মহিলা ,চহৰীয়া জীৱনশৈলী আৰু পৰিবেশ সংৰক্ষণ

চুইটি বেজবৰুৱা জিলা আঁ‌চনি বিষয়া, সমগ্ৰ শিক্ষা কামৰূপ
sweety_bezbaruah

ৰিমা আৰু মাক চহৰৰ ব্যস্ত এলেকাত থকা সুবিশাল shopping Mall টোৰ পৰা বহুজাতিক কোম্পানীৰ নাম খোদিত প্লাষ্টিকৰ মোনা কেইটামান লৈ ওলাই আহোঁতে ৰিমাই লক্ষ্য কৰিলে মাকৰ মুখত এক গৌৰৱৰ হাঁহি, অথচ এইগৰাকী মকেই যোৱা বছৰ ৫জুন ত বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্লাষ্টিক বৰ্জিত পৃথিৱীৰ আহ্বান কৰি এক সাৰুৱা বক্তব্য দিছিল। দৰ্শক সকলেও ভূয়সী প্ৰশংসা কৰিছিল। ৰিমাই মনতে ভাবিলে আমি শিক্ষিত মহিলা সকলে সকলো খিনি জানো, অথচ কাৰ্যক্ষেত্রত নকৰোঁ। চহৰীয়া কর্মৱ্যস্ত জীৱন ধাৰাত আমাৰ ঘৰ বোৰত কামকৰা সহায়কাৰী মহিলা গৰাকী বৰ অপৰিহাৰ্য। কভিডসৃষ্ট দিনবোৰত গৃহকৰ্মীৰ অভাৱত নগৰীয়া জীৱন শৈলীত অভ্যস্ত ঘৰ বোৰত আশান্তিৰেই সৃষ্টি হৈছে । আমি ঘৰুৱা কামবোৰত সহায়কাৰী নোহোৱাকৈ চলিবলৈ অসুবিধা পোৱা হৈছোঁ ।পুৰণি দিনত আইতা -মা হতে খোৱাবোৱা কৰিবলৈ কাঁহ পিতলৰ থাল - বাতি ব্যৱহাৰ কৰিছিল । এই বাছন বৰ্তন বোৰ পৰিষ্কাৰ কৰিবলৈ পকা নেমু,পকা কৰ্দৈ, চাঙেৰী টেঙাৰ পাত আদি ফুটচাইৰ লগত মিলাই ঘঁহিছিল। এতিয়া সেইধৰণে পৰিষ্কাৰ কৰিবলৈ আমাৰ সময়ৰো অভাৱ লগতে সদিচ্ছাৰো অভাৱ । ঘৰৰ বেতনভোগী গৃহকৰ্মী গৰাকীয়ে এই ধৰণে বাচন পৰিষ্কাৰ কৰাৰ কথা ভাবিবই নোৱাৰি। এনে ক্ষেত্ৰত মেলামিন বাছন, ষ্টীলৰ বাছনে আমাৰ পাকঘৰ ভৰি পৰিল। সততে স্বাস্থ্যৰক্ষাৰ কথা কোৱা আমাৰ ঘৰৰ গৃহস্থ সকলেও এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰে আৰু বিনা দ্বিধাই এই বাচন বৰ্তনবোৰ জীৱন শৈলীত আমি সোমোৱাই লৈছোঁ । যদিয়ো আমি জানো এইবোৰ স্বাস্থ্য সন্মত নহয় তথাপি আমি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব পৰা নাই । কোনো কোনো ক্ষেত্ৰত কামকৰা মানুহগৰাকী নাহিলে কাগজৰ পাত ,প্লাষ্টিকৰ গিলাছতে খোৱা বোৱা কৰাও আমাৰ ঘৰবোৰত দেখা যায়। পানী খাও মিনাৰেল বটলৰ ,ভাত খাও কিন্তু প্লাষ্টিকৰ থাল -বা গিলাছত। আমি মহিলা সকলে বজাৰলৈ গলে কাপোৰৰ মোনা এটা লৈ যাবলৈ লাজ কৰো আৰু অত্যাধিক পইছা দি এটা প্লাষ্টিকৰ পেকেটত বস্তু আনি আনন্দ পাওঁ। লগতে আমাৰ আনন্দ লাগে , কাৰণ ঘৰত ফ্ৰিজত ফলমূল শাক পাচলি থবলৈ আমাক কিমান যে প্লাষ্টিক পেকেট লাগে! ঘৰৰ পেলনীয়া জাৱৰ খিনি প্লাষ্টিকৰ মোনাত ভৰাই খালি মাটিত দলিয়াই দিয়া বা ৰাস্তাৰ কাষত থৈ আহিবলৈয়ো এই প্লাষ্টিকৰ মোনাবোৰ কম দৰকাৰী নে ! আমি এই প্লাষ্টিক মোনা বোৰেই ব্যৱহাৰ কৰোঁ এঠাইৰ পৰা আন ঠাইলৈ খাদ্য সামগ্ৰী অনা নিয়া কৰাত ।আমি এনেকৈয়ে জ্ঞাতে বা অজ্ঞাতে পৰিবেশ বিনষ্ট কৰি আহিছোঁ।

আমি নাভাবো যে আমি জীৱন শৈলীৰ কিছু পৰিৱৰ্তন কৰিলেই বহু পৰিমানে প্লাষ্টিক বিহীন প্ৰকৃতি পাম। যেনে

  1. ভাদ মাহত নামঘৰত প্লাষ্টিক মোনা ত গোপিনী ক প্ৰসাদ দিয়াৰ পৰিবৰ্তে পুনৰ কলপাত লৈ ঘূৰি যাব পাৰো।
  2. ঘৰুৱা জাৱৰ নিষ্কাশনৰ বাবে বাৰীৰ চুকত গাত খন্দা, খেতিবাটিত পাচলিৰ বাকলি দিয়া , তাবত পাচলিৰ বাকলি পচাই থৈ সাৰ প্ৰস্তুত কৰি ঘৰৰে শাক পাচলি, ফুল আদিত দিব পাৰো ।
  3. কাঁহ পিতলৰ বাচন বৰ্তনলৈ পুনৰ ঘূৰি যাব পাৰিলে ভাল।ঘৰৰ অলমিৰাত অভিজাত্যৰ স্বাক্ষৰ বহনকাৰি কাঁহৰ থাল বাতি বোৰ সদায় ব্যৱহাৰ কৰিলে পুনৰ চকচকীয়া হৈ উঠিব।
  4. কাপোৰৰ মোনা ,মৰাপাটৰ মোনা আদিৰ ব্যৱহাৰে নিবনুৱা সকলক এনে উদ্যোগ গঢ়ি তোলাৰ বাবে আগ্ৰহী কৰিব আৰু সকলোৱে ব্যৱহাৰ কৰিলে বজাৰলৈ নিবলৈ লাজ লগাৰ প্ৰশ্নই নাহে ।
  5. পৰিবেশ পৰিষ্কাৰৰ বাবে ধৰ্মীয় অনুষ্ঠান যেনে দুৰ্গা পূজা,বিশ্বকৰ্মা পূজা, সৰস্বতী পূজাৰ পাছত ৰাস্তাৰ দাঁতিত পেলাই থৈ অহা কলগছ,কলপাত আদি সংগ্ৰহ কৰি আমি চিৰিয়াখানা খনত দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। আমাৰ সন্তান সকলকো এই শিক্ষা আমি দিব পাৰো ।

এনেধৰনে প্ৰত্যেক গৰাকী মহিলাই ভাবিবলৈ ললে পৰিৱৰ্তন অহাটো ধুৰূপ। মহিলা গৰাকীয়েই ঘৰ এখন পৰিচালনাৰ প্ৰায় সকলো সিদ্ধান্ত লোৱা দেখা যায় গতিকে তেখেতে যদি পৰিয়ালৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ অমান্তি হয় , তেন্তে সোনকালেই আমাৰ পৰিয়াল আৰু পৰিবেশ প্লাষ্টিক বিহীন হব। মাতৃ সকলে লৰা ছোৱালীক প্লাষ্টিক পেকেট ৰ বস্তু খোৱাত বাধা দিব লাগিব, প্লাষ্টিক পেকেট ব্যৱহাৰত বাধা দিব লাগিব ,যতে ততে প্লাষ্টিক মোনা পেলোৱা ত বাধা দিব লাগিব। এনে দৰেই এখন প্লাষ্টিক বৰ্জিত পৃথিৱীৰ আৰম্ভণি কৰিবলৈ আমি মহিলা সকলেই প্ৰথম খোজ আগবঢ়াব লাগিব।