প্ৰথম অসমীয়া এনিমেশ্চন চলচ্চিত্ৰ পৰিচালক ডাঃ গৌতম কুমাৰ দাসৰ সৈতে এক সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণকাৰীঃ জেপুলিন দাস, সহ: শিক্ষয়িত্ৰী, সাতপখলী মজলীয়া বিদ্যালয়, ৰামপুৰ শিক্ষাখণ্ড
GautamKumarDas

Dr. Gautam Kumar Das

"এনিমেশ্চন হ'ব পাৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ বাবে এক উত্তম বৃত্তিমুখী শিক্ষাৰ বাছনি৷ "

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী মাজত সততে মনলৈ অহা এটা প্ৰশ্ন হ'ল কেনে ধৰণৰ শিক্ষা লাভৰ যোগেৰে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰি আৰু তাৰ বাবে কেনেধৰণৰ আৰু কত শিক্ষা গ্ৰহণ কৰিব পাৰি। বৰ্তমানৰ যুগ হৈছে প্ৰযুক্তিবিদ্যাৰ । প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে-লগে নৱ প্ৰজন্মৰ বাবে খোল খাইছে ন-ন বৃত্তিৰ দুৱাৰ। দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ অন্তত লোৱা সঠিক কেৰিয়াৰ বা বৃত্তিৰ বাছনিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ জটিলতা প্ৰসমিত কৰাত সহায়ক হয়। কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিলক্ষিত হোৱা কেৰিয়াৰ বিষয়ক অজ্ঞতা আৰু সঠিক কেৰিয়াৰ বাছনিৰ বাবে পথনিৰ্দেশনাৰ অভাৱৰ বাবে বহুত ছাত্ৰ-ছাত্ৰী নিবনুৱা সমস্যা আৰু হতাশ গ্ৰস্থতাত ভোগা দেখা যায়। প্ৰচলিত মেডিকেল, ইঞ্জিনীয়াৰিং আদি বিষয়সমূহত প্ৰতিযোগীতা অধিক আৰু অতি কম সংখ্যক মেধাবী ছাত্ৰ-ছাত্ৰীয়েহে পঢ়াৰ সুযোগ লাভ কৰে। এনে পৰিস্থিতিত তুলনামূলক ভাবে কম মেধাধাৰী ছাত্ৰ-ছাত্ৰী সকলে হতাশ হোৱাৰ প্ৰয়োজন নাই। প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে হল প্ৰচুৰ সম্ভানা আৰু স্বকীয় গুণৰ অধিকাৰী। নিজৰ ৰুচি আৰু ক্ষমতা অনুযায়ী বাছনি কৰা বৃত্তিমুখী শিক্ষাই শিক্ষাৰ্থী সকলক ভিৱিষ্যত জীৱনৰ বাবে গঢ় দিয়াই নহয় তেওঁলোকৰ আত্মবিশ্বাস সৱলিকৰণ আৰু সমাজৰ তথা দেশৰ এক সম্পদ ৰূপে গঢ় দি তুলাত সহায়ক হয় ।

এনিমেশ্চন হৈছে ছাত্ৰ-ছাত্ৰী সকলে ল'ব পৰা বৰ্তমান যুগৰ অতি সম্ভাৱনাপূৰ্ণ আৰু তুলনামূলক ভাবে কম প্ৰতিযোগিতামূলক এক বৃত্তি। আমাৰ মাজৰ সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এইটো বৃত্তিৰ বিষয়ে সঠিকভাবে অৱগত নহয়। বৃত্তিটোৰ বিষয়ে সঠিক ধাৰণা লাভৰ বাবে আমি লগ ধৰিছিলোঁ অসমৰ এগৰাকী সুযোগ্য সন্তান -ডাঃ গৌতম কুমাৰ দাস ডাঙৰীয়াক। অসমৰ প্ৰথমখন এনিমেশ্চন চলচ্চিত্ৰ '' সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ '' নামৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক চলচ্চিত্ৰখনৰ পৰিচালনা কৰাৰ সুবাদত তেওঁ অসমৰ প্ৰথম এনিমেছন ছবি পৰিচালক হোৱাৰ খ্যাতি অৰ্জন কৰে। পেছাত এগৰাকী চিকিৎসক, -ডাঃ দাস ডাঙৰীয়াৰ খ্যাতি অসমৰ এগৰাকী সুযোগ্য এনিমেশ্চন চলচ্চিত্ৰ পৰিচালক হিচাপেহে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগৰ এনিমেশ্চন বিষয়ক পাঠ্যক্ৰমৰ এগৰাকী অতিথি শিক্ষক হিচাপেও কাৰ্যৰত । বৃত্তি হিচাপে এনিমেশ্চন আৰু তাৰ প্ৰশিক্ষণ লাভৰ বাবে অসমত কত, কেনে ধৰণৰ সুবিধা আছে, তেওঁৰ পৰা আমি জানিবলৈ সক্ষম হওঁ।

প্ৰশ্ন: এনিমেশ্চননো কি আমাক দুআষাৰ চমুকৈ বুজাই দিবনে?

উত্তৰঃএনিমেশ্চনৰ(ANIMATION) নাম নুশুনা মানুহ আজিকালি তাকৰ। দৃশ্যৃ-শ্ৰৱ্য জগতত এনিমেশ্চন এক অতি জনপ্ৰিয় মাধ্যম। দূৰদৰ্শনৰ শিশুৰ বাবে প্ৰস্তুত কৰা কাৰ্টুন অনুস্ঠানবোৰ আবালবৃদ্ধবনিতা সকলোৰে প্ৰিয়। যদিও সাধাৰণতে আমি এনিমেশ্চন বুলিলে সততে টিভিৰ পৰ্দাত দেখা কণমানিহঁতৰ বাবে বনোৱা বিভিন্ন কাৰ্টুন চিৰিয়েলসমূহ বুলিহে ভাবো। মিকি মাউছ, ডনালণ্ড ডাক আদি চৰিত্ৰসমূহ সকলোৰে চিনাকি। আজিকালিৰ শিশুৱে নাবিতা, ড'ৰেমন, ছোটা ভীম , চিনচেন আদিহে বেছিকৈ চিনি পায় । কিন্তু প্ৰকৃততে এনিমেছনৰ ব্যৱহাৰ বহুল আৰু ব্যাপক। আজিকালি ডিজিটেল মাধ্যমৰ সকলো ক্ষেত্ৰতে প্ৰচলনৰ লগে-লগে এনিমেছনৰ ব্যৱহাৰিতাও বৃদ্ধি পাইছে। মোবাইল ফোনৰ পৰ্দাৰ পৰা দূৰদৰ্শনৰ পৰ্দালৈ সকলোৰে বাবে এনিমেশ্চন অপৰিহাৰ্য। মোবাইল ফোনটো খুলিলে পৰ্দাত নাচি-বাগি থকা প্ৰস্তুতকাৰকৰ প্ৰতীক চিহ্নটোও এনিমেশ্চনৰ দ্ৱাৰা প্ৰস্তুত কৰা। আমাৰ অজ্ঞাতে আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ এনিমেশ্চন সঙ্গী হৈ পৰিছে ।

Animation Animation Animation

প্ৰশ্ন:এনিমেশ্চনৰ ইতিসাহৰ বিষয়ে আমাক জনাওঁক চোন।

উত্তৰঃএনিমেশ্চনৰ ধাৰণা গুহাবাসী মানৱৰ অৱদান। ইতিহাসৰ মতে ১৭শ শতিকাত ছায়াচিত্ৰ, যাদুকৰী লন্ঠণৰ (১৬৫৯ চন) দ্ৱাৰা পৰ্দাত পোহৰ পেলায় মানুহক মোহিত কৰা অনুস্ঠানবোৰ আধুনিক এনিমেশ্চনৰ ফেহুঁজালি আছিল ।

Walt Disney

Fig: ওৱাল্ট ডিজনী

আধুনিক এনিমেশ্চন ছবিৰ জন্ম আধুনিক চলচ্চিত্ৰৰ জন্মৰো আগৰ, প্ৰথম অৱস্হাত এনিমেশ্চনৰ চৰিত্ৰবোৰ বিভিন্ন ভঙ্গীমাত আঁকি কেমেৰাৰে ছবি তুলি পৰ্দাত পোহৰ পেলায় চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছিল। এনিমেশ্চনৰ সোণালী যুগৰ সকলো চলচ্চিত্ৰ হাতেৰে আঁকি প্ৰস্তুত কৰা হৈছিল। ওৱাল্ট ডিজনী এনিমেশ্চন ছবিৰ এজন সফল সপ্নদ্ৰষ্টা, সেই যুগৰ এনিমেশ্চন ছবি - স্নো হোৱাইত এন্ড দা চেভেন দোৱাৰ্ফচ্ (১৯৩৭ চন), চিন্দ্ৰেলা (১৯৫০ চন), স্লিপিঙ -বিউটি (১৯৫৯) আদি ছবিয়ে আজিও আমাক সন্মোহিত কৰে , এইবোৰ ছবিক পৰম্পৰাগত এনিমেশ্চন(traditional animation) ছবি বুলি কোৱা হয় ।

যাদুকৰী লন্ঠণৰ(১৬৫৯ চন)

Fig: যাদুকৰী লন্ঠণৰ(১৬৫৯ চন)

Animation

পৰৱৰ্তী সময়ত কম্পিউটাৰৰ সহায়লৈ এনিমেশ্চন ছবি নিৰ্মাণ হবলৈ ধৰে । বিশ্বৰ প্ৰথম কম্পিউটাৰৰ সহায়লৈ নিৰ্মাণ কৰা এনিমেশ্চন ছবিখন হ'ল '' দা ৰেচকিউৱাৰ দাউন আন্দাৰ '' । কম্পিউটাৰৰ সহায়লৈ নিৰ্মাণ কৰা এনিমেশ্চন ছবিবোৰক দুভাগত ভাগ কৰা হয় - ২ ডি আৰু ৩ ডি এনিমেশ্চন ছবি । এনিমেশ্চন ছবি নিৰ্মাণ কৰা যদিও ব্যয়বহুল তথাপিও ইয়াৰ জনপ্ৰিয়তা কল্পনাতীত ।

Animation

Fig: ৩ডি এনিমেশ্চন চৰিত্ৰ (কম্পিউটাৰত প্ৰস্তুত-ডাঃ গৌতম কুমাৰ দাস)

Animation

Fig: ২ডি চৰিত্ৰ (কম্পিউটাৰত অংকণ ডাঃ গৌতম কুমাৰ দাস)

প্ৰশ্ন:অসমৰ প্ৰথমখন এনিমেশ্চন চলচ্চিত্ৰ " সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ" ৰ বিষয়ে আমি শুনিছোঁ আৰু আমি বহুতেই চাইছোঁ । অসমীয়া ভাষাত নিৰ্মাণ কৰা এনে এখন ছবি চাবলৈ পাই অসমীয়া হিচাপে অতিকৈ গৰ্বিত অনুভৱ কৰিছোঁ। ছবিখনৰ মানদণ্ড আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। আমাক ছবিখনৰ বিষয়ে অলপ বহলাই জনাবনে?

উত্তৰঃধন্যবাদ। নিশ্চয়।

Animation

সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ ইতিহাস ঈৰ্ষণীয় । ১৯৩৫ চনতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল । কিন্তু সৌ সিদিনাহে অসমৰ প্ৰথমখন এনিমেশ্চন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় ।

এ.এম. টেলিভিছনৰ প্ৰযোজনাত অসমৰ প্ৰথমখন এনিমেশ্চন চলচ্চিত্ৰ '' সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ '' নামৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক ছবি ২০১৬ চনৰ ১১ নৱেম্বৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিছিল । চলচ্চিত্ৰখনৰ এনিমেশ্চনৰ প্ৰতিটো দিশ একক ভাবে এনিমেশ্চন পৰিচালনা, চৰিত্ৰ অংকণ আৰু পৰিৱেশ, পৰিকল্পনাৰ দায়িত্ব ভাৰ পালন কৰোঁ।

২ সপ্তাহৰো বেছি দিন খুউব জনপ্ৰিয়তাৰে চিত্ৰগৃহত প্ৰদৰ্শীত হৈছিল যদিও সেই সময়তে চৰকাৰে দেশত প্ৰচলিত টকা অচল ঘোষণা কৰাত নতুন টকাৰ যোগান নথকাত চলচ্চিত্ৰ খনৰ ব্যবসায় আশানুৰূপ ভাবে সফল নহ'ল ।

অসমৰ ২য় খন এনিমেশ্চন চলচ্চিত্ৰ মহাপুৰুষ মাধৱদেৱৰ জীৱনভিত্তিক ছবিও চিত্ৰগৃহত মুক্তি লাভৰ অপেক্ষাৰত । এই ছবিখনৰো প্ৰতিটো দিশ একক ভাবে পৰিচালনা, সম্পাদনা , চৰিত্ৰ অংকণ আৰু পৰিৱেশ পৰিকল্পনাৰ দায়িত্ব ভাৰ পালন কৰিছোঁ ।

প্ৰশ্ন:আমাৰ ছাত্র-ছাত্ৰী সকলৰ বাবে বৃত্তি হিচাপে এনিমেশ্চন সঠিক বাছনি হবনে ? এই বৃত্তিটোৰ সম্ভাবনীয়তা কিমান ?

উত্তৰঃযিহেতু দৃশ্যৃ-শ্ৰৱ্য জগতত এনিমেশ্চন এক অতি জনপ্ৰিয় মাধ্যম। বৃত্তি হিচাপে এনিমেশ্চন নিৰ্মাণবিদ্যা এক উত্তম বাছনি । চলচ্চিত্ৰ উদ্দ্যোগ, মোবাইল ফোনৰ খেল, দৃশ্যৃ-শ্ৰৱ্য শিক্ষণ সমল প্ৰস্তুত কৰা প্ৰতিষ্ঠান আদি, চৰকাৰী-বেচৰকাৰী দূৰদৰ্শন প্ৰতিষ্ঠানত সংস্থাপনৰ সুযোগ অপৰিসীম । মনোৰঞ্জন আৰু গেমিং উদ্যোগৰ বৃদ্ধিৰ বাবে এনিমেটৰৰ বাবে চাকৰিৰ সম্ভাৱনা অতি দ্ৰুত গতিত বৃদ্ধি পাইছে। এখন এনিমেশ্চন চলচ্চিত্ৰৰ বাবে প্ৰায় ৫০০ এনিমেটৰৰ প্ৰয়োজন, যাৰ অৰ্থ হৈছে বৃহৎ নিযুক্তিৰ সুযোগ। এনিমেশ্চন হৈছে এক লাভজনক আৰু চাহিদাপূৰ্ণ কেৰিয়াৰ বিকল্প যি মনোৰঞ্জন আৰু শিক্ষা (ই-লাৰ্ণিং) দুয়োটা উদ্যোগক একেধৰণে সেৱা আগবঢ়ায়। এগৰাকী এনিমেটৰৰ প্ৰাৰম্ভিক বেতন পেকেজ প্ৰতি মাহে ১০,০০০ টকাৰ পৰা ১৫,০০০ টকাৰ ভিতৰত হ'ব পাৰে। তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত এগৰাকী জ্যেষ্ঠ এনিমেটৰ হ'ব পাৰি আৰু মাহিলী দৰমহা ৩০,০০০টকাৰ পৰা ৫৫,০০০ টকালৈকে হ'ব পাৰে। এনিমেশ্চন আজিকালি আমাৰ দেশৰ দ্ৰুততম বিকাশশীল কেৰিয়াৰ বিকল্পসমূহৰ ভিতৰত এটা। এনিমেশ্চন উদ্যোগটোক প্ৰতি বছৰে ৩০,০০০ ৰো অধিক পেছাদাৰীৰ এনিমেটৰৰ প্ৰয়োজন যাৰ চাহিদা অনুযায়ী যোগান সীমিত ।

প্ৰশ্ন:এনিমেশ্চন কত-কত পঢ়িব পাৰি? পাঠ্যক্ৰম কিমান দিনীয়া হয়? সবিশেষ জনালে আমাৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব।

উত্তৰঃএনিমেশ্চনৰ ৩ বছৰীয়া স্নাতক পাঠ্যক্ৰম হয়। এনিমেশ্চন হ'ব পাৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ বাবে এক উত্তম বৃত্তিমুখী শিক্ষাৰ বাছনি ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষা উৰ্ত্তীণ হোৱাৰ পিছত এই পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰি। দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত এনিমেশ্চনৰ স্নাতক পাঠ্যক্ৰম উপলব্ধ। কিন্ত বৰ্তমান আমাৰ ছাত্ৰ-ছাত্ৰীসকল ইমান দূৰলৈ নগৈ অতি কম খৰচতে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও কেবাখনো বেচৰকাৰী এনিমেশ্চন প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীত আছে।

Animation

Fig: শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়

প্ৰশ্ন:সৰ্বশেষত , এনিমেশ্চন পঢ়িবলৈ বিশেষ কোনো দিশত পাৰদৰ্শিতা যেনে ছবি অঁকা আদি গুণৰ প্ৰয়োজন আছেনে?

উত্তৰঃছবি আঁকিবলৈ জনাটো এনিমেশ্চনৰ বাবে বিশেষ জৰুৰী নহয় কিয়নো আজিকালি বেছি ভাগ এনিমেশ্চন ছবি কম্পিউটাৰ সহায়ত অঁকা হয়। আঁকিব জানিলে নিশ্চয়কৈ সহায়ক হয়। কিন্তু এনিমেটৰ হবলৈ প্ৰয়োজন হোৱা আটাইতকৈ প্ৰয়োজনীয় গুণ হল ধৈৰ্য্য, একানপতিয়াকৈ লাগি থকাৰ মানসিকতা, সূক্ষ্ম পৰ্যবেক্ষণ আৰু এটি কলা সুলভ মন - এইকেইটা গুণ জীৱনৰ যিকোনো দিশতে সফলতা লাভৰ মূল চাবিকাঠি

গুৰুবার্তাৰ আলোচনীখনৰ সমূহ সদস্যবৃন্দ তৰফৰ পৰা আপুনি দিয়া বহুমূলীয়া সময় আৰু ছাত্র-ছাত্ৰীসকলক দিয়া আপুৰুগীয়া পৰামৰ্শ আৰু উৎসাহৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ।