ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ ভূমিকা

পূৰবী তালুকদাৰ সহকাৰী শিক্ষয়ত্ৰী, বাখালাপৰা বাতাবাৰী এম ই স্কুল

Purabi Talukdar

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নাৰীৰ অৱদান আৰু ত্যাগে এক নজিৰ সৃষ্টি কৰিছিল।ভাৰতীয় নাৰীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পুৰষৰ সমান্তৰালকৈ প্ৰকৃত দেশপ্ৰেম আৰু সাহসেৰে যুজঁ দিছিল।মহিলা স্বাধীনতা সংগ্ৰামীসকলে অতি সক্ৰিয়ভাবে সত্যাগ্ৰহ,অহিংস আৰু আইন অমান্য আন্দোলনৰ দৰে সংগঠিত জাতীয় আন্দোলনত অংশগ্ৰহণ কৰিছিল ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ অংশগ্ৰহণ ১৮১৭ চনৰ প্ৰথম ভাগতে হৈছিল।১৮১৭ চনত ভীমবাই হলকাৰে ইংৰাজ কৰ্ণেল মালকমৰ বিৰুদ্ধে সাহসেৰে যুজিছিল আৰু জয়ী হৈছিল।১৮৫৭ চনৰ বিদ্ৰোহৰ মহান নায়িকা আছিল ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।ইয়াৰ পিছতে ভাৰতৰ নাৰীসকল সক্ৰিয়ভাবে ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।সংগ্ৰামী নাৰীসত্তাৰ অন্যতম আছিল- সৰোজনী নাইডু,কস্তূৰবা গান্ধী,সৰলা দেৱী,বিজয়লক্ষ্মী পণ্ডিত, এনি বেচান্ট,উষা মেহতা,মৃদুলা চানুথাই,জানকীদেৱী, অৰুণা আচফ আলি আদি।

PurabiT

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ ভূমিকাও উল্লেখযোগ্য।অসমৰ মহিলা সকলেও ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ নাথাকি স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল।নগৰ আৰু গাওঁ অঞ্চলৰ যথেষ্ট সংখ্যাক অসমীয়া মহিলাই বিভিন্ন পন্থাৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সামাজিক আৰু ৰাজনৈতিক সজাগতাৰ সৃষ্টি কৰিছিল।

বহুসংখ্যাক মহিলাই সাক্ষৰতা অভিযান, যতঁৰত সূতা কটা,স্বদেশী বস্ত্ৰ তৈয়াৰ কৰা আদিৰদ্বাৰা স্বাৱলম্বী হোৱাৰ লগতে গ্ৰামাঞ্চলৰ অশিক্ষিত মহিলাসকলক স্বাধীনতা সংগ্ৰামৰ বিষয়ে সজাগতা কৰাৰ কাৰ্য্যকলাপসমূহত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।স্বাধীনতা আন্দোলনৰ বিভিন্ন স্তৰত অসমীয়া মহিলাসকলে নিজৰ নিজৰ যোগদান আগবঢ়াইছিল।অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি ভাৰত ত্যাগ আন্দোলনকৈ যথেষ্টসংখ্যক অসমীয়া মহিলাই আন্দোলনত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল আৰু পুলিচৰ অত্যাচাৰ সহ্য কৰিছিল আৰু কাৰাবন্দীও হবলগীয়া হৈছিল।

PurabiT

১৯২০চনত মহাত্মা গান্ধীয়ে বিপুল সংখ্যক মহিলাক এই আন্দোলনত যোগ দিয়াৰ বাবে অনুপ্ৰাণিত কৰিছিল।নাৰীৰ অংশগ্ৰহণেৰে অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিল।আৰু ১৯২১ চনত মহাত্মা গান্ধী অসমলৈ অহাৰ সময়ত তেখেতে অসমৰ মহিলাৰ দৃঢ়-আত্মবিশ্বাসী মনোবলক লক্ষ্য কৰাৰ লগতে অসমীয়া মহিলাৰ বোৱা-কটা দক্ষতাক ভূয়সী প্ৰশংসা কৰিছিল।মহাত্মা গান্ধীৰ আদৰ্শক অনুকৰণ কৰি অসমীয়া মহিলাসকলেও বিদেশী বস্ত্ৰ বহিষ্কাৰ,মদৰ দোকানত ধৰ্ণা,প্ৰতিবাদী সমদল আদিটো অংশগ্ৰহণ কৰিছিল|

১৯২৬ চনত পাণ্ডুত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত অসমৰ বিভিন্ন সম্প্ৰদায়ৰ মহিলাসকলে আগভাগ লৈছিল।অসমীয়া মহিলা সকল বিভিন্ন সাংগঠনিক অনুষ্ঠানৰ লগতো জড়িত আছিল।ভাৰতৰ স্বাধীনতা আন্দোলনৰ ছত্ৰছায়াত গঠন হোৱা অসমৰ মহিলাৰদ্বাৰা পৰিচালিত সংগঠন সমূহৰ ভিতৰত--তেজপুৰ মহিলা সমিতি(১৯২১),অসমৰ মহিলা সমিতি(১৯২৬,সভানেত্ৰী চন্দ্ৰাপ্ৰভা শইকীয়নী),কৰিমগঞ্জ মহিলা সংঘ(১৯৩০,মতনগিনি দাসৰ নেতৃত্বত),আৰু ছিলেট মহিলা সংঘ(১৯৩০,বৰাক উপত্যকা) অন্যতম। ১৯৪০ চনত ভাৰতীয় জা কংগ্ৰেছৰ অধীনত অসমতো এটা মহিলা বিভাগ পৃথকভাবে প্ৰতিষ্ঠা কৰে যিটোৰ সম্পাদিকাদ্বয় ক্ৰমে পুষ্পলতা দাস আৰু অমলপ্ৰভা দাস।

PurabiT

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত বৃহৎ মাত্ৰাত নাৰীসকলে অংশগ্ৰহণ কৰিছিল।অসমতো এই গণ আন্দোলনে ব্যাপক খলকনি তুলিছিল।অসমৰ মহিলাসকল স্বাধীনতাৰ হকে প্ৰাণহুতি দিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল।অসমীয়া মহিলাসকলে পুৰষৰ সমানে সমানে আন্দোলনৰ প্ৰত্যেকটো কাৰ্য্যসূচীতে আগভাগ লৈছিল।সভা-সমিতি আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল।সাংগঠনিক আৰু প্ৰচাৰ কাৰ্য্যত নিয়োগ হৈছিল।জাতীয় কংগ্ৰেছৰ আলোচনীসমূহ ছপাই জনসাধাৰণৰ মাজত গোপনে বিলোৱাৰ লগতে কংগ্ৰেছৰ হৈ চোৰাংচোৱাৰো কাম কৰিছিল।আৰু লগতে আত্মগোপন কৰি থকা কংগ্ৰেছী নেতা আৰু দলীয় কৰ্মীসকলক আশ্ৰয় আৰু গোপনে খাদ্য যোগান ধৰিছিল।এই আন্দোলনৰ অন্তৰালত থকা অসমীয়া মহিলাসকল আছিল-অনমলপ্ৰভা দাস,পুষ্পলতা দাস,চন্দ্ৰাপ্ৰভা শইকীয়নী,গুণেশ্বৰী দেৱী আদি।

আন্দোলনৰ সময়ছোৱাত এক বুজন সংখ্যাক অসমীয়া মহিলা সন্মুখ সমৰত আগুৱাই আহিছিল আৰু স্বাধীনতাৰ হকে শ্বহীদ হবলৈ পণ লৈছিল।তেনেকুৱা অসমৰ বীৰাংগনা হল-কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী অন্যতম।বৰ্তমান শোণিতপুৰ জিলাৰ অন্তৰ্গত গহপুৰৰ বৰঙাবাৰীৰ যুৱতী কনকলতা বৰুৱাই দেশৰ স্বাধীনতাৰ বাবে গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলিত প্ৰাণ আহুতি দি স্বদেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল ঠিক তেনেদৰে জাতীয় পতাকাৰ সন্মান অটুট ৰখাৰ চেষ্টাতে ৫৭বছৰীয়া ভোগেশ্বৰী ফুকননী গুলীবিদ্ধ হৈ দেশৰ বাবে শ্বহীদ হয়।স্বাধীনতা আন্দোলনত অসমৰ অন্যতম মহিলা শ্বহীদ।বিয়াল্লিছৰ গণ আন্দোলনত "কৰিম কিম্বা মৰিম" আদৰ্শৰে সকলো ৰাজপথলৈ ওলাই আহিছিল।অসমতো এই আন্দোলনে স্বাধীনতা অৰ্জনৰ দুৰ্বাৰ স্পৃহাত এক নতুন গতি লৈছিল।গঠন হৈছিল "মৃত্যু বাহিনী"।সৰহ সংখ্যাক অসমীয়া মহিলা এই বাহিনীৰ সদস্যা হৈছিল। মুক্তিকামী সকলো মহিলাই আত্মবলিদান দিবলৈ হাঁহিমুখে ওলাই আহিছিল।আত্মবলিদানেৰে মহীয়ান হোৱা অসমীয়া মহিলা সংগামীসকলৰ ভিতৰত আছিল-ৰেৱতী লাহন,খহুলী দেৱী,কন চুতিয়ানী,পদুমী গগৈ, কুমলী দেৱী আদি।এই সংগ্ৰামী নাৰীসকলৰ ত্যাগ আৰু দেশপ্ৰেমৰ কাহিনীয়ে অসমীয়া নাৰীৰ স্থান, মৰ্য্যদা অক্ষুণ্ণ ৰাখিলে। এইসকল মহীয়সী নাৰী আমাৰ মাজত আজীৱন চিৰনমস্য হৈ ৰব।