যুগদ্ৰষ্টা

বিজয়া কলিতা সহঃশিক্ষয়িত্ৰী, চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়
BijayaKalita

হে বিজ্ঞ পিতৃ
তোমাৰ মহিমা মণ্ডিতৰ মাপকাঠি
দুশাৰী কথাৰ অন্তহীন ওৰ ।
তুমি চিৰ নমস্য জ্ঞানৰ জ্যোতি
জীৱন সাধনাৰ অতন্দ্ৰ প্ৰহৰী ।

তুমি আদি ,
তুমি অনাদি.......অনন্ত
যুগজয়ী জ্ঞানৰ পূজাৰী , উত্তাল সমুদ্ৰৰ বুকুভেদি
আজুৰি আনা বহুজনৰ
আলোকৰ মণি ।
বন্দিত বিনাসী
সৃষ্টিৰ প্ৰগতি
বৰ্ণ, ধৰ্ম নিৰ্বিশেষে
ঐক্য সংহতি ।
উচ্চ নীচ ভেদাভেদ পৰিহাৰ,
মেৰুদণ্ড তুমি জাতিৰ ।
তুমি স্ৰষ্টা,
স্বপ্ন দ্ৰষ্টা,
তুমিয়েই খনিকৰ ।
সততা, মমতা আৰু মহানুভৱতাই,
বিদ্ধৎ সমাজৰ অনৱদ্য অৱদান ।
হে দ্ৰষ্টা প্ৰণামো তোমাক । 🙏🙏