উদ্ধাৰ

মামনি কলিতা সহকাৰী শিক্ষয়িত্ৰী, বেৰীগাওঁ প্ৰাথমিক বিদ্যালয়
MamaniKalita

মেঘালী,কলৈ যোৱা ?___চাৰিআলিৰ মুৰত শিক্ষয়িত্ৰী গৰাকীয়ে শাৰী পাতি চাইকেল লৈ যোৱা শেষৰ জনী ছাত্ৰীক দেখি স্কুটি ৰখাই সুধিলে।

Anugalpa

ছাত্ৰী জনীয়ে লাহেকৈ অতি প্ৰিয় বাইদেউ গৰাকীক অকণো সংকোচ নকৰি ক'লে___" বাইদেউ,দেউতাই পেটৰ বিষ ভাল পোৱা নাই। বিচনাতে আছে। মাই আজি পুৱাই মদ বনাই থাকোঁতে মুৰ ঘুৰাই চৌকাৰ কাষতে পৰি সোঁহাত খনতে পুৰি জোলা ফাটি গৈছে। সেই কাৰণে মই নাথুদাহতঁৰ ঘৰলৈ তামোলৰ বাকলি গুচাই পইচা অলপ আনিবলৈ যাওঁ । নহ'লে ঘৰত খাবলৈ একো এটা নাই বাইদেউ...।

Anugalpa

মেঘালী ৰ কথা শুনি শিক্ষয়িত্ৰ ৰ মাত বন্ধ হৈ গ'ল। নিমিষতে , চৰকাৰী আঁচনি বোৰে মুৰটোত এপাক ঘুৰি জোঁকাৰি থৈ গ'ল। বাৰু, লভিতা হঁত আগে আগে কলৈ গ'ল ?___শিক্ষয়িত্ৰীয়ে লাহেকৈ সুধিলে।

বাইদেউ, আজি কৰণ হঁতৰ বাহী ভোজ। তাতে___ "বৰ সমস্যা,বুজিছা, মানুহ মংগললৈ গ'ল আৰু ইয়াত ... শিক্ষয়িত্ৰী গৰাকীয়ে ক'ব খুজিও ৰৈ গ'ল।

কি ক'ব ভাবি উত্তৰ বিহীন হৈ __"যোৱা"__বুলি মেঘালী ক যাবলৈ দি স্কুললৈ আগবাঢ়ি গ'ল। প্ৰধান শিক্ষকে সহকাৰী ক দেখি আগবাঢ়ি আহি ক'লে___"কি,কৰিবা । আজিও কোনো নাই । গাঁৱত বিয়া সবাহ ,ভোজ আদি হ'লে বহুদিনলৈ এনেদৰে অহা - যোৱা কৰি থাকিব লাগিব।

ছাৰ, মেঘালী ক লগ পালোঁ। বেয়া ও লাগে , একো এটা কৰি দিয়াৰ উপায়ো নাই। কিমান সহায় কৰিম। যি কেইটাহে পাওঁ...

ও,নক'বা আৰু।সদায় গধূলি প্ৰায় ঘৰে ঘৰে দূৰৈৰ ল'ৰা কিছুমান আহে আৰু মদ মাংস খাই হাই হুলস্থূলকৰি পঢ়াৰ পৰিবেশেই নোহোৱা কৰে। মানুহ বোৰৰো অন্য উপাৰ্জনৰ পথ নাই,___পঢ়া শুনা ই নাই,ক'ত কি পাব। গতিকে, জনজাতীয় নিজৰ নিজৰ বৃত্তি অৱলম্বন কৰি জীয়াই থাকে।বাধা দিলেও ভুল হ'ব। ব'লা, নহ'লে গাওঁ বুঢ়াক লগ ধৰি, আৰু দুজন মানক লগত লৈ পঞ্চায়ত অফিচলৈ যাওঁ আৰু বিধায়ককো লগ কৰি আৱাস গৃহ কিয় পোৱা নাই মানুহবোৰে গম লৈ আহোঁ।

কথা মতেই কাম, গাঁৱৰ অভাৱৰ কথা ভৱা আৰু আগবাঢ়ি যোৱা মানুহৰ অভাৱত অতদিনে পিছ পৰি থকা গাওঁ খন লাহে লাহে বিজুলী বাতিৰ পোহৰেৰেও উজলি উঠিল__শিক্ষক-শিক্ষয়িত্ৰী ৰ অকুণ্ঠ প্ৰচেষ্টাত।

গাঁৱৰ ৰাইজে,সকলো চৰকাৰী সুবিধা লাভ কৰিলে। আজি ওচৰতে স্থাপন হোৱা কোম্পানী টোত বহু কেইজনে কামত সোমাই সুখৰ সংসাৰ কৰিবলৈ সক্ষম হ'ল।শিক্ষক -শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাত নিচাজাতীয় সামগ্ৰী ৰ উৎপাদন আৰু ব্যৱসায়ো কমি আহিল।

চিকু, লাটু যা যা __ন বাজিল । ভগবানৰ দৰে ছাৰ বাইদেউ আহি ৰৈ থাকিব তহঁতক পোহৰ বিলাবলৈ____ঘৰে ঘৰে ভাঁহি আহিল এইষাৰি...।

Anugalpa1