প্ৰতীক্ষাৰ প্ৰত্যাশা

কমলেশ্বৰ ডেকা খণ্ড সমল ব্যক্তি (বি.আৰ.পি), হাজো শিক্ষাখণ্ড
kamaleswar_deka

বি. এ. পৰীক্ষা পাছ কৰিবলৈ আৰু এটা বছৰ বাকী থকা অৱস্থাতে কৃপালে এখন ভেঞ্চাৰ হাইস্কুলত কেৰাণী চাকৰিত সোমাল । তাৰ দৈন্যতাৰ বাবে সি এই কামটো কৰিব লগা হ'ল । দেউতাকেও অকালতে সিহঁতক এৰি সিপুৰীলৈ গুচি গ'ল । ঘৰৰ ডাঙৰ ল'ৰা হিচাপে সকলো বোজা তাৰ মূৰৰ ওপৰত পৰিল । দেউতাকে খেতি-বাতি কৰি কোনোমতে ঘৰখন পোহপাল দি আছিল । এতিয়া পানীত হাঁহ নচৰা অৱস্থা হ'ল । সেয়েহে সামান্য পাৰিতোষিকৰে সি এই চাকৰিত সোমাব লগা হ'ল ।

কেৰাণী কামতো তাৰ মুঠেই ভাল লগা নাছিল । সি অফিচৰ কাম কৰাৰ উপৰিও দৈনিক দুই-তিনিটাকৈ ক্লাচও কৰিব লগা হৈছিল । তাৰ সহকৰ্মী সকলে তাক কেৰাণী বুলি তুচ্ছ-তাচ্ছিল্য কৰিছিল । সেয়েহে তাৰ মনটো বেয়া । তাৰোপৰি বিদ্যালয়ৰ প্ৰধান জনেও হকে-বিহকে দাবি-ধমকনি দি অশান্তি দিছিল । অৱশ্যে সি নিৰৱে সকলো সহ্য কৰি তাৰ কৰ্তব্য পালন কৰি গৈছিল ।

কৃপালে চাকৰিত সোমাইও চেগবুজি খেতি খনো চম্ভালি লৈছিল । নহ'লে পেটত গাঁঠি দিব লাগিব । তাৰোপৰি সি কষ্টৰ মাজতো তাৰ অধ্যয়নো কৰি গৈছিল । ফলত এদিন সি বি. এ. পাছ কৰিবলৈ সক্ষম হ'ল। বি .এ পাছ কৰাৰ পিছত বিদ্যালয় পৰিচালনা সমিতিয়ে সততা আৰু কৰ্তব্য নিষ্ঠতাৰ বাবে তাক হাইস্কুলৰ সহকাৰী শিক্ষক পদলৈ পদোন্নতি দিলে । সি কৃতজ্ঞ হ'ল ।

ইতিমধ্যে চৰকাৰে বিদ্যালয় খনো প্ৰদেশীকিকৰণ কৰিলে । তাৰ মুখলৈ পানী আহিল । কোনোমতে পৰিয়ালটো চলিব পৰা হ'ল । অন্ততঃ তাৰ ভনীয়েক ভায়েকহঁতক পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ সক্ষম হ'ল । তাৰ পিছত কৃপালৰ বি. এড পঢ়িবলৈ মন গ'ল । "মন কৰিলে চন"। সি স্কুলৰ পৰা ডেপুটেচনত বি. এড. পঢ়িবলৈ গ'ল । সুখ্যাতিৰে সি এদিন বি. এড ডিগ্ৰীও লাভ কৰিলে ।

বয়সে কাৰো বাবে ৰৈ নাথাকে । তাৰ মাকে এই কথা তাক সোঁৱৰাই দিলে । তাৰ মানে উপযুক্ত বয়সত এজনী চপাই ল'ব লাগে । সি মাকৰ কথাত হয়ভৰ দিলে । কইনাৰ সন্ধান কৰিলে যদিও কোনোবাই মাষ্টৰ বাবে ছোৱালী নিদিয়ে, আকৌ কোনোবাই দুখীয়া ঘৰৰ ল'ৰা বাবে ছোৱালী নিদিয়ে । সি বিমোৰত পৰিল ।শেষত তাৰ ঘৰৰ পৰা নাতি দূৰৈৰ এজনী ছোৱালী তাৰ চকুত পৰিল । দুই- চাৰিয়ে মাক নোহোৱা ছোৱালী জনীক চাই-চাই এৰি গুছি গ'ল । শেষত সি মাক নোহোৱা ছোৱালী জনীকে বিয়া কৰাবলৈ থিৰাং কৰি জীৱন সংগী কৰি ল'লে ।

ঘৰ সংসাৰ ভালে চলিল । এদিন ল'ৰাৰ বাপেক হ'ল । ল'ৰা জন্মৰ পিছত সি এম.এ. কৰিবলৈ আকৌ মন কৰিলে । সি দৰকাৰী কিতাপ পত্ৰ ক্ৰয় কৰি তলে তলে পঢ়াত লাগি গ'ল । প্ৰ-পত্ৰ যোগাৰ কৰি পূৰণ কৰিলে । এনেকৈ সি অসমীয়াত এম. এ প্ৰিভিয়াচ পৰীক্ষাত উত্তীৰ্ণ হ'ল । নতুন উদ্যমেৰে চুড়ান্ত পৰীক্ষাৰ বাবে লাগি গ'ল । চাওঁতে চাওঁতে সি চূড়ান্ত পৰীক্ষাটো উত্তীৰ্ণ হ'ল । সি এম.এ. পাছ কৰাৰ কথাটো বহুতে জনা নাছিল । কৃপালে এম.এ. পাছ কৰা কথাটো নিয়মমতে আৱেদন আকাৰে বিদ্যালয়ৰ প্ৰধানক জনালে । বিদ্যালয় প্ৰধানে কথাটো জানিব পাৰি তাক ভূয়সী প্ৰশংসা কৰিলে । বিদ্যালয়ৰ পাঠদান কাৰ্য ব্যহতঃ নকৰাকৈ এই কাৰ্য সমাধা কৰা বাবে কৃপালক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে । লগে লগে কথাটো শিক্ষকসকলৰ আগতো অৱগত কৰিলে । সহকৰ্মী সকলেও তাক শুভেচ্ছাৰে উপচাই পেলালে ।

সচাঁকৈয়ে কৃপালৰ জীৱনলৈ সৌভাগ্য নামি আহিল । অসম চৰকাৰে অইন বিদ্যালয়ৰ লগতে সিহঁতৰ বিদ্যালয়খনো উচ্চৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিলে । সেই সূত্ৰে উপযুক্ত অৰ্হতা থকা বাবে কৃপালেও সেই বিদ্যালয়তে পোষ্ট গ্ৰেজুৱেট শিক্ষক হিচাপে মকৰল হ'ল । তাৰ হিয়া আনন্দে নধৰা হ'ল ।

সুদীৰ্ঘ বছৰ সহঃ শিক্ষক আৰু পোষ্ট- গ্ৰেজুৱেট শিক্ষক হিচাপে কাম কৰি সি শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ জনপ্ৰিয় আৰু আদৰ্শ হৈ পৰিছিল । জীৱনত কোনোদিনে বিদ্যালয়লৈ পলমকৈ যোৱা নাছিল । শেষৰফালে উপাধ্যক্ষ আৰু অধ্যক্ষ হিচাপেও নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য সমাপন কৰিবলৈ সক্ষম হয় ।

কেৰাণীৰ পৰা সহকাৰী শিক্ষক, সহকাৰী শিক্ষকৰ পৰা পোষ্ট গ্ৰেজুৱেট শিক্ষক আৰু ক্ৰমান্বয়ে উপাধ্যক্ষ তথা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা লোক হিচাপে কৃপালৰ স্থান শীৰ্ষত ।

মহাপুৰুষ সকলে কৈ গৈছে---" লাগি থাকিলে মাগি খাব নালাগে"।
"ধৈৰ্য আৰু কষ্টৰ ফল মিঠা" ।

KDekaArticle