বিষণ্ণতা

নিবেদিতা নাথ

মই আশা হীন
বাস কৰো মানুহৰ শৰীৰ মনত।
আশাত বন্দী কৰো মানৱ জীৱন
আশাহত হলেই দেখা দিও মই
উদ্ভৱ কৰো মানসিক সমস্যাৰ।

মই নাচাও জাতি বৰ্ণ
নামানো বয়সৰ ভেদাভেদ
মানৱক কৰো মই অলস, অকৰ্মঠ, শক্তিহীন।
নিৰাপত্তাহীনতাৰ আৰত মই
ৰোগীয়া শৰীৰ মনতো মই
টোপনিত ব্যাঘাত জন্মোৱাই হ'ল মোৰ কাম
বিষণ্ণতাই হ'ল মোৰ নাম।