স্বাধীনতাৰ ৰং

প্রীতি চৰকাৰ সহকাৰী শিক্ষয়ত্রী, শিলগুড়ি মজলীয়া বিদ্যালয়

PritiSarkar

বৰষুণৰ স্পর্শত নুতন পাতবোৰত আন্দোলিত ঢৌ যেন বার্তাবহ এক ইঙ্গিত ׀ সেউজীয়া পাতবোৰে যেন নতুনকৈ পাখি মেলি দিছে আকাশলৈ I প্রকৃতিৰ এই অনাবিল স্পর্শ মানুহৰ জীৱনৰে এটি ছন্দ ׀ মানুহৰ মনৰ মুক্তিৰ আকাঙ্খাই প্রকৃতিৰ স্পর্শত যেন এক বেলেগ মাত্রা পায় ׀ 'মুক্তি' এটা সৰু শব্দ, কিন্তু এই শব্দটিৰ মাজতে লুকাই আছে বহু শতাব্দীৰ সংগ্ৰামৰ ইতিহাস ׀

আমি জানো, বহু ক্ষেত্রত আমি আজিও পৰাধীন ׀ আজিও আমাৰ মনৰ মাজতে আমি লালন কৰিছোঁ পরাধীনতাৰ দ্বিধা ׀ ৰাজনৈতিক স্বাধীনতাক বাদ দিও, দেশ-কাল নির্বিশেষে আমি আন এক পরাধীনতাৰ চিকাৰ ׀ ই বয়সানুপাতিক ׀ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ মনঃস্তত্ব হৈ আহে জটিল, স্বার্থপৰ ׀ এই স্বার্থপৰ মনে আমাকো মুকুলিকৈ চিন্তা কৰিবলৈ নিদিয়ে ׀ এজনী কণমানি শিশুৰ দৰে আমি জানো প্রাণখুলি হাঁহিব পাৰো ? পাৰো জানো মুকুলি পথাৰৰ মাজত দুহাত মেলি আকাশলৈ চাই চাই নিষ্পাপ স্ফূর্টিৰে দৌৰিব ? দেখো জানো এতিয়াও পাখি লাহী পখিলাৰ সপোন ? চৰাইৰ মাতে নমাই আনে জানো আমাৰ প্রাপ্তবয়স্ক মনলৈ উৎফুল্লিত আবেগৰ ঢল ? ই এক প্রকাৰ পৰাধীনতা- দাসত্ব ׀ ই আমাৰ স্বাধীন, স্বতঃস্ফূর্ত সত্ত্বাৰ বন্দীত্ব ׀

SabdasilpaImage

আমি এটা গণ্ডীৰ ভিতৰত কুক্ষীগত হই আমাৰ আৱেগ আৰু ইচ্ছাবোৰক লুকুৱাই থওঁ ׀ আমাৰ অবচেতন মনে আমাৰ এই মুক্তিকামী মানসিক বৈশিষ্ঠ্যক সদায় আওকান কৰি আহিছে ׀ সচাঁই শিশুৰ সৰল স্বাধীনতা আমাৰ নাই ׀ সেইবাবেই কব পাৰি স্বাধীনতা বহু ক্ষেত্রত বয়সানুপাতিক ׀ সেইয়েই শিশুৰ হাঁহিয়ে এতিয়াও আমাক আমাৰ শৈশৱলৈ লৈ যায় ׀

কিন্ত বয়সৰ গতি, দ্বায়বন্ধতা আৰু কর্তব্যবোধ আজি আমাক প্রাণখুলি হাঁহিবলৈ নিদিয়ে ׀ সামাজিক নিয়ম, সামাজিক মর্যাদা, ৰীতি-নীতি, জীৱিকা অর্জনৰ বাবে পালন কৰিব লগীয়া দায়িত্ব, সামাজিক সম্বন্ধৰ মেৰপাকে আমাৰ স্বতঃস্ফূর্ত স্বাধীন সত্ত্বাক বন্দী কৰি ৰাখিছে׀ বহু ৰঙৰ সমাহাৰ আছে স্বাধীনতাত ׀ কাৰোবাৰ বাবে ৰাজনৈতিক স্বাধীনতাই সকলো, আন কাৰোবাৰ বাবে অর্থনৈতিক স্বাধীনতাৰ বাহিৰে আন গতি নাই ׀ কিন্ত এই সকলো কথাৰ মাজতে এটা কথা পূবৰ সূর্যোদয়ৰ দৰে সচাঁ যে শৈশৱৰ মানসিক আবেগৰ কোমলতাৰ মাজতে আছে মানুহৰ মনৰ স্বাভাবিক স্বতঃস্ফূর্ত স্বাধীনতা ׀ আজিৰ এই জটিল পৃথিৱীখনত শিশুৰ মনৰ এই কোমল, সৰল আৱেগ আমাৰ সকলোৰে আটাইটকে বেছি কাম্য ׀