ককাইদেউ

চবিন চন্দ্র নাথ সহকাৰী শিক্ষক, মেকুৰীকুচি প্ৰাথমিক বিদ্যালয়
ChabinChndra

কান্ধত ধৰাধৰিকৈ অজয় আৰু বিজয়ে শিমলু জোপাৰ তলৰ আলি বাটেৰে গৰুবোৰ খেদি খেদি লৈ গৈ আছে । কেতিয়াবা অৱশ্যে কান্ধৰ পৰা হাত নমাবলৈ বাধ্য হয় কিয়নো হঠাতে এটা দুটা গৰুৱে ৰাস্তাৰ কাষতে থকা ঘাঁহ খাবলৈ ধৰে তেতিয়া গৰুটো খেদিবলৈ অজয় বা বিজয় যিকোনো এজনে গৰুটোৰ ওচৰলৈ গৈ ৰাস্তাৰে গৈ থকা আন আন গৰুৰ লগত লগ লগাই দি পুনৰ গৈ কান্ধত হাত থৈ গৈ থাকে । সিহঁতৰ লক্ষ্য ঘোগৰাৰ সিপাৰৰ বৰবিলা বিলৰ কাষত দূবৰি বন জোপাত ...গৰু কেইটা এৰাল দি অহা আৰু আবেলি বিদ্যালয় চুটিৰ পাছত লগৰ গৰখীয়াৰ স'তে বিভিন্ন ধৰণৰ খেল ধেমালি কৰি সন্ধিয়া গৰুবোৰ খেদি খেদি পুনৰ ঘৰলৈ অনা । সাধাৰণতে এইটো মালয়বাৰী গাঁৱৰ প্ৰায় গৰখীয়া ল'ৰাৰ এটা দৈনন্দিন জীৱনৰ কৰ্ম। এনেকৈ গৈ থাকোতে শনিবৰীয়া বজাৰৰ আবুৱাৰ দেউতাকে মুৰত এটি টুকুৰি লৈ সেই একেই বাটেৰে ক্ষেত্ৰীলৈ গৈ আছিল । মানুহজনে নিতৌ পুৱা এনেকৈ ক্ষেত্ৰীলৈ যায় আৰু সন্ধিয়াৰ আগে আগে মালয়বাৰী গাঁৱলৈ আহি সেইবোৰ বজাৰত বিক্ৰী কৰে । ক্ষেত্ৰীৰ ওচৰে পাজৰে থকা কাৰ্বি সম্প্ৰদায়ৰ লোকৰ ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ কেঁচা খাদ্য সামগ্ৰী যেনে ---- জলকীয়া ,বেঙেনা, বিলাহী, পাহাৰীয়া কচু,,তিতা কেৰেলা, কোৱাভাতুৰী ইত্যাদি ইত্যাদি আনে। আবুৱাৰ দেউতাকে খৰ খোজেৰে গৈ সিহঁতক অতিক্ৰম কৰি গ'ল। হঠাতে এবাৰ চকু ফুৰাই পিছ পিনে চাই ৰৈ গ'ল আৰু অজয় বিজয়ক উদ্দেশ্য কৰি ক'লে ---

" তোমালোক দুয়োজন ভাই ককাই চাগে? হয় নে বাৰু " ?

" অ, হয়--- আমি দুয়োজনেই ভাই ককাই" । সিহঁত দুয়ো একে স্বৰত চিঞৰি উঠিল।

" বৰ সুন্দৰ দেই--- । "

অজয় বিজয়ৰ মিল দেখি আবুৱাৰ দেউতাকৰ হৃদয়খনৰ ক'ৰবাত যেন এক মধুৰ শিহৰণ জাগিল । অজানিতে দুই ওঁঠৰ ফাঁকেৰে ওলাই আহিল ----" তোমালোকৰ কল্যাণ হওঁক " । এই বুলি কৈয়ে তেওঁ পুনৰ খৰ খেদাকৈ খোজ দিলে।

অজয়ে বিজয়ক কলে---" ভাইটি মোৰ বৰ ইচ্ছা যায় আমাৰ ঘৰত বহু টকা দি যাবলৈ ।দেউতাই নিতৌ মহেশ্বৰী, মিটনি পাহাৰৰ পৰা খৰি লুৰি আনে আৰু সন্ধিয়া লৈ যায় শনিবৰীয়া বজাৰত বিক্ৰী কৰিবলৈ । খৰি বিক্ৰী কৰি সেই টকাৰে যদি দেউতাই চাউল-দাইল ঘৰলৈ নানে তেন্তে সেইদিনা আমাৰ পৰিয়ালটো লঘোণে থাকিব লগীয়া হয় । কিন্তু ভাইটি আমাৰো এখন সমাজ আছে .... । মই যি ইচ্ছা তাকে কৰিব নোৱাৰো ।

আমিও এখন সংবিধানৰ মতে চলো। এইবাৰ মই এটা প্ৰস্তাব দিম কিছু টকা যাতে আমাৰ ঘৰত দিবলৈ কয় । ভাইটি ৰাতি মই যিখন বিচনাত শুই থাকো তাৰ তলত বহু কৌটি টকা আছে কিন্তু আমি কোনেও নিজ ইচ্ছা মতে কাকো দিব নোৱাৰো ।বিশেষ পৰিস্থিতিত আমি কেতিয়াবা কাৰোবাক দিওঁ । ভাইটি মই যাওঁগৈ দেই তই থাকিবি " । এইবুলি অজয়ে কিছুদূৰ ঘোগৰাৰ কাষেৰে যোৱা জানৰ পাৰে পাৰে গৈ এটা কেঁকুৰিত অদৃশ্য হৈ গ'ল ...।

হঠাতে বিজয়ে টোপনিৰ পৰা সাৰ পাই দৰ্জা খনলৈ চালে পৰ্দাখন অলপ লৰি থকা যেন লাগিল । তাৰ হৃদয়ত এটি দুখে হেঁচি ধৰিলে ।তাৰ বহুত মৰমৰ মৃত ককাইদেউক সচাঁকৈয়ে আহিছিল চাগে ঘৰৰ দুৰৱস্থাটি চাবলৈ ...! সি বুজাব নোৱাৰা এটি অবুজ বেদনা অনুভৱ কৰি তাৰ আপোন গাৰুটোত মুখখন গুজি উচুপি উঠিল ...।

সমাপ্ত

Kokaideu