কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শবোধ

প্ৰদীপ কলিতা ৭০০২৩৬৯৮৫১

অসমৰ সাহিত্য -সংস্কৃতিৰ জগতখনৰ সৈতে একাত্মক হৈ যোৱাৰ সমান্তৰালকৈ বিভিন্ন জনগোষ্ঠী আৰু জাতি সত্তাৰ মাজত ঐক্য-সম্প্ৰীতি প্ৰতিষ্ঠা কৰি আকাশৰ দৰে সুবিশাল উদাৰতা,সূৰ্যৰ দৰে উদ্দীপ্ত আৰু হিমালয়ৰ দৰে সুউচ্চ মানসিকতা লৈ আগবাঢ়ি আহিছিল আজন্ম সৈনিক শিল্পী, ৰাজনীতি, সমাজনীতি, সংস্কৃতি সকলোতে স্বকীয় ব্যক্তিত্ব আৰু প্ৰতিভাৰে বিস্তাৰ কৰা জনতাৰ গণ শিল্পী হিয়াৰ আমঠু বিষ্ণুপ্ৰসাদ ৰাভাই।

প্ৰতিগৰাকী শিল্পীয়ে একো একোজন প্ৰেমিক। সমাজ জীৱনৰ লগত যিসকল শিল্পীয়ে সম্পৰ্ক বজাই ৰাখে আচলতে সেই শিল্পীসকলে জনজীৱনৰ লগত নিবিড় আত্মীয়তাৰে তেওঁলোকৰ আশা-আকাংক্ষাৰ উপলদ্ধি কৰিব পাৰে।

বিষ্ণুপ্ৰসাদ ৰাভাই ধন-ঐশ্বৰ্য, বিভূতি সকলোবোৰ ত্যাগ কৰি সাধাৰণ জনতাৰ লগত থাকি সিহঁতৰ সংগ্ৰামী জীৱনৰ সুখ-দুখৰ সমভাগী হৈ সিংহৰ দৰে গৰ্জন কৰি উঠিছিল- শোষণকাৰী , ক্ষমতালোভী, ধনলোভীসকলৰ বিৰুদ্ধে । সাম্যবাদী সমাজতন্ত্ৰৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ জঁপিয়াই পৰিছিল কমিউনিষ্ট আন্দোলনত। সাধাৰণ জনতাৰ মাজত ৰাজনীতিৰ চেতনা জগাই তুলিছিল। গাঁৱৰ উৰুখা প‍ঁজাতে তেওঁৰ কলমেৰে নিগৰি আহিল অনবদ্য গীত,নাট, আৰু কবিতা । হালুৱা- হজুৱাৰ মাজত সিঁচি দিলে জাগৰণৰ সণ্জীৱনী সুধা। লাভখোৰ মহাজন, পুঁজিপতি,শোষণকাৰীহঁতৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম তীব্ৰতৰ হৈছিল।

আজিও অসমৰ জাতীয় জনজীৱনত বিষ্ণুপ্ৰসাদ ৰাভাৰ সতেজ আভা , নীতি-আদৰ্শবোধ , প্ৰতিভা ইত্যাদি হৃদয়ত সজীৱ হৈ আছে।

ৰাভাৰ বিৰল ব্যক্তিত্ব, আদৰ্শবোধ আৰু শাশ্বত প্ৰতিভাৰ বলত জনতাৰ হৃদয়ত কালজয়ী স্হান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। মৃত্যুৰ চাৰিটা দশকৰ পিছতো তেওঁৰ আদৰ্শ জীৱনৰ দৃষ্টান্ত সাহিত্য-সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত আজিও প্ৰাসংগিক হৈ আছে।

বিষ্ণুপ্ৰসাদ ৰাভাই পঢ়া-শুনা, শৰীৰ-চৰ্চা, সংস্কৃতিৰ সাধনা আদি বিদ্যালয়ত পঢ়াৰ কালৰে পৰা নিয়মিতভাৱে কৰি আছিল। এটা স্বাস্হ্যবান শৰীৰত এটা সুস্হ মন থাকিব পাৰে বুলি বিশ্বাস কৰিছিল। সেইবাবেই কিজানি ৰাভাদেৱ এজন ভাল সংগ্ৰামী হ'ব পাৰিছিল। সাম্প্ৰতিক সময়ত সশস্ত্ৰ সংগ্ৰামীসকলে বন্দুক-বাৰুদহে চলাব পাৰে কিন্তু তেওঁলোক গভীৰ অধ্যয়নশীল তথা সু-সংস্কৃতিবান ব্যক্তি নহয়। সেইবাবেই তেওঁলোক সংগ্ৰামত সফল হ'ব নোৱাৰিলে। জনজীৱনৰ সৈতে তেওঁলোক বিছিন্ন হৈ পৰিছে। বিপ্লৱী হোৱাৰ আগতে তেওঁলোকে ৰাভাৰ দৰে মহান ব্যক্তিসকলৰ আদৰ্শবোধ ব্যক্তিত্বৰ পৰা শিক্ষা লওক, মহান ব্যক্তিসকলৰ পুঁথিসমূহ অধ্যয়ন কৰক ।

কলেজীয়া ছাত্ৰাৱস্থাত ৰাভাদেৱৰ শিক্ষা আধা ডুখুৰীয়াকৈ এৰিবলগীয়া হৈছে। কলেজ এৰি তেওঁ ঘৰত বহি নাথাকি নাটক-অভিনয়, উপন্যাস আদিত একনিষ্ঠ ভাৱে লাগি থাকিল। শিল্পীসকলে সাস্কৃতিক পণ্য হিচাপে ব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰাটো কমৰেডে সমূলি ভাল পোৱা নাছিল। আজিৰ অনেক শিল্পীয়ে নিজৰ খ্যাতি, মৰ্যদা আৰু অৰ্থ সংগ্ৰহৰ বাবেই তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। এইক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফনী শৰ্মা আদি মহান ব্যক্তিসকল ব্যতিক্ৰম।

উদাৰতা আৰু সহশীলতাৰ বাবেই বিষ্ণুপ্ৰসাদ ৰাভাই অৰ্থ সংকটৰ সন্মুখীন হ'ব লগা হৈছিল। গীত-মাত, নৃত্য,কৰা,মূৰ্চনাত কৰা আৰু অভিনয় জগতত জীৱনৰ সৰ্বাধিক সময় বিচৰণ কৰা এইগৰাকী সৈনিক শিল্পীৰ চিন্তা- চৈতন্য, আবেগ- অনুভূতিৰ মাজত থকা মানৱ দৰদী ৰূপটোৱে সকলো জাতি-উপজাতি জনগোষ্ঠী লোককে অভিভূত কৰি তুলিছিল । সংগ্ৰাম পূৰ্ণ একাবেঁকা বাটেৰে বুলোতে তেওঁ সন্মুখীন হৈছিল নানা ঘাট- প্ৰতিঘাট, সংকট ,দুখ-কষ্ট আদিৰ। তেওঁৰ সহকৰ্মীসকলে মনত দুখ পাব অথবা নিজস্বাৰ্থ ত্যাগ কৰি সহায়ৰ হাত আগবঢ়াব এইবোৰ ভাবিয়েই নিজৰ সামাজিক, ৰাজনৈতিক , সাংস্কৃতিক ক্ষেত্ৰখনত সমস্যাৰ কথা কোৱা নাছিল। তথাপিও নিজৰ দায়িত্ব আৰু কৰ্তব্য কোনোকালে অৱহেলা বা দায়িত্ব পালন নকৰাকৈ থকা নাছিল ।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামখনৰ চৰম বিপৰ্যয়ৰো পিছত বাগৰি নপৰি জনতাৰ কামত নিয়োজিত হৈ আছিল। তেওঁ সাহিত্য-সংস্কৃতিৰ পথাৰখনত কাম কৰাৰ সমান্তৰালকৈ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্বশীল আছিল। ২৫০০ বিঘাৰ মালিক হোৱাৰ পিছতো আৰ্থিকভাবে স্বচ্ছল নাছিল। পৰিয়ালৰ ভৰণ-পোষণ দিয়াৰ ক্ষেত্ৰত তীব্ৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল । তেওঁ লাহ--বিলাসিতা জীৱন ত্যাগ কৰি, জীৱনশৈলী অতি সহজ সৰলভাবে যাপন কৰিছিল ।

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শতে বিশ্বাসী গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা । তেওঁ গোটেই জীৱন জুৰি অসমৰ বিভিন্ন ঠাইত ঘূৰি সকলো জনগোষ্ঠীৰ মাজত মিলি গৈ বৰ অসমৰ বৃহত্তৰ অসমীয়া সমাজ গঢ়িবলৈ কষ্ট কৰিছিল আৰু ৰঙীন সপোন দেখিছিল। ৰাভাদেৱে কৈছিল , " নানা জাতি-উপজাতি সৰু সৰু হৈ জান-জুৰিৰে অসমীয়া বিশাল লুইত । পাহাৰ-ভৈয়ামৰ একগোট কৃষ্টিয়ে বিশাল অসমৰ কৃষ্টি--সংস্কৃতি ব্ৰহ্মপুত্ৰৰ দৰেই বিশাল গভীৰ। অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ মৰণ নাই, আছে সীমাহীন , অন্তহীন অমৰতা । গতিকে মৃত্যুৰ কৰাল গৰাহত পৰিও ই আকৌ নতুনকৈ ঠন ধৰি সঞ্জীৱিত হৈ উঠে। ভৌগোলিক পৰিবেশ আৰু ইতিহাসৰ ক্ৰম বিকাশৰ ধাৰাত অসমীয়া কৃষ্টি ন-ৰূপ, ন-সমাজ ,ন-ঠাঁচেৰে পুনৰ বিৰিঙি উঠে ।"

প্ৰকৃত শিল্পীয়ে সাধাৰণ জনতাৰ সুখ-দুখৰ সমভাগী হৈ তাৰ পৰা বিৰল অভিজ্ঞতা তথা জ্ঞান অৰ্জন কৰি দেশ তথা দহৰ হকে নিস্বাৰ্থভাবে কাম কৰি যায়। সেইসকলৰ মৌলিক সৃষ্টিৰাজিত থাকে মাতৃভূমিৰ বায়ু-মাটি-পানীৰ কেঁচা গোন্ধ। সেইবাবেই এখেতসকল হৈ পৰে জনতাৰ শিৰৰ ভূষণ অথবা আপোনাৰো আপোন । এইগৰাকী মহান শিল্পীৰ বৰ্ণিল জীৱনৰ কথা লিখি শেষ কৰিব নোৱাৰি । কিন্তু আমি হিয়াৰে একোজলী ভক্তি অৰ্ঘ্য যাঁচিছো মহান আত্মাৰ কৰ কমলত ।

' জীৱন সংগীত' কবিতাৰ স্ৰষ্টা আনন্দ চন্দ্ৰ আগৰৱালাৰ ভাষাৰ--------
" মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰো জীৱন গঢ়িব।"

আহক আমি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসত তেওঁৰ ব্যক্তিত্ব, শাশ্বত প্ৰতিভা আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতৰ প্ৰজন্মক উদ্বুদ্ধ কৰি দেশৰ সৰ্বাংগীন মংগল আৰু উন্নতিৰ হকে কাম কৰাত আগভাগ লও ।