বিফল সংগ্ৰাম

শ্ৰী গৌৰ চন্দ্ৰ বৰ্মন এম.এ, বি.এড, মণ্ডল সমন্নয়ক, এচ.এচ.এ ৰানী শিক্ষা, খণ্ড
GaurChandraBarman2

হতাশাৰ সাগৰত পৰি মই
বিছাৰি পোৱা নাই
প্ৰেৰণাৰ বন্তি গচি
জীৱনৰ বাট উজ্বলাই
সাফল্যৰ ক্ষণ গনি
অগ্ৰসৰ হবলৈ
হেপাহেৰে
জীয়াই থাকিবলৈ ।
জীৱনৰ প্ৰতিটো খোজতে

পৰাজয়ৰ গ্লানি লৈ
পদে পদে হতাশাৰ বলি হৈ
আগুৱাই যোৱাৰ দৃঢ়তা
হেৰুৱাই মই
দিশহাৰা নিজান বননিৰ
অচিনাকি তুচ্ছ চিকাৰী মই ।

সময়ৰ চিৰ প্ৰৱাহমান সোতত
উটি গৈছে যথা সৰ্বস্ব মোৰ
প্ৰতিহত কৰিব পৰা নাই
অনন্ত সংগ্ৰাম চলাই
ব্যৰ্থ মোৰ সমগ্ৰ প্ৰয়াস
সময়ৰ খোজত
জীৱনৰঅস্তিত্ব ৰক্ষাৰ হেতু ।

আজিও স্তব্ধ হোৱা নাই
জীয়াই থকাৰ প্ৰৱল সংগ্ৰাম
আজিও চলিছে চলিয়েই থাকিব
জীয়াই থকাৰ হেপাহ মোৰ
পৰিনতিৰ প্ৰৱল আশাত
গতানুগতিক আৰু পৰম্পৰাগত
চিৰস্থায়ী মোৰ
জীৱনৰ বিফল সংগ্ৰাম ।

BifalSangram1