আধুনিক অসমীয়া সমালোচনাৰ ধাৰা

মিনাক্ষী মজুমদাৰ ডি.এল.এড প্ৰশিক্ষাৰ্থী, DIET Kamrup

উপন্যাস,চুটিগল্প আৰু প্ৰবন্ধাদিৰ দৰে সমালোচনা সাহিত্যও বৰ্তমান যুগৰ সাহিত্যৰ অন্যতম বিকাশ।'সমালোচনা'শব্দটোৰ আভিধানিক অৰ্থ হ'ল ভাৰসাম্যযুক্ত আলোচনা।

বিশ্বৰ অন্যান্য প্ৰান্তৰ সাহিত্যৰ লগতে অসমীয়া সাহিত্যৰো সমালোচনাৰ দিশটোৱে সাম্প্ৰতিক কালত অন্যান্য ৰূপত আত্মপ্ৰকাশ কৰিছে।১৮৪৬ চনত মিছনেৰী সকলৰ সংবাদ পত্ৰ 'অৰুণোদয়' প্ৰকাশ পোৱাৰ পাছৰে পৰা আধুনিক অসমীয়া সাহিত্যৰ বাট মুকলি হয়।'অৰুণোদয়'যুগত পুথিৰ পৰিচয়সূচক দুই এটা মন্তব্য প্ৰকাশ হৈছিল,প্ৰকৃত সাহিত্য সমালোচনা 'অৰুণোদয়'যুগত আবিৰ্ভাৱ হোৱা নাছিল।যদিও ভাষা সম্পৰ্কীয় আলোচনা-সমালোচনাই অৱশ্যে যথেষ্ট ঠাই পাইছিল।অসমীয়া সাহিত্যত সমালোচনাৰ উদ্ভৱ হয় খ্ৰীষ্টীয় ১৯শ শতিকাৰ শেষ তিনিটা দশকত।এই সময়তে আউনী আটী সত্ৰৰ পৰা শ্ৰীধৰ বৰুৱাৰ সম্পাদনাত'আসাম বিলাসিনী'(খ্ৰী:১৮৭১-৮৩)প্ৰকাশিত হয়।ইয়াতেই প্ৰথম ভোলানাথ দাসৰ 'সীতাহৰণ কাব্য'খনৰ এটা সমালোচনা প্ৰকাশ পাইছিল।খ্ৰী.১৯শ শতিকাৰ শেষৰ তিনিটা দশকত 'আসাম বিলাসীনী' কাকতৰ পাছতে প্ৰকাশ হোৱা সংবাদ পত্ৰ আৰু আলোচনীবোৰ হ'ল-'আসাম মিহিৰ'(১৮৭২), 'আসাম দৰ্পন'(১৮৭৪), 'আসাম নিউজ'(১৮৮২),'আসাম বন্ধু'(১৮৮৫), 'মৌ'(১৮৮৬),'জোনাকী'(১৮৮৯),'বিজুলী'(১৮৯০)।এই সংবাদপত্ৰ আৰু আলোচনীবোৰেই অসমীয়া সাহিত্য সমালোচনাক সাংবাদিকতাৰ মাজেদি প্ৰৱৰ্তন কৰাত অৰিহনা যোগাইছিল।জোনাকী যুগৰ প্ৰৱৰ্তক সকলৰ লেখনীত সমালোচনাই আৰু এদোপ ওপৰলৈ উঠে।এই সমালোচক সকলৰ ভিতৰত প্ৰধান সমালোচক হ'ল লক্ষ্মীনাথ বেজবৰুৱা।তেওঁৰ 'শংকৰদেৱ'গ্ৰন্থকে আধুনিক সাহিত্যৰ প্ৰথম সমালোচনাত্মক গ্ৰন্থ বুলিব পাৰি।জোনাকী যুগৰ আন এগৰাকী সমালোচক আছিল লম্বোদৰ বৰা।ইয়াৰোপৰি বেজবৰুৱাৰ সমসাময়িক হেমচন্দ্ৰ গোস্বামী,পদ্মনাথ গোহাঞীবৰুৱা,বানীকান্ত কাকতি,ডিম্বেশ্বৰ নেওগ আৰু ৰত্নকাকতী আদিয়ে সমালোচনাৰ শাখাৰ বিকাশত যৎপৰোনাস্তি বৰঙণি দি গৈছে।

ষাঠিৰ দশকৰ আগভাগত আন দুজন প্ৰতিভাৱান সমালোচক হ'ল ভৱেন বৰুৱা আৰু হীৰেণ গোহাঁই।সাহিত্য সমালোচনা জীৱন -জীজ্ঞাসাৰ পথ হিচাপে লোৱাৰ সচেতন প্ৰয়াস দুয়োজনৰে ইপ্সিত লক্ষ্য।ভৱেন বৰুৱা ডাৱৰীয়াই ভাৱবাদী চিন্তাধাৰাৰ দৃষ্টিভংগীৰে সাহিত্য সমালোচনা কৰিবলৈ লয়।আনহাতে হীৰেণ গোহাঁই য়ে বাস্তৱবাদী আদৰ্শৰে অনুপ্ৰাণিত হৈ ইতিহাস চেতনা আৰু মানৱিক দৃষ্টিভংগীৰ সহায়ত সাহিত্যৰ সমালোচনা কৰিবলৈ লয়।

সমালোচনা এহাতে যেনেকৈ সাহিত্যৰ অনুগামী,আন দৃষ্টিৰ পৰা পূৰ্বগামীও।এটা পুষ্ট আৰু বৈচিত্ৰপূৰ্ণ সাহিত্য সৃষ্টি নহ'লে সমিলোচনাও আগবাঢ়িব নোৱাৰে।চাবলৈ গ'লে সমালোচনা সম্পূৰ্ণ দোষমুক্ত নহয় আৰু হ'বও নোৱাৰে।কাৰণ সকলোবোৰ সমিলোচনাতে সমালোচকৰ ভিন ভিন ৰুচি-অভিৰুচি,জীৱন যাত্ৰা,ধ্যান ধাৰনা,শিক্ষা অভিজ্ঞতা, সংস্কৃতিয়ে প্ৰভাৱ বিস্তাৰ কৰি থাকে।ইয়াৰ ফলত আধুনিক অসমীয়া সাহিত্যৰ ধাৰাসমূহত পৰিৱৰ্তন আৰু পৰিৱৰ্ধনৰ ৰূপ পৰিলক্ষিত হয়।