স্বাধীনতা দিৱস

জয়ন্ত মণ্ডল ৰঙিয়া জৱাহৰলাল শিশু বিদ্যালয়, শ্ৰেণী - পঞ্চম, ৰোল নং - ৩

আজি আকৌ ওভতি যাম
সময়ৰ সোতৰ বিপৰীতে
পৰাধীনতাৰ পৰা স্বাধীনলৈ পৰিবৰ্তিত
১৯৪৭ চনৰ সেই বিৰল মুহূৰ্ত্তলৈ,
যিদিনা আমি সম্পূৰ্ণ স্বাধীন দেশৰ
নাগৰিক হোৱাৰ সৌভাগ্য পাইছিলো
অসংখ্য স্বদেশপ্ৰেমীৰ তেজৰ বিনিময়ত।।
আজি আকৌ বুকু ফিন্দাই থিয় হ'ম
জাতীয় পতাকাৰ সন্মূখত,
স্বতন্ত্ৰতাৰ গৌৰৱেৰে সুৰত সুৰ মিলায়
গাই যাম দেশপ্ৰেমৰ গীত ৰাষ্ট্ৰগীত
বন্দে মাতৰম্
বন্দে মাতৰম্
সুখৰ চকুলোৰে দুগাল তিয়াম,
বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাম
আৰু এটি নতুন সপোন ৰচিম
এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ।।
আজি আকৌ ওভতি যাম
সময়ৰ সোঁতৰ বিপৰীতে,
পৰাধীনতাৰ শিকলি ফালি
শ্বহীদ বীৰসকলক সুঁৱৰিম,
আকৌ এবাৰ গাম দেশপ্ৰেমৰ গীত
নীৰ্ভিঘ্নে একে সুৰত, একে মাদকতাত
বন্দে মাতৰম্
বন্দে মাতৰম্
জয় হিন্দ !