শুৱালকুছিৰ মুক্তিযুঁজাৰু শ্ৰী যুত ভাৰত চন্দ্ৰ বৈশ্যৰ সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণকাৰীঃ গীতাঞ্জলী দাস, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক,বংশৰ, শিক্ষাখণ্ড –হাজো, জিলা– কামৰূপ,অসম

কৰ্মই ধৰ্ম । কৰ্ম অবিহনে জীৱনৰ অস্তিত্ব নাই বুলি কব পাৰি । কেৱল নিজৰ বাবে পেটৰ ভাতমুঠি যোগাৰ কৰাটোৱেই কৰ্ম নহয় । কৰ্ম ব্যক্তিগত, সামাজিক, সাৰ্বজনীন যিকোনো হ'ব পাৰে । কোনোৱে ব্যক্তিগত কৰ্মৰ মাজেদিয়ে জীৱন শেষ কৰে, আন কোনোৱে সামাজিক চিন্তাৰ মাজেৰেই মৃত্যুৰ চৰম সীমা পায় । তাৰ মাজতে আন এচাম আছে যাৰ বাবে মাতৃভুমিয়েই প্ৰাণ ।

মাতৃভুমিক নিজতকৈও বেচি ভাল পোৱা এনে এগৰাকী দেশপ্ৰেমী শ্ৰীযুত ভাৰত চন্দ্ৰ বৈশ্যৰ সাক্ষাৎকাৰ এটি ল'বলৈ 'গুৰু বাৰ্তা' পৰিয়ালৰ হৈ মই উপস্থিত হৈছিলো তেখেতৰ বাসগৃহত কিছুদিন পূৰ্বে । মোৰ সহযোগী আছিল তেখেতৰ একালৰ ছাত্ৰ বংশৰৰ সানপাৰা প্ৰা: বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীইন্দ্ৰ কান্ত বৈশ্য ছাৰ ।

Sakhyat

শুৱালকুছিৰ গৌৰৱ বিশিষ্ট মুক্তিযোদ্ধা ৯৩ বছৰীয়া মাননীয় শ্ৰী যুত ভাৰত চন্দ্ৰ বৈশ্যৰ সমাজত এক সুকীয়া পৰিচয় আছে এজন মুক্তিযুঁজাৰু, শিক্ষক, সমবায় কৰ্মী আৰু সাংস্কৃতিক কৰ্মী হিচাপে । ঘৰত বৰ্তমান পৰিয়ালৰ সদস্য দুজনেই, তেখেত আৰু তেখেতৰ সহধৰ্মিণী শ্যামাবালা বৈশ্য । তেখেতৰ চাৰিটা সন্তানৰ সৰু পুত্ৰৰ কেইবছৰমান আগতে দূৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হৈছে ।আন এগৰাকী পুত্ৰ আৰু দুগৰাকী পুত্ৰী নিজৰ স্ংসাৰত বৰ্তমান প্ৰতিষ্ঠিত ।

তেখেতৰ ঘৰত প্ৰবেশ কৰিযেই নিজৰ পৰিচয দাঙি ধৰি এখন ফুলাম গামোছাৰে সম্ভাসণ জনাই মোৰ প্ৰশ্নসমূহ কৰিবলৈ আৰম্ভ কৰিছিলো । বাৰ্ধক্যজনিত কাৰনত বৰ্তমান শ্ৰী যুত ভাৰত চন্দ্ৰ বৈশ্য দেৱে কানেৰে কমকৈ শুনা বাবে তেখেতৰ পত্নীয়ে উত্তৰ সমূহ দিয়াত সহায় কৰিছিল । পোনতে তেখেতক জন্মৰ বিষয়ে সুধিছিলো –

প্ৰ্শ্ন:- আপোনাৰ জন্ম কেতিয়া হৈছিল?চনটো আপোনাৰ মনত আছেনে?

বৈশ্যদেৱ :- মোৰ জন্ম ১৯২৮ চনৰ আহাৰ মাহৰ ৬ তাৰিখে হৈছিল.।ইংৰাজী তাৰিখটো অৱগত নহয় ।

Sakhyat

প্ৰ্শ্ন:- আপুনি স্বাধীনতা আন্দোলনৰ লগত কিদৰে জড়িত হৈ পৰিছিল?স্বাধীনতা আন্দোলনৰ সময়ৰ কিবা উল্লেখযোগ্য ঘটনা আপোনাৰ মনত আছেনে?

বৈশ্যদেৱ :- ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা 'ভাৰত ত্যাগ' আন্দোলন ভাৰতৰ প্ৰান্তে-প্ৰান্তে বিয়পি পৰিছিল । অসম প্ৰান্তৰ শুৱালকুছিটো সেই জাগৰন গঢ় লৈ উঠিছিল । ভাৰতৰ দেশপ্ৰেমিক যুৱ-শক্তিৰ লগত ময়ো ১৪ বছৰ বয়সতে আন্দোলনত জপিয়াই পৰিছিলো । আন্দোলনৰ সময়ৰ বহুকেইটা ঘটনায়ে মোৰ মনত আছে । ১৯৪৩ চনৰ ৯ আগষ্টত 'কৰেঙ্গে য়া মৰেঙ্গে' আন্দোলনত গ্ৰেপ্তাৰ হৈ ১৫ বছৰ বয়সতে গুৱাহাটী জেইলত কাৰাবাস খাটিছিলোঁ । ১৯৪৪ চনৰ ২৬ জানুৱাৰীত 'স্বতন্ত্ৰতা দিৱস' পালন উপলক্ষে গুৱাহাটীৰ কাছাৰী ঘৰ প্ৰাঙ্গণত ভাৰতৰ ত্ৰিৰঙ্গা জাতীয় পতাকা উত্তোলনৰ কাৰ্য্যত পুলিচে মোক গ্ৰেপ্তাৰ কৰে । সেইদিনাখনে কনকলতাৰ পুলিচৰ গুলীত মৃত্যু হৈছিল ।

আন এটা মনত থকা ঘটনা হ'ল মহামানৱ মহাত্মা গান্ধীক দেখা পালো ১৯৪৬ চনৰ ৯ জানুৱাৰী তাৰিখে শুৱালকুছিৰ ল'ৰা হাইস্কুলৰ ঘাট-পাৰত । গান্ধীজী সভামণ্ডপলৈ খোজকাঢ়ি আহোতে মই স্বেচ্ছাসেৱক হিচাপে তেখেতৰ কাষে –কাষে আহি আছিলো ।

গান্ধীজী শুৱালকুছিলৈ আহোতে স্থানীয় শিল্পী ৰাজেন ডেকাই লগে লগে গান্ধীজীৰ ছৱিটো পাটৰ কাপোৰত তুলি দেখুৱাই তেখেতক মন্ত্ৰমুগ্ধ কৰিছিল ।

প্ৰশ্ন:- আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অলপ ক'ব নেকি? আনুষ্ঠানিক শিক্ষা আপোনাৰ কেনেদৰে আৰম্ভ হৈছিল?

বৈশ্যদেৱ :- মোৰ জীৱনৰ ৬ বছৰমান বয়সৰ পৰা ১৪ বছৰমান বয়সলৈ মাননীয় মোমাইদেউৰ ঘৰতে অতিবাহিত হয় । মোৰ দেউতা স্বৰ্গীয় দাস ৰাম বৈশ্য আৰু মাতৃ স্বৰ্গীয়া ভোগেশ্বৰী বৈশ্যৰ ছগৰাকী সন্তানৰ প্ৰথম সন্তান হিচাপে মই আটাইৰে বৰ মৰমৰ আছিলো, সেইবাবে মোমাইৰ ঘৰৰ আইতাই মোৰ স্কুলীয়া জীৱন আৰম্ভ কৰাত বিশেষভৱে গুৰুত্ব আগবঢ়াই শুৱালকুছি বালক মজলীয়া বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল । ১৯৪১ চনৰ শেষভাগত মজলীয়া পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ মোৰ আনুস্থানিক শিক্ষাৰ সামৰণি পৰিছিল আৰু মাতৃভূমিক ৰক্ষাৰ বাবে মই স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিলো । আন্দোলন কৰি জেলত থকা অৱস্থাত মোৰ হিন্দী ৰাষ্ট্ৰীয় ভাষা শিক্ষাৰ মানসিকতা গঢ়ি উঠিছিল । সেয়ে হিন্দী ভাষাৰ সকলোবোৰ পৰীক্ষা দি শেষত মিছামাৰী হিন্দী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা হিন্দীৰ 'শিক্ষা বিশাৰদ' উপাধি লাভ কৰিছিলো ।

প্ৰ্শ্ন:- আপুনি এজন সফল শিক্ষক আছিল । শিক্ষকতাৰ লগত আপুনি কেতিয়া জড়িত হৈছিল?

বৈশ্যদেৱ :- সফল শিক্ষক মই হ'ব পৰিছিলো নে নাই তাত মোৰ সন্দেহ আছে । যিহওঁক হিন্দী 'বিশাৰদ' উপাধি লাভ কৰাৰ পিছত ১৯৫৮ চনৰ ১১ আগষ্ট তাৰিখে মই বংশৰ মধ্য ইংৰাজী বিদ্যালয়ত বৰ্তমান বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিলো । তাত একেৰাহে ৩০ বছৰ কাল চাকৰী কৰাৰ পিছত ১৯৮৮ চনৰ ৩০ মে তাৰিখে মই অৱসৰ গ্ৰহন কৰিছিলো ।

মোৰমতে আদৰ্শবান শিক্ষকৰ গুন দুটামান হ'ল - ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পৰা গুণ শিক্ষকজনৰ গাত থাকিব লাগিব । তদুপৰি শিক্ষকসকলে সময়ৰ সদব্যৱহাৰ, নিয়মানুৱৰ্তিতা,কাৰ্যতৎপৰতা,ছাত্ৰ-ছাত্ৰীক শিকাব লগা বিষয়ৰ আৱশ্যকীয় জ্ঞান, চাফ-চিকুনতা অৱলম্বন,শৃংখলাবদ্ধতা,খং দমন,ৰাগীয়াল দ্ৰব্য বৰ্জন ইত্যাদি আদৰ্শলৈ লক্ষ্য ৰাখি পুথিৰ বিষয়ৰ উপৰিও এনে কিছুমান উপদেশ ছাত্ৰ-ছাত্ৰীক দিব পাৰিব লাগিব যিবিলাকৰ দ্বাৰা সিহঁতে লিখা – পঢ়া শিকি ভৱিষ্যতে যাতে দেশৰ একোজন সুনাগৰিক হ'ব পাৰে ।

প্ৰ্শ্ন:- মই শুনিছিলো আপুনি হেনো বোৱা –কটাও কৰিব জানিছিল – কথাটো সঁচানে ?

বৈশ্যদেৱ :- হয় । মোৰ ১৯ বছৰ বয়সতে পিতৃ বিয়োগ হোৱাত পাট-মুগাৰ কাপোৰ বোৱা-কটা কৰি পৰিয়াল পোহ-পাল দিছিলো । নিজ হাতেৰে বোৱা মূগাৰ কাপোৰৰ চোলা মই এতিয়াও পৰিধান কৰো। বোৱা-কটা কৰাৰ উপৰিও মই কৃষি- কৰ্ম, ব্ৰহ্মপুত্ৰ নদীত খৰি ধৰা, মাছ ধৰা আদি কামো বিভিন্ন সময়ত পৰিয়াল পোহপালৰ বাবে কৰিছিলো

প্ৰশ্ন:- মই জনাত আপুনি এজন সাংস্কৃতিক কৰ্মীও – এই দিশটোৰ বিষয়েও চমুৱাই কওকচোন ।

বৈশ্যদেৱ :- শ্ংকৰী স্ংস্কৃতিৰ সেৱক হিচাপে মই 'শ্ংকৰদেৱ সংঘ'ৰ শুৱালকুছি শাখাৰ উদ্যোগত বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শনৰ লগতে খোল বাদ্যও প্ৰদৰ্শন কৰিছিলো ।

প্ৰশ্ন:- আপুনি এতিয়ালৈ আপোনাৰ জীৱন পৰিক্ৰমাৰ যিমানবোৰ কথা ক'লে ইয়াৰ বাহিৰেও আন কিবা উল্লেখযোগ্য বিষয় আছেনে?

বৈশ্যদেৱ :- ১৯৪৮ চনৰ ১৪ জুলাইত প্ৰতিষ্ঠা হোৱা 'অসম সমবায় ৰেছ্ম প্ৰ্তিষ্ঠান লিমিটেড' নামৰ হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰাথমিক সমবায় অনুষ্ঠানৰ মই অন্যতম প্ৰ্তিষ্ঠাপক সদস্য আছিলো ।

তেখেতলৈ আগবঢ়োৱা মোৰ শেষ প্ৰ্শ্নটো আছিল –

প্ৰশ্ন:- সামগ্ৰিকভাৱে আপোনাৰ পৰিচয় চাৰিটা – এগৰাকী শিক্ষক, মুক্তিযোদ্ধা, সাংস্কৃতিক কৰ্মী আৰু সমবায় কৰ্মী । এই চাৰিটাৰ ভিতৰত আপুনি নিজকে কি হিচাপে পৰিচয় দি ভাল পায় ?

বৈশ্যদেৱ :- মই নিজকে মুক্তিযোদ্ধা হিচাপে পৰিচয় দি ভাল পাওঁ ।

ধন্যবাদ ছাৰ । আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।