স্বাধীনতা

অপূৰ্ব কুমাৰ দাস প্ৰঃ শিক্ষক, ৪২নং ভূৰ্কিবাড়ী প্রাঃ বিদ্যালয়।
ApurbaKrDas

স্বাধীন যদিও আমি পৰাধীন
মুক্ত মনে বিচৰণ কৰা,
নিজৰ বাকস্বাধীনতাৰ ওপৰত
কথা কব পৰা,
নাই আমাৰ অধীন।
আমি এতিয়াও পৰাধীন।
নিজৰ মাজতে আমি হীন,
বুজা বুজিতে হব লাগে ভিণ।
উচ্চ-নীচ, ক্ষমতা-অক্ষমতাৰ
চলে অহৰহ প্ৰতিযোগিতা।
উচ্চবোৰে আকাশ চুৱে
ক্ষমতাশালীয়ে দমন কৰে।
নিচবোৰে গণতন্ত্ৰক দোহাই দি
চিঞৰি থাকে।
গণতন্ত্ৰৰ বেনাৰত চলে
ৰাজতন্ত্ৰ,
তাত নাই জনগণৰ
ক্ষমতা..
ইয়াকে কয় স্বাধীনতা।