ধ্বজাধাৰিনী

বিনীতা পাটোৱাৰী সহ শিক্ষয়িত্ৰী ,বৰগাঁও, মিলনজ্যোতি এম ই স্কুল
BinitaPatowary

আই কনকলতা
তই কান্দিছনেকি?
নাকান্দিবিচোন, মোৰে শপত।
যৌৱন নাপালি কি হ'ল
ত্যাগৰ জীৱনটোযে পালি
তাকে উদযাপন কৰিছো আমি!
তোৰ বয়সৰ বিৰাল্লিছৰ কত গাভৰু আইতা হ'ল!
চাচোন আই তই কিন্তু চিৰযৌৱনা ধ্বজাধাৰিনী হৈ দেশবাসীৰ প্ৰাণ জগাই ৰাখিলি।
জনতাৰ হিয়াৰ মন্দিৰত দেশপ্ৰেমৰ বীজ সিঁ‌চিলি।
তোৰেই অগ্ৰগামীত খোজত বুকু ফিন্দাই অসমীয়াই পৰিচয় দিয়ে
আমি কনকলতা দেশৰ।
তোৰ নামেৰেও হ'ব পাৰে এখন দেশৰ নাম
আই অ' সৰগতো হৈ ৰ'বি
বিশ্ববিজয়িনী,ধ্বজাধাৰিণী কনকাৰাণী