মৃত্যুৰ বিভীষিকা

চিম্পু কলিতা ফোন নং-৭৮৯৬৬৯৩৯৪৫

মোৰ দেশত মৃত্যুৰ লানি নিচিগা সোঁ‌ত
আজি চৌপাশে মৃত্যুৰ কিৰিলি ।

মানুহ মানৱতা হেৰুৱাই
হৈ পৰিছিল একোটা যন্ত্ৰ।
প্ৰকৃতিৰ কাতৰ আহ্বান আছিল
মানৱতা নেহেৰুৱাবা
মোৰ বুকুত বিষাদৰ জুই নিসিঁ‌চিবা ।।

অহংকাৰী মানৱ জাতি
নিজক জীৱশ্ৰেষ্ঠ বুলি কৰিছিল গৰ্ব।
মানৱৰ অত্যাচাৰৰ টোকাবহীত
চলাইছিল প্ৰকৃতিৰ ধ্বংস যজ্ঞ
অৰণ্য -বৰ্ষাৰণ্য কৰিছিল ধ্বংস।।

মানৱে ভবা নাছিল
এদিন প্ৰকৃতিৰো চিগিব ধৈৰ্য্য।
বিতুষ্ট হ'ব প্ৰকৃতি
পাতিব মানৱৰ ধ্বংসলীলা।।

মানৱ জাতি আজি সংকটৰ গৰাহত
প্ৰকৃতিয়ে চলাইছে মানৱৰ মৃত্যুৰ বিভীষিকা।
মোৰ দেশত জ্বলিছে হাজাৰখন চিতা
লাগিছে হুৱা-দুৱা,উঠিছে কান্দোনৰ ৰোল
জীৱশ্ৰেষ্ঠ এতিয়া চিতাৰ জুই কেনেকৈ নুমাবা!