অসম বাজেট ২০২১ : এক অৱলোকন

যতীন্দ্ৰ নাথ তালুকদাৰ মুৰব্বী, পৰিসংখ্যা বিভাগ, বি.প্ৰ.চ. মহাবিদ্যালয়
JatindranathTalukdar

অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওঁগে যোৱা মাহত এখন জনকল্যাণমুখী ঘাটি বাজেট উত্থাপন কৰাৰ লগে লগে এক নতুন দিশৰ সূচনা হয়। বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বাৰ্ষিক আয়-ব্যয়ৰ তথ্য দিয়াৰ উপৰিও কেবাখনো নতুন আঁচনিৰ কথা ঘোষণা কৰে। নিসন্দেহে এই বাজেটখন অসমৰ জনসাধাৰণৰ সৰ্বস্তৰৰ লোকৰ বাবে এখন জনকল্যাণমুখী বাজেট বুলি ক'ব পাৰি।

বিশেষকৈ, ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাখণ্ডত সৰ্বমুঠ ৯৩৩৯.৫৪ কৌটি টকা, উচ্চতৰ শিক্ষাৰ বাবে ৫১৩১.৫১ কৌটি আৰু কলেজীয়া শিক্ষাৰ বাবে ২৬১২ কৌটি টকা ধাৰ্য্য কৰা হৈছে। তেনেদৰে বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষাখণ্ডৰ উন্নতি আৰু পৰিবৰ্ধনৰ বাবে পৰ্যাপ্ত পৰিমাণে পুজিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

২০১৯, ২০২০ আৰু ২০২১ - এই তিনিওটা বছৰ অসমৰ আৰ্থিক স্থিতি সৱল নাছিল যদিও তদানীন্তন বিত্তমন্ত্ৰী তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ বাবে অসমৰ ৰাজহ ঘাটিৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল।

কৰ-ৰাজহ আৰু অনাকৰ-ৰাজহ - এই দুয়োটা শিতানতে বিত্তমন্ত্ৰী গৰাকীয়ে বিচক্ষণতাৰ পৰিচয় দিব পাৰিছিল। বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা মতে এই সময়ছোৱাত সৰ্বমুঠ সংগৃহীত হোৱা ৰাজহৰ পৰিমাণ আছিল ২৫৬৪৭ কৌটি টকা। ইয়াৰে প্ৰত্যক্ষ কৰৰ পৰা সংগৃহীত ধনৰ পৰিমাণ আছিল ১৭,৫৪৪ কৌটি টকা। আবকাৰী বিভাগৰ পৰা ২১০৭ কৌটি, পৰিবহণ বিভাগৰ পৰা ১০৫৬ কৌটি, ভূতত্ব আৰু খনি বিভাগৰ পৰা সৰ্বমুঠ ৩৯৩১ কৌটি কৰ আহৰণ কৰা হৈছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে।

৫৬৬.২০ কৌটি টকা ঘাটি বাজেটখনে প্ৰায় ৭৫০০ কৌটি টকা আত্মসহায়ক গোটৰ ঋণৰ ঘাটি পূৰণ কৰিব পৰা যাব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে। উল্লেখ্য যে মহিলাসকলৰ আত্মসহায়ক গোটৰ সহায়ত ক্ষুদ্ৰ ঋণ মাফ কৰি দিব বুলি চৰকাৰে আস্বাস দিছিল। প্ৰায় ১ লাখ মহিলা উপকৃত হ'ব বুলি আশা ৰাখিছে বিত্তমন্ত্ৰী গৰাকীয়ে।

ক'ভিডসৃষ্ট পৰিস্থিতি হ'লেও শিক্ষা, যাতায়ত আৰু স্বাস্থ্যখণ্ডত চৰকাৰে ৮০০০ কৌটি টকাকৈ মুঠ ২৫,০০০ কৌটি টকা ধাৰ্য্য কৰিছে। স্বাস্থ্যখণ্ডত আন্তঃগাঠনি, নতুন মেডিকেল কলেজ স্থাপনকে ধৰি কেইবাটাও অভিলাখী আঁচনি গ্ৰহণ কৰিছে। তেনেদৰে অৰুণোদয় আঁচনিৰ ধন মাহিলী ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ১০০ খন উদ্যোগিক পাৰ্ক খোলা, এক লক্ষাধিক নিবনুৱাক চৰকাৰী চাকৰিৰ সুবিধা দিয়া, মহিলাৰ ক্ষুদ্ৰ ঋণ মাফ দিয়া আদি অভিলাখী আঁচনিয়ে সকলোৰে অন্তৰ চুই গৈছে।

অসমৰ খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘুৰ উন্নয়নৰ বাবে প্ৰায় ৫০০ কৌটি টকাৰ অভিলাখী আঁচনি গ্ৰহণ কৰিছে। অসমৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডত চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আন্তঃগাঠনি উন্নয়ন, মধ্যাহ্ন ভোজন, ইউনিফৰ্ম যোগান, চাইকেল প্ৰদান, মেধাৱী ছাত্ৰীৰ বাবে স্কুটী প্ৰদান, স্কুল তথা কলেজৰ ফিজ মাফ আদি।

বহিঃৰাষ্ট্ৰ বাংলাদেশ স্পৰ্শ কৰা কৰিমগঞ্জ আৰু ধুবুৰী জিলাত নতুনকৈ ৫০টা তালাচী চকী স্থাপন কৰা হ'ব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।

মুঠৰ ওপৰত অসমৰ এই বৰ্ষৰ বাজেটত অসমৰ সমগ্ৰ জনসাধাৰণৰ আশা আৰু প্ৰত্যাশা কঢ়িয়াবলৈ সমৰ্থ হৈছে। আমি আশা ৰাখিম পৰৱৰ্ত্তী বাজেটত মহিলা আৰু শিশুৰ উন্নতি তথা সৱলীকৰণৰ বাবে আছুতীয়া পুঁজিৰ আবন্টন দিব।