তুমিয়েই মোৰ প্ৰথম তথা শেষ ভালপোৱা

জাহ্নুদেৱ কলিতা

তুমিয়েই মোৰ প্ৰথম তথা শেষ প্ৰেম
সত্য, নিভাঁজ, নিৰুপম

তোমাৰ পৰাই আৰম্ভ কৰোঁ প্ৰতিটো পল প্ৰতিটো দিন
অকলশৰীয়া পৰত তোমাক দেখোঁ
ভিৰৰ মাজত তোমাক দেখোঁ
উদাসীনতাত তোমাক দেখোঁ
ব্যস্ততাত তোমাৰ ছবি আঁকো

ফাগুনৰ ৰং তুলিকাৰে জীৱনৰ উকা পৃষ্ঠা ভৰাই তোলোঁ
বৰদৈচিলাৰ বতৰতো তোমাৰ বুকুত চিলা উৰুৱাব খোজোঁ
প্ৰতিটো গ্ৰীষ্ম নাশিবলৈ তুমি নামি আহা বৰষা হৈ
নঙঠা জীৱন ঢাকিবলৈ তুমি নামি আহা বসন্ত হৈ
আন্ধাৰ আঁতৰাবলৈ তুমি নামি আহা জোনাক হৈ

তুমিয়েইতো মোৰ প্ৰথম তথা শেষ ভালপোৱা
যি ভালপোৱাই জীৱন দিয়ে, যৌৱন দিয়ে
কৈশোৰৰ মাদকতা আৰু বাৰ্ধক্যৰ সোৱাদ দিয়ে
প্ৰেৰণা দিয়ে এখোজ দুখোজকৈ আগুৱাই যোৱাৰ
যি ভালপোৱাই সাহস দিয়ে প্ৰতিটো পুৱা চোৱাৰ
তুমি আছা বাবেই মই আছোঁ, মোৰ ভালপোৱা আছে
তুমি আছা বাবেই পৃথিৱীখন ভিন্ন ৰঙী
কেতিয়াবা সেউজীয়া, কেতিয়াবা মদৰুৱা, কেতিয়াবা পলাশী, কেতিয়াবা জোনালী
মুঠতে মোৰ সকলোতে তুমি
মোৰ দুচকুত তুমি, মোৰ সপোনত তুমি
মোৰ তুলিকাত তুমি, মোৰ কৰ্মত তুমি
মোৰ আশা তুমি, মোৰ কল্পনা তুমি
মোৰ নীলা তুমি, মোৰ সেউজীয়া তুমি
বুজাব নোৱাৰোঁ, তুমি মোৰ মনত কি...
শতজনৰ প্ৰেমৰ কাৰণ তুমি
শতদল হৈ শুৱনি কৰা মোৰ পংকময় আৱেগখিনি

ভাগৰুৱা দেহাটি শাত পেলাবলৈ তোমাক লাগে
শীত আৰু গ্ৰীষ্মৰ প্ৰকোপৰ পৰা বাচিবলৈ তোমাক লাগে
নিসংগতা আঁতৰাবলৈ তোমাক লাগে
দুখবোৰ মচিবলৈ তোমাক লাগে
সুখবোৰ ভগাবলৈও তোমাক লাগে
তুমি নাথাকিলে হাঁহি নাই, কান্দোন নাই
সুখ আৰু দুখৰ বিভেদ নাই
জননী স্বদেশ!
তুমি নাথাকিলে জীৱন আৰু মৃত্যুৰ বিভেদ নাই।
তোমাৰ পৰাই পাতনি মোৰ, মেলানিও তোমাতেই...

তুমি মোৰ প্ৰথম তথা শেষ ভালপোৱা...