ক'ভিড মহামাৰীৰ সময়ত প্ৰাথমিক বিদ্যালয়ৰ শিশুৰ মানসিক স্বাস্থ্যৰ অৱনতি আৰু তাক অটুট ৰখাত শিক্ষকৰ ভুমিকা

চন্দামিতা শৰ্মা বিজ্ঞান শিক্ষক, ৰাজকদমতল বালিকা বিদ্যাপীঠ, নলবাৰী
ChandamitaSarma

চলিত শতিকাৰ দ্বিতীয়টো দশকৰ শেষৰ ফালে সমগ্ৰ বিশ্ব এক অভাৱনীয় সংকট আৰু অনিশ্চয়তাৰ সম্মুখীন হৈছিল আৰু সেই অনিশ্চয়তাই বৰ্তমান সময়লৈয়েকে বিশ্বক গ্ৰাস কৰি আছে। " জীৱ আৰু জড়ৰ মাজৰ অৱস্থা তথা অৰ্ধমৃত " এটা ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱাণুয়ে সমগ্ৰ বিশ্বতে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানৱজাতিক এক অবিৰত সংগ্ৰামৰ সন্ধিক্ষণত থিয় কৰাইছে।

উন্নত, অনুন্নত, উন্নয়নশীল আদি সকলো শব্দৰ সীমাৰেখা মষিমূৰ কৰি সমগ্ৰ মানৱ জাতিৰ বাবে অস্তিত্বৰ সংকটৰ বিপদ ঘন্টা বজাইছে।

ৰঙা চীনৰ উহান প্ৰদেশত আৰম্ভ হৈ অতি কম সময়ৰ ভিতৰতে প্ৰবল সংক্ৰামক ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰি তুলিছে। মহামাৰী সমূহ একোটা নিৰ্দিষ্ট এলেকাত বন্দী হৈ নাথাকে। এখন ৰাষ্ট্ৰৰ এক নিৰ্দিষ্ট ভৌগোলিক আবেষ্টনিৰ ভিতৰত এই সমস্যা সীমাবদ্ধ ও হৈ নাথাকে। একেই পৰিঘটনা কভিড -১৯ ৰ ক্ষেত্ৰতো প্ৰযোজ্য । ইয়াৰ দৰে অতিমাৰীৰ প্ৰভাৱত প্ৰায় সমগ্ৰ বিশ্ব জুৰি চলা তলা বন্ধ কাৰ্যসূচীয়ে প্ৰায় অধিক শিক্ষাৰ্থীক প্ৰত্যক্ষভাৱে বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিছে। ইউনেস্কৰ দ্বাৰা চলোৱা এক সমীক্ষা মতে সমগ্ৰ বিশ্বতে প্ৰায় আশী শতাংশ শিক্ষাৰ্থী এই অতিমাৰীয়ে চলোৱা বিভীষিকাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে। এই বিপৰ্যয়ৰ সমান্তৰাল ভাবে বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষতো পৰীক্ষা তথা মূল্যায়ন ব্যবস্থাসমূহ পিছুৱাই দিয়া হৈছে। অসমতো ইয়াৰ ব্যতিক্ৰম নহয় আৰু যাৰ বাবে পৰিছে শৈক্ষিক খণ্ডত বিৰূপ প্ৰভাৱ ।

এইসময়ছোৱাত ঘৰৰ পৰাই পাঠদান চলাবলৈ শিক্ষক সকলক অনুমতি প্ৰদান,কৰিছে । এই অনলাইন পাঠদান বহু দেশৰ বাবে নতুনত্বহীন কিন্তু " ডিজিটেল ইণ্ডিয়া " ৰ শ্লোগান দাঙি ধৰা ভাৰতবৰ্ষত তথা অসমত এই ব্যবস্থাৰ ধাৰণা একেবাৰে নতুন তথা বহু ক্ষেত্ৰত প্ৰয়োজনীয় আন্তঃগাঁথনি আদিৰ অভাৱে সঠিক ভাৱে ৰূপায়িত হোৱাত বাধাৰ সৃষ্টি কৰিছে ।

এই বিভিষিকাময় পৰিবেশে শিক্ষাৰ্থীসকলক অকল সামাজিক ভাৱে পৃথক কৰাই নহয় মানসিক ভাবেও বহু ভীতিগ্ৰস্ত কৰি তুলিছে। পৰীক্ষা আৰু মুল্যায়ন ব্যৱস্থাসমূহৰ স্থগিতকৰণ অথবা প্ৰত্যাহাৰৰ ফলত প্ৰায় এটা শিক্ষাবৰ্ষই নষ্ট হোৱাৰ পথত!!!

ইয়াৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে কোমল মনৰ ফুলকুমলীয়া শিশু সকল। হেইম গিন'ট (Haim Ginott)নামৰ শিশু মনোবিজ্ঞানী এজনে কৈছিল " শিশু সকল সেমেকা কোমল চিমেন্টৰ দৰে।তাৰ ওপৰত যি বস্তু এ পৰে তাৰেই সাঁচ বহি যায় (children are like wet cement whatever falls on them makes an impression) । সচাকৈয়ে শিশু সকলৰ কোমল মনত প্ৰতিটো ভাল বেয়া বস্তুৰে প্ৰভাৱ পৰে। বৰ্তমান পৰিস্থিতিয়ে শিক্ষাৰ্থী সকলৰ কোমল মনত ভয় , শংকা, অনিশ্চয়তা , হতাশা আদিৰ সৃষ্টি কৰি ত্ৰাসিত কৰি তুলিছে।

UNICEF ২০১৯ চনত চলোৱা এক সমীক্ষাৰ মতে গোটেই বিশ্বৰ প্ৰায় ২.২ কোটি শিশু যিটো পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৮ শতাংশ । কিন্তু এই বৃহৎ সংখ্যক শিশুসকলৰ এই অতিমাৰীৰ সময়ত গৃহবন্দী হোৱাৰ দৰে অৱস্থা , মুক্তমনে খেলাধুলা কৰাত বাধা আৰোপ কৰা, সহপাঠীৰ লগত প্ৰায় সংযোগ বিচ্ছিন্ন হোৱা , বিভিন্ন মাধ্যমৰ যোগেদি প্ৰচাৰিত হোৱা বাতৰি আদিৰ ফলত শিক্ষাৰ্থী সকলৰ মানসিক স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছে ।

এইখিনি সময়ত প্ৰাথমিক বিদ্যালয়ৰ শিশু সকলে ভোগা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান সমূহ হ'ল..........

  1. দৈনন্দিন ৰুটিন সলনি হোৱাঃ এই সলনি হোৱা ৰুটিনৰ বাবে শিশুসকলে বহুক্ষেত্ৰত নিজৰ পৰিয়ালৰ পৰা, আত্মীয় ৰ পৰা, বন্ধু বৰ্গৰ পৰা আতৰত থাকিব লগা হোৱা পৰিবেশ ।
  2. পঢ়াৰ সময় সলনি হোৱাঃ অনলাইন ক্লাছ আৰম্ভ হোৱাৰ বাবে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ যেনে দুৰ্বল নেটৱৰ্ক, সঠিক সজুলি মজুত নথকা অৱস্থা ৰ সৃষ্টি হোৱা পৰিবেশ। কোমল বয়সত কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰোতে সমস্যাৰ সৃষ্টি হোৱা ।
  3. স্বাস্থ্যৰ অৱনতি ঘটাঃ কভিড ৰ সময়ত দেখা দিয়া বিভিন্ন উদ্বেগজনক তথা চিন্তনীয় বিষয় যেনে শিশু সকল খিংখিঙীয়া স্বভাৱৰ হৈ পৰা আৰু এই স্বভাৱৰ বাবে হজম প্ৰক্ৰিয়াত বিঘিনি ঘটা ।
  4. বিভিন্ন ধৰণৰ মনোৰঞ্জন ৰ উপাদান সমূহ বন্ধ হোৱাঃ যেনে ক'ৰবালৈ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱা, বিভিন্ন ধৰণৰ মাংগলিক তথা লোকাচাৰ অনুষ্ঠান সমুহ বন্ধ হোৱা , সমনীয়াৰ সৈতে খেলধেমালি আদি বন্ধ হোৱাৰ পৰিৱেশ ।
  5. সুৰক্ষা আৰু নিৰাপত্তা নোহোৱা হোৱা অৱস্থাৰ সৃষ্টি হোৱাঃ অতিমাৰীৰ এটা অতি সুদূৰ প্ৰসাৰী প্ৰভাৱ হৈছে নিবনুৱা সমস্যাৰ সৃষ্টি । হ্ৰাস পাইছে কৰ্মসংস্থাপন ।পৰিয়ালৰ লোকৰ কৰ্মসংস্থাপনহীনতাই তথা পইচা পাতিৰ অভাৱ হোৱা অৱস্থা ।

এইদৰে বিভিন্ন প্ৰত্যাহ্বান সমূহ কম বেছি পৰিমাণে শিশুসকলৰ মন মগজুক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি তুলিছে যিয়ে অৱনতি ঘটাইছে মানসিক স্বাস্থ্যৰ ।

CovidImage

কেৱল এটা নিৰোগী দেহৰ অধিকাৰীয়ে স্বাস্থ্যবান নহয়। স্বাস্থ্যবান হবলৈ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ প্ৰয়োজন । সাধাৰণ দৃষ্টিত আমি সকলোৱে ভাবিছো যে বিদ্যালয় বন্ধ হোৱাৰ বাবে পাঠ্যপুথিৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে কিন্তু অলপ দ কৈ চিন্তা কৰিলে অনুভৱ কৰিব পাৰিম যে পাঠ্যপুথি ৰ জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হোৱাৰ সমান্তৰাল ভাবে মানসিক স্বাস্থ্য গঢ়াৰ ক্ষেত্ৰত বেছি লোকচানৰ সম্মুখীন হৈছে। বিদ্যালয় এখনত শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰায় প্ৰতিটো দিশয়েই বিকাশ হয়। এই পাৰ্থক্য চকুত পৰে যদি আমি বিদ্যালয়ত অধ্যয়নৰত আৰু বিদ্যালয় বহি:ৰ্ভূত শিশু এটাৰ মানসিক স্বাস্থ্যৰ তুলনা কৰো।

গৃহবন্দী হোৱাৰ দৰে হোৱা অৱস্থাই শিশুসকলৰ ফুলকুমলীয়া মনটোক কেঁকোৰা চেপা দি চেপি পেলাইছে। সজাৰ চৰাইৰ দৰে বন্দী হোৱা অৱস্থাই মুকলিমুৰীয়াকৈ খেলা ধুলাত বাধা জন্মাইছে ফলত শিশুমন হতাশাত ভুগিব লগা হৈছে ।

শিশুসকল স্বভাৱতে আত্মীয় স্বজনৰ পৰিবেষ্টনীত থাকি আনন্দ পায়। তেওঁলোকৰ পৰা পোৱা মৰম ,চেনেহে শিশু সকলৰ মন উৎফুল্লিত আৰু উৎসাহিত কৰি তোলে ফলত মানসিক শ্ৰীবৃদ্ধিৰ বাবে সেয়া অন্যতম কাৰক হয়। কিন্তু সাম্প্ৰতিক পৰিস্থিতিয়ে সামাজিক দুৰত্ব মানি চলিবলৈ বাধ্য কৰাৰ বাবে সিহঁতৰ কোমল মনবোৰ হতাশাৰে ভৰ্তি কৰি পেলাইছে ।

ফূৰাচকা, আনন্দৰ বাবে কৰা বিভিন্ন খেল ধেমালি আদি বন্ধ হৈ যোৱাৰ ফলত সিহঁত সম্পূৰ্ণ ৰূপে লগ সংগৰ পৰা বিৰত থাকিব লগা হৈছে, যাৰ ফলত শিশু সকল হৈ পৰিছে স্বাভাৱিকতে খিংখিঙীয়া স্বভাৱৰ । খেল ধেমালি আদি বন্ধ হৈ যোৱাৰ ফলত শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। আৰু এইখিনি গুৰুত্বপূৰ্ণ মুহুৰ্তত প্ৰয়োজন তেওঁ লোকক ভয়াবহ অৱস্থাৰ পৰা মুক্ত কৰি সুস্থ কৰা। এইক্ষেত্ৰত শিক্ষক সকলৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ ।

এজন ছাত্ৰ বা এজনী ছাত্ৰীৰ বাবে এজন শিক্ষকে একেধাৰে অভিৰোচক, নিৰ্দেশক, পথ প্ৰদৰ্শক, বন্ধু আদিৰ ভুমিকা গ্ৰহণ কৰে। এই পৰিস্থিতিত শিক্ষক সমাজৰ কিছুমান কৰণীয় আছে আৰু তেনে কিছুমান ল'ব পৰা পদক্ষেপ হ'ল.........

  1. অভিভাৱক সকলক শিশু সকলক যথেষ্ট পৰিমাণে সময় দিবলৈ অনুৰোধ কৰা আৰু লগতে শিক্ষক সকলেও নিজাববীয়াকৈ শিশু সকলক " ভাৰ্চুৱেল " মাধ্যমৰ যোগেদি সংযোগ হৈ থকা।
  2. অনলাইন শ্ৰেনীৰ সময়ত পাঠভিত্তিক কথা সমূহৰ বাদেও নীতিকথা জড়িত হৈ থকা সাধু শুনোৱা।
  3. সাধুকথাৰ পৰা পোৱা জ্ঞান উপলব্ধি কৰিবলৈ সহায় কৰা।
  4. শিশু সকলক সিহঁতে ভালপোৱা কামত ব্যস্ত থাকিবলৈ উদগনি দিয়া ।
  5. পাঠভিত্তিক কথা সমূহৰ লগতে হাতে কামে শিকা কাৰ্যত উৎসাহিত কৰা। যেনে বিভিন্ন প্ৰকাৰৰ ফলৰ গুটি সংগ্ৰহ কৰা, বিভিন্ন আকৃতিৰ গছৰ পাত সংগ্ৰহ কৰা ইত্যাদি
  6. প্ৰত্যেক দিনা অনলাইন শ্ৰেণী শেষ হোৱাৰ পিছতো কেনেবাকৈ শিশু সকলক মোবাইল ফোন লৈ গেম আদি জাতীয় কথাত ব্যস্ত আছে নেকি সেই বিষয়ে অভিভাৱকৰ পৰা খতিয়ান লোৱা ।
  7. শিশুসকলৰ মাজত কবিতা আবৃত্তি, ছবি অঁকা, বক্তৃতা আদিত বহুত বেছি গুৰুত্ব দি সকলো শিশু যাতে তাত নিয়োজিত হয় সেই বিষয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰা।
  8. শিশুসকলৰ মনত এনেকুৱা ভাৱ জন্মাবলৈ চেষ্টা কৰা উচিত যে সিহঁতৰ লগত সিহঁতৰ বন্ধু হিচাপে শিক্ষক জন সদায়েই সঁচা অৰ্থত লগত আছে ।
  9. যিকোনো উপায়েৰে সিহঁতৰ আত্মবিশ্বাস অটুট ৰখা ।
  10. সাম্প্ৰতিক পৰিস্থিতিৰ লগত কেনেদৰে মোকাবিলা কৰি সুস্থ হৈ থাকিব পাৰি তাৰ বিষয়ে যথেষ্ট পৰিমাণে সজাগ কৰি তোলা ।
  11. সিহঁতৰ কোমল মনবোৰ হতাশাৰে ভৰি পৰাৰ বিপৰীতে যাতে হাঁহিৰে আৰু আত্মবিশ্বাসেৰে ভৰি পৰি সেই বিষয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰা আৰু তাৰ বিষয়ে যথাযথ কায্যপ্ৰণালী হাতত লোৱা ।
  12. সিহঁতৰ সৃষ্টিশীল মনটোক প্ৰতোৎসাহিত কৰা ইত্যাদি ।

আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত। শাৰীৰিক আৰু মানসিক সুস্থ তথা স্বাস্থ্যৰ শিশুয়েহে এখন দেশৰ উন্নয়নৰ গুৰি বঠা ধৰিব পাৰে। প্ৰতিকূল পৰিস্থিতিৰ লগত কেনেদৰে মোকাবিলা কৰি তাক নিজৰ পক্ষে অনুকুলে কৰি তুলিব পাৰি সেই শিক্ষা প্ৰদান কৰি শিশু সকলক দেশৰ প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ় দিব পাৰি সেই বিষয়ত শিক্ষক সকলৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ । কভিড ৰ সময়ছোৱাতে নহয় সকলো সময়তে সকলো বাধা নেওচি শিশু সকলক সঠিক দিশত আগবাঢ়ি যাবলৈ শাৰিৰীক আৰু মানসিক ভাৱে প্ৰস্তুত কৰি তোলাটো প্ৰত্যেক জন শিক্ষকে সুচাৰুৰূপে পালন কৰিবলগীয়া দায়িত্ব ।