নীৰৱতা

বেনজিন চুলতানা গুৱাহাটী বিশ্ববিদ্যালয়, উদ্ভিদ বিজ্ঞান বিভাগ

মোক নীৰৱতা লাগে,
ভাগৰি পৰিছো আজি
যান্ত্ৰিকতাৰ মাজতে
ভাগৰি পৰিছো মই
কপটতাৰ মাজত;
মোক নীৰৱতা লাগে ।

পূৱ আকাশৰ বেলিটিৰ
পৰাও আজি মোক
নীৰৱতা লাগে,
সেই শীতল বৰষুণ জাকৰ পৰাও বিচাৰিছোঁ
নীৰৱতা।
ইচাতি বিচাতিকৈ ঘূৰি ফুৰা জিঞাজনীকো কম -
" মোক নীৰৱতা দিয়া মোক নীৰৱতা লাগে" ।

হৃদয়ত দাও দাওকৈ জ্বলি থকা জুইকুৰা ও
আজি নীৰৱ হব।
উৎফুল্লিত সপোনবোৰ
আজি ম্রিয়মান হব।
সেই চঞ্চল
মনটিও আজি ম্লান হৈ পৰিব।

মোক নীৰৱতা দিয়া ।
মোক নীৰৱতা লাগে।