মই এজনী নাৰীয়ে কৈছোঁ

চুমী দাস সমন্বয়ক

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
জন্মৰ আগতে উচ্চ প্ৰযুক্তিৰে,
গৰ্ভৰ সন্তান পৰীক্ষা কৰি,
নাৰী বুলি গম পাই
ভ্ৰূণ হত্যা কৰা ,
মই সেই শিশুটিয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
পুস্পিতা নোহোৱাৰ পৰাই
মোৰ উঠন বুকুক
কিছুমান পিশাছৰ নজৰৰ পৰা বচাই,
আইৰ বুকুত সুৰক্ষা লোৱা ,
মই সেই নাবালিকাজনীয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
নিজৰ ইচ্ছাত স্কুলৰ শেষত,
লগৰীয়াৰ লগত,
হাঁহি-ধেমালি কৰি,
দুটা শব্দ উচ্চস্বৰত কওঁতে
আনৰ চকুত পাতলীয়া হোৱা,
মই সেই ছাত্ৰীজনীয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
উচ্চ শিক্ষা শেষ নহওঁতেই,
বিয়া নামৰ আপদৰ বাবে
ঘৰতকৈ ওচৰ চুবুৰীয়াই
বেছি চিন্তা কৰা,
মই সেই গাভৰুজনীয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
প্ৰেম নামৰ পবিত্ৰ সম্বন্ধত
বেছিভাগ সময়তেই,
দেহটোৰ বাবে প্ৰতাৰিত হোৱা,
মই এজনী প্ৰেমিকাই কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
নতুন ঘৰখনত মিলিব খোজোতে
আই-বোপাই শিকোৱা
শিষ্টাচাৰৰ ওপৰত সন্দেহ কৰি,
সকলোৰে কথা শুনি,
আঁতৰত লুকাই
কান্দি থকা,
মই সেই ন-কইনাজনীয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
নমাহ নদিন গৰ্ভত লৈ ফুৰা
সন্তানটো ল'ৰা নহ'লে
বংশ কোনে আগুৱাই নিব বুলি
প্ৰশ্নৰ সন্মুখীন হোৱা,
ইচ্ছাৰ বিপৰীতে ল'ৰা সন্তানৰ বাবে
বাৰে বাৰে গৰ্ভধাৰণ কৰা,
মই সেই মা-জনীয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
কেতিয়াবা ওচৰ চুবুৰীয়াৰ লগত
ওলাই গ'লে,
পদূলিত কাৰোবাক মাত লগালে
ৰচকী নাম পোৱা
মই সেই তিৰোতাজনীয়ে কৈছোঁ।

হয় মই এজনী নাৰীয়ে কৈছোঁ
সকলো পৰিস্থিতিক মোকাবিলা কৰা,
নিজৰ দেহত
আনৰ সৰ্বোচ্চ লৈ
নাৰীকেই দুৰ্বল
বুলি প্ৰবোচন শুনা
মই সেই অভাগিনীয়ে কৈছোঁ।

হয়, মই এজনী নাৰীয়ে কৈছোঁ।
নিজৰ সংসাৰৰ বাবে ,
আনৰ আগত আঁঠু লোৱা,
আৰু বিপদৰ সময়ত
দুৰ্গাৰ ৰূপো ল'বলৈ
কুণ্ঠাবোধ নকৰা,
মই সেই দেৱীজনীয়ে কৈছো।