অসমীয়া লোক-সংস্কৃতিত জাপি

জাহিদুল ৰহমান মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, কৰৰা

অসমীয়া সংস্কৃতিৰ বাৰেবৰণীয়া পথাৰখনত অসমৰ গাৱঁ‌লীয়া জীৱনৰ সুকুমাৰ কলা প্ৰীতিৰ পৰিচয় ফুটি ওলায় লোক শিল্প সমূহত। কেৱল দৈনন্দিন জীৱনতে লোকশিল্প সমূহৰ ব্যৱহাৰ নহয়, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ-পাৰ্ৱণ আদিতো লোক শিল্পৰ ব্যৱহাৰ দেখা যায়। অসমীয়া মানুহৰ জীৱন যাত্ৰাই অসমীয়া লোকশিল্পক ঐতিহ্যময় কৰি আহিছে। অসমীয়া লোকশিল্প সমূহৰ ভিতৰত এটা অতি আৱশ্যকীয় লোকশিল্প হ'ল জাপি। এই জাপিক আহোম সকলে আভিজাত্যৰ নিদৰ্শন ৰূপে গণ্য কৰিছিল।

গোটেই পৃথিৱীৰ ভিতৰত চীন দেশতেই প্ৰথম জাপিৰ আৱিষ্কাৰ হয় বুলি ঠাৱৰ কৰা হয়। আৰু চীনৰ পৰাই সমগ্ৰ দক্ষিণ- পশ্চিম এচিয়াত ই বিয়পি পৰে। সম্ভৱতঃ বৰ্তমান অসমত বাস কৰা আহোম সকলৰ পূৰ্ৱ পুৰুষে বা মংগোলীয় সকলে ইয়াক অসমত প্ৰচলন কৰে। অসমৰ কামৰূপ জিলাতেই পোন প্ৰথমে জাপি নিৰ্মাণ কাৰ্য আৰম্ভ হয়। কালক্ৰমত কামৰূপ জিলাৰ পৰা গৈ থিতাপি লয় তেজপুৰত। এই জাপি সমূহ সাধাৰণতে বাহ-বেত বা টকৌ পাতেৰে সজোৱা হয়। এই জাপি বহু প্ৰকাৰৰ দেখা যায় যদিও ৰূপসজ্জাৰ ফালৰ পৰা ইয়াক আমি দুই ধৰণে ভাগ কৰিব পাৰো- উকা আৰু ফুলাম জাপি। ব্যৱহাৰৰ দিশৰ পৰাও ইয়াক বিভিন্ন ধৰণে ভাগ কৰিব পাৰি- হালোৱা জাপি, গৰখীয়া জাপি আৰু সৰু উকা জাপি। অসমীয়া জাতীয় জীৱনত জাপিৰ ব্যৱহাৰ অপৰিহাৰ্য। অসমত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে পুৰুষ- মহিলা উভয়ে জাপি ব্যৱহাৰ কৰা দেখা যায়। ৰ'দ-বৰষুণৰ বাবে ৰক্ষা পাবৰ বাবে গৰখীয়া সকলে হালোৱা জাপি আৰু সৰু উকা জাপি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ উপৰিও হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মহিলা সকলে আগৰ দিনত আবুৰ ৰক্ষা কৰিবলৈ বৰ জাপি ব্যৱহাৰ কৰিছিল। তদুপৰি ফুলাম জাপি বিভিন্ন তোৰণ, মণ্ডপ, সভা-সমিতি আদিত ব্যৱহাৰ কৰাৰ উপৰিও অসমীয়া প্ৰত্যেক ঘৰ মানুহৰ চ'ৰা ঘৰতো আৰি থোৱা দেখা যায়। এই ফুলাম জাপিক সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কোনো ব্যক্তিয়ে কোনো দিশত ভাল ফলাফল প্ৰদৰ্শন কৰিলে তেওঁক ফুলাম জাপিৰে সন্মান প্ৰদৰ্শন কৰাটো বৰ্তমান সমাজত চলি আছে। আগৰ দিনত ডা-ডাঙৰীয়া সকলে বাহিৰলৈ ভ্ৰমণ কৰিব ওলালে বৰ জাপি ধৰি যোৱা নিয়ম আছিল। ইয়াৰ উপৰিও আগৰ দিনত সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰীয়ে এইটো ফালৰ পৰা সেইটো ফাললৈ খোজ কাঢ়ি গ'লে মুৰত বৰ জাপি এটা লৈ যাব লাগিছিল।

অসমীয়া লোকসংস্কৃতিৰ এক অংগ হিচাপে জাপিৰ যিদৰে গুৰুত্ব আছে সেইদৰে জাপি তৈয়াৰ কৰি এচাম ব্যক্তিয়ে জীৱিকা নিৰ্বাহ কৰি আছে। সেয়েহে আমি ক'ব পাৰো যে অসমীয়া লোকসংস্কৃতিৰ লগতে অসমৰে আৰ্থিক উন্নয়নৰ ক্ষেত্ৰতো জাপিৰ গুৰুত্ব অপৰিসীম।