ব্যক্তিগত অনুভৱৰ পৰা...

শঙ্কৰ জ্যোতি দত্ত টংলা

কলা-সাহিত্য ভাল পাওঁ, সাহিত্যৰ আলোচনা ভাল পাওঁ। এই বিষয়ক বিভিন্ন আলোচনা, বিশ্লেষণ, ৰচনা আদিৰ বাবে এক আকৰ্ষণ অনুভৱ কৰোঁ। বহু কথা তেনেকৈয়েই শিকিবলৈ যত্ন কৰিছোঁ। কেতিয়াবা বুজি পাওঁ, শিকোঁ আৰু বহুসময়ত একো বুজিও নাপাও আৰু আয়ত্ত কৰিব নোৱাৰো। আগ্ৰহৰ তাগিদাত কেতিয়াবা দুই এটা শব্দ ওলাই আহে বাবে লিখিত ৰূপত সাঁচি থওঁ। কবি, সাহিত্যিক, শিল্পী হ'বলৈ নহয়। শিল্প-সাহিত্যৰ প্ৰেমক অক্ষত কৰি ৰাখিবলৈ হে। কিন্তু, যেতিয়া লিখোঁ, মনৰ অনুভৱ, যৎকিঞ্চিত বিশ্লেষণক তুলি ধৰিবলৈ চেষ্টা কৰোঁ। মোৰ শব্দৰ বহিঃপ্ৰকাশ যেতিয়া ঘটে, তেতিয়া এটা কথাত মই মন দিবলৈ চেষ্টা কৰোঁ, সেয়া হৈছে মই বুজি পোৱা, অনুভৱ কৰা কথাবোৰ যাতে অন্য এজনৰ ওচৰ চাপে। সেয়া কৰিবলৈ গৈ মই কিমান দুৰ্বল বা সবলভাৱে তাক উপস্থাপন কৰিছোঁ, সেইটো মই নাজানো। তাৰ একমাত্ৰ কাৰণ হৈছে মই এই ক্ষেত্ৰত একেবাৰেই মূৰুখ। বহুতেই হয়তো মোৰ লেখাত গুণগত ফালৰ একোৱেই সমল বিচাৰি নাপাব, কিন্তু তথাপিও নিজৰ আগ্ৰহৰ খাতিৰত লিখোঁ।

এতিয়া আহোঁ যিকোনো লেখাৰ মানৰ কথালৈ। অধ্যয়ন, চৰ্চা আৰু বিশ্লেষণ অবিহনে সাহিত্য বুলিয়েই নহয়, অন্য যি কোনো ক্ষেত্ৰতেই কোনোৱেই মান সম্পন্ন কিবা এটা সৃষ্টি কৰিব নোৱাৰে বুলি মোৰ ব্যক্তিগত মতামত। ভাল কাম কৰিবলৈ হ'লে এই কথাখিনি মনত ৰাখি চেষ্টা কৰাৰ গত্যন্তৰ নাই। এয়া সত্য। কিন্তু তাৰ অৰ্থ এইটোও নহয় বুলি একেখিনি সময়তে ভাবোঁ যে, অত্যন্ত অধ্যয়নশীল, বিশ্লেষণাত্মক দৃষ্টিভংগীৰে ভাল ভাল সৃষ্টিৰ এডাল বটবৃক্ষ হ'লেই যে তেওঁৰো ভুল নহ'ব, বা তেওঁৰ দৃষ্টিভংগী সদায়েই শুদ্ধ হ'ব। এই কথাখিনি উল্লেখ কৰাৰ বিশেষ কাৰণ বিজ্ঞসকলৰ জ্ঞান বা পাৰ্গতালিক নস্যাৎ কৰিবলৈ চেষ্টা কৰা নহয়, ক'ব খুজিছো যিসকল উদ্যমী ব্যক্তিয়ে কলা, সাহিত্য বা সৃষ্টিৰ প্ৰেমত পৰিছে, তেওঁলোকে কষ্ট কৰক, নিজকে সময় দিয়ক আৰু সৃষ্টিৰ প্ৰসৱ যন্ত্ৰণা অনুভৱ কৰিলে তাক ভূমিষ্ঠ কৰক। শংকা আৰু নিৰাপত্তাহীনতাত ভোগাৰ কোনো প্ৰয়োজন নাই। সকলোৱেই বহু কথা জানে, কোনেও সকলো কথা নাজানে, গতিকে, মই সদায় অন্যই জনাখিনি আয়ত্ত কৰাৰ চেষ্টা কৰি আহিছোঁ, আৰু যিহেতু কোনেও সকলো কথা নাজানে, কোনেও মোক শংকা আৰু নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি পঠিয়াবও নোৱাৰে। আয়ত্ত কৰিবলগীয়াখিনি কৰিবলৈ চেষ্টা কৰি অৱহেলাখিনিক ময়ো অৱহেলা কৰি চলি যাওঁ। এইটোৱেই ভাল উপায় বুলি মোৰ মনে ধৰে। বাকী, গঠমূলক পৰামৰ্শ, দিহা, সমালোচনাই সদায় আনক সহায় কৰে। যি আলোচনাই অন্যক ব্যথিত কৰে, সেয়া বৰ্জনীয়, সেইবোৰলৈ মন-কান দিলে মনলৈ কষ্ট বাঢ়ে, উদ্যম কমে।