হেঁপাহৰ গাঁওখনি

দিপাশ্ৰী দত্ত সহকাৰী শিক্ষয়িত্ৰী, বঙৰা তালুকদাৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয়, শিক্ষাখণ্ডঃ ৰামপুৰ, জিলাঃ কামৰূপ (গ্ৰাম্য), দূৰভাষঃ ৯৬১৩৬-৭০৫৬৯
DipashriDutta

ৰিকি আৰু বাৰ্বীৰ মনত আজি খুব স্ফূৰ্তি । সিহঁ‌তে আজি কিমান দিনৰ মূৰত যে শিৱসাগৰত থকা ককা-আইতাকৰ ঘৰখনলৈ যাব ওলাইছে । ৰিকি আনন্দত আত্মহাৰা হৈ মাকক কৈছেঃ মা, মোলৈ কাপোৰ সৰহকৈ ল'বা । মই বহুদিন থাকিম ।

বাৰ্বীঃ মা, মোলৈও ল'বা, মইও থাকিম ।

মাকে হাঁ‌হি এটা মাৰি ক'লে - হ'ব বাৰু, পিছে তোমালোক সোনকালে ওলোৱা ।

এনেদৰে স্ফূৰ্তিত আত্মহাৰা হৈ সিহঁ‌তে মাক-দেউতাকৰ লগত শিৱসাগৰলৈ যাত্ৰা আৰম্ভ কৰিলে । গুৱাহাটীৰ পৰা পুৱা প্ৰায় দহ বজাত আৰম্ভ হোৱা সিহঁতৰ যাত্ৰা চাৰি বজাত অন্ত পৰিল । ককা-আইতাকৰ ঘৰ শিৱসাগৰৰ বেটবাৰীৰ এখন ভিতৰুৱা গাঁ‌ৱত । ৰিকি, বাৰ্বী আৰু মাক-দেউতাক ককাকৰ ঘৰৰ পদূলিমুখ পোৱাৰ লগে লগেই ককাক-আইতাক, খুড়াক-খুড়ীয়েক, খুড়াকহঁ‌তৰ ল'ৰা জিন্টু দৌৰ মাৰি ঘৰৰ বাহিৰলৈ ওলাই আহিল । ৰিকি আৰু বাৰ্বীৰ যে মনত কিমান স্ফূৰ্তি ! সিহঁ‌তে ককাক-আইতাক, খুড়াক-খুড়ীয়েকক মাতবোল লগাই জিন্টুৰ লগ লাগি ঘৰৰ পাছফাললৈ দৌৰ মাৰিলে । জিন্টুৰ লগত সিহঁ‌তে কুঁ‌ৱাৰ পৰা পানী তুলি মুখ-হাত ধুই বৰ আনন্দ পালে । এনেতে খুড়ীয়েকে সিহঁ‌তক চাহ-জলপান খাবলৈ মাতি নিলে । খেৰৰ চাল দিয়া, বাহঁ‌ আৰু ইকৰাৰ বেৰত মাটিৰে লিপা কেঁ‌চা পাকঘৰটোত পীৰাত বহি সিহঁ‌তে চাহ-জলপান খালে । সন্ধিয়া গোঁ‌সাই ঘৰত পৰিয়ালৰ সকলোৱে মিলি প্ৰাৰ্থনা গালে । ধূপ-ধূনা, তেল-চাকিৰ গোন্ধেৰে পৰিৱেশটো বৰ ধুনীয়া কৰি তুলিলে । জোনাকৰ সন্ধিয়া ভঁ‌ড়ালৰ গাতে লাগি থকা গোঁ‌সাই ঘৰত সকলোৱে মিলি গোৱা প্ৰাৰ্থনাই সিহঁ‌তৰ মনত অনাবিল শান্তি আনি দিলে ।

ৰাতিৰ আহাৰ খোৱাৰ আগে আগে সিহঁ‌তক ককাকে সাধু শুনাবলৈ মাতি নিলে । জোনাক নিশা চোতালত বহি ককাকৰ পৰা বহু সাধু শুনিলে ।

পাছদিনা পুৱা সোনকালেই উঠি খুড়াকৰ লগত গৰু এৰাল দিবলৈ ৰিকি, বাৰ্বী আৰু জিন্টুও গ'ল । ৰাতিপুৱাৰ পথাৰৰ সুন্দৰ পৰিৱেশ, নৈৰ পাৰৰ গছ-গছনিত থকা চৰাই-চিৰিকটিৰ মাতে আটাইৰে মন পুলকিত কৰিলে । গৰু এৰাল দিয়াৰ পাছত খুড়াকৰ লগত নৈৰ পাৰে পাৰে খোজকাঢ়ি আহি থাকোতে খুড়াকে ক'লে , "পোণাহঁ‌ত, এই নদীখনত বহুতো মাছ আছে । মাঘৰ বিহুৰ উৰুকাৰ দিনা গাঁ‌ৱৰ সকলো মানুহে লগ হৈ ইয়াত মাছ ধৰে আৰু পথাৰতে সকলোৱে মিলি মেজি সাজি ভোজ ভাত খায় ।" খুড়াকৰ কথা শুনি ৰিকিয়ে ক'লেঃ কিমান যে ভাল লাগে ছাগে ন?

বাৰ্বীঃ আমাৰ গুৱাহাটীৰ ফ্লেটত সেইবিলাক একোয়েই নহয় ।

খুড়াঃ এইবাৰ বিহুত তহঁ‌ত ইয়ালৈকে আহিবি ।

খুড়াকৰ কথাষাৰ শুনি ৰিকি আৰু বাৰ্বীৰ ভাল লাগিল যদিও কিবা এটা যেন ভাল নালাগিল । এনেকৈ কথা পাতি আহি থাকোতেই সিহঁ‌ত ঘৰ পালেহি ।

দুপৰীয়াৰ আহাৰ খাই আইতাকৰ লগত তিনিও নাতি লগ হৈ কথাত মচগুল হ'ল । আবেলি জিন্টুয়ে ৰিকিক লগৰীয়াহঁ‌তৰ লগত চিনাকি কৰাবলৈ লৈ গ'ল । গাঁ‌ৱত থকা বিদ্যালয়ৰ খেলপথাৰত জিন্টু আৰু লগৰীয়াহঁ‌তে সদায় আবেলি নানান খেল খেলে । জিন্টুহঁ‌ত গৈ পোৱালৈ জিন্টুৰ লগৰ অংকুৰ, ৰমেনহঁ‌তে কাবাদী খেলি আছিল । জিন্টুয়ে সকলোৰে লগত ৰিকিক চিনাকি কৰাই দি সিহঁত আটাইয়ে কাবাদী খেলিবলৈ ল'লে । ৰিকিয়ে খেলি থকাৰ মাজতে ভনীয়েক বাৰ্বীলৈ মনত পৰিল, তাইক অনা হ'লে তাইয়ো বৰ ভাল পালেহেঁ‌তেন । একেবাৰে সন্ধিয়া পৰত জিন্টু আৰু ৰিকি ঘৰলৈ ওভতিল । ঘৰ পাই দেখে বাৰ্বী ওচৰৰে মইনা মাহীৰ জীয়েক চুইটীৰ লগত ছেংগুটি খেলাত ব্যস্ত ।

এনেদৰেই সিহঁ‌তে ককাকহঁ‌তৰ ঘৰত এসপ্তাহ থাকি গুৱাহাটীৰ ঘৰলৈ যাবলৈ ওলাল । সিহঁ‌তৰ যাবলৈ একেবাৰেই মন নাছিল । অনিচ্ছাসত্ত্বেও দেউতাক-মাকৰ লগত গাড়ীত ৰিকি আৰু বাৰ্বী দুয়ো বহিলহি । গাড়ীখন আগবঢ়াৰ লগে লগে সিহঁ‌তৰ মনটোও মুকলি আকাশ, পথাৰ আৰু নৈৰ পাৰলৈ উৰা মাৰিলে । সেইমুহূৰ্তত সিহঁ‌ত দুয়োটাৰে নিজৰ ঘৰখন অৰ্থাৎ গুৱাহাটীৰ ফ্লেটত থকা নানান খেলনা, পুতলা, ৰঙীন টি. ভি., ভিডিঅ' গেম আদিলৈ এবাৰো মনত নপৰিল ।