প্ৰায় প্ৰস্তুতিহীন ভাৱেই শিক্ষকসকলে বৈদ্যুতিন মাধ্যমৰে শিক্ষা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলগীয়া হৈছে । সৰহ সংখ্যক শিক্ষকে মাধ্যমটোৰ ব্যৱহাৰৰ পূৰ্বজ্ঞান নথকাৰ বাবে বহু ক্ষেত্ৰত উজুটি খাব লগা হৈছে যদিও এই প্ৰত্যাহ্বান নেওঁচি শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কোৱা যুগুত যে বিগত বছৰৰ পৰা লোৱা নেৰানেপেৰা প্ৰয়াসৰ বাবে এই মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষক সকলে ভালেখিনি সফল হ'ব পাৰিছে । যাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকল উপকৃত হৈছে ।

অলাইন মাধ্যমৰ সফল প্ৰয়োগৰ এটি পূৰ্বচৰ্ত হ'ল ছাত্ৰ-ছাত্ৰীৰ উপযোগী আৰু আকৰ্ষণীয় ই-সমল প্ৰস্তুত আৰু পৰিৱেশন । এনে সমল প্ৰস্তুত কৰিবলৈ প্ৰস্তুতকৰ্তা পাৰদৰ্শী হোৱাটো বাঞ্চনীয় । পৰিবেশনৰ ক্ষেত্ৰটো একেই কথা । ই -সমলবোৰ যিদৰে কম সময়ৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহীকৈ পৰিবেশন কৰিব পৰা বিধৰ হ'ব লাগে আনফালে, এনে সমল শিক্ষাৰ্থীসকলে নিজে পঢ়ি বা দেখি বুজি পোৱা ধৰণৰ সহজ , সৰল হ'ব লাগে । সেয়ে এনে সমল প্ৰস্তুত বা পৰিবেশন কৰিবলৈ শিক্ষকসকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ আৱশ্যক থাকে ।

দেখা গৈছে দৃশ্য-শ্ৰাব্য (audio -visual) ই-সমলবোৰ শিক্ষাৰ্থীসকলে আগ্ৰহেৰে গ্ৰহন কৰিছে । সেয়ে শিক্ষক সকলেও এনে সমল প্ৰস্তুত আৰু পৰিবেশনত গুৰুত্ব প্ৰদান কৰিছে । উল্লেখ যে, শিক্ষক সকলৰ এই প্ৰয়াসক উৎসাহিত কৰি বৈদ্যুতিন মাধ্যমেৰে শিকন - শিক্ষণ প্ৰক্ৰিয়াক এক গতি প্ৰদান কৰিবলৈ কামৰূপ জিলাত লোৱা হৈছে এক আশাপ্ৰদ পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে মুকলি কৰা হৈছে এটি Y -Tube চেনেল ।নাম ৰখা হৈছে Y -KIRAN (Kamrup Invitiated Remedial And Novel Support -Y- YouTube চেনেল । ২৩ জুন ২০২১ তাৰিখে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ভালে কেইগৰাকী বিধায়কৰ উপস্থিতিত গুৱাহাটী লোকসভা সমষ্টিৰ সংসদ কুইন ওজা ডাঙৰীয়ানীয়ে মুকলি কৰা এই Y -Kiran চেনেলৰ উদ্দেশ্য হ'ল জিলাখনৰ শিক্ষক সকলে স্থানীয়ভাৱে ফলপ্ৰসু হোৱাকৈ প্ৰস্তুত কৰা ই-সমল (মূলত video ) বোৰ শিক্ষাৰ্থীসকলে পুণঃ পুণঃ ব্যৱহাৰ কৰিব পৰাকৈ ৰখাৰ ব্যৱস্থা কৰা তথা এই চেনেলৰ জৰিয়তে অনলাইন পাঠদানৰ (online class) ব্যৱস্থা কৰা । জানিব পৰা মতে, জিলাখনৰ এচাম আগ্ৰহী আৰু নিষ্ঠাবান শিক্ষকৰ সহযোগত প্ৰায় অৰ্ধশতাধিক ভিডিঅ' content প্ৰস্তুত কৰি ইতিমধ্যে এই চেনেলত উপলদ্ধ কৰা হৈছে । কোৱা যুগুত যে ক'ভিড সৃষ্ট পৰিস্থিতিত জিলাখনৰ শিক্ষা বিভাগে লোৱা এই পদক্ষেপ অত্যন্ত প্ৰশংসনীয় বুলি বিবেচিত হৈছে । আশাকৰা হৈছে এই মাধ্যমে শিক্ষাৰ্থীসকলৰ শিকন ধাৰা অবাহত ৰখাত সহায় কৰাই নহয় শিক্ষক সকলেও ই-সমলবোৰ ব্যৱহাৰৰ যোগেদি শিক্ষাৰ্থীসকলৰ উপকাৰ সাধিব পাৰিব । Y-KIRAN ৰ সফল ব্যৱহাৰ জিলাখনৰ শিক্ষা ব্যৱস্থাত যে এক যোগাত্মক প্ৰভাৱ পেলাব সেয়া ধুৰূপ।।