ডিজিটেল শৈশৱ

দুলুমনি কলিতা ওঁজা সহ শিক্ষয়িত্রী, হাজো বালক উচ্চ বুনিয়াদী বিদ্যালয়
DuluMoniKalitaOja

দুটা দশকৰ আগলৈকে পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ দশম বা একাদশ জন্ম দিৱসত এটা ম'বাইল ফোন বা ' আইপেড ' উপহাৰ দিয়াৰ প্রৱনতা খুব সীমিত আছিল | কিন্ত একবিংশ শতিকাৰ প্রেক্ষাপটত আমাৰ সন্তানক এটা ইলেকট্ৰনিক গেজেট ( স্মাৰ্টফোন, লেপটপ, টেবলেট) উপহাৰ দিয়াটো এক অঘোষিত ফেশ্বন বা সাধাৰণ কথাৰ দৰে | সম্প্রতি এখন চাইকেল বা ভাল কিতাপ বা অভিধান বা এখন শব্দকোষ দিয়াৰ সলনি আমি ইলেকট্ৰনিক সামগ্ৰী দিয়াটো পছন্দ কৰো | শিশুৱে তেওঁলোকৰ পিতৃ মাতৃক তেনে দাবী কৰিব পাৰে আৰু তেওঁলোকে ভাৱে যে শিশুটিৰ একঘেয়ামী জীৱনশৈলীৰ সলনি এই সামগ্ৰীবোৰে তেওঁক ব্যস্ত কৰি ৰাখে |

গাঁও - চহৰ বিভেদে প্রতিটো পৰিয়ালতে একে ছবি | তাৰ পিছত আপুনি লক্ষ্য কৰে যে তেতিয়াৰ পৰা আপোনাৰ সন্তানে ফোনত আৰু বাহিৰত 'ভিডিও' গেম 'খেলি অতিবাহিত কৰাৰ সময় বাঢ়িছে আৰু লাহে লাহে শিশুটি 'স্ক্রীনৰ' প্রতি আসক্ত হৈ পৰিছে, য'ত মানসিক আৰু শাৰিৰীক ৰোগৰ বৃদ্ধিৰ সম্ভাৱনা | ক্রমানয়ে দেখিব যে শিশুটিৰ ওজন বৃদ্ধি হৈছে আৰু সি স্কুল বা ঘৰৰ কাষতে খেলিবলৈ যোৱাৰ সলনি ঘৰতে থাকি ' অনলাইন 'ত বন্ধুৰ সৈতে বাৰ্তালাপ কৰাত বেছি আগ্ৰহী হৈ উঠিছে | বিদ্যায়তনিক দিশতো তাৰ কুপ্ৰভাৱ অৱশ্যেই পৰিছে | যদি আপুনি দুই বা ততোধিক সন্তানৰ অভিভাৱক, আপুনি নিশ্চিতভাৱে কোনো ইলেকট্ৰনিক গেজেট বা তেওঁলোকৰ খেলি থকা ভিডিও' গেমলৈ কেতিয়াবা কাজিয়া কৰাও দেখিব | গৰমৰ বন্ধ যেন আপোনাৰ শিশুৱে ম'বাইলজাতীয় সামগ্ৰীত সময় কটেৱাৰ বাবেহে আহিল | আপুনি ইয়াৰ লক্ষনৰেখা ক'ত টানিব তাক লৈ স্বাভাৱিকতে উদিগ্ন | আসক্তি বাঢ়িছে ক্ষতিকাৰক হোৱা স্বত্বেও, মানুহৰ মাজত জাগি উঠা যিকোনো ধৰণৰ নিচা বা ৰাগি বা তাক পুৰন কৰাৰ বা পোৱাৰ প্রৱনতা বৃদ্ধি পাইছে | আসক্তিৰ উৎসৰ' পৰা হঠাৎ আঁতৰালে ই তীব্র নেতিবাচক, আৱেগিক প্রতিক্রিয়াৰো সৃষ্টি কৰিব পাৰে | সেয়ে খুবসাৱধানতাৰে এওঁলোকক আসক্তি কম কৰাত জোৰ দিব লাগে বুলি মনোবৈজ্ঞানিক সকলে মত পোষন কৰে | পৰ্দাৰ আসক্তি কম কৰাত জোৰ দিব লাগে ( স্ক্রীন এডিকচন) বৰ এক জটিল পৰিস্থিতি | বিশ্ব স্বাস্থ্য সংস্থা আৰু বহোয়া বিজ্ঞানীৰ মতে ই একপ্রকাৰ ব্যাধি | শেহতীয়া ভাৱে ৰোগৰ পৰা আন্তজাৰ্তিক শ্রেনীবিভাজনৰ তালিকাত গেমিং বিকাৰ' কো' সংযোজন কৰা হৈছে | দূৰদৰ্শন, ম'বাইল গেম আৰু ভিডিও' গেমবোৰে আজি বহোতো শিশুৰ বাবে ঘৰৰ বাহিৰতো স্থান লৈছে | তেওঁলোকক এই আসক্তিৰ পৰা আতৰ কৰাটো কঠিন আৰু প্রত্যাহ্বানজনক | কিয়নো বেছিভাগ শিশুৱে বাহিৰলৈ যোৱাৰ আৰু খেলা আনন্দখিনি যেন কোনেদিনে বুজিকে নাপাব | ই কেৱল সিহঁতৰ শাৰিৰীক সক্ৰিয়তাই নহয়, সৃষ্টিশীলতাতো বাধা আনে | হাতৰ সেই ম'বাইলটো এৰি প্ৰকৃতিৰ সুন্দৰতাখিনি আমেজ লোৱাৰ যেন স্পৃহা সিহঁতৰ একেবাৰেই নাই , তেনে অনুভৱ নহয়নে ? এই ডিজিটেল শৈশৱৰ' পৰা সিহঁতক বচাই ৰখাটোৱে আমাৰ প্রত্যাহ্বান | আপোনাৰ সন্তানৰ গেজেট আসক্তি ভাঙিবলৈ তথ্যত লাভ কৰা কিছুমান উপায় সহায়ক হব পাৰে |

Samayiki1

প্রথম কথা আপুনি নিজে আপোনাৰ ম'বাইল টেবলেট আৰু লেপটপ দিনটো কেইঘন্টামানৰ বাবে এৰি দি আপোনাৰ পৰিয়াল আৰু সন্তানৰ সৈতে সময় কটাবলৈ ধৰক | দৈনন্দিক কাৰ্য্যক্রমনিকা সলনি কৰি শিশুক এনে কাৰ্য্যকলাপ ব্যস্ত কৰিব লাগে যে তাত ম'বাইলজাতীয় সামগ্ৰীৰ কোনো সম্পৰ্ক নাই| ম'বাইল সামগ্ৰীৰ কোনো সম্পৰ্ক নাই | ম'বাইল আৰু অন্যান্য গেজেটবোৰ এনেদৰে ৰাখিব লাগে যে যাতে ইচ্ছানুসাৰে ব্যৱহাৰ কৰিব নোৱাৰে আৰু আপুনি জানে যে শিশুটিয়ে কেতিয়া ব্যৱহাৰ কৰিছে | শিশুৱে পঢ়া আৰু হাতেৰে লিখা কঠিন অনুভৱ কৰে , কিয়নো তেওঁলোকে কম বয়সতে ভিডিও' ৰ জৰিয়তে শিকাৰ সংস্পৰ্শলৈ আহে | সেয়ে তেনে অভ্যাস পুনৰ গঢ়ি তোলক | যিমান পাৰে সিমান শাৰীৰিক খেলাৰ প্রতি অনুৰাগ বঢ়াওক | বহি:প্রদৰ্শনী ,নাট্যনুষ্টান, দবা খেলা, কৰ্মশালা, ব্যয়াম, চাৰ্কাছ ইত্যাদিৰ আমোদ প্ৰমোদত নিয়োজিত কৰক | নিজেও খেলক | মনোৰঞ্জন দিব পৰা এনে কিছুমান সৃষ্টিশীল কামত ব্যস্ত কৰক য'ত ইলেকট্ৰনিকছৰ কোনো স্থান নাই | তেওঁলোকক বিকল্প, যেনে -- চিত্রাংকণ, পেইন্টিং, ইনডোৰ গেম আদিৰ দৰে শাৰীৰিক কাৰ্য্যকলাপলৈ ধাৱিত কৰাটো খুবেই দৰকাৰ | শোৱাপাটীলৈ যোৱাৰ কমেও এঘন্টাৰ আগতে যাতে এনে কোনো গেজেট হাতেৰে নেচোৱে | কানাডিয়ান পেডিয়াট্রিক ছ'চাইটিয়ে শেহতীয়াকৈ প্রকাশ কৰা নিৰ্দেশনাবলীত পাঁচ বছৰৰ তলৰ শিশুৰ বাবে পৰ্দাৰ সময়ত নিৰ্দেশনাৰ সীমাবদ্ধতাৰ পৰামৰ্শ দিছে | দুবছৰতকৈ কম বয়সৰ শিশুৰ বাবে একেবাৰেই বৰ্জনীয় | দুইৰ পৰা পাঁচ বছৰ বয়সৰ শিশুৰ বাবে প্ৰতিদিনে এঘন্টাতকৈ কম | দৈনিক পৰ্দামুক্ত সময় অনিবাৰ্য, বিশেষকৈ খোৱা, খেলা আৰু কিতাপ পঢ়াৰ' বাবে |অভিভাৱকে ডাইনিং টেবুলৰ পৰা ডিভাইচবোৰ আঁতৰাই ৰখা উচিত |আনহে নালাগে কিশোৰ আৰু প্ৰাপ্তবয়স্কসকলৰ বাবেও দৈনিক চাৰিঘন্টাতকৈ বেছি বৈদ্যুতিক সাধনৰ ব্যৱহাৰ ক্ষতিকাৰক |

এখন ঘৰত আন সকলো নিয়ম থকাৰ দৰে ম'বাইলজাতীয় সামগ্ৰীৰ ব্যৱহাৰ এক সুকীয়া আৰু নিয়ন্ত্ৰিত নিয়ম আৰু সময় থকা উচিত | প্ৰযুক্তিক আমি এৰাই চলিব নোৱাৰো, কিন্তু আমাৰ নিজৰ ওপৰত, আমাৰ সমাজ আৰু আমাৰ সন্তানৰ ওপৰত তাৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ চালি জাৰি চাই, সতৰ্কতাৰে তাৰ ব্যৱহাৰ আৰু প্রয়োগ কৰিলে বেয়া পৰিমানৰ পৰা হয়তো নিশ্চিতভাৱে বাচিব পৰা যাব |