আইদেউ সন্দিকৈঃ শিল্পী, তিনিওকালৰ

সংস্থিতা শৰ্মা দশম শ্ৰেণী, অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী, দূৰভাষ- 9864386244
sanghistasarma

চিনেমা এখনৰ নাম কোৱাৰ লগে লগেই মনলৈ অহা প্ৰথম মুখখন হৈছে চিনেমা খনৰ নায়ক বা নায়িকাগৰাকীৰ। অসমীয়া ছবি জগতে ইতিমধ্যে পঞ্চাশ বছৰতকৈও অধিক কাল পাৰ কৰিছে।এই পঞ্চাশ বছৰৰ গৌৰৱোজ্জল ইতিহাসক সুৱঁৰি পিছলৈ উভতি চালে প্ৰথমখন অসমীয়া ছবিৰ নাম হয়তো মনলৈ আহিব, পিছে ছবিখনৰ নায়িকা গৰাকীৰ মুখখন ছকা-মকাকৈ মনলৈ অহা মানুহৰ সংখ্যাও হ'ব আঙুলিৰ মূৰত গণিব পৰা!প্ৰাক্ স্বাধীনতা কালৰ, ৰক্ষণশীল ভাৰতীয় সমাজ এখনত য'ত এগৰাকী মহিলাই ঘৰৰ বাহিৰলৈ ওলোৱাৰ আগতে শতবাৰ চিন্তা কৰিব লাগিছিল, সেই সময়ত গোলাঘাট জিলাৰ পানীদিহিঙীয়া গাৱঁৰ এগৰাকী নাৰীয়ে এখন টকীত অভিনয় কৰি কেৱল সাহসিকতাৰ পৰিচয় দিয়াই নহয়, সমগ্ৰ নাৰী জাতিটোকেই এক অন্য মাত্ৰাত জিলিকাই তুলিছিল।

AaideuHandiqueArticle

অসমৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈৰ জন্ম হৈছিল গোলাঘাট জিলাৰ পানীদিহিঙীয়া গাৱঁত। তেওঁৰ জন্ম দিন সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত আছে যদিও শাওন মাহৰ কোনো এটা দিনতেই তেখেতৰ জন্ম হৈছিল বুলি ভবা হয়।সেই সময়ৰ আন সকলো ছোৱালীৰ দৰে আইদেউৰ শৈশৱো ঘৰৰ চাৰিবেৰৰ মাজতেই পাৰ হৈছিল। পিতৃ নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মালক্ষী সন্দিকৈ লগতে তিনিজনকৈ ভায়েকৰ স'তে পাৰ হৈছিল আইদেউৰ শৈশৱ।

সেইসময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী' ছবিৰ বাবে মহিলা শিল্পী বিছাৰি নেপাই চিন্তিত হৈছিল। জয়মতী বোলছবিৰ তিনিটা প্ৰধান মহিলা চৰিত্ৰ 'জয়মতী', 'ডালিমী' আৰু 'পাটমাদৈ'ৰ বাবে জ্যোতিপ্ৰসাদে আনকি বিজ্ঞাপনো প্ৰচাৰ কৰিছিল। আইদেউৰ সম্পৰ্কীয় ককায়েক ডিম্ব গোহাঁই নামৰ এজন মানুহে জ্যোতিপ্ৰসাদৰ এই চেষ্টাৰ কথা গম পাই আইদেউৰ ফট' এখন আনি জ্যোতিপ্ৰসাদক দেখালে। ফট' দেখি জ্যোতিপ্ৰসাদ ইমানেই মুগ্ধ হল যে আইদেউক লগে লগেই লৈ আনিবলৈ কলে।

ডিম্ব গোহাঁয়ে আইদেউক পানীদিহিঙীয়া গাৱঁৰ পৰা আনি চিধাই ভোলাগুৰি চাহ বাগিছা পোৱালেহি। ভোলাগুৰিলৈ আহি আইদেউয়ে জানিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ভাষাৰ প্ৰথমখন টকী 'জয়মতী' কৰিবলৈ ওলাইছে।য'ত আইদেউ নায়িকা হোৱা কথাতো প্ৰায় খাটাং হৈ পৰিছিল।আইদেউৰ দেউতাককো জৰুৰীভাৱে ভোলাগুৰিলৈ মাতি অনা হৈছিল। সমাজৰ ভয়ত দেউতাকে প্ৰ্থমতে থেৰো-গেঁৰো কৰিছিল যদিও জ্যোতিপ্ৰসাদৰ বুজনিত সকলো সমস্যাৰ ওৰ পৰিছিল।

এনেদৰেই জীৱনৰ কোনো এটা সাধাৰণ যেন লগা অসাধাৰণ দিনত আইদেউয়ে নিজৰ সমগ্ৰ সত্ত্বা পৰিৱৰ্তন কৰিছিল আহোম ৰমণী কুৱঁৰী জয়মতীলৈ।ৰূপকোঁৱৰৰ সপোন ৰুপান্তৰ হৈছিল বাস্তৱলৈ। বুৰঞ্জীৰ পাতৰ জয়মতী আকৌ জীপাল হৈ উঠিল। সূচনা হল অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ।

মুক্তি পালে ভাৰতৰ চতুৰ্থখন আৰু অসমৰ প্ৰথমখন বোলছবি 'জয়মতী'।তাৰ লগে লগেই জয়মতীৰূপী আইদেউ সন্দিকৈ পৰিচিত হ'ল অসমৰ প্ৰথমগৰাকী নায়িকা হিচাপে। অসমে দেখিলে এক নতুন পথ। সাংস্কৃতিক জগতত আশাৰ ৰেঙনি হৈ পৰিল ক্ৰ্মে দৃঢ়ৰ পৰা দৃঢ়তৰ!

পিছে, জয়মতী মুক্তিৰ পিছৰ সময়খিনি আছিল অবাঞ্ছিত। জয়মতীত অভিনয় কৰাৰ বাবেই আইদেউক সমাজৰ পৰা এঘৰীয়া কৰিলে। ঘৰৰ সমূখতে জুপুৰী ঘৰ এটা সাঁজি তাতেই থাকিব দিছিল। আইদেউয়ে এনেকৈয়ে জীৱনৰ পিছৰ কালছোৱা আবিয়ৈ হৈ কটাব লগীয়া হৈছিল। আচৰিত! যি গৰাকী নাৰীয়ে অসমৰ সাংস্কৃতিক জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল, সেই একেগৰাকী নাৰীয়েই জীৱিত কালত নিজৰ প্ৰাপ্য সন্মানখিনিৰ পৰাও বঞ্ছিত হৈছিল।

অৱশ্যে এতিয়াও বঞ্ছিত! ৰূপকোঁৱৰৰ সপোন বাস্তৱায়িত কৰাত যি গৰাকী নাৰীয়ে ইমান ত্যাগ কৰিলে, প্ৰথম অসমীয়া টকীত অভিনয় কৰি অসমীয়া চিনেমাৰ বাট মোকলাই থৈ গ'ল সেইগৰাকী নাৰীক প্ৰায় ১০০ বছৰৰ পিছতো তেওঁৰ প্ৰাপ্য সন্মানখিনি দিবলৈ চৰকাৰৰ লগতে মানুহ হিচাপে সকলো ব্যৰ্থ! পাহৰণিৰ গৰ্ভত লাহে লাহে হেৰাই যাবলৈ আৰম্ভ কৰা এই মহীয়সী নাৰীগৰাকীক ধৰি ৰখাতো প্ৰত্যেকজন অসমীয়াৰে কৰ্তব্য। কাৰণ আমি পাহৰি যোৱাটো উচিত নহ'ব যে আইদেউ সন্দিকৈ প্ৰকৃতাৰ্থত আছিল এগৰাকী শিল্পী! তিনিওকালৰ শিল্পী, অতীতৰো, বৰ্তমানৰো আৰু অনাগত ভৱিষ্যতৰ...।